গল্প বিচৰাৰ গল্প (প্ৰতিম প্ৰতাপ বৰুৱা)

গল্প বিচৰাৰ গল্প

বহুদিন গল্প লিখা নাই। প্ৰবন্ধ লিখিছোঁ। এটা বিষয়ৰ ‘জিৰ’ বেজদ্‌ এনালাইছিছ্‌’ কেনেকৈ কৰে সেই পদ্ধতিটো আয়ত্ব কৰিবলৈ চেষ্টা কৰি আছোঁ। কিন্তু গল্পৰ ক্ষেত্ৰত কথাটো অলপ সুকীয়া হয়। গল্পৰ বাবে এটা কাহিনী লাগে, কাহিনীটো লিখি যাবলৈ এটা লয় লাগে, এটা ফৰ্ম লাগে। অৱশ্যে গল্পই হওক বা প্ৰবন্ধই হওক, কিবা এটা লিখিবলৈ লওঁতে মগজুৰ এটা ভাল কছৰৎ হয়, আৰু মগজুৰ এই কছৰতটো মোৰ বাবে লোভনীয় বস্তু। এইবোৰ কথাকে চিন্তা কৰি কৰি খোজ কাঢ়ি আছোঁ। লগতে এটা গল্পৰ বাবে বহুদিনতে ভাবি থোৱা প্ল’টটোকে পুনৰ চিন্তা কৰিছোঁ। প্ল’টটোৰ মতে লিখিলে গল্পটো মই ভবাৰ দৰেই হ’ব নিশ্চয়। প্ল’টটোত মূল কথা মাত্ৰ অলপ, কিন্তু গল্পটো দীঘল কৰিবৰ বাবে প্ল’টটোত ৰহন খটুৱাব লাগিব। গল্পটোৰ ফৰ্মটো কেনে ধৰণৰ হ’ব, চৰিত্ৰসমূহৰ নামকেইটা কি কি হ’ব – এইবোৰ চিন্তা কৰি কৰি খোজকাঢ়ি আগবাঢ়িছোঁ। চৰিত্ৰসমূহৰ নাম দিয়াটোও কেতিয়াবা টান কাম হৈ পৰে। এটা চৰিত্ৰৰ বাবে কেইবাটাও নাম ভাবি উঠি তাৰে এটা দি দিয়াৰ পিছত বাকী নামকেইটাই বুকুত খুন্দিয়াই থাকে।

হঠাতে একেবাৰে ওচৰতে বাছৰ হৰ্ণ এটা বিকৎ শব্দৰে বাজি উঠিল। উচপ খাই উঠি ঘূৰি চাই দেখিলোঁ – ধুৰ, এইখন এখন মটৰচাইকেলহে। মটৰচাইকেলখনতে বাছৰ হৰ্ণটো ফিট কৰি লৈছে। আৰোহীজন এজন গজলীয়া ডেকা, পিছৰ আসনত বহি থকা ছোৱালীজনীয়ে ডেকাজনক দুয়োহাতেৰে এনেকৈ সাৱটি ধৰি আহিছে যে মটৰচাইকেলখন মেক্‌ থ্ৰী স্পীডত উৰি গলেও ছোৱালীজনী নিজৰ আসনৰপৰা অকনো ইফাল-সিফাল হ’ব নোৱাৰে।

ধুৰ, কি কথা চিন্তা কৰিছোঁ বাৰু? ক’ত গল্প আৰু ক’ত মেক্‌ থ্ৰী স্পীদ! গল্পৰ প্ল’টটোত মই কোন ডোখৰত আছিলোঁ? মটৰচাইকেলখনৰ হৰ্ণটোৱে খেলিমেলি লগাই দিলে। আকৌ চিন্তা কৰিবলৈ ধৰিলোঁ। বেছিকৈ চিন্তা কৰি থাকিলে অন্যমনস্ক হৈ যোৱাৰ ভয়, আৰু দিল্লীৰ এই কাশ্মীৰী গেটৰ ওচৰে-পাজৰে অন্যমনস্ক হৈ খোজ কাঢ়িলে কেতিয়াবা বৈতৰণীৰ সিপাৰেহে চকু মেলিব লগীয়া হ’ব পাৰে।

ভুলতে বৈতৰণীখন কেনেবাকৈ ওচৰতে আছে নেকি বুলি এনেয়ে এবাৰ ইফালে-সিফালে চাই লৈ কাশ্মীৰী গেটৰ ফ্লাই-অভাৰখনৰ তলেদি যোৱা বাটটোৱেদি ইউ টাৰ্ণ এটা লৈ খোজ ল’লোঁ। ফ্লাই-অভাৰ খনৰ কাষে কাষে খোজ কাঢ়িবলৈ ইচ্ছা নাই। সেয়ে দৌৰ মাৰি বাটটো পাৰ হৈ ল’লোঁ। ইমান মানুহ দিল্লীত! প্ৰতি তিনি-চাৰিটা খোজৰ পিছতে হয় সন্মুখৰ পৰা, নহয় পিছফালৰ পৰা অহা কাৰোবাৰ লগত খুন্দা খোৱাৰ পৰা নিজকে বচাই খোজ কাঢ়িব লাগে।

মোৰ গল্পটোৰ প্ল’টটোত এগৰাকী গৃহহীনা মাতৃ আছে যাৰ সন্তানকেইটাৰ পিতৃ কোন কোন সেয়া চিন্তা কৰিলে তেওঁৰ নিজৰে খেলিমেলি লাগে। কাশ্মীৰী গেটৰ ফ্লাই-অভাৰখনৰ তলত বহি থকা সেই গৃহহীনা খীণ-মীন মানুহগৰাকী মোৰ প্ল’টটোত খাপ খাই পৰিবনেকি? পৰিব পাৰে। তেওঁৰ সন্মুখত এটা পুৰণা বস্তা পাৰি থোৱা আছে, বস্তাটোত এটা কেচুৱা শুই আছে, মেল্‌নিউট্ৰিচনত ভোগা এটা সৰু লৰা আৰু এজনী সৰু ছোৱালীয়ে ওচৰতে ইফালে-সিফালে খোজ কাঢ়ি আছে। এই তিনিটা ল’ৰা-ছোৱালী এই মানুহগৰাকীৰে সন্তান হ’ব পাৰে। ৰাস্তাটোৰ সিপাৰে ৰৈ মানুহগৰাকীক এনেয়ে এবাৰ চালোঁ। মানুহগৰাকীৰ কাষত তিনিচপৰা ইটাৰে সাজি লোৱা এটা চৌকা আছে। চৌকাটোৰ তলত আধাপোৰা কাঠৰ টুকুৰা দুটামান আছে। চৌকাটোৰ ওপৰত সেইটো এটা পাত্ৰ, চিধাকৈ থলে পানী গৰম কৰিব পাৰি, ওলোটাকৈ বহুৱাই দিলে তাত ৰুটি সেকিব পাৰি। মানুহগৰাকীয়ে শুই থকা ল’ৰাটোক ডাঠ কাগজ এখনেৰে বিচি আছে। দিল্লীৰ ৪৬ ডিগ্ৰী ছেলচিয়াছ গৰমত সেই ডাঠ কাগজৰ বিচনীৰ বাখিনিয়ে ল’ৰাটোৰ গাটো ঠাণ্ডা কৰিব নোৱাৰিলেও তাৰ গাত পৰি থকা মাখিবোৰ অন্তত: খেদি থাকিব পাৰিব। মাজতে মানুহগৰাকীয়ে এবাৰ উঠি গৈ শুকাবলৈ বুলি মাটিতে পেলাই থোৱা কাপোৰ দুখনমান আনিলেগৈ। স্পষ্টকৈ ধৰিব পাৰিলোঁ মানুহগৰাকী গৰ্ভৱতী। ঠিক, একেবাৰে ঠিক। এইগৰাকী মানুহ আৰু এই ল’ৰা-ছোৱালীকেইটা মোৰ গল্পৰ প্ল’টটোত কেইটামান চৰিত্ৰ হ’ব পাৰে।

পুনৰ আগবাঢ়িলোঁ। জেপত ভাইব্ৰেশ্যন ম’ডত থোৱা ম’বাইলটো কঁপি উঠিছিল। কেইবাৰমান কঁপি কঁপি পুনৰ তাৰ সাৰ-সূৰ নোহোৱা হ’ল। ম’বাইলটো উলিয়াই চাবলৈ মন নগ’ল। ম’বাইলটোৱে কঢ়িয়াই অনা কথাখিনিৰ মাজত মোৰ গল্পটো হেৰাই যাব পাৰে।

যথেষ্ট দীঘল এই ফ্লাই-অভাৰখনৰ তলৰ এঠাইত তিনিজন মানুহ মুখামুখিকৈ বহি আছে। এখন চাদৰৰ দৰে দীঘল কাপোৰ তিনিওজনে মূৰত আঁৰি লৈছে। এজনে চিগাৰেট পেকেটৰ ভিতৰত যে থাকে তেনেধৰণৰ কাগজ এখিলাত কিবা এখিনি লৈ ধৰি আছে, গোটেইকেইজনে এজন এজনকৈ চিগাৰেটৰে ধোঁৱা হুপিছে। তেওঁলোকে আচলতে ড্ৰাগছ্‌ খাইছে। দিল্লীৰ মাজমজিয়াত এই ফ্লাই-অভাৰখনৰ তলত এনেকৈ দিনতে সকলোৰে সন্মুখতে এই মানুহকেইজনে ড্ৰাগছ্‌ খাইছে। অলপ ভালকৈ চকু ফূৰাই দেখিলোঁ অলপ আঁতৰত এনেকৈ ড্ৰাগছ্‌ খাই থকা আৰু দুটা তিনিজনীয়া মানুহৰ দল। মোৰ তৎক্ষণাত জাভেদলৈ মনত পৰিল। ডিচিপি জাভেদ। সিদিনা তাক কৈছিলোঁ – “এই ফ্লাই-অভাৰবিলাকৰ তলত আৰু কেইটামান মন্দিৰৰ কাষৰ এলেকাবোৰত যে এচামে দিনতে ড্ৰাগছ্‌ খাই থাকে সিহঁতক তোমালোকে ধৰি ঠিক কৰিব নোৱাৰা নেকি?” সি কৈছিল – “আৰে য়াৰ, এইচব মানুহক ধৰিলে আমি নিজে নিজলৈ বিপদ মাতি অনা হয়। এবাৰ কেইটামানক ধৰা হৈছিল। নিশা লকআপত তাৰে এটাৰ অৱস্থা বেয়া হ’ল। বেয়া মানে একেবাৰে মৰো মৰো হ’ল। আন এটাই লোহাৰ গ্ৰীলত নিজৰ মূৰটো নিজে খুন্দিয়াই তেজ উলিয়াই ল’লে। আমাক ক’লে যে হয় ড্ৰাগছ্‌ আনি দিয়া, নহ’লে আমি ইয়াতে মৰিম। ড্ৰাগছ খাবলৈ নাপালে ইহঁতে কি মূৰ্ত্তি ধৰিব পাৰে তুমি বুজি নাপাবা। ইহঁতৰ চেহেৰা দেখিলে এইমাত্ৰ মৰি থাকিব যেন লাগে। কিন্তু আচলতে ইহঁতৰ গাত বহুত জোৰ থাকে। ড্ৰাগছৰ বাবে ইহঁতে যিকোনো কাম কৰিব পাৰে। এবাৰ এটা এডিক্টে এঘৰৰ পৰা এয়াৰ কুলাৰ এটা চুৰ কৰি পিঠিত কঢ়িয়াই নিছিল। তাৰ হাতত কুলাৰটোৰ ধাৰ থকা কাষটোৱে কাটি তেজ বৈ গৈছিল। তথাপিও সি কুলাৰটো কঢ়িয়াই নিছিল সেইটো বিক্ৰী কৰি পোৱা টকাৰে ড্ৰাগছ খাবলৈ পোৱাৰ লোভত।“

আকৌ খেলিমেলি লাগিল। গল্পটোৰ প্ল’টটো কি আছিল? সেই গৰ্ভৱতী মহিলাগৰাকী, তেওঁৰ পিতৃপৰিচয়হীন সন্তানকেইটা। এই ড্ৰাগ এডিক্টকেইটা। ঠিক আছে। তাৰ পিছত? এই ড্ৰাগ এডিক্টকেইটাৰ কোনোবা এটা সেই মহিলাগৰাকীৰ কোনোবাটো সন্তানৰ পিতৃ হ’ব পাৰে নেকি? হ’বও পাৰে। গল্পটোৰ প্ল’টটোত এই কথাটো খাপ খাবনে? চিন্তা কৰা যাওক।

ক্ৰাছ্‌ছ্‌ছ্‌। সন্মুখত জোৰেৰে ব্ৰেক মাৰি ৰৈ যোৱা গাড়ীখন চালোঁ। এইখন এখন অডি এ এইট এল। “আব্বে, অন্ধ নেকি বে?” – কথাষাৰ মোকেই কৈছে দেখোন গাড়ীখন চলাই অহা মানুহজনে। তাৰমানে ফ্লাই-অভাৰখনৰ তলৰ জগতখন চাই চাই আহি থাকোঁতে মই অলপ অন্যমনস্ক হৈছিলোঁ আৰু দিল্লীৰ কাশ্মীৰী গেটৰ ওচৰে-পাজৰে অন্যমনস্ক হৈ খোজ কাঢ়িলে কেতিয়াবা বৈতৰণীৰ সিপাৰেহে চকু মেলিব লগীয়া হ’ব পাৰে। মোক অন্ধ বুলি গালি পাৰি খিৰিকীৰ গ্লাচখন উঠাই দিলে মানুহজনে। নিমিষতে অডি এ এইট এল আঁতৰি গ’ল।

ধুৰ! নিজৰ ওপৰতে খং উঠিল। আজি ৰাস্তাৰ মাজতে চেপেটা হ’লোহেঁতেন। তাকো এক কোটিটকীয়া গাড়ীৰ চকাৰ তলত। কি দৰকাৰ পৰিছিল ফ্লাই-অভাৰৰ তলৰ জীৱনৰ কথা ভাবি ভাবি খোজকাঢ়িবলৈ?

গল্পটো কি আছিল? “ধুৰ, বাদ দিয়া গল্প-চল্প। গল্প ভাবি ভাবি দিল্লীৰ ৰাস্তাত খোজ কঢ়াৰ সমান বিপদ নাই।“ – নিজকে নিজে কলোঁ।

(এইটো গল্প হৈছেনে আন কিবা হৈছে মই নাজানোঁ। কিবা এটা পৰীক্ষা কৰি চাইছোঁ।)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments