“গল্প লিখোঁ আহক”

“গল্প লিখোঁ আহক”

শান্তনু চাংমাই:

সততে গল্প লিখিবলৈ কোনেও মন নেমেলে। কাৰণ দুবিধ- কামফেৰা দীঘলীয়া, সময় অধিক খায় আৰু দ্বিতীয়তে লিখি থাকোঁতে চৰিত্ৰবোৰেই পাক লগাই লেং মাৰি পেলাই দিয়ে। তাতেই গল্পৰ “ইতি”। তৃতীয়কৈ সৰু কাৰণ এটাও নথকা নহয়, মানুহে কিবা এটা লিখিলে তাৰ পিছত স্বীকৃতি বা ধনাত্মক সমালোচনাওতো পাব লাগিব, নহ’লে উত্সাহ বাঢ়িব ক’ৰ পৰা? অৱশ্যে বহুতো পাঠকে ভাল গল্পৰ তলত মতামত দিয়ে।

এটি পৰীক্ষামূলক প’ষ্ট দিব খুজিছোঁ- তলত ৩/৪ টা শাৰী দিয়া হ’ল। ইয়াক গল্প এটাৰেই আৰম্ভণি বুলি ধৰি ল’ব পাৰে। কিন্তু বাকীখিনি, পিছৰখিনি লিখিব আপুনি। নিজৰ মতে শব্দ বাছি লওঁক, নিজৰ মতে চৰিত্ৰৰ মুখত সংলাপ দিয়ক। আপোনাৰ কল্পনাৰ তুলিকাৰে জীৱন দি এক পূৰ্ণাংগ গল্প লিখিবলৈ চেষ্টা কৰকচোন, চুটিকৈয়েই হওঁক বা দীঘলকৈয়েই। কোনটো গল্প কেনে হৈছে, আমি সকলোৱে মিলি আলোচনা কৰিমহঁক আৰু ইয়াৰ দ্বাৰা বহুতো নতুন কোণতো পোহৰ পৰিব।
আৰম্ভণিৰ শাৰীকেইটাঃ

“সেমেকা ৰাতিপুৱাটো দেখি মনটো টেঙাই গ’ল। তাৰ মানে আজিও বৰষুণ দিব। যোৱা চাৰিদিনৰ পৰা কাপোৰ ধোৱা নাই, ৰ’দজাক দিলেই কাপোৰগাল ধুম বুলি চুক এটাতে দমাই থৈ দিছোঁ। আনফালে অফিচলৈ পিন্ধি যাবলৈ পোছাকৰো নাটনি পৰিছে।”

[বি দ্ৰঃ প্ৰশাসকৰ অনুমতি লোৱা নাই যদিও ইয়াক এক সাধাৰণ প’ষ্ট বুলি ধৰি লৈ ৰাখি থ’বলৈ অনুৰোধ কৰিলোঁ।]

 

মুনীন শৰ্মাঃ

সেমেকা ৰাতিপুৱাটো দেখি মনটো টেঙাই গ’ল। তাৰ মানে আজিও বৰষুণ দিব। যোৱা চাৰিদিনৰ পৰা কাপোৰ ধোৱা নাই, ৰ’দজাক দিলেই কাপোৰগাল ধুম বুলি চুক এটাতে দমাই থৈ দিছোঁ। আনফালে অফিচলৈ পিন্ধি যাবলৈ পোছাকৰো নাটনি পৰিছে।
ক্ৰিং ক্ৰিং……. বাজিলেই নহয় ফোনডাল। ছেঃ, এইডালৰ পৰা নোৱাৰিছোঁ আৰু। সীমান্তই মোবাইলটো হাতত লৈ বিচনাখনতে বহি পৰিল। ঘৰৰ ফোন।

– হেল্ল’, …. অ’ দেউতা ক।

– বাপা, অফিচত যাবিনে?

– অ, যাম। বৰষুণ দি আছে ইয়াত। তাতে কেনে বতৰ?

– ভালেই দে। তই অহা দেওবাৰে ঘৰত আহ, কথা এটা আছে।

– কি কথা? কিবা হ’ল নেকি?

– হেহেহেহে….. তেনেকুৱা একো নহয়, তীৰ্থ মোমায়েৰ আহিছিল কালি, মাৰৰ লগতো কথাটো পাতিলোঁ মই, আহিনৰ দিনত তোৰ বিয়াখন পাতিয়ে দিওঁদে এইবাৰ, তোৰো গুৱাহাটীত অকলে অকলে দিগদাৰ হয়, মোৰো দেহা লাহে লাহে পৰি আহিছে……
সীমান্তই একো ক’বই নাপালে, বাপেকে হোহোৱাই হাঁহি উঠিল। সেমেকা ৰাতিপুৱাটো তাৰ মনত লগে লগে ফৰকাল হৈ পৰিল।

শান্তনু চাংমাইঃ

মুনীন শৰ্মা, ধন্যবাদ। আপোনাৰ গল্পটো পঢ়ি আনন্দিত হ’লোঁ। কম শব্দ প্ৰয়োগ কৰিয়েই সুন্দৰকৈ সীমান্তৰ বিষয়ে এক সাম্যক ধাৰণা দিবলৈ সক্ষম হৈছে। এতিয়া আহোঁ সমালোচনালৈ-

ক) এই যে শাৰীটোঃ সীমান্তই একো ক’বই নাপালে, বাপেকে হোহোৱাই হাঁহি উঠিল। মোৰ মতে এনেকৈ বাক্যটো শেষ কৰিলে অধিক ভাল লাগিলহেঁতেন- বাপেকে হোহোৱাই হাঁহি ফোনটো সিমূৰৰ পৰা বিচ্ছিন্ন কৰি দিলে।

খ) আন এফালৰ পৰা চাবলৈ গ’লে এই গোটেই কথাখিনি এক গোটা গল্পৰ আৰম্ভণি বুলি ধৰিব পাৰি। এতিয়া সীমান্তৰ মন ফৰকাল, গতিকে সি ছোৱালী চাবলৈ অৱশেষত গ’ল নে, ছোৱালী চাবলৈ যাওঁতে আমোদজনক কিবা ঘটিল নেকি? তেওঁ আন কাৰোবাক মনে মনে ভাল পাই থৈছিল নেকি? তেওঁ অৱশেষত বিয়াখন পাতিলেগৈ নে? ইয়ালৈকে টানি এইটোক এটা পূৰ্ণ দৈৰ্ঘ্যৰ গল্প কৰিব পৰা যাব, আশা কৰোঁ আপুনি বিবেচনা কৰি চাব।

ইমান কম সময়তে আমাক এই গল্পটি উপহাৰ দিয়াৰ বাবে পুনৰ ধন্যবাদ জনালোঁ।
মুনীন শৰ্মাঃ

শান্তনু চাংমাই, ধন্যবাদ। চুটি গল্প বুলিলে মই সদায় অকণমান আধৰুৱা হৈ থকাতো বিচাৰোঁ, যাতে পাঠকে গল্পটো পঢ়ি উঠি আকৌ এবাৰ ভাবি চায়। তেনে ধৰণেই লিখিছিলোঁ। মতামতৰ বাবে আনন্দিত হ’লোঁ।

দিগন্ত শইকীয়াঃ

সুন্দৰ, গল্পকাৰ ওজাসকলে হাত উজান দিব লাগে! আমি খুঁটিতাল লোৱা পালিয়ে হাতচাপৰি আৰম্ভ কৰিলোঁ দেই!!

 

টুৱাৰাম দত্তঃ

“সেমেকা ৰাতিপুৱাটো দেখি মনটো টেঙাই গ’ল। তাৰ মানে আজিও বৰষুণ দিব। যোৱা চাৰিদিনৰ পৰা কাপোৰ ধোৱা নাই, ৰ’দজাক দিলেই কাপোৰগাল ধুম বুলি চুক এটাতে দমাই থৈ দিছোঁ। আনফালে অফিচলৈ পিন্ধি যাবলৈ পোছাকৰো নাটনি পৰিছে।”
বৰষুণ দিলে আজি অফিচলৈকে নাযাওঁ বাপ্পেকে! অস! এতিয়াহে মনত পৰিছে, আজি কৰৱীক লগ কৰাৰ কথাও আছে। আবেলি তিনিটামান বজাত। অফিচৰ পৰা বাহিৰে বাহিৰে। তাতে আজি চেকেণ্ড চেটাৰ্ডে। গতিকে কৰৱীৰ লগত ডেটিং, বুক ফেয়াৰ, বহুত প্ৰগ্ৰাম… ধেই বৰষুণডালে পণ্ড নকৰিলেই হয় আৰু।

– কালি বুক ফেয়াৰলৈ নাহিলি কিয়?

– গাটো অলপ বেয়া লাগি আছিল। খুব ঠাণ্ডা লাগি আছিল। তোলৈ এছ এম এছ এটা কৰিছিলোঁ। পোৱা নাছিলি?

– কেৱল এছ এম এছ কৰিয়েই থৈ দিলি যে? ডাইৰেক্ট ৰিং এটাকেই কৰিব নোৱাৰিলিহেঁতেন নেকি?

– নাই! সাংঘাতিক কিবা এটা অৱশ অৱশ লাগিছিল, জান। কিয় জানো কেতিয়াবা এনেকুৱা হয়। একেবাৰে কেনিও লৰচৰ কৰিবলৈ মন নোযোৱাকৈ বিচনাত পৰি থাকিবৰ ইচ্ছা হয়।

ভাবি থাকোতেই ৰূপমৰ ফোন আহি গ’ল। তাৰ আগত মিছা কৈফিয়ৎ দিব লগা হ’ল। কালি বুক ফেয়াৰলৈ যোৱাৰ প্লেন আছিল যদিও শেষ মুহূৰ্তত বাতিল কৰিলোঁ। আজিকালি কৰৱীক অসন্তুষ্ট কৰিব নোৱাৰা হ’লোঁ। ৰূপমৰ লগত গ’লে তাই ফায়াৰ হোৱাটো খাটাং। আৰু ৰূপম! মোৰ সাংঘাতিক ঘনিষ্ঠ বন্ধু। কিন্তু কেৱল মোৰহে। আমাৰ লগৰ কলেজীয়া দিনৰ বহুতৰ বাবে সি মস্ত এটা আপদ। মানে ব’ৰ।

– ঐ, অনুৰাধালৈ ওলা। আছিকী-২, দুপৰীয়া ১১ টাত।

– পাগল নেকি? অফিচ খতি কৰি দুপৰীয়া চিনেমাত ধৰিবলৈ। আৰু কৰৱীয়ে গম পালে মোক খাই পেলাব।

– ধুৰ! সেইজনীক বাদ দে।

– তইটো ক’বিয়েই। তই ক’লেই মই তাইক বাদ দিব নোৱাৰোঁ নহয়। মানে বিয়াত পাৰ্মানেণ্টলি এজনীৰ লগত নবহালৈকে তাইকেই টাইম পাচ কৰিবলৈ লাগে ইয়াৰ।

– তাই কিন্তু চিৰিয়াচ, জান। আচ্ছা আহি যা না। আজি বাদ দে তোৰ অফিচ।

– ঠিক আছে বাৰু। তোৰ পৰা নোৱাৰি।
ইফালে-সিফালে আন্ধাৰৰ প্ৰকোপত কোনেও কাৰো মুখ চিনিব নোৱাৰা অৱস্থা। বেলকনীত টিকট নাপালোঁ। দুনীয়াৰ কলেজীয়া ল’ৰা-ছোৱালীবোৰৰ ভিৰ। বক্সতে চাম বুলি সোমালোঁ। তাতো কম নহয়। ২০০ টকীয়া টিকটতো যথেষ্ট মানুহ। মানুহ মানে কলেজীয়া প্ৰেমিক-প্ৰেমিকা। কিনকিনীয়া বৰষুণজাকত তিতি-তিতিয়েই অনুৰাধালৈ আহিছিলোঁ। ছেহ, এতিয়াহে গাটো কিবা গেলেপা-গেলেপ লাগিছে। বক্স মানে আমি দুটা এনেকৈ আহি ভুলেই কৰিলোঁ নেকি! মানুহে আমাক ‘গে’ বুলি ভাবিব নেকি! ধেৎ, নাই। দুজন মানুহে একেলগে চিনেমা নাচায় নেকি আৰু!
পিছৰ ফালৰ ছিটত এহালে ফুচফুচাই আছে। মাজে মাজে চুম্বনৰ অনুচ্চ শব্দ। …….. সি জানা এটা মস্ত সেই আৰু। ৰূপম বোলা তাৰ বন্ধুটো। মোৰ সাংঘাতিক সন্দেহ হয়। সন্দেহ নহয় মই হান্দ্ৰেদ পাৰ্চেণ্ট ছিওৰ। দুয়োটাৰ মাজত বেলেগ কিবা ৰিলেশ্যন। আচলতে তাৰ চাকৰিটো আছে বাবেহে। আকৌ চুম্বনৰ …. শব্দ। মাতটো কৰৱীৰ যেন লাগিছে। হয় জানো কৰৱীৰ মাত! ছেহ, ইমান আন্ধাৰ।

মাখন লাল দাসঃ

এইযে কঁকালৰ বিষটো… কোনোপধ্যেই লগ নেৰা হ’ল। এবাৰ বাথৰূমত আনমনা হৈ পানীৰে ভৰা গধুৰ বাল্টি এটা ডাঙিবলৈ লওঁতেই কঁকালখন খামোচ মাৰি ধৰিছিল। কোনোমতে গা ধুই ওলাই আহি সি বিচনাত দীঘল দি পৰিছিল। কোনোবাই অলপ মালিচ কৰি দিয়া হ’লে কিজানি কিছু সকাহ পালেহেঁতেন…..

 

শান্তনু চাংমাইঃ

টুৱাৰাম দত্ত, ধন্যবাদ। আপোনাৰ লেখাত ৰসৰ লগতে এক ঔত্সুকতাপূৰ্ণ ৰোমাঞ্চৰ বাষ্প বৈ আছে যি পাঠকক উত্ফুল্লিত কৰাৰ অৱকাশ আছে। মোৰ মতে ই এটা সুন্দৰ প্লট, তাৰ বাবে আপোনাৰ সৃজনী শক্তিক প্ৰশংসা কৰিব লাগিব। কিন্তু ভাষাৰ মসৃণতাৰ দিশৰ পৰা চাবলৈ গ’লে ভাষাখিনি মাজে মাজে গল্পতকৈ ব্যক্তিগত জীৱনত ঘটি যোৱা ঘটনাৰ বিৱৰণী যেনো প্ৰতীত হৈছে; মোৰ মতে (যদিও মই এই ক্ষেত্ৰত কেঁচা) সেই দিশত আপুনি আৰু অকণ ধ্যান দিলে অধিক সাৱলীল এক গল্প ফুটি উঠাত সহায়ক হ’ব।

মাখন লাল দাস, লিখা খিনিৰ কাৰণে ধন্যবাদ। কিন্তু এনে অনুভৱ হৈছে যেন ইয়াৰ পিছত আৰু কিছু কথা বাকী ৰৈ গৈছে, সেইখিনি লিখিলে পঢ়ুৱৈ হিচাপে ইয়াতকৈও অধিক সোৱাদ পোৱা যাব যেন বোধ হৈছে।

[বি.দ্ৰঃ এই প’ষ্টটোৰ ঊদ্দেশ্য আছিল- কেনেকৈ এক গল্পকাৰৰ গল্পক উন্নীত কৰাত সহায় কৰিব পাৰি, কিবা ত্ৰুটি ৰৈ গৈছে নেকি, কিবা যোগ বিয়োগ কৰিব পৰা যায় নেকি, অথবা যদি সুন্দৰ হৈছে, পাঠকে লেখকক উত্সাহ যোগাওঁক। যদি আঁসোৱাহ ৰৈ গৈছে… সেয়া দূৰ কৰাত সহায় কৰক। মই গল্প পঢ়ি ভাল পাওঁ, কিন্তু সমালোচনাৰ চালনীৰে থকা সৰকা কৰিব পৰাকৈ বিদ্বান নহয়। কেঁচা অভিজ্ঞতাৰে যিখিনি হয় যেন লাগিছে, তাকহে আঙুলিয়াই দিছোঁ মাথোন, ইয়াত ব্যক্তিগত কোনো আক্ৰোশ/ভালপোৱা অন্তৰ্নিহিত হৈ থকা নাই। এই গোটত গল্প সমালোচনা কৰিব পৰা বা উদগণি যোগাব পৰা ভালেকেইজন লোক আছে, সকলোৰে পৰামৰ্শ/মতামত বাঞ্চা কৰিছোঁ, নহ’লে কেৱল ময়েই সমালোচনা কৰি থাকিলে এইখন এখন ওৱান-পাইলট উৰাজাহাজৰ নিচিনা লগা হৈছে, যিটো দেখিবলৈ অলপ অখঁজা যেন লগা হৈছে।]

 

ৰক্তিম গোস্বামীঃ

“After all professionals are also humans.”

সেমেকা ৰাতিপুৱাটো দেখি মনটো টেঙাই গ’ল। তাৰ মানে আজিও বৰষুণ দিব। যোৱা চাৰিদিনৰ পৰা কাপোৰ ধোৱা নাই, ৰ’দজাক দিলেই কাপোৰগাল ধুম বুলি চুক এটাতে দমাই থৈ দিছোঁ। আনফালে অফিচলৈ পিন্ধি যাবলৈ পোছাকৰো নাটনি পৰিছে। আচলতে বতৰ আৰু মনৰ সংযোগ পোনপটীয়া। বতৰ ফৰকাল মানে মনো ফৰকাল আৰু বতৰ গোমা মানে মনো গোমা আৰু এটা সেমেকা মনে কাম কৰিবলৈ উদগণি নিদিয়ে। তাৰ পৰিণতিয়েই এই কাপোৰৰ দ’ম। নাই, সেমেকা মন এটাত লেতেৰা কাপোৰ এসোপা ওলোমাই মই অফিচলৈ নাযাওঁ। নিৰ্বাণে ফোন লগাই দিলে ‘বছ’লৈ বুলি। যিমান পাৰে মাতটো গহীন কৰি আৰু লাহে লাহে কৈ গ’ল-

“ছাৰ, যোৱা ৰাতিৰ পৰা জ্বৰ। এতিয়া অৱস্থা আৰু বেয়া হৈ আহিছে। অফিচ যাবলৈ অপাৰগ…..” নিৰ্বাণে আৰু কিবা কোৱাৰ আগতেই সিফালৰ পৰা – “তুমি অকলে থকা ল’ৰা। এই অৱস্থাত ঘৰত অকলে পৰি থাকিব নালাগে। চাবলৈকো কোনো নাই ইমাৰজেঞ্চি এটা হ’লে। তুমি চিন্তা নকৰিবা, অফিচত মেডিকেল ৰূম আছে তুমি ইয়াতে আহি জিৰণি লোৱাহি। কিবা হ’লে আমিবোৰ আছোঁৱেই। মই দুজন অফিচ-কৰ্মচাৰীসহ এখন গাড়ী এতিয়াই পঠাই দিম।

“..কিন্তু…কিন্তু ছাৰ…মই….”

“কোনো কিন্তু নাই। You just need to rest. We are there for you to take care. After all professionals are also humans. তুমি সাজু হোৱা।”

ফোন কাট খালে…. নিৰ্বাণ বহু পৰ ফোনটো কাণতে লৈ মুখ মেলি একেথৰে ৰৈ থাকিল… নিৰ্বাণৰ অলক্ষিতে বাহিৰৰ পৰা নিগনি এটি দূৰন্ত গতিত আহি কাপোৰদ’মৰ মাজত সোমাই পৰিল……

 

শান্তনু চাংমাইঃ

ৰক্তিম গোস্বামী, মইতো আগতেই কৈছিলোঁ আপোনাৰ লেখা সমালোচনা নকৰোঁ বুলি। লেখাটোৰ কাৰণে ধন্যবাদ।

কম শব্দতে এক সুন্দৰ উপলব্ধি প্ৰকাশ পাইছে। হয়তো আপুনি পুনঃ অৱলোকন (Revision) কৰা নাই, কৰিলে সৰু সুৰা দুই এটা বস্তু নিজেই পোনাই পঁজৰাই ল’ব পাৰিব। প্ৰথম পৰিচ্ছেদত কথাখিনি প্ৰথম পুৰুষত চলি আছিল আৰু খপকৈ নিৰ্বাণৰ আগমন ঘটাৰ লগে লগে কথাখিনি ঘূৰি গ’ল তৃতীয় পুৰুষলৈ। এই সংক্ৰমণ খিনিত অলপ হাত ফুৰাই দিলে অধিক স্পষ্ট হ’ব বোধহয়। বাক্য গাঁথনিত যেনে ধৰক, “বতৰ ফৰকাল মানে মনো ফৰকাল আৰু বতৰ গোমা মানে মনো গোমা আৰু এটা সেমেকা মনে কাম কৰিবলৈ উদগণি নিদিয়ে”- আৰু শব্দটো দুবাৰকৈ প্ৰয়োগ কৰাৰ কাৰণে বাক্যটোৰ স্বাভাৱিকতা ক্ষণিক ম্লান পৰিছে। ধৰা হওঁক, এনেদৰে যদি বাক্যটো পুনৰ্গঠন কৰি পেলোৱা হয়- “বতৰ ফৰকাল থাকিলে মনো ফৰকাল হৈ থাকে, বতৰ গোমা হৈ পৰিলে মনো হৈ পৰে গোমা, বিষন্ন, সেমেকাবুলীয়া। এটা সেমেকা মন বুকুত বান্ধি লৈ কামত মনপুতি লাগিবলৈ দিগদাৰ।”

এনেই কথাটোহে কৈছোঁ দেই, ওপৰত কোৱাৰ দৰে, মই সমালোচনাৰ ঠিকাদাৰ নহয়। যিখিনিত চকু দিলে লেখাবোৰ অধিক জোৰদাৰ হ’ব বুলি ভাবিছোঁ, তাকে হে আঙুলিয়াই দিছোঁ। কিবা ভুল হ’লে সকলোটিলৈকে খেমা হে মাগিছোঁ!

 

মাখন লাল দাসঃ

আমি ‘এইচিয়ান গোট’ত এনেদৰে এটা দীঘল গল্পৰ সৃষ্টি কৰিছিলোঁ প্ৰায় দহজনমান মিলি। কোনো নিৰ্দ্দিষ্ট বিষয় নাছিল, কিন্তু শেষলৈ যথেষ্ট আমোদজনক হৈ উঠিছিল।

[এয়া এটি আলোচনাৰ এটা অংশহে। মূল বিষয়বস্তুৰ প্ৰতি লক্ষ্য ৰাখি প’ষ্টটোৰ পৰা ব্যক্তিগত পৰ্য্যায়ৰ শুভেচ্ছামূলক তথা ধন্যবাদসূচক মন্তব্যবোৰ উল্লেখ কৰাৰ পৰা বিৰত থকা হ’ল-সম্পাদক]

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments