গাঁৱত গৰু নাই (দ্বিজেন্দ্র নাথ শৰ্মা)

“সময়ে এনেধৰণৰ নিষ্ঠুৰ আঁচোৰ মাৰি যোৱা সত্বেও বিহুৱে জনমানসত সদায় নিগাজী স্থান অধিকাৰ কৰিয়েই থাকিব৷ অসমৰ বাহিৰত থকা সকলে ক’ৰবাত কুলি-কেতেকীৰ মাত শুনিলেই ধৰফৰাই উঠিব৷ অসমীয়া জাতি থাকে মানে, লুইতখন থাকে মানে বিহু থাকিবই৷ এই আত্মবিশ্বাস প্ৰতিজন অসমীয়াৰ আছে৷ কিন্তু কেৱল আত্মবিশ্বাসেই যথেষ্ট নে? বাইকৰ তালে তালে মেদিনী কঁপোৱা যুৱচামক আজি জোৰ কৰি বিহু নাচিবলৈ বাধ্য কৰাই আমি বিহুক ৰক্ষা কৰিব পাৰিম জানো? একেদৰে এটা চিজনৰ বাবে এজন ঢুলীয়াক কেইহাজাৰমান টকাত বিহুমঞ্চৰ বাবে ‘চুক্তি’ কৰাই আমি বিহুক প্ৰতীকী অৰ্থৰ বাহিৰে কিবা বেলেগ ধৰণেৰে জীয়াই ৰাখিব পাৰিমনে? প্ৰতিবছৰেই আমি বিহুৰ পৰম্পৰা গছৰ তলৰ পৰা মঞ্চলৈ অহাৰ বাবে সমালোচনা কৰোঁ৷ কিন্তু এই সমালোচনাবোৰে বিহুক পুনৰ গছৰ তললৈ ঘূৰাই নিব পাৰিবনে? এইবোৰ নিজক সুধি নিজে বাচি উলিয়াবলগীয়া উত্তৰ। অপ্ৰিয় সত্য হয়তো এয়ে যে মঞ্চলৈ আহিহে আজি বিহু এতিয়াও জনপ্ৰিয় হৈ বাচি আছে৷ গৰু বিহুৰ ক্ষেত্ৰত আজি এই পৰিৱৰ্তন নোহোৱাৰ বাবে ই চহৰাঞ্চলৰ বাবে কেৱল নামত বিহু হৈ আছে৷ বৰ্তমান সময়ত চহৰত বসবাস কৰা শিশুসকলৰ এক বুজন সংখ্যকে গৰু বিহু হয়তো দেখাই নাই বা এই ধাৰাটো চলি থাকিলে কোনোবাদিনা যে দেখিব তাৰো আশা কৰাটো ভুল হ’ব৷ এনেকুৱাত ভাৱ হয় যেন ৰাজহুৱাভাবে পালন কৰাৰ কিবা পথ থাকিলে আমি গৰু বিহু উলহ মালহেৰে পালন কৰিব পাৰিম। পৰিৱৰ্তনৰ এই পাকচক্ৰত পৰি আঁহতৰ তলত শুনিবলগীয়া মহৰ শিঙৰ পেঁপাৰ মাতটো আমি মঞ্চত শুনিবলৈ পাইছোঁ৷ এতিয়া হয়তো সেই দিনলৈও বেছি অপেক্ষা কৰিব নালাগিব য’ত বিহু সমিতিবোৰে গৰুক গা ধুওৱা প্ৰতিযোগিতা অনুষ্ঠিত কৰিব। তেনে হ’লে গৰু বিহুক এই ন-ৰূপত দেখি আমাৰ হৃদয়ে কান্দি উঠিব৷ হয়তো এদিন এনেকুৱা সময় আহিব যিদিনা আমি অনিচ্ছা সত্বেও এয়া কৰিবলৈ বাধ্য হ’ম, অন্ততঃ আমাৰ ভৱিষ্যত প্ৰজন্মক গৰু বিহুৰ পৰম্পৰাৰ বিষয়ে অৱগত কৰিবলৈ প্ৰতীকী স্বাৰ্থত৷ ‘লাউ খা বেঙেনা খা ……’ এই বচনফাঁকিকো হয়তো গৰুবিহুৰ বাণিজ্যিকীকৰণ কৰিহে ৰক্ষা কৰিব পৰা যাব৷”
(সাহিত্যৰ সম্পাদকীয়ৰ একাংশ)
……বহু দিনৰ পৰাই এটা কথাই উকমুকাই আছিল। গাঁৱত গৰু নাই । হয়, গাঁৱত গৰু নাই। গৰু বিহু নাই। গৰু বিহুৰ সন্ধানত এজাক চেমনীয়া। এজাক চহৰীয়া নৱ প্ৰজন্মৰ প্ৰতিনিধি গাঁৱলৈ ওলাল গৰু বিহু বিচাৰি। কিন্তু গাঁৱত বিহু নাই। গৰু বিহুও নাই। গাঁৱত বিহু বিচাৰি, গৰু বিহু বিচাৰি ঢপলিয়াই ফুৰা এজাক চেমনীয়াৰ অভিযানক লৈ ব্যস্ত হৈ থকা মুহূৰ্ততে সাহিত্যৰ সম্পাদকীয়ত এই কথাখিনি পঢ়িবলৈ পাই বিহুৰ আচল স্বৰূপটো অনুভৱ কৰাৰ সুযোগ পাইছোঁ। পৰিৱৰ্তন অৱশ্যাম্ভাৱী। কিন্তু পৰিৱৰ্তনৰ ধুমুহাত স্বৰূপেই হেৰায় যাওঁক সেয়াও কাম্য নহয়। সাদিনীয়া উৎসৱটো দুমাহৰ ওপৰ চলে। ভাৱ হয় বিহু সমৃদ্ধ হৈছে। পিছে এই সমৃদ্ধি কিমান স্বয়ংসমৃদ্ধ। নিৰ্দিষ্ট সময়সীমা অতিক্ৰমি বছৰজোৰা উদযাপনেৰেই এটা সংস্কৃতি সমৃদ্ধ হ’ব পাৰেনে। বিহুৱে তাৰ গুৰি শিপা খামুছি ধৰি ৰাখিব পাৰিছেনে? পথাৰ এৰি চোতাল গছকি মঞ্চত উপবিস্ত হোৱা বিহু এটা সংস্কৃতিৰ পৰা গৈ অনুষ্ঠানত পৰিণত হোৱা নাইতো। বিহুৰ লগত জড়িত পৰম্পৰাবোৰৰ প্ৰতি নেতিবাচক মনোবৃত্তি লৈ আমি বিহুক কিমান সমৃদ্ধিশালী কৰিব পাৰিম সেয়াও সাম্প্ৰতিক সময়ৰ এটা প্ৰত্যাহ্বান স্বৰূপ। বিহুত কি কৰিব লাগে, কি কৰিব নালাগে সেয়াও এতিয়া বিতৰ্কিত হ’ল। আমি নিজেই স্পষ্ট নহয়। বিহুক লৈ এটা চামে নিৰ্দেশনা জাৰি কৰা বা জাৰি কৰিব লগীয়া হোৱাটো এটা দুৰ্ভাগ্যজনক ভৱিষ্যতৰ ইংগিত। বিহু জনগোষ্ঠীয় পৰম্পৰা। জনগোষ্ঠীয় পৰম্পৰাৰ ইতিহাস থাকে। সময়ৰ সোঁতত উত্তৰণ হয়। কিন্তু সেই উত্তৰণে ভবিষ্যতৰ প্ৰতি শংকাৰ অংকুৰণ ঘটোৱা মানে সেই উত্তৰণৰ বাটত কিছু সংৰক্ষণৰ প্ৰয়োজনীয়তাৰো ইংগিত বহন কৰে।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক