গাঁৱৰ মহিলা আৰু ডাকৰবচন (দুলাল বৰুৱা)

গাঁৱৰ মহিলা আৰু ডাকৰবচন 

দুলাল বৰুৱা

সমাজক বাদদি কোনো জীয়াই থাকিব নোৱাৰে । সমাজক দোহাই দি কাৰোবাক দমন কৰি ৰাখিবলৈকো কাৰো অধিকাৰ নাই ।ডাকৰবচনে হওক বা শাস্ত্ৰক দোহাই দি এসময়ত আমাৰ সমাজৰ বৰমূৰীয়া সকলেই কিছুমান নিয়ম প্ৰৱৰ্ত্তন কৰিলে, যাতে নাৰীয়ে সেই সামাজিক দায়বদ্ধতাক অস্বীকাৰ কৰিবলৈ সাহস আৰু সমৰ্থ দুয়োটাৰেই অভাৱ ।ডাকৰবচন কিমান দিনৰ পৰা প্ৰচলন হৈ আহিছে নাজানোঁ কিন্তু ডাকে যে গাঁৱলীয়া মহিলা সকলৰ সাংসাৰিক আৰু সামাজিক উন্নতিত প্ৰচণ্ড বাধাৰ সৃষ্টি কৰিছে সেই কথা সত্য । ডাকে অৱশ্যে অকল মহিলাক হে কৈছে এনে নহয় পুৰুষ সকলৰ কথাও কৈছে ।

এটা ডাকৰবচন ” লাও যিমানে ডাঙৰ নহওক পাতৰ তলত” লাও টো মহিলা আৰু গছজোপা পুৰুষ, সেয়েহে সি সদায় পাতৰ তলতেই থাকে আৰু সেইদৰে আমাৰ মহিলা সকলো পুৰুষৰ অধীনতহে থাকিব লাগে । মহিলা সকলৰ চেহেৰা কথাত কৈছে ” ওঁঠ ভেবেলা গোঁফৰ শাৰী, সেইজনী যেনিবা জীৱন্তে বাঁৰী । কিন্তু কাৰ্যক্ষেত্ৰত এই কথাষাৰ মিছা প্ৰতিপন্ন হৈছে ।আকৌ কৈছে ঢোৰোহা কঁকাল উঠঙা কপাল, খৰম জুৰীয়া ভৰিৰ তিৰোতা হেনো কুলক্ষণীয়া । কিন্তু তেনে তিৰোতাৰ জয় জয় ময় ময় অৱস্থা হৈছে । আকৌ কৈছে “ভাল বাৰী নষ্ট হয় মাজে ল’লে বাট, ভাল তিৰী নষ্ট হয় ঘনাই বেহালে হাট ” মাজে বাট ল’লে বাৰী নষ্ট হয় মানিলোঁ, কিন্তু ঘনাই বেহালে হাট এইটো মানি ল’ব নোৱাৰি, কাৰণ বৰ্তমানৰ যুগত আগৰ সেই এলান্ধুকলীয়া নিয়ম মানি ঘৰত বহি থকাৰ দিন প্ৰায় উকলিল । আজি নাৰীয়ে মহাকাশৰ পৰা হাতত বন্দুক লৈ সীমান্ত পহৰা দিয়াৰ যুগত এই প্ৰবচনবোৰ স্বাভাৱিকতে অৰ্থহীন । তাৰ উপৰিও নাৰীক সাপৰ লগত তুলনা কৰে, নাৰীয়ে বাৰু চল পালে বিষ ঢালে বুজিলোঁ কিন্তু পুৰুষ সকলেও কোনোবা নাৰীক বিষ ঢালি বা টেঁটু চেপি মাৰিছে, সেই কথা কাগজে পত্ৰই প্ৰায়ে ওলাই থাকে ।

এনেদৰে নাৰী জাতিটোক পুৰুষৰ আয়ত্বৰ ভিতৰত ৰাখিবলৈ ব্যৰ্থ প্ৰয়াস কৰাৰ অন্তৰালত যে পুৰুষ সকলৰ দমন মূলক মনোভাৱেৰেই বহিপ্ৰকাশ, তাক এতিয়া প্ৰতিজন সমাজৰ সচেতন লোকেই মানি ল’ব । কিছু ক্ষেত্ৰত পুৰুষত্কৈ অৱশ্যে নাৰীও জগৰীয়া নোহোৱা নহয়। উদাহৰণ স্বৰূপে এগৰাকী বোৱাৰীক শহুৰতকৈ শাহুৱেকেহে নানা কামৰ আওৰা উলিয়াই হাৰাশাস্তি কৰা দেখা যায় । কোনোবাজনী বোৱাৰীয়ে শাহুৰ-শহুৰৰ জঞ্জাল মাৰিব নোৱাৰোঁ বুলি এক মাত্ৰ পুত্ৰক আঁতৰাই লৈ যোৱাৰ উদাহৰণও নথকা নহয় ।

ইয়াৰ উপৰিও বিয়া হোৱাৰ কিছুদিনৰ পাছতে যদি স্বামীৰ মৃত্যু হয় তেনেহ’লে নাৰী গৰাকীক পৈয়েকৰ মূৰ খোৱা বুলি সকলোৱে হাঁহে । জন্ম হৈ আহোঁতেই আমি মৃত্যুৰ দিনটোও লগত লৈ আনিছোঁ । গতিকে পতি বা পত্নীৰ মৃত্যুৰ বাবে কোন দায়ী ? স্বামীৰ মৃত্যু হ’লে কম বয়সীয়া এজনী ছোৱালীয়েই শিৰৰ সেন্দুৰ মোচাকে আদি কৰি সকলো পৰিত্যাগ কৰিব লাগে ।তাইক আনলৈ বিয়া দিবও নোৱাৰে । কিন্তু মহিলা গৰাকীৰ মৃত্যু হোৱাৰ পাছত স্বামীজনে ঘৰ নচলাৰ দোহাই দি এমাহৰ পাছতেই পুনৰ বিবাহ কৰাব পাৰে । অন্যহাতে এটা সন্তান থকা এগৰাকী মহিলাই ওৰেটো জীৱন সেই সন্তানৰ ভৰণ পোষণৰ ভাৰ মূৰ পাতি লৈ নানান দুখ কষ্টেৰে জীৱন নিৰ্বাহ কৰিব লাগে তাৰ উদাহৰণ বহুত আছে । কিন্তু দুই তিনিটা ল’ৰা ছোৱালী হোৱাৰ পাচতো যদি পত্নী ঢুকাই তেন্তে পতিয়ে পুনৰ বিবাহ পাশত আৱদ্ধ হয় । তাত কোনো বাধা নাই । আমাৰ গাঁৱৰ ধৰ্মীয় বা বিবাহ আদি অনুষ্ঠানত বিধৱাক অৱহেলা কৰা হয় । কোনো মাণ্ডলীক কাৰ্যত বিধৱাক আগ ভাগ ল’বলৈ দিয়া নহয় । কিন্তু পত্নী মৰা পুৰুষৰ ক্ষেত্ৰত তেনে কোনো বাধা দেখা পোৱা নাযায় ।
এই বিলাক নিয়ম কোন ধৰ্ম-শাস্ত্ৰত আছে নাজানোঁ ।  কিন্তু যি কথাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই তেনে কথা আমাৰ সমাজত এনেদৰে পোশাই আছে যে ইয়াক অৱমাননা কৰিবলৈ কোনেও সাহসে কৰিব নোৱাৰে । বৰ্তমান একৈশ শতিকা গৰকা আমাৰ মনবোৰে যুক্তিৰে বিচাৰ কৰি যদি চাওঁ, আমি আগৰ ডাকৰবচনেই হওক বা শাস্ত্ৰৰ দোহাই দিয়ে হওক এনেবোৰ কু-বচনক যুক্তিৰে চালি-জাৰি চাই প্ৰকৃত সত্যনো কোনটো তাক বিচাৰ কৰি চোৱাৰ সময় আহি পৰিছে………!!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments