গাঁওবুঢ়া – পদ্মনাথ গোহাঞিবৰুৱা (ইউনিক’ডকৰণ : নিতুল বৰা)

চৰিত্ৰসমূহ

  • ভাওবিলাক
    • মুনিহ
    • ৰত্নেশ্বৰ হাজৰিকা : লক্ষীমপুৰৰ মৌজাদাৰ
    • বাপুৰাম শইকীয়া : লক্ষীমপুৰৰ মণ্ডল
    • কচুখোৱা ছুটীয়া: লক্ষীমপুৰৰ গাওঁবুঢ়া
    • কেৰপাই কোচ: লক্ষীমপুৰৰ গাওঁবুঢ়া
    • টেপেৰা কলিতা: লক্ষীমপুৰৰ গাওঁবুঢ়া
    • ভোগমন চেটীয়া: লক্ষীমপুৰৰ ন-গাওঁবুঢ়া
    • মাণিকচন্দ্ৰ বৰুৱা: লক্ষীমপুৰৰ থানাৰ দাৰোগা
    • মঙ্গলা: মৌজাদাৰৰ লগুৱা
    • মিঃ ইয়ং: মহকুমাৰ গৰাকী চাহাব
    • বিলত আৰু পেজান: দুটা গাঁৱৰ মৰিয়া
    • মিঃ স্কট: জিলাৰ গৰাকী, বৰচাহাব

আৰ্দ্দলি, চৰ্দ্দাৰ, টেকেলা, খানচামা, কুলী, চিপাহী, ৰায়ত, দুচৰীয়া, পদকীয়া, মেলুৱৈ, মুক্তিয়াৰ, নাজিৰ ইত্যাদি।

      • তিৰোতা
      • অমিলা: ৰত্নেশ্বৰৰ ভাৰ্য্যা
      • ৰংদৈ: ভোগমনৰ ঘৈণীয়েক
      • জেতুকী: ভোগমনৰ জীয়েক
      • ভেলেউ: গাঁৱৰ মৰিয়ানী

    লিগিৰী, নাচনী, গঞানী ইত্যাদি।

    প্ৰথম অঙ্ক

    1. প্ৰথম পট, গাঁৱলীয়া ৰাজবাট
    2. দ্বিতীয় পট,-থানা

    দ্বিতীয় অঙ্ক

    1. প্ৰথম পট,-ভোগমনৰ মাৰল-ঘৰ
    2. দ্বিতীয় পট,-মৌজাদাৰৰ চ’ৰা
    3. তৃতীয় পট,-মৌজাদাৰণীৰ বুলনি
    4. চতুৰ্থ পট,-চাহাবৰ বঙলা
    5. পঞ্চম পট,-মৌজাদাৰৰ চ’ৰা

    তৃতীয় অঙ্ক

    1. প্ৰথম পট,-ভোগমনৰ মাৰলঘৰ
    2. দ্বিতীয় পট,-মৌজাদাৰৰ বাটচ’ৰা
    3. তৃতীয় পট,-ভোগমনৰ চোতাল

    চতুৰ্থ অঙ্ক

    1. প্ৰথম পট,-মৰিয়াগাওঁ
    2. দ্বিতীয়পট,-চৰ্কাৰী আলহী-বঙলা
    3. তৃতীয় পট,-ৰত্নেশ্বৰৰ চ’ৰা

    পঞ্চম অঙ্ক

    1. প্ৰথম পট,-ভোগমনৰ মাৰল-ঘৰ
    2. দ্বিতীয়পট,-আদালত
    3. তৃতীয় পট,-গাৱঁলীয়া ৰাজবাট
    4. গীত

    গাওঁবুঢ়া/প্ৰথম অঙ্ক

    প্ৰথম পট,-গাঁৱলীয়া ৰাজবাট

    (বাপুৰাম, কচুখোৱা আৰু এটা চিপাহীয়ে কুলী ধৰে )
    ১ম কুলীঃ (বাপুলৈ চাই) দেউতা ঈশ্বৰ! অলপ কিৰ্পা নকৰিলে আৰু বন্দী নিগমে মৰিলোঁ! মোৰ নো কোন আছে, অকলশৰীয়া মানুহ, দেউতাই দেখিছেই। কালিয়ে সিজনীয়ে ডাঙৰী গোটাচেৰেক দাই থৈ আহিছিল, আজি নচপালে, পথাৰৰ মুঠি পথাৰতে ৰব! আৰু, কানীয়া মানুহ, গাত নো কি বল-শক্তি আছে, দেখিছেই।
    বাপুঃ (খঙ্গেৰে) কটা, তই মৰ বা তৰ, মই কি কৰিম? চৰ্কাৰী কাম; কুলী নিদিলে মোক হ’বলা হাকিমে শুদাই এৰিব? গুচ্, টপটপাই নাথাকিবি মোৰ ওচৰত।
    ১ম কুলীঃ(কচুখোৱালৈ চাই) গাওঁবুঢ়া ককাই! তুমিও নো মুখলৈ নোচোৱাঁ নে?
    কচুঃ এৰা, নেচাম নো কেলৈ? তই মোলৈ কোঁচ্ ভৰাই নি চাৱ নহয়? আমাক তামোল এটা, পাণ এবিৰা পাৰি দিয়াও তহঁতৰ মানত লাজৰ কথা? এতিয়া মুখলৈ নেচাম নো কিয়?
    ২য় কুলীঃ(বাপুৰ পিচফালে থিয় দি) ডাঙৰীয়াই অলপকৈ হাতখনি মুকলি কৰিলেহেঁতেন (বাপুৱে পিচফালে হাত পাতে, কুলীটোৱে টিপতে সিকি এটা গুজি দিয়ে)।
    বাপুঃ(উলটি চাই) অ, হেৰ ভটাগুটী।
    ২য় কুলীঃ দেউতা, কিবা কব খুজিছে?
    বাপুঃ হেৰ, তোৰ বৌৱেৰৰ ভিনীহিয়েকৰ পিতেকৰ তিলনি গ’ল জানো? ল’ৰাটো ঢুকাবৰ আজি কেইদিন?
    ২য় কুলীঃ তিলনি নাই যোৱা দেউতা! ঢুকাবৰ আজি দুদিন হে হৈছে।
    বাপুঃ এৰা, তহঁতৰ অশৌচ যোৱাই নাই তেন্তে। বাৰু, আন এটাহে বিচাৰিবলীয়া হ’ল; তই যাগৈ তেনেহ’লে।
    ২য় কুলীঃ ভাল ডাঙৰীয়া-দেউতা! (আনন্দেৰে প্ৰস্থান)
    ৩য় কুলীঃ (কচুখোৱাৰ কাণে-কাণে) শুনাচোঁ গাওঁবুঢ়া ককাই! সিদিনা মালভোগ কল এথোকা পকিছিল। মনতেহে, বোলোঁ, কলও পকক, নতুনকৈ বেঙেনা এগাল ফলিয়াইছে সিও ডাঙৰ হক, একেলগে নি তোমাৰ ঘৰত দি আহিমগৈ। তাকে সিদিনা সৌ তেওঁ মণ্ডলে বুজ পাই আহিবৰে পৰা গোটেই আমাৰ ফালে টিঙ্গিৰিতুলা হৈ আছে! নেদেখিছাঁ, আজি পোনছাতেই তেওঁ মোক হে লাগিছেহি।
    কচুঃ (ইফালে-সিফালে চাই, ফুচফুচীয়াকৈ) সঁচা নে? বাৰু,তেন্তে মই তোৰ ফালে পিঠি দিওঁ, তই লৰেই মাৰ। কিন্তু, বেঙেনা পাচেও দিবিগৈ, কলথোকা এতিয়াই নি আমাৰ সিজনীৰ হাতত দিবিগৈ। যা,যা।
    ৩য় কুলীঃ ভাল, কোনো কথা নাই, গৈয়েই দিমগৈ (লৰ মাৰে)।
    বাপুঃ দেখ, দেখ, কনিষ্ট! ঐ কুলী ভাগকে লৰ মাৰতাহেঁই। তুমি খেদি যাইকে তাক পাকুৰি আনও। (চিপাহীটোৱে যাবলৈ ধৰে)।
    কচুঃ নাহি, নাহি, কনিষ্ট বাবু, তুমি ৰহ; হামি এক লৰমে যাইকে তাক পাকুৰি লৈ আনেগা। (কুলীৰ পিচে পিচে লৰ ধৰে)
    চিপাহীঃ (মণ্ডললৈ চাই) এ কেইচা বাত হেঁই? হামলোককো চাৰ আডমিকো দৰ্কাৰ থা, চব পূৰা হো গিয়াৰাহা; লেকিন তোম্ আপনা মতলবচে একঠো চোৰ দিয়া; আওৰ একঠো আভি ভাগ যাতাহেঁই। হামলোক আওৰ ডেৰি কৰ্ণে নাহি চেক্তাহে। তব আভি ক্যা কৰেগা? হামকো মালুম হোৱা, এ চব তোমালোককা কায়দা হেঁই। (খঙেৰে) আওৰ ডেৰি নাহি কৰেগা। তোমালোক দুনো আপনে কুলী যানে পৰেগা।
    বাপুঃ (ভয়েৰে) নাহি নাহি, চিপাহী জি! আপ খং নাই কৰেগা। হামি এতিয়াই দোচোৰা কুলী ধৰি দেঙ্গা। (ফোঁপাই ফোঁপাই কচুখোৱাৰ পুনঃ প্ৰৱেশ)
    কচুঃ (বাপুলৈ চাই) নেপালোঁগৈ; নোৱাৰিলো ধৰিব! সি গোটেই ফিৰিঙ্গতি ওফৰাদি উফৰিল!
    চিপাহীঃ(খঙেৰে) চুৱাৰ, পাজী, তব তোম কাহে হামকো যানে মানা কিয়া? আভি তোম আপনে কুলী যানে পৰেগা।
    (কচুখোৱাৰ গলধনত হেচি ধৰি) চলও আভি।)
    (এটা মানুহৰ সৈতে ভোগমন আহি আছে)
    কচুঃ (কাওবাওকৈ) কনিষ্ট বাবু! আপুনি খং নাই কৰেগা। আপুনি অলপ চবুল কৰেগা; ঐ দুটা আডমি আহাতাহে। ঐ দুটাকে ধৰি দেঙ্গা। এতিয়া হামিলোক চুপ কৰি ৰহেগা।
    মানুহটোঃ(নিলগৰ পৰা বেঙা মেলি চাই) বোপাই ভোগমন, মোক ভাল বাঘৰ মুখত পেলাহিলি! সৌ জাক নেদেখিছ? লগতে ৰঙাপাগুৰি মৰা এটাও! তোক যেনিবা ভাল মানুহৰ ল’ৰা বুলিয়েই এৰিব বোপাই, মই ইমানতে পলোৱাহে ভাল।(উলটি লৰ ধৰে)
    ভোগমনঃ (কচুখোৱাৰ কাষ চাপি গহীনাই) কি গাওঁবুঢ়া ককাই, কুলী ধৰা হৈছে নে? ক’লে নো যাব লাগে?
    কচুঃ এৰা, যেনিবা কুলীকে ধৰা হৈছে। তুমিও লগত লগ নধৰা নে?
    ভোগঃ এৰা লগ ধৰাব পৰা হলে যেনিবা ইমান দিনে মুকলিমুৰীয়াকৈ নেৰিলাহেঁতেন। এতিয়াও আমাক সেই ফেৰা উপকাৰ নকৰিলেই ভাল (গহীনভাৱে পাৰ হৈ যাব খোজে)।
    কচুঃ নহয়, নহয় শুনিছানে, এনে ছেগত আৰু তোমাক অকলশৰীয়াকৈ এৰি দিব নোৱাৰি। আহাঁ, আহাঁ, লগ ধৰাঁহি।
    (হাতত ধৰি টানে)
    ভোগঃ(কচুখোৱাৰ হাতখন আছাৰ মাৰি পঠিয়াই) এৰি দিয়াঁহে, বুঢ়া মানুহ হৈ কি ভেঙ্গুচালিখন কৰাঁ! (জোঁটাপুটি লাগে)
    কচুঃ কনিষ্ট বাবু, কনিষ্ট বাবু, ধৰও ইয়াকু ধৰও, পাকুৰি লও। (চিপাহীয়ে ভোগমনৰ গলধনত ধৰি টানি আনে)
    ভোগঃ (কচুখোৱাৰ প্ৰতি) হেৰ, চপনীয়া গোলামৰ পিতেক, তই দোখন বৰকেৰেমতালি কৰ! মই বায়নৰ ঘৰৰ ল’ৰা বুলি দেশখনে জানে। তোৰ দৰে মই ধেনু-চোঁচা কাঁড়ীৰ ল’ৰা নে? মোক কেতিয়াবা কুলী খটা দেখিছিলি নে? বাৰু ব’ল, ডেকেৰা বাবুত কৈ, মই তোৰ আগতে এৰাই আহিব পাৰোঁ নে নোৱাৰোঁ চা। তই দেখোন -(চিপাহীয়ে টেটুত চেপা দি ধৰে)।
    বাপুঃ চিপাহী, আভি চলও। বহুত ডেৰি হৈ গিয়া। বাট মে আৰু একঠো পাকুলি লৈ যায়গা।
    চিপাহীঃ আচ্ছা, চলও আভি। (সকলোৰে প্ৰস্থান)

    দ্বিতীয় পট,-থানা

    (এটা চিপাহীৰ সৈতে মাণিকচন্দ্ৰ দাৰোগা বহি আছে)

    মাণিকঃ তহঁতে দেখচোন বাৰু! সেই বদমাচ দেচোৱালী চিপাহীটো পুৱাতে গ’ল এতিয়াও উলটি নাহিল; ইফালে মোৰো গা ধুবৰ সময় হ’লহি।
    চিপাহীঃ হয় দেউতা, সি বৰ ফিকিৰদাৰ মানুহ। সি বা কি ফন্দী পাতি ফুৰিছেগৈ, কোনে জানে? আমাৰ অসমীয়া এটা যোৱা হ’লে ইমান বেলি কেতিয়াও নহ’লহেঁতেন। (বাটলৈ বেহামেলি চাই) অ, দেউতাই বৰকৈ ভাবিব নালাগে আৰু সৌৱা, ওলাইছেহি।
    (৪টা কুলীৰে সৈতে মণ্ডল, গাওঁবুঢ়া, চিপাহীৰ প্ৰৱেশ)
    মাণিকঃ (খঙেৰে) হেঁইৱাও বদমাচ কাহে এটনা ডেৰি হোৱা? তোমাৰ মতলব হাম জান্তাহেঁই।
    চিপাহীঃ নাহি হজুৰ, হামাৰা কুছ কচুৰ নাহিহেঁই; চব এ দুনো বদমাচচে হোতাহেঁই। (বাপুলৈ আঙুলিয়াই) পহিলা হামলোককা চাৰঠো আডমি পূৰা হো গিয়াৰাহা, লেকিন, এহি মণ্ডল আপনা খুচিছে একঠো ছোৰ দিয়াহেঁই। আওৰ একঠো (কচুখোৱালৈ আঙুলিয়াই) ওহি গাওঁবুঢ়া মতলবচে ভাগনে দিয়া হ্যাঁই। ইচোৱাষ্টে এটনা ডেৰি হো গিয়া।
    মাণিকঃ(বাপু আৰু কচুখোৱালৈ চাই) মই তহঁতৰ ফিকিৰ আগৰেপৰা জানো। তহঁতকো জোখাকৈ এশিকা নিদিলে নহয়। হেৰ, চন্তৰি, ইহঁত দুইকো আটক কৰি ৰাখ, বেলি ভাটী দিলেহে এৰি দিবি।
    কচুঃ (কাওবাওকৈ) ডাঙৰীয়া, মোৰ ফালে কাণ কৰকচোন। সঁচাকৈ–
    মাণিকঃ চুপ্, তোৰ মুখ বন্ধ কৰ। মোৰ এতিয়া গোচৰ শুনিবৰ সময় নহয়।
    (দুইকো দুটা চিপাহীয়ে ধৰি লৈ যায়)
    ভোগঃ (মাণিকক) ডাঙৰীয়া, চাওকচোন, ইহঁত দুয়ো আখেজৰ ওপৰত মোক নো কুলী ধৰি আনিব পায় নে? মই কেনে ঘৰৰ ল’ৰা ডাঙৰীয়াই জানেই, মই নো কেতিয়াবা কুলী খাটিছিলোঁ নে? ইহঁতে নো মোক এনে অপমান দিব পায় নে?
    মাণিকঃ(মুখ বিদৰাই) থৈ দিয়াঁ তোমাৰ মান-অপমানখন! কুলী হবৰ বেলিকা আটাইবিলাক ভাল মানুহ ওলায়। পিচে, তোক এৰি মোক কুলী যাবলৈ দিছ নে?
    ভোগঃকপাল! আপুনিও এনে অবুজন হ’ল! কিন্তু, নেদেখাজনে–
    মাণিকঃচুপ্, তোৰ মুখ বন্ধ কৰ। নহ’লে ৰুলমাৰিৰ খুন্দাত দাঁত এটাও নাথাকে।
    ১ম কুলীঃ দেউতা-ঈশ্বৰ! বন্দীক আৰু মৰিয়াই মাৰিলেই ভাল আছে। কানীয়া মানুহ, নিগমে মৰিলোঁ দেউতা-ঈশ্বৰ। কানি খাবৰো পৰ হ’ল, বন্দীক কিৰপা কৰোক দেউতা! (দীঘলকৈ হামি মাৰে)
    মাণিকঃ বাৰু, ৰঁবা, অ, ককাই! সৰহ পৰ নাই; ভালকৈয়ে কানি খাবাঁ! চাহাবে থৈছে তোমালৈ কানি!
    ৪ৰ্থ কুলীঃ (মাণিকৰ ওচৰ চাপি ফুচফুচাই) ডাঙৰীয়াই সিদিনা বিচাৰি পঠিওৱা বস্তু বন্দীয়ে ঠিক কৰি থৈছোঁ। আজি আনিম বুলি ওলাওঁতেই এইখন আপদে পালে!
    মাণিকঃ (অলপ গমি) হেৰ বিহগুটী তই মোৰ তালৈ যাচোন; তাতে, চিপাহীয়ে দেখুৱাই দিব অলপ চৰ্কাৰী কাম আছে কৰগৈ যা। তোক মই যাওঁতে লগতেই চাহাবৰ বঙলালৈ লৈ যাম, যা। (আনে নুশুনাকৈ) তই তাৰেপৰা গুচি যাগৈ, আৰু সেই বস্তুটো লৈ আহগৈ, যা।
    ৪ৰ্থ কুলীঃ ভাল, ডাঙৰীয়া!

    (প্ৰস্থান)

    (আৰ্দ্দলিৰ প্ৰৱেশ)
    মাণিকঃ অ, কি হে, আৰ্দ্দলি ককাই?
    আৰ্দ্দলিঃ বাবু! চাহাবে পঠিয়াইছে। বোলে, কুলী আহি পালে যদি, সোনকালে পঠিয়াই দিয়ক।
    মাণিকঃ এৰা, এয়া কুলী ঠিক হৈছে। পুৱাৰে পৰা কত যতনেৰে হে গোট খুৱাইছোঁ। চাহাবে লগত মাল কিমান লৈছে? এই কেইটা কুলীয়েই নহ’বনে?
    আৰ্দ্দলিঃ মাল সৰল নহয়। কুলী তিনিটামানেই বলে পাৰিব।
    মাণিকঃ ভালেই হ’ল। মই আকৌ ইমান নহ’ব বুলি আৰু গোটাচেৰেক আনিবলৈ পঠিয়াইছিলোঁ। সেই হে পলম হৈছিল। আৰ্দ্দলি তুমি এই কেইটাকে লৈ আগবাঢ়া; ময়ো পাচতে গৈছোঁ।
    ভোগঃ ডাঙৰীয়া! সেই, ঘৰলৈ যোৱাটোৰ সলনি মোকে ৰাখিলেও, মই এনে অপমানৰ পৰা ৰইখা পাওঁ। ডাঙৰীয়া, অলপ কিৰপা—
    মাণিকঃ তই চুপ্ থাক। আৰ্দ্দলি, ইয়াক মূৰ্গীৰ ভাৰখন দি নিবাগৈ, তেহে ইয়াৰ মান-মৰ্য্যাত সোপাই ৰক্ষা পৰিব! মই যাওঁ, ওলাওঁগৈ, তোমালোকো যোৱাঁহঁক।

    (সকলোৰে প্ৰস্থান)
    প্ৰথম অঙ্কপাত

    গাওঁবুঢ়া/দ্বিতীয় অঙ্ক

    প্ৰথম পট,–ভোগমনৰ মাৰল-ঘৰ

    (ৰংদৈয়ে গুণগুণকৈ আই-নাম গাই সূতা কাটি বহি আছে; ভোগমনে প্ৰৱেশ কৰি ওচৰতে মূৰে-কপালে হাত দি বহেহি)
    ৰংদৈঃ (ঘূৰি চাই ভোগমনক দেখা পাই আচৰিত ভাবে)এ, আই! ইটো বা হ’ল কি? আঁঠুৰ ওপৰত চাং পাতি দেখোন মূৰ ঘূৰাই বহি আছেহি কেতিয়াবাৰে পৰা!
    ভোগঃ (দীঘলকৈ হুমুনিয়া কাঢ়ি) শুনিছ নে, মোৰ জীৱনত আৰু সকাম নাই! মোৰ আৰু সংসাৰত ৰাপ নাইকিয়া হ’ল! মোৰ দেহ-চিত এনেহে লাগিছে, যেন আজিয়েই দেশ এৰি বিদেশলৈ গুচি যামগৈ! পিচে, কি কৰিম, ঈশ্বৰে মোক নিকুটুমীয়া কৰিলে; তোলৈ আৰু ছোৱালীটিলৈ চাই হে আজিও মই বান্ধ খাই আছোঁ। তহঁতক কাৰোবাৰ হাতত গতাব পৰা হ’লে, মই মুকলিমূৰীয়া চৰাইৰ দৰে ক’ৰাবলৈ উৰি গুচি গলোঁগৈহেঁতন!

    ৰংদৈঃ (চিয়ঁৰ মাৰি উঠি) দেহি ঐ, মোৰ শৰীল ঐ, কাক নো এনে কথা শুনাৱ ঐ! (চকুত হাত দি কান্দে)
    (জেতুকী লৰি আহি প্ৰবেশ)
    জেতুকীঃ (কান্দো কান্দো হৈ) আই, তোৰ কি হ’ল? তই কিয় কান্দিছ হুঁ? বুপাই, তই আইক মাৰিলি নে কি? ওঁ-ওঁ-কেলৈ মাৰিলি? (কান্দে)
    ভোগঃ (জেতুকীক কোলাত তুলি লৈ) আই, মই মাৰক নাই মৰা, আন কিবা বেজাৰতহে কান্দিছে। (ৰংদৈৰ হাতত ধৰি) আইটীৰ মাক, নেকান্দিবি; কান্দি নো কি কৰিবি? মই মনৰ বেজাৰত হে তেনেকৈ কৈছিলোঁ; তহঁতক এৰি নো মই কলৈ যাব পাৰোঁ? (টলকা মাৰি ৰৈ) আৰু , শুনিছ নে সেইদিনা দুপৰীয়া লঘোনত খেকাৰ খোৱা চিপাহীটোৱে বলেৰে যেতিয়া মোৰ কানত কুকুৰাৰ ভাৰখন তুলি দিছিল সেই খেনৰ কথা মনত পৰিলে, এতিয়াও মোৰ বুকুখন দুফাল হয় যেন লাগে! লাজ-অপমানৰ কথা এৰিছোঁ; মই নো কিমান ভাৰ বব পাৰোঁ দেখিছই নহয়। সেই কুকুৰাৰ মেটমৰা ভাৰখনে সেইদিনা মোৰ কলিজা ভাঙ্গিবৰ নিচিনা কৰিলে!
    ৰংদৈঃ (বলেৰে ধৈৰ্য্য ধৰি) দেহি ঐ, কিনো কৰিম! কপালৰ লেখা কেনেকৈ গুচাম! তেওঁ বুলি ইয়াৰ নো এটা উপায় কৰিব নোৱাৰি নে?
    ভোগঃ জানো কি উপায় কৰ। কিবা জান যদি কৰি থাক; মই হ’লে নিৰুপায়!
    ৰংদৈঃ বিবুধি হ’ব নেলাগে। বাৰু, মই ইয়াৰ বুধি উলিয়াম।
    ভোগঃ (ৰংমুৱা হৈ) পাৰিলেও পাৰিব পাৰ। লোকে কোৱা শুনিছোঁ, বোলে, মাইকী মন্ত্ৰী।
    ৰংদৈঃ মোৰ মনেৰে যি গাওঁবুঢ়াই আমাৰ এনে বিলাই কৰিছে, তাৰ বিষইখনকে ল’বলৈ কাৰবাৰ কৰা হওকচোন।
    ভোগঃ সেইটো হ’লে তো এনে আপদৰপৰা ৰইখাকে পাওঁ। তাকে ল’ব পাৰিলে হে আকৌ; আমি নিচলাকৈ নো কোনে চাব খুজিছে?
    ৰংদৈঃ এনেকৈ চালে, ই বৰ টান কথা নহয়। ইয়াৰ এটা ভাল বুধি আছে। কেৰপাই আৰু নদী গাওঁবুঢ়াই ধৰা বাট হে ধৰিব লাগে।
    ভোগঃ সিহঁতে নো আকৌ কি বাট ধৰিছিল?
    ৰংদৈঃ তহঁত নো কেলৈ পোন্ধ মৰাটো হলি ক’ব নোৱাৰোঁ! বাহিৰৰ খা-খবৰ অলপো নেৰাখ। কেৰপায়ে এৰি কাপোৰ এখন, আৰু নদীয়ে মুগাৰ ৰিহা-মেখেলা এযোৰ দি, মৌজাৰীক পোন কৰিহে তেওঁ বিষইকেখন পাইছে। আমিওচোন তাকে কৰোঁ। তহঁতে জানো কেনে দেখ?
    ভোগঃ কেনে দেখিম; পাৰিলে বৰ ভাল কথা। পিছে, সিহঁতৰ দৰে আমাৰ নো কেইখন এৰি কাপোৰ আৰু কেইযোৰ মুগাৰ ৰিহা-মেখেলা আছে? নিজলৈকেচোন নাটনি!
    ৰংদৈঃ যি আছে তাৰেই এটা দিহা নকৰিলে হ’ব নে? সামৰণত থকা এৰি কাপোৰখন, আৰু সিদিনা শালৰপৰা কটা তিতাকৰীয়া মেখেলাখনকে লৈ গৈ ধৰোঁগৈচোন। তহঁতে কাপোৰখন লৈ মৌজাৰীৰ ওচৰলৈ যাবি। মই মেখেলাখন লৈ ভিতৰত হাকিমনীৰ ওচৰলৈ যাম। মৌজাৰীতকৈও হাকিমনীক পোনাব পাৰিলে যে কথাই নাই।
    ভোগঃ (দীঘলকৈ হুমুনিয়া কাঢ়ি) হে হৰি! বাৰু, যেনে ভাল দেখিছ, তাকে কৰ। ভাত ৰান্ধগৈ যা এতিয়া; মই পথাৰৰ পৰা আহোঁগৈ। চাওঁ, আই, নামচোন, মাৰৰ লগত ভাত ৰান্ধগৈ যা। মই যাওঁ। (জেতুকীক কোলাৰপৰা নমাই থৈ, চুমা দিয়ে)
    (সকলোৰে প্ৰস্থান)

    দ্বিতীয় পট,–মৌজাদাৰৰ চ’ৰা

    (মৌজাদাৰে ৰায়তৰ খাজনা লৈছে)
    ৰত্নঃ (পটা এখন চাই) হেৰ, এই কিস্তিত তই ৭দ/. দিবলগীয়া হৈছে; দে।
    ১ম ৰায়তঃ দেউতা, শেহ কিস্তিত বা কিমান দিব লগা পৰিছে?
    ৰত্নঃ (আকৌ পটাখন চাই) শেষ কিস্তিত তোৰ ৪দ/. দিব লগা পৰিব। তাৰ ওপৰঞ্চি টকাই পতি/. স্থানীয় কৰ লাগিব।
    ১ম ৰাঃ দেউতা, এনেকৈ হ’লে আৰু দুখীয়া ৰায়ত কেনেকৈ তৰিম! মাটি সেই আগৰ কেডৰাই আছে; আৰু এইবেলি সেই এৰাবাৰীখনো ইস্তফা দিলোঁ; ইফালে খেজেনা টুটক ছাৰি বাঢ়িব হে লাগিছে!
    ৰত্নঃ হেৰ বলিয়া, ইস্তফা পলমে দিয়াত, এই বছৰলৈ তোৰ এৰাবাৰী এৰা নপৰিল; আৰু এইবাৰ খাজনা বাঢ়িছে বুলি তোৰ খবৰ নাই হ’বলা?
    ১ম ৰাঃ বাঢ়ক বা টুটক; নহ’লে ক’ৰ পৰা দিম? এইদৰে ৰজাৰ খেজেনা বাঢ়িব লাগিলে ৰাইজ তৰিব কেনেকৈ? এই পাঁচ টকাকে ঘৰৰ মানুহজনীৰ কাণৰ কঁৰীয়াযোৰ সোঁত থৈ হে আনিছোঁ।
    ৰত্নঃ বলিয়াৰ দৰে বকিছ কিয়? নাই বুলিলেই চৰ্কাৰেও শুনিব, আমাৰো গা ৰব নহয়। চাপৰিলে মেঘ নেৰায়। চাওঁ, চাওঁ, আন সেই পাঁচ টকাকে দে; বাকী এই কিস্তিত ২দ/. পৰহিমানলৈ দি যাবিহি (হাত মেলি ধন লয়)। বাৰু, মই ৰছিত লিখি ৰাখোং, তই যাচোন, সৌৱা ভদিৰামহঁতে ভঁৰালৰ ছালখন বৈছে, তয়ো অলপ লাগি-মেলি দেগৈ।
    ১ম ৰাঃ ভাল দেউতা, পলম হে হ’ল এতিয়া!
    ২য় ৰাঃ দেউতা, আমাৰ ফেৰাও ধৰকচোন (খাজনা আগবঢ়ায়)
    ৰত্নঃ কটা, তোৰ চকু নাই হ’বলা? মোৰ হাত কেইখন অ? আগেয়ে অহাবোৰক আগধৰি বিদায় দিব লাগে। বাৰু, তহঁত কেইটাৰো টকা পটাৰ ওপৰে ওপৰে থৈ যাহঁক, হাতে-পাতে লাগি ঘৰটোৰ ছাল দুখন উলিয়াই পেলাগৈ। মই তহঁতৰ ৰছিত লিখি থওঁ।
    ২য়,৩য়,৪ৰ্থ ৰাঃ (টকা থৈ) এয়া দেউতা, আমাৰ হ’লে বাকী-বুকা নাই; একেবাৰে উচল কৰি লেখি ৰাখিব।
    (আটাইকেইওটাৰে প্ৰস্থান; ভোগমনৰ প্ৰৱেশ)
    ভোগমনঃ (লাহে লাহে ওচৰ চাপি) দেউতাৰ ওচৰলৈকে মোয় আহিছিলোঁ।
    ৰত্নঃ অ, ভোগমন? তোৰো খাজনা আনিছ নে? লৈ আহ, বাৰু।
    ভোগঃ খেজেনা পৰহিমানলৈ হে দিমহি; দেউতা, আজি আন কিবা সকামত হে আহিছিলোঁ।
    ৰত্নঃ (ৰহস্য কৰি) কিনো সকাম পাতিছ অ? বিয়া নে সবাহ?
    ভোগঃ নহয় দেউতা, আন কিবা কথা এটাহে খাটিবলৈ আহিছিলোঁ। দেউতাই এই মাউৰা বন্দীলৈ অলপ কিৰপা কৰোঁ বুলিলে ক’ব পাৰোঁ।
    ৰত্নঃ (ৰং কৰি)বাৰু, কচোন, কিনো খাত লাগে নে পাম লাগে, শুনো। খাত হ’লে ৰজাই হে দিব পাৰে; মই বাৰু পাম এখনকে দিব পাৰোঁ নে চাওঁ।
    ভোগঃ মই নো কেনে ঘৰৰ ল’ৰা দেউতাই জানেই। বুপাই থাকোতে আমাৰ ঘৰৰ অৱস্থা কেনে আছিল, তাকো আটায়ে জানে। পিচে, কি হ’ব, তেওঁৰ কপালেৰে তেওঁ নাম জ্বলাই আছিল; এতিয়া মৰি দেৱতা হ’লগৈ। ইফালে মই মাউৰা দুৰ্কপলীয়াৰ হে দুৰ্গতিৰ সীমা নোহোৱা হ’ল! এতিয়া আগৰ দৰে মান পোৱাৰ কথা এৰিছোঁৱেই, বাটৰ খঁৰা কুকুৰতকৈয়ো আমাক মানুহে অধচ দেখা হ’ল। দেউতাই এতিয়া উভতি পৰা কলাপুলি আকৌ ৰুই ঠন ধৰাব লাগে।–বোলোঁ, দেউতাই দয়া কৰিলে, দেউতাৰ তলতে গাওঁবুঢ়া এটা হৈয়ে অলপ জিলিকিব পাৰোঁ।
    ৰত্নঃ (হাঁহি হাঁহি)হেৰ, তয়ো নো গাওঁবুঢ়া হ’ব খোজ নে? গাৰ দেখোন ছাল-বাকলিয়েই নাই, কেনেকৈ নো তেনে বৰমূৰীয়াটো হ’ব খুজিছ? হলেও নো বাৰু, তোক কোনে মানিব?
    ভোগঃ দেউতাৰ আজ্ঞা পালে কোনে নো নেমানি পাৰিব? বন্দীক কৃপা কৰি বাবটি দিয়াৰ পাচতে দেখিব; মোৰ মনেৰে, কামত এই নিচলাই শকত-আৱত কেইটাকো চেৰ হে পেলাব। (লাহেকৈ কাপোৰখন উলিয়াই আগতে থৈ, মাটিত মূৰ লগাই সেৱা কৰে)
    ৰত্নঃ (ৰং মনেৰে) বাৰু, মই ভাবি চাওঁ। তই বাৰু অহা-যোৱা কৰি কাম শিকি থাক। হওঁতে, তহঁতৰ গাঁৱতে মোক এটা গাওঁবুঢ়া লগা হৈছে। বাৰু, এটা কৰিব লাগে; নহ’লে নো তই বাল পাবি নে? বাৰু, যা এতিয়া।
    ভোগঃ (হৰিষ মনেৰে আকৌ সেৱা এটি কৰি) ভাল দেউতা, বন্দী এতিয়া আহিলোঁ হে। সকলো ভেৰেষা দেউতাৰ ওপৰতহে।
    ৰত্নঃ বাৰু, তই যাচোন, মই কৈছোঁ নহয়।-যাওঁ, মোৰো গা ধুবৰ পৰ হ’ল। পানী দিছে নে নাই জানো?
    (ভোগমনৰ প্ৰস্থান)
    ৰত্নঃ (ভিতৰলৈ ৰিঙিয়াই) হেৰ, মঙলা।
    মঙলাঃ (ভিতৰৰ পৰা) দেউতা!
    ৰত্নঃ হেৰ, এইফালে আহ। (পটাত ৰছিত লিখাত মগ্ন)
    মঙলাঃ (মঙলা থিয় হৈ আছেহি, ৰত্নেশ্বৰে মন নকৰি লিখিয়েই আছে) দেউতা, মই হেৰিয়াৰ অ, আহিছোঁ নহয়। কি ক’ব খুজিছে, হেৰিয়াৰ অ, নকয় নো কিয় আকৌ। সিফালে মই, হেৰিয়াৰ অ, শাকনিতে কোৰখন এধা-শলাকৈয়ে, হেৰিয়াৰ অ, এৰি আহিছোঁ!
    ৰত্নঃ ইঃ, ইয়াৰ কোৰখন আধা শলা হোৱাত হে বৰকৈ চিন্তা হ’ল! দিনটোত আৰু সময় নেপাব নহয়। হেৰ, গা ধুবলৈ পানী দিছ নে নাই?
    মঙলাঃ এৰা, হেৰিয়াৰ অ, এতিয়াও গা ধুবলৈ, হেৰিয়াৰ অ, পানী দিবলৈ আছে। সিফালে তপত পানী, হেৰিয়াৰ অ, বাহী চেঁচা পানীৰ নিচিনা, হেৰিয়াৰ অ, হ’ল আকৌ! বেলিও, হেৰিয়াৰ অ, ভাটী দিলে।
    ৰত্নঃ বাৰু যা যা, ধঁপাত এচিলিম আনগৈ যা।
    মঙলাঃ ঔ গোসাঁই! এতিয়া আকৌ হেৰিয়াৰ অ, ধঁপাত হুঁপিবৰ বেলি আচে। (আনফালে মুখ কৰি ভোৰ ভোৰাই) বিষৈয়া বুলিলে, হেৰিয়াৰ অ, পেটৰ নাৰী ছিগা! ভাল যেনিবা, হেৰিয়াৰ অ, মই এইখনত নাৰী-ছিগা হৈ, হেৰিয়াৰ অ, মৰিবলৈ আহিলোঁ। (মৌজাদাৰলৈ চাই) বাৰু, এতিয়া আহক, হেৰিয়াৰ অ, গা-ধোৱা পীৰাত বহিও, হেৰিয়াৰ অ, ধঁপাত হোঁপকহি।
    ৰত্নঃ (হাঁহি হাঁহি) বাৰু যা, যা, হেৰ লেবা, যা। তালৈকে আনগৈ যা। হেৰ, তালৈকে তেলো আনিবি।
    মঙলাঃ (যাওঁতে যাওঁতে) এৰা, হেৰিয়াৰ অ, এতিয়াও তেল দিবলৈ হেৰিয়াৰ অ, বাকী আছে।
    ৰত্নঃ যাওঁ। (পেটত ৰছিত লিখি এঁতাই ৰত্নেশ্বৰৰো প্ৰস্থান)

    তৃতীয় পট,-মৌজাদাৰণীৰ বুলনি

    (আগত তামোলৰ বঁটা লৈ অমিলা বহি আছে)
    অমিলাঃ (ভিতৰলৈ চাই) হেৰ পাহিটি! তহঁতে আৰু মোৰ পাতিয়েই থাকিবি নে? ইফালে বেলি ভাটী দিলে নহয়; পথাৰলৈ আজি আৰু কেতিয়া নো যাবিহঁক?
    ভিতৰৰ পৰা আইচু! ওলালোঁ, যাওঁ।
    (ৰংদৈৰ প্ৰৱেশ)
    অমিলাঃ অ, ৰংদৈ আহিছ। বহ, সেই চলিপীৰা ডোখৰ টান মাৰি নি।
    ৰংদৈঃ (মাটিত বহি) নেলাগে আই-দেউতা, মাটিতে বহোঁ। বাটৰ খঁৰা-কুৰুৰেও বাট নিদিয়া মানুহ, আমি নো কি ঢৰা-পীৰাত বহিবৰ লায়েক।
    অমিলাঃ ক’ত নো খঁৰা-কুকুৰে বাট নিদিলে অ, ৰংদৈ?
    ৰংদৈঃ এৰা, তেনেকুৱাই নহয় নো কি, আই-দেউতা! আজিকালি নো আমাৰ বিলাইৰ কথা কি ক’ম। শহুৰ ঢুকাবৰ পৰা আৰু দিনে দিনে আমাৰ বিলাই চৰিহে গৈছে!
    অমিলাঃ এৰা, কৰোঁতা-মোলোঁতা নাই দেহি! এইবেলি নো খেতিৰ ধান কিমান পাবি? খাবলৈ আটিব নে?
    ৰংদৈঃ হয়, আইচু! চপাব পাৰিলে, মূৰামূৰিকৈ আটিবগৈ। অকল ভাত-কাপোৰৰ দুখ হ’লেওচোন ৰক্ষা পাওঁ! আমাৰনো কথা কি সোধে!
    অমিলাঃ আৰু নো কিহৰ দুখ? কচোন বাৰু; দুখ গুচাব নোৱাৰিলে, তেও পুতৌ কৰিব পাৰি।
    ৰংদৈঃ নোৱাৰিব নো কেলৈ? আই-দেউতাই কেৰাহিকৈ চালেও, এনে দুখনী বেটী হেজাৰজনী তৰিব পাৰে।
    অমিলাঃ (হাঁহি হাঁহি) বাৰু, কচোন ক, কিহৰ নো দুখটো?
    ৰংদৈঃ আই-দেউতা! হাল বাঁহক আটায়ে আঁজোৰে! শহুৰ ঢুকাবৰ পৰা আমাক আৰু কোনেও গণিতাকে নকৰা হ’ল। এতিয়া, যেয়ে পাৰে কুকুৰৰ দৰে টঙনিয়াই মাৰিবলৈ হে বিচাৰে। কিনো কম, আইচু, বুকু ফাটি যায় যেন লাগে, সিদিনা কচুখোৱা গাওঁবুঢ়াহঁতে বাটৰ পৰা মোৰ নিচলা মানুহটোক কুলী ধৰি নি, কুকুৰাৰ মেটমৰা ভাৰখন দি, চেহাবৰ লগত মকচললৈ পঠালে। দুদিনৰ পাচতহে এধামৰা হৈ ওলাইছেহি!
    (কান্দিবলৈ ধৰে)
    অমিলাঃ (পুতৌ কৰি) আয়ৈ দেহি! ভোগমনক নো সিহঁতে কুলী দিব পায় নে? তেতিয়াই তই আহি আমাৰ ডাঙৰীয়াৰ আগত নজনালিহি কিয়? মোক কোৱা হ’লেও হ’লহেঁতেন।
    ৰংদৈঃ কিনো কম আইচু, মই সিটোক লৈ যোৱাৰ ভালেখিনি পৰৰ পাচত হে আবেলি বুজ পালোঁ। কান্দি নো কি কৰিম বাৰু? এতিয়া আইদেউতাই অলপ চকু মেলি চায় বুলিহে বেটীয়ে ওচৰ চাপিছোঁ

    Subscribe
    Notify of
    0 Comments
    Inline Feedbacks
    View all comments
    কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক