গাঁওবুঢ়া, পঞ্চায়ত নিৰ্বাচন আৰু ছাৰেণ্ডাৰৰ নমিনেচন (দেৱব্ৰত গগৈ)

(সেই আধাকিলো মাংস ল’ৰাজনে দৌতিৰ হাতৰ পৰা চিলনীয়ে থপিয়াই নিয়াদি নিছিল । তাৰ সেই সময়ত মাৰ খোৱাৰ কোনো অনুশোচনা নাছিল, চকুত আছিল ক্ষুধাৰ্ত চাৱনি, পাৰিলে যেন ছাগলিটোৰ আটাইখিনি মাংসই সি লৈ ল’ব…)

 

মানুহজনক মায়ে মোমাই বুলি মাতিছিল আৰু আমি গাঁওবুঢ়া দৌতি বুলিছিলো । তেখেতৰ পকাথেকেৰা যেন গাল আৰু তেজে ফুটো ফুটো কৰি থকা কলাফুলযোৰ এতিয়াও চকুৰ আগত ভাহি থাকে । অসম আৰ্হিৰ ঘৰটোৰ সন্মুখত যুৰীয়া ভঁৰাল আৰু পদুলিমুখত এজনী মাখুন্দী । তাৰ অলপ আঁতৰত এজাক হালোৱা মহ।তেওঁ আছিল আমাৰ এনাইহঁতৰ গাঁওৰ এসময়ৰ গাঁওবুঢ়া । মাৰ দূৰ সৰ্ম্পকীয় মোমায়েক। আমাৰ দৰে পেন্দুকণাবোৰে তেতিয়া গাঁওবুঢ়াৰ অৰ্থ বুজি পোৱা নাছিলো। চহৰৰ ঘৰৰ পৰা এনাইহঁতৰ ঘৰলৈ যাওঁতে গাঁওবুঢ়া দৌতিহঁতৰ পদুলিমুখখন দেই যাব লাগে ।সেয়ে প্ৰায়েই দেখো গাঁওবুঢ়া দৌতিক । তেওঁৰ গম-গমাই যোৱা মাতটো শুনিলেই মই ভয়তে টেপেচা মাৰি মাৰ আঁচলৰ আঁৰত লুকাই পৰো । কেৱল মইয়েই নহয়, গাঁওখনৰ আন মানুহেও তেওঁক সমীহ কৰি চলিছিল। সৰু গাওঁখনৰ সকলো ৰাজহুৱা সমস্যাৰ সমাধানত আগভাগ লৈছিল গাঁওবুঢ়া দৌতিয়ে ।গাঁওৰ বোৱাৰীসকলে গাঁওবুঢ়া দৌতিৰ মুখখন ভালকৈ দেখা পালে নে নাই সন্দেহ । মুখৰ আগত কথা কোৱাটো বহু দূৰৈৰ কথা । গাঁওবুঢ়া দৌতিহঁতৰ ঘৰখন এতিয়াও আছে , মাখুন্দীজনী নাই , হালোৱা মহৰ সংখ্যা কমি আহিছে , পিছে ঘৰৰ আগত এতিয়া আছে টাটাৰ মাটি কঢ়িয়াও ট্ৰাক । গাঁওবুঢ়া দৌতি ঢুকুৱাৰ আজি পোন্ধৰ বছৰমানেই হ’ল । তেওঁৰ পৰৱৰ্তী প্ৰজন্মই পৰিয়ালটোৰ ঐতিহ্য এতিয়াও কম-বেছি পৰিমাণে ধৰি ৰাখিছে ।


******************************

যোৱা শতিকাৰ শেষৰ দশকটোৰ কথা । অসমত ৰাষ্ট্ৰপতি শাসন , সেনাবাহিনী আৰু বিদ্ৰোহীৰ মাজৰ যুঁজখনত সাধাৰণ ৰাইজৰ বিৰিণা হৈ মৰাৰ দিন । আমি কৈশোৰ পাৰ হৈ যৌৱনৰ দুৱাৰদলিখন গচকাৰ সময়। পৰীক্ষা শেষ হোৱাত গাওঁৰ এনাইহঁতৰ ঘৰলৈ গৈছিলো । শুকান পথাৰৰ মাজে মাজে মই , উজনিত থকা মোৰ এপাদেউৰ ল’ৰাজন আৰু গাওঁৰে মোৰ মোমাইৰ ল’ৰাজন। এনেতে পথাৰৰ কাষৰ ৰাস্তাটোত ক’ৰবাৰ পৰা মাৰুতি এখন ৰ’লহি । হাতত উদ্যত মাৰণাস্ত্ৰ লৈ নামি আহিল পাঁচজন যুৱক । মোৰ মোমাইৰ ল’ৰাজক নামি ধৰি মাতিলে । সি আগুৱাই গ’ল তেওঁলোকৰ ফালে । আমি মানে মই আৰু মোৰ এপাদেউৰ ল’ৰাজনক ‘কোন’ বুলি সুধিলে ? মোৰ বয়স তেতিয়া সোতৰ বছৰমান হৈছিল যদিও দেখাত তেৰ-চৌধ্য বছৰীয়া যেনহে লাগিছিল বাবে মোক বিশেষ পাত্তা নিদিলে। এপাদেউৰ ল’ৰাজন সমবয়সীয়া যদিও তাৰ দেহাটো যথেষ্ঠ ডাঙৰ আছিল । দেখাত একৈছ বছৰীয়া যেন লাগিছিল । এপাদেউৰ ল’ৰাজনক ডেকাকেইজনে ওচৰলৈ মাতি নিলে আৰু ঘৰ ক’ত সুধিলে । সি তিনিচুকীয়া জিলাত বুলি কোৱা এজনে তাক পূৰ্ণহতীয়া চৰ এটা মাৰি ক’লে – “আৰ্মিৰ ভয়ত পলাই আহি ইয়াত লুকাই আছহি নেকি ?” নিৰ্জু প্ৰকৃতিৰ এপাদেউৰ ল’ৰাজনে একো তত্‌ ধৰিব নোৱাৰিলে আৰু ক’লে—“দাদা, মই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দি ইয়ালৈ ফুৰিবলৈ আহিছো । মোক কিয় মাৰিছে?” ডেকাকেইজনে একো নকৈ গাড়ীত উঠি গুচি গ’ল । হঠাতে হৈ যোৱা ঘটনাটো চম্ভালিব নোৱাৰি আমি হতভম্ব হৈ পথাৰতে বহি পৰিলো । মোমাইৰ ল’ৰাজনে ক’লে – “ সেই কেইটাই ছাৰেণ্ডাৰ কৰিলে আৰু এতিয়া ছাৰেণ্ডাৰ নকৰা ল’ৰাক বিচাৰি আছে, বহুত ল’ৰাক মাৰিলে ইহঁতে, ইয়াক চৰিওৱাটো অমূক আকৌ। তই চিনি পোৱা নাই নেকি ?” মোমাইৰ ল’ৰাজনে মোক মনত পেলাই দিলে—“ সেই যে ছাগলি মাংস চুৰ কৰি ধৰা পৰিছিল , পাছত গাওঁবুঢ়া দৌতিয়ে যে পইছা দিছিল” । মোৰ মনত পৰি গ’ল ।মাঘ বিহুৰ সময়ত আলিৰ দাঁতিত বহি ঘৰৰে ছাগলিটো মাৰি মাংস বেছা মানুহজনে ল’ৰা এজনৰ পিঠিখন হালোৱা এচাৰিৰে কোবাই চিৰিলা-চিৰিল কৰিছিল আৰু ল’ৰাজনৰ মাকজনীয়ে মানুহজনৰ ভৰিত পৰি তাক নামাৰিবলৈ কাকূতি কৰিছিল । এনেতে সিফালৰ পৰা গাওঁবুঢ়া দৌতিয়ে আহি মানুহটোক ধমকি মৰাতহে মানুহজন ক্ষান্ত হৈছিল । দৌতিয়ে মানুহজনক মাংসৰ দাম দি আৰু আধাকিলো মাংস কিনি ল’ৰাজনক দি উৰুকাৰ ভোজ খাবলৈ দিছিল। সেই আধাকিলো মাংস ল’ৰাজনে দৌতিৰ হাতৰ পৰা চিলনীয়ে থপিয়াই নিয়াদি নিছিল । তাৰ সেই সময়ত মাৰ খোৱাৰ কোনো অনুশোচনা নাছিল, চকুত আছিল ক্ষুধাৰ্ত চাৱনি, পাৰিলে যেন ছাগলিটোৰ আটাইখিনি মাংসই সি লৈ ল’ব । দুখুনী মাকজনীয়ে তাক সেইসময়ত জহনিত যোৱা, হতশ্ৰী হোৱা গালিৰে ভৰাই তুলিছিল ।কিন্ত তাৰ সেইবোৰলৈ ভ্ৰূক্ষেপ নাছিল ।হাতত মাংস লৈ দৌৰিছিল ঘৰৰ পিনে ।আৰু এই ল’ৰাজনে আজি হাতত বন্দুক লৈ মানুহ মাৰি ফুৰিছে ? “ ছাৰেণ্ডাৰ কৰাৰ পিছত ই এটা বিৰাট গুণ্ডা হ’ল । টাউনত ঘূৰি ফুৰে আজিকালি । তই গম নাপাওঁ নেকি ?” মামাৰ ল’ৰাজনে মোক সুধিলে ।“ ছাৰেণ্ডাৰ কৰা কেইটামানে আজিকালি টাউনত উৎপাত কৰে। কিন্ত ইয়াৰ নামটো শুনা নাই দেখোন।’ “ ধেইত, তই আমূক ছাৰেণ্ডাৰৰ নাম শুনিছ’ নে নাই?” মামাৰ ল’ৰাজনে আকৌ সুধিলে মোক । মই শুনিছো বুলি মূৰ দুপিয়ালো । “ ইয়েই সি আকৌ ?” কথাষাৰ শুনি মই শিঁয়ৰি উঠিলো । সকলোৰে ঘৃণাৰ পাত্ৰ , কুখ্যাত প্ৰাক্তন বিপ্লৱীটো মানে ইয়েই ?

*******************************

মাহাত্মা গান্ধীৰ সপোন আছিল ৰামৰাজ্য। তেওঁৰ মতে ভাৰতলৈ ৰামৰাজ্য আহিব গাঁও পঞ্চায়তৰ যোগেদি ।যেতিয়ালৈকে তৃণমূল পৰ্যায়লৈকে শাসন ক্ষমতা নাযায়, তেতিয়ালৈকে ভাৰতে প্ৰকৃত স্বাধীনতা নাপায় । পিছে বাপুৰ চিন্তা যেন ভুল আছিল । পঞ্চায়তৰাজৰ যোগেদি যি অলপ আৰ্থিক ক্ষমতা গাঁওবোৰলৈ গৈছে আৰু সেইখিনিত যি লুণ্ঠনৰাজ চলিছে, সেইবোৰ আজি বাপুয়ে দেখা হ’লে পঞ্চায়তৰাজ বন্ধ কৰিবলৈ তেখেতে আকৌ এবাৰ অনশনত বহিলহেঁতেন । যোৱা পাচঁবছৰে পঞ্চায়তৰ যোগেদি গাওঁলৈ যোৱা ধনৰ প্ৰায় নব্বৈভাগতেই মাথোন লুট-পাট চলিছে। সভাপতিৰ আত্মীয় আৰু প্ৰিয়পাত্ৰসকলৰ বাদে কোনেও একো পোৱা নাই । বিশ বিঘা ৰুৱতী মাটি থকা লোকজনো হৈ পৰিছে বি পি এলৰ অন্তৰ্ভুক্ত ।চুড়ান্ত অৰাজকতা । যিসময়ত আমাৰ মুখ্যমন্ত্ৰীয়ে চিঞৰি আছে যে অসমৰ গাঁৱত সুখ উভৈনদী হৈ পৰিছে , সেইসময়তে গাঁওৰ জাক জাক পাহোৱাল ডেকাই হাজাৰটকীয়া চাকৰি বিচাৰি বাংগালুৰু, মুম্বাইৰ ট্ৰেইন ধৰিছে।

****************************
মামাৰ ল’ৰাজনে সিদিনা ফোনত কৈছিল – “ই, পঞ্চায়ত ইলেকচন খেলিব নহয় ! ”

মই ধৰিব নোৱাৰি সুধিলো— কোন?

“আমাৰ ই আমূক আকৌ” ?

মই পুনৰ শিয়ৰি উঠিলো। চকুৰ আগত ভাহি উঠিল, গাঁওবুঢ়া দৌতিৰ হাতৰ পৰা সি কাঢ়ি লৈ যোৱা সেই আধাকিলো ছাগলিৰ মাংসৰ দৃশ্যটো । কিন্ত এইবাৰ সি মাথোন আধাকিলো ছাগলিৰ মাংসই কাঢ়ি নিনিয়ে, সি লৈ যাব গাঁওবুঢ়া দৌতিহঁতে কষ্ট কৰি গঢ়ি যোৱা গাঁওবুঢ়া আৰু গাঁওৰ মুৰব্বীৰ মৰ্যাদাখিনিও।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক