গানৰ গোপন কথা  ধীৰাজ কলিতা

গানৰ গোপন কথা

ধীৰাজ কলিতা

গান, হৃদয় জুৰোৱা এটা শব্দ। প্ৰতিজনকে সুখী কৰি আনন্দিত কৰাৰ একছত্ৰী ক্ষমতাৰ বিপৰীতে সীমাহীন দুখী কৰিব পৰাকৈয়ো গানৰ আছে নিজস্ব যাদু। গানৰ সৈতে সহবাস নিসংগ জীৱনৰ ফলপ্ৰসু কাৰক। গানক ঘিণ কৰাজনক ব্যক্তিগতভাৱে মই পিশাচৰ শাৰীত থওঁ। গানে সজীৱ কৰি ৰাখে স্মৃতি। এটা ব্যক্তিগত জীৱনৰ অভিজ্ঞতা। মধ্যপ্ৰদেশৰ গোৱালীয়ৰত চাকৰিৰ প্ৰথম দৰমহাৰে গান শুনিব পৰা মোবাইল এটা কিনিছিলোঁ। তাতেই চাকৰি কৰি থকা লগৰ এজনৰ পৰা অসমীয়া গান এটা ব্লু-টুথেৰে মোৰ মোবাইললৈ পঠিয়াই থাকোতে কিবা অসুবিধাই দেখা দিলে। দ্বিতীয়টো গান সোমাব পৰা নগ’ল আৰু! কিবা ট্ৰেইনিং এটাৰ কাৰণে পিছদিনাখন ১৫ দিনৰ বাবে নাগপুৰলৈ আহিবলগীয়া হোৱা হেতু ৰিপিয়াৰিঙৰ কাৰণে যোৱা নহ’ল। এপ্ৰিল মাহৰ নাগপুৰৰ গৰম, নতুন মোবাইলত গান শুনাৰ হেঁপাহ। ক্লাচলৈ আহোঁতে -যাওঁতে, দুপৰীয়া ভাত খোৱাৰ সময়ত, ৰাতি শোৱাৰ সময়ত গোটেই ৰাতি বাজি থাকে মোৰ মোবাইলত থকা একমাত্ৰ অসমীয়া গান, ময়ূখ হাজৰিকাৰ কণ্ঠত “সাৰ পাম মই পুৱতি নিশাতে নিয়ৰ যেতিয়া সৰে…”। নভৱাকৈয়ে গানটো মোৰ আপোন হৈ পৰিল। আজি প্ৰায় ৩ বছৰ পিছতো হঠাৎ কেতিয়াবা সেই গানটো শুনিলে নাগপুৰৰ সেই দিনকেইটাৰ স্পষ্ট ছবি এখন মোৰ চকুৰ সন্মুখত ভাহি উঠে। মোৰ অনুভৱ আগলৈয়ো যেতিয়াই সেই বিশেষ গানটো শুনিম,(হয়তো অলপ সময় লাগিব) নাগপুৰত কটোৱা দিনকেইটালৈ মই উভতি যামেই যাম।

একেই ঘটনা এটা ৰাজস্থানত। গেষ্ট হাউচৰ পৰা কৰ্মস্থলীলৈ কোম্পেনীৰ বাছেৰে ৩০ মিনিটৰ বাট। ৰাতিপুৱা ৭ বজাতে আমি ১৫ জন শিক্ষাৰ্থী/কৰ্মী যাওঁ কৰ্মস্থলীলৈ। ভাৰতৰ বিভিন্ন ঠাইৰ বন্ধু। বাছ খনত আমাৰ সদায় নতুন নতুন আড্ডা,নতুন নতুন কাহানী। বাছৰ ড্ৰাইভাৰ জন তামিল হোৱা কাৰণে কিজানি তেওঁৰ ব্যক্তিগত পেনড্ৰাইভটোত মাথোঁ এটা হিন্দী গান। ২০০ মান গানৰ মাজত কৰবাত আছে যদিও বাছত থকা পুৰণি ডি.ভি.ডি টোত ৰাতিপুৱাই পুৱাই গান খুচুৰি খুচুৰি হিন্দী গান বিচৰাটো অশান্তিকৰ। যি হওক, গাড়ীখনত যাওঁতে ৩০ মিনিট আৰু আহোতে ৩০ মিনিট আমি ভাল পাম বুলি ভাবিয়ে বাছৰ ড্ৰাইভাৰ জনে সেই একেটা গানকে “ৰিপিট” কৰি বজাই থাকে। গানৰ ওপৰত সিমান ধ্যান নিদি আমি আমাৰ আড্ডাত ব্যস্ত আছিলোঁ যদিও দিনটোত মোটামুটি ১০-১২ বাৰকৈ একসপ্তাহ গানতো শুনাৰ পিছত গানটো মুখস্থৰ লেখিয়া হৈ গ’ল। এদিন গুৱাহাটীৰ চিটি বাছত এফ.এম ৰেডিঅ’ত সেই গানটো এদিন শুনিলোঁ। ক’ৰবাত শুনিছিলোঁ ক’ৰবাত শুনিছিলোঁ বুলি মনত পেলাই থাকোঁতেই ৰাজস্থানৰ বাছখনত আমি মাৰা আড্ডা, শ্বায়েৰী জলজল পটপটকৈ মোৰ মানসপটত জিলিকি উঠিল। মুহূর্তৰ কাৰণে নষ্টালজিক হৈ পৰিলোঁ।

আপুনিও এবাৰ চেষ্টা কৰি চাব পাৰে। যিবোৰ দিন/মুহূৰ্ত/দৃশ্য আপুনি কেতিয়াও পাহৰিব নোখোজে সেই সময়ত বা তাৰ আগে পিছে আপোনাৰ অচিনাকি গান এটা মনোযোগেৰে বাৰাম্বাৰ শুনক। দেখিব, ভৱিষ্যতে যেতিয়াই সেই বিশেষ গানটো শুনিব আপুনি মুহূৰ্ততে উভতি যাব আপোনাৰ সেই পুৰণি দিনবোৰলৈ।

বি:দ্ৰ:- বিশেষ গোন্ধয়ো কঢ়িয়াই ফুৰে স্মৃতি। আপুনি আপোনাৰ প্ৰিয় জনক/জনীক লগ কৰোঁতে সদায় একেটা পাৰফিউম ব্যৱহাৰ কৰক। সেই পাৰফিউমটো আপুনি বেলেগ কাৰণত কেতিয়াও ব্যৱহাৰ নকৰিব। কেতিয়াবা যদি তেওঁৰ অনুপস্থিতি আপুনি অনুভৱ কৰে পাৰফিউমটো এবাৰ নিজৰ কাপোৰত স্প্ৰে কৰক, দেখিব আপোনাৰ প্ৰিয়জন/জনী আপোনাৰ নিচেই কাষত।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments