"গালিবৰ শ্বেৰ" আৰু "দুশ্বম্বেৰ মিনাৰৰ" সম্পৰ্কৰ সন্ধানত: (- আবিদ আজাদ)

“গালিবৰ শ্বেৰ” আৰু “দুশ্বম্বেৰ মিনাৰৰ” সম্পৰ্কৰ সন্ধানত:
লেখক: আবিদ আজাদ
০৫.০৬.১৪
———————————————————————————–

“মই ইলোৰাৰ পৰা পুৰণি ৰহণ চিকাগোলে’ কঢ়িয়ালোঁ,
গালিবৰ শ্বেৰ দুশ্বম্বেৰ মিনাৰত শুনা পালোঁ।”
___ তাজিকিস্তানৰ দুশ্বম্বে চহৰত গালিবৰ শ্বেৰৰ (গজলৰ) গুঞ্জন!! চিৰ যাযাবৰ ভূপেন হাজৰিকাই দুশ্বন্বে চহৰৰ মিনাৰত এনেকুৱা কি আৱিস্কাৰ কৰিলে যে তাত তেওঁ গালিবৰ বাণী শুনিলে! প্ৰতিটো শাৰী অতি সুক্ষ্ম চিন্তাৰে লিখা “মই এটি যাযাবৰ” গীতটিত “গালিবৰ শ্বেৰ দুশ্বম্বেৰ মিনাৰত শুনা পালোঁ” শাৰীটোই মনত সদায় তীব্ৰ কৌতূহল জগাই আহিছে। গীতটি বাজি থাকিলে এই শাৰীটোত সদায় বিশেষভাৱে আজিও মনোযোগ দিওঁ। প্ৰতি বাৰেই অৰ্থ উলিয়াবলৈ চেষ্টা কৰোঁ- ‘গালিবৰ শ্বেৰ’ আৰু ‘দুশ্বম্বেৰ মিনাৰ’ৰ মাজত।
দুশ্বম্বে চহৰ তাজিকিস্তানৰ (তেতিয়াৰ ছোভিয়েট ৰাছিয়াৰ অন্তৰ্গত) ৰাজধানী চহৰ। এটা সময়ত ই এটা তেনেই সাধাৰণ গাওঁ আছিল। তাজিক ভাষাত দুশ্বম্বে মানে হৈছে ‘সোমবাৰ’। একালত সেই গাওঁখনত সোমবৰীয়া বজাৰ বহিছিল। সেই সোমবৰীয়া বজাৰৰ নামেৰেই ঠাই খনৰ নাম হৈ গৈছিল দুশ্বম্বে বজাৰ। পাহাৰ-পৰ্বতেৰে ভৰা দেশ তাজিকিস্তান। অবধাৰিত ভাবে দুশ্বন্বে ঠাইখনো পাহাৰেৰে আবৰা এখন মনোৰম নৈসৰ্গিক ঠাই। এই চহৰৰ এখন অতি বিখ্যাত আৰু বৃহদাকায় মছজিদ হৈছে ‘হাজি য়াকুব মছজিদ’। হাজি ইয়াকুবৰ বিষয়ে বেছি জনা নাযায়; কিন্তু তেওঁ দুশ্বম্বে চহৰৰ পৰা (তাজিকিস্তানৰ পৰা) আফগানিস্তানলৈ পলাই যাবলগীয়া হোৱা কথাটোৰ পৰা অনুমান কৰিব পাৰি যে তেওঁ কোনোবা ধৰ্মীয় নেতাৰ ৰোষত পৰিছিল। তেওঁ এবাৰ কৈছিল- “ধাৰ্মিকলোক বহু আছে; কিন্তু কোৰাণ জনা লোক কেইজন আছে!”
আনহাতে আমাৰ মিৰ্জা গালিবো এজন উদাৰবাদী ছুফি সাধক আছিল। উদাৰবাদিতা তেওঁৰ সৃষ্টিত জল-জল পট-পটকৈ বিদ্যমান। সেই কাৰণতে তেওঁ কট্টৰবাদী ধৰ্মীয় নেতাৰ দ্বাৰা লাঞ্চিতও হ’ব লগীয়া হৈছিল। এই বিশ্ব-বিশ্ৰুত গজলকাৰ জনৰ পূৰ্বজ ভাৰতবৰ্ষলৈ আহিছিল তাজিকিস্তানৰ পশ্চিমৰ সীমা-মূৰীয়া দেশ উজবেকিস্তানৰ পৰা। ই হৈছে দুশ্বম্বেৰ গাতে গা লাগি থকা দেশ। ‘মই এটি যাযাবৰ’ গীতটিৰ ৰচনা কালত (১৯৬৮ চনত!) এইবোৰ পৃথক পৃথক দেশ একেখন দেশৰে অন্তৰ্গত আছিল।

গীতৰ শাৰীটোত উল্লেখ থকা ‘মিনাৰ’ মানে হৈছে আজান দিয়া ঘৰ। আমি সচৰাচৰ দেখিবলৈ পোৱা মছজিদ গৃহৰ গাতে লাগি থকা সু-উচ্চ স্তম্ভটোকে মিনাৰ বুলি কোৱা হয়। গীতটিত ”দুশ্বম্বেৰ মিনাৰ” শব্দ যুগলৰ দ্বাৰা হাজি য়াকুব মছজিদৰ মিনাৰকে বুজোৱা হৈছে নে নাই সেয়া ডাঠিকৈ ক’ব নোৱাৰি যদিও, দুচম্বে চহৰত তাতকৈ বিখ্যাত আন কোনো মিনাৰ নোহোৱা হেতুকে গীতটিত সেয়া হাজি য়াকুব মছজিদৰ মিনাৰ বুলিয়ে বিশ্বাস হয়। তাৰোপৰি গালিবৰ ধাৰ্মিক নেতা সকলৰ প্ৰতি থকা বিতৃষ্ণা আৰু হাজি য়াকুবৰ, এজন হাজি হৈয়ো, নিজ দেশৰ পৰা পলায়ন কৰিব লগীয়া ঘটনাই দুই জনৰ মাজৰ ধাৰ্মিক উদাৰতাক সূচোৱা যেন অনুমান হয়। প্ৰখৰ কল্পনা-প্ৰৱণ ভূপেন হাজৰিকাই ”গালিবৰ শ্বেৰ দুশ্বম্বেৰ মিনাৰত শুনা পালোঁ” গীত ফাকিৰ দ্বাৰা- দুশ্বম্বেৰ ‘হাজি য়াকুব মছজিদৰ’ মিনাৰৰ পৰা ভাঁহি অহা আজানৰ মাতত গালিবৰ শ্বেৰৰ উদাৰ বাণী বিচাৰি পোৱাকে হয়তো বুজাব বিচাৰিছিল!
আজীৱন বিশ্ব-ভাতৃত্বৰ স্বপ্ন দেখা যিজন সুধাকন্ঠই ‘লুইতৰ পৰা মিছিছিপি হৈ ভলগাৰ ৰূপ চাব পাৰে’, ‘অটোৱাৰপৰা অষ্ট্রিয়া হৈ পেৰিছ সাবটি ল’ব পাৰে’; যিজন মানৱদৰদী বিশ্বজনীন শিল্পকাৰে ‘ইলোৰাৰপৰা পুৰণি ৰহণ চিকাগোলৈ কঢ়িয়াই নিয়ে আৰু মাৰ্ক টোৱেনʼৰ সমাধিত বহি গৰ্কীৰ কথা কয়’; তেনে লক্ষ্যসম্পন্ন যাযাবৰীৰ বাবে দুশ্বম্বেৰ মিনাৰত গালিবৰ শ্বেৰ শুনা একো আচৰিত কথা নহয়।
উল্লেখযোগ্য যে এই গীতটিৰ বাংলা সংস্কৰণৰ উক্ত শাৰীটি গোৱা হৈছে এনেকৈ… ‘‘আমি গালিবেৰ শ্বেৰ তাছখণ্ডেৰ মিনাৰে বসে শুনেছি…’’ ! তাছখণ্ড’ হ’ল উজবেকিস্তানৰ ৰাজধানী চহৰ। দুশ্বম্বেৰ ঠাইত তাছখণ্ড কৰাৰ কাৰণটো হয়তো ভাৰত-পাক যুদ্ধৰ পাছত হোৱা বিখ্যাত তাছখণ্ড চুক্তি, ১৯৬৬। কাশ্মীৰক কেন্দ্ৰ কৰি ১৯৬৫-ৰ ভাৰত-পাক যুদ্ধত পাকিস্তান বেয়াকৈ হৰাৰ পাছত ৰুছিয়াৰ হস্তক্ষেপত তেতিয়াৰ ছোভিয়েট যুক্তৰাষ্ট্ৰৰ অন্তৰ্গত তাছখণ্ডত ১৯৬৬ চনত যি চুক্তি হৈছিল,তাৰ পৰাই ভাৰতবৰ্ষত তাছখণ্ড বিখ্যাত হৈ পৰিছিল। তাৰোপৰি সেই চুক্তি সম্পন্ন কৰাৰ নিশাই তেতিয়াৰ প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰো তাতেই আকস্মিক মৃত্যু ঘটিছিল। তাছখণ্ডৰ ঐতিহাসিক গুৰুত্ব বুজিয়ে হয়তো পিছলৈ বাংলালৈ তৰ্জমা কৰা উক্ত “মই এটি যাযাবৰ” গীতটিত, দুশ্বম্বেৰ ঠাইত তাছখণ্ড সংযোজন কৰা হৈছিল। তেনে কৰিলেও অৰ্থ কিন্তু প্ৰায় ওচৰা-ওচৰিয়ে থাকে। তাৰোপৰি তাছখণ্ড আৰু দুশ্বম্বেৰ মাজৰ দূৰত্ব মাথো চাৰে চাৰিশ কিলোমিটাৰ হোৱাৰ উপৰিও সেই সময়ত এই দুই চহৰ একে ৰাজনৈতিক ভূখণ্ডৰে অন্তৰ্গত আছিল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments