“গাহৰি” (ভাস্কৰজ্যোতি বৰুৱা)

গাহৰি

 

শব্দটো পঢ়ি আপোনাৰ মনলৈ অহা প্ৰথম ছবিখন কি বাৰু?

যদিহে শব্দটোৱে টানি অনা ছবিখন এটা জন্তুৰ। যি ঘোঁট ঘোঁট শব্দ কৰি মুখেৰে বিষ্ঠা উকটি আছে, তেন্তে ক্ষমা কৰিব, এই লেখাটো আপোনাৰ বাবে নহয়। আপুনি হয়তো বুজি নাপাব মোৰ এই লেখাটোৰ অচিনাকী নায়কজনৰ তাড়নাটো।

কিন্তু ইয়াৰ বিপৰীতে শব্দটোৱে আপোনালৈ কঢ়িয়াই অনা ছবিখনত যদি আছে – পৰিৱেশনৰ বাবে সাজু এবাটি তেলাল গাহৰিৰ মাংস!

হয়, তেতিয়াহ’লে “নিশ্চিতভাবে” শব্দটোত অত্যাধিক গুৰুত্ব দি ক’ব খোজো যে এই লেখাটো আপোনাৰ বাবেই।নব্বৈ দশকৰ আৰম্ভণিলৈকে লক্ষীমপুৰ টাউনত গাহৰি মাংস বৰ সুলভ নাছিল। গাহৰি প্ৰেমী বুলিয়েই কওক নাইবা গাহৰি লোভী বুলিয়েই কওক আমাৰ দৰে প্ৰাণীবোৰে ভাল গাহৰি অকণৰ বাবে পহুমৰা বা বগীনদী পাইছিলোঁগৈ।মানে জিভাখনৰ বাবে অলপ কষ্ট কৰোঁ আৰু। সেয়ে খবৰটো শুনি আমাৰ চকু মুখ উজ্বলি উঠিল।

“আজিকালি দেওবাৰে দেওবাৰে ক’ৰ্টৰ ওচৰত ভাল গাহৰি কটা কৰিছে”- খবৰ!

আমাৰ স্বতঃস্ফূৰ্ত অভিব্যক্তি- সঁচা!

হয়। দেওবাৰে ৰাতিপুৱা চাউলধোৱা ৰোডৰ ফালৰ পৰা মানুহ এজনে চাইকেলৰ কেৰিয়াৰত আনে গাহৰিটো।মানুহজন খুব সম্ভৱকদম-বগীনদীৰফালৰেহব। খুব কম দিনৰ ভিতৰতে ক্ৰেতাসকল বিক্ৰেতাতকৈ আগতে আহি ক’ৰ্টৰ সন্মুখত জুম হ’বলৈ ধৰা কৰিলে। পাছলৈ ৰৈ থাকি কোনে ৰিস্ক লয়? হেঃ হেঃ হেঃ ঠিকেই বুজিছে।এই লুভীয়া অধমো সেই জুমৰে এজন নিয়মীয়া সদস্য। আন দিনাতকৈ দেওবাৰে অলপ সোনকালেহে সাৰ পোৱা হ’লোঁ।চাহ-তাহ খাই মোনাখন লৈ ক’ৰ্টৰ ফালেই চাইকেলৰ পেডেল মাৰোঁ।

কেতিয়াবা মানুহজনৰ দেৰি হয়। কি উৎকণ্ঠাৰ সময় আছিল সেইবোৰ। জুমটোৱে চাউলধোৱা ৰোডৰ পোন বাটটোৰ মনিব পৰালৈকে দৃষ্টি নিক্ষেপ কাৰে। কোনোৱে আশংকা প্ৰকাশকৰে- মানুহজনৰকিবাঅসুখ-বিসুখহোৱানাইতো? দূৰৈত চাইকেল এখনত কিবা বোজাই কৰি অনা যেন অনুমান হ’লেই কোনোবা কেইজনমানে – সৌৱাআহিছে আহিছে…। জুমটোত স্বস্তিৰ গুণগুণনি এটাৰ সৃষ্টি হয়। যদিহে অনুমান ভুল বুলি প্ৰমাণিত হয়, জুমটোৰ উৎকন্ঠা আকৌ বাঢ়ে।

মানুহজনে আহি প্ৰথমে ৰাষ্টাৰ একাষে পাত পাৰে। তাৰ পাছত সেই পাতখনৰ ওপৰত সকলো ঠিকঠাক কৰি কাটিবলৈ সাজু কৰি অনা গাহৰিটো থয়। চিকচিকাই থকা দাখন উলিয়াই বুঢ়া আঙুলিৰে ধাৰ পৰীক্ষা কৰে। ইয়াৰ পাছত মোনাখন খুলিদগা-পাল্লাউলিয়াইপাল্লাৰফেৰআছেনেকিএবাৰসকলোৰেআগতপৰীক্ষাকৰিলয়।ইমানদেৰিলৈকেএকেলগেশান্তিৰেঅপেক্ষাকৰাসমভাৱাপন্ন (গাহৰিফাৰ্ষ্ট) জুমটোৰমাজতমৃদুহেঁচা-ঠেলাআৰম্ভহয়।নিজৰনিজৰপ্ৰয়োজনীয়ওজনৰমাংসৰবাবেজুমটোঅধৈৰ্য্যহৈপৰে।

:মোকএককিলোদিবাদেই।নিয়ৰভঙাৰ পৰা দিবা।

: মোক দুই কিলো কিন্তু ককাই। যোৱা দেওবাৰে মই নাপালোৱেই নহয়।

মানুহজনে যিমান পাৰে সিমান সোনকালে গ্ৰাহকসকলক সন্তুষ্ট কৰিবলৈ ব্যস্ত হৈ পৰে। মাংস কমি আহিলে কিনিবলৈ বাকী থকাকেইজনৰ চিন্তা বাঢ়ে।তেতিয়া কেইজনমান অত্যুৎসাহীয়ে বিপদসংকুল ভাবে মাংস কাটি থকা দাখনৰ আগৰ পৰাই নিজৰ ভাল লগা টুকুৰাবোৰ টানি আনি নিজৰ ফালে গোটাবলৈ ধৰে।সেইদিনা মানুহৰ জুমটো বেচ ডাঙৰেই আছিল। গাহৰিটোও ভাল। কাণ সৰু, ছাল পাতল। আন দিনাৰ দৰেই মানুহজনে দা চলাই গৈছে। মাংস কমি আহিছে ক্ষীপ্ৰ গতিত। কাটি থোৱা টুকুৰাবোৰ কেইজনমানে টানি নিজৰ দখললৈ নি আছে। মাংসৰ ওচৰ চাপিবলৈ সক্ষম নোহোৱা সকলৰ বহুতে সেইদিনালৈ আশা প্ৰায় বাদ দিওঁ দিওঁ। পাতখনত গৈ গৈ শেষত পিচ ঠেঙৰ পিৰা এটাহে ৰৈছেগৈ। আমাৰ নায়কৰ ধৈৰ্যচ্যুতি ঘটিল। দুজনমানক “চাইড প্লিজ” কৰি আগুৱাই গৈ চিলনীয়ে থপিওৱাদি ঠেঙটোতে ধৰি পিৰাটো লৈ দৌৰ মাৰিলে।হেই হেই হেই….. কি ক’ৰ কি ক’ৰ…. বুলি আকস্মিকতাত হতভম্ব বিক্ৰেতাজন দৌৰিলে নায়কৰ পিছে পিছে। আমিবোৰ বিক্ৰেতাৰ পিছে পিছে।

অলপ দূৰ গৈ নায়ক ৰ’ল। দা জোকাৰি খেদি যোৱা বেপাৰীজনক কান্ধত হাত থৈ বুজাবলৈ লাগিল। আমি ওচৰ চাপি শুনিবলৈ পোৱা বাখ্যা এনেধৰণৰ –

: …ককাই তই বুজচোন কথাটো। মই পইচা নিদি পলাব খোজা নাই নহয়। আনেও দেখোন মাংস গোটাই আছে। তইতো বেয়া পোৱা নাই। ইমান ভাল মাংস আক’! মোক এক কিলো লাগে। ইয়াৰ পৰাই আগতে মোক দি ল’। কিমান সময়ৰ পৰা তোক খুজি আছোঁ। নাই, তই পাত্তাই নিদিয়…

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
samiran
5 years ago

Bhaskar daa bhal lagil phori….