গাহৰি মাংস কুজি ঠেকেৰাৰ সৈতে (ৰূপালী ভৰালী বৰুৱা)

উপকৰণ সমূহ :
গাহৰি মাংস
কুজি ঠেকেৰা
পিয়াজ
নহৰু
আদা
জিৰা গুৰি
মিট মছালা
ধনীয়া গুৰি
কেঁচা জলকীয়া
জলকীয়া গুৰি
মিঠা তেল

পদ্ধতি :
প্ৰথমে গাহৰি মাংস খিনি সিজাই লব,  সিজোৱাৰ সময়ত দুটুকুৰামান কুজি ঠেকেৰা দি দিব৷

আনফালে দুটুকুৰা মান কুজি ঠেকেৰা পানীত তিয়াই ৰাখিব। মাংসখিনি সিজোৱা হলে পানী পৰা টুকি লৈ মছলা সানি থব।

কেৰাহীত গৰম তেলত পিয়াজ ভাজি লৈ মিহিকৈ বটা নহৰু আৰু আদা খিনি  দিব , মাংস খিনি ভাঝাৰ সময়ত তিয়াই ৰখা কুজি ঠেকেৰা খিনি দি দিব। শেষত জলকীয়া অলপ দি পৰিবেশন কৰিব৷

##

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments