গাৰো পাহাৰৰ ভূপেন-বীৰ (আশিক জামান)

(ক)

ashik z

বহু দিনৰ পৰাই লিখিম বুলি ভাবি আছিলোঁ, কিন্তু ৰাইজৰ আৱেগত আকৌ আঘাত লাগে নেকি বুলি লিখা নাছিলোঁ। ভূপেনদাৰ মৃত্যুৰ সময়ত মই গুৱাহাটীত নাছিলোঁ, মেঘালয়ৰ গাৰো পাহাৰত আছিলোঁ। টিভিত বাতৰিটো প্ৰচাৰিত হোৱাৰ সময়ত আব্বাৰ লগত বহি আছিলোঁ, আমাৰ আব্বা ভূপেনদাৰ এজন ডাঙৰ গুণগ্ৰাহী বুলি ক’লে কেৱল এটা aspectহে কোৱা হ’ব; আচলতে আব্বা আমাৰ গাঁৱত এজন গায়ক হিচাপেও অলপ জনাজাত। গুৱাহাটীত কলেজ পঢ়োঁতে মানুহে মৰমত জুনিয়ৰ ভুপেন বুলিও মাতিছিল বুলি কেতিয়াবা আব্বাই আমাৰ আগত boast কৰি ভাল পায়। কিন্তু তেখেতৰ এই জুনিয়ৰ ভূপেন উপাধিৰ মূল প্ৰতিদ্বন্দ্বী আছিল আমাৰ এজন মামা। তেখেতে সেই অঞ্চলত এজন গায়ক হিচাপে বিখ্যাত আৰু তেখেত কেৱল মাত্ৰ ভূপেন দাৰ গানেই গায় আৰু অবিকল ভুপেনদাৰ ষ্টাইলত। দুই প্ৰতিদ্বন্দ্বীৰ মাজত ’জুনিয়ৰ ভূপেন’ উপাধিক লৈ চলা শীতল যুদ্ধই প্ৰায়ে উগ্ৰ ৰূপ ধৰে আৰু তেতিয়া অবধাৰিত ভাবে দুয়োজনৰ মাজত ভুপেনদাৰ গীতেৰে খণ্ডযুদ্ধ আৰম্ভ হয়, কেতিয়াবা ৰাতি পুৱাই যায়। আমাৰ নিচিনা সাধাৰণ পদাতিক সৈন্য সেই যুদ্ধৰ দমামাৰ মাজতে টোপনিত লালকাল দিওঁ, কিন্তু দুই ভূপেনবীৰক কোনেও নিৰস্ত্ৰ কৰিব নোৱাৰে, শেষত কাহিলিপুৱাত মাৰ মধ্যস্থতাৰ ফলত সাময়িক যুদ্ধ-বিৰতি ঘোষণা কৰা হয় আকৌ মুখামুখি হোৱাৰ প্ৰতিশ্ৰুতিৰে। মুঠতে, নিজৰ অজানিতে ভূপেনদা আমাৰ জীৱনৰ এটা অংশ হৈ আছে, যদিও এই কথা স্বীকাৰ কৰোঁ যে মোৰ পিতৃ বা মামাৰ নিচিনা ভূপেনপ্ৰীতি মোৰ নাই। সেই ভূপেনদাৰ মৃত্যু সংবাদ যেতিয়া প্ৰচাৰিত হ’ল তেতিয়া এনেকুৱা লাগিছিল যেন কোনোবা এজন যাক সদায় লগ পাই থাকোঁ, তেনেকুৱা এজন চিনাকী মানুহৰ বিয়োগৰ সংবাদহে প্ৰচাৰিত হৈছে। আব্বাৰ সেমেকা চকুৰ বাষ্পায়িত চশমা এতিয়াও মনত পৰিলে বেয়া লাগে। পিছত গুৱাহাটী আহি এদিন সম্ভ্ৰান্ত এঘৰত মানুহ এজনে ভূপেনদাৰ মৃত্যুৰ সময়ত টিভি কেমেৰাৰ আগত ’chance’ পাই কেনেকৈ কান্দি দেখুৱাইছে তাৰ বাহাদুৰিৰ বৰ্ণনা শুনি তবধ মানিছিলোঁ।

(খ)

ashik zz

ভূপেনদাৰ মৃত্যুৰ সময়ত মোৰ চাকৰি নগাঁৱত। প্ৰায় প্ৰতি শনিবাৰ সন্ধিয়া গুৱাহাটীলৈ আহোঁ, জালুকবাৰীত ঘৰ। লগ-বন্ধুৰ লগত আড্ডা মাৰি জালুকবাৰী পাওঁতে ৰাতি ১২ টা মান বাজে। শীতৰ সেমেকা সেই মাজ ৰাতিও ভূপেনদাৰ সমাধিত বহু গুণগ্ৰাহীৰ ভীৰ পাওঁ, গাড়ী পাৰ্কিঙৰ ঠাই নাপাই দুবাৰ মান যাম বুলিও যাব পৰা নাই। প্ৰতিদিনে বাতৰি কাকতত দীঘল দীঘল আলোচনা-সমালোচনা, ভূপেনদাৰ নিত্য-নতুন মূল্যায়ন। কেতিয়াবা খং উঠিছিল এইটো ভাবি যে, মানুহজন জীয়াই থাকোঁতে যদি ইয়াৰ আধা মৰম দেখুৱালাহেঁতেন, শান্তিত মানুহজন যাব পৰিলেহেঁতেন। চিমেণ্ট কোম্পানীৰ বিজ্ঞাপন বিতৰ্কৰ পিছত খাৰঘূলিত মোৰ বন্ধু আৰু ভূপেনদাৰ এজন ভাগিনিয়েকৰ ঘৰত ভূপেনদাক আৰু কল্পনা লাজমি বাইদেউক লগ পাইছিলোঁ। মৰ্মে মৰ্মে অনুভৱ কৰিছিলোঁ দুয়োজনৰ মনৰ বেথা। অসমৰ সংবাদ মাধ্যমে ভূপেনদাৰ চৰকাৰে বহন কৰা ঔষধৰ হিচাপলৈকে বিচাৰিছিল। সংবাদ মাধ্যমৰ চকুত কল্পনা লাজমি আছিল হৃদয়হীনা এক বেপাৰী- যেন শ্বাইলক, ভূপেনদাৰ বুকুৰ মাংস কাটি বেচিব!! যাহওঁক, তিনিটা শনিবাৰ এনেকুৱা ভূপেন প্ৰেমীৰ আগমনত সমাধিস্থলত আছিল এক মেলা যেন পৰিবেশ, যদিও ক্ৰমশ সেৰেঙা হৈ আহি আছিল ভীৰ। চতুৰ্থ শনিবাৰ, ৰাতি ১২.৩০ মান, সমাধিস্থলত এটাও জনপ্ৰাণী নাই। ভাবিলোঁ এয়াই সুবিধা ভূপেনদাৰ বিদেহী আত্মাক চালাম এটা জনাই আহোঁ। ড্ৰাইভাৰক গাড়ী ৰখাবলে ক’লোঁ, সিও বোলে যায়। দুয়োজনে লাহে লাহে খোজ কাঢ়ি সোমালোঁ। প্ৰথমতে এটা কথা মনলৈ আহিল, এজন চকীদাৰৰ বন্দোবস্ত কৰিব পৰা নাই নে চৰকাৰে। কিন্তু মূল সমাধিস্থললৈ গৈ খং উঠিল যেতিয়া দেখিলোঁ, যি টুকুৰা ঠাইত ভূপেনদাক দাহ কৰিছিল তাত চাৰিটা কুকুৰ শুই আছে। কুকুৰকেইটা খেদি দি, ভূপেনদাক মনে মনে ক্ষমা খুজিলোঁ অসমীয়া জাতিৰ ফুটুকাৰ ফেন যেন ভূপেন প্ৰীতিৰ বাবে। এবাৰ ভাবিছিলোঁ কুকুৰকেইটাৰ ফটো উঠাই সাংবাদিকক দিওঁ, পিছত ভাবিলোঁ কি হ’ব, দুদিন মান একেখিনি কথাকে পাগুলিয়াই ব্ৰেকিঙ নিউজ দি থাকিব। এই ঘটনাৰ কিছুদিন পিছত জালুকবাৰীৰ ঘৰ এৰিলোঁ। প্ৰায় তিনি মাহমান পিছত এদিন এয়াৰপৰ্টলৈ যাওঁতে লক্ষ্য কৰিলোঁ, আগতে ভূপেন দাৰ সমাধিস্থল বুলি যিখিনি ঠাই ঘেৰি থৈছিল তাৰ প্ৰায় এক তৃতীয়াংশ হাইৱে অথৰিটিয়ে লৈ পূৰ্ণ গতিত ৰাস্তা বন্ধাই আছে!! আচৰিত হ’লোঁ, আহত হ’লোঁ! এজন চিনাকি অফিচাৰক ফোন কৰাত গম পালোঁ বোলে, সেই মাটি গুৱাহাটী বিশ্ববিদ্যালয়ে কাহানিবাই হাইৱে অথৰিটিক বিক্ৰী কৰি থৈছে, বাঃ বাঃ ল’বলৈ ভূপেনদাৰ মৃত্যুৰ সময়ত বিশ্ববিদ্যালয় কতৃপক্ষ বিক্ৰী কৰা মাটিও দান কৰিলে! হায়ৰে অসমীয়া জাতি!

(বিদ্ৰ : এই অধমে বন্ধু-বৰ্গৰ সহায়ত মানুহে দান কৰা পুৰণা কিতাপ সংগ্ৰহৰ জৰিয়তে ’ভূপেন হাজাৰিকা মেম’ৰিয়েল ৰুৰেল লাইব্ৰেৰী’ নামৰ এক আঁচনি নিজাকে চলাই আছোঁ। প্ৰতি বছৰ এটা লাইব্ৰেৰী এখন দুৰ্গম গাঁৱত স্থাপন কৰাৰ লক্ষ্য। এতিয়ালৈ যোৱা তিনিটা বছৰত তিনিটা পুথিভঁৰাল স্থাপন কৰা হৈছে, সম্পূৰ্ণ ৰাইজৰ দান বৰঙণিৰে। এইখিনি কথা নিজৰ কাম জহাব কোৱা বুলি ভুল নুবুজে যেন! ক’লোঁ দুটা কাৰণত: প্ৰথম, ইমান সমালোচনা কৰা বাদ দি, কাম কৰিলে ইমান দিনে ভূপেন দাৰ সমাধিস্থল ধুনীয়া হৈ উঠিলহেঁতেন! দ্বিতীয়তে, আমাৰ ৰুৰেল লাইব্ৰেৰীৰ প্ৰজেক্ট মডেলটো ভাল পাই অসমৰ বাহিৰৰ বহুকেইটা এন.জি.ও লৈছে, কোনোবা ব্যক্তি যদি ভূপেনদাৰ নামত নিজৰ গাঁৱত লাইব্ৰেৰী সাজিব বিচাৰে, এই অধমক যোগাযোগ কৰিব পাৰে।)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments