গীতিকাৰ, সংগীত পৰিচালক আৰু শব্দযন্ত্ৰী ইবচন লাল বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰ-মীনাক্ষী বৰুৱা

( এই সংখ্যাৰ ’সাক্ষাৎকাৰ’ শিতানটি সজোৱা হৈছে গীতিকাৰ, সংগীত পৰিচালক আৰু শব্দযন্ত্ৰী ইবচন লাল বৰুৱাৰ সৈতে হোৱা কথোপকথনেৰে৷ তেখেতে সোঁতৰ পৰা নিলগত থাকি নীৰৱিছিন্নভাৱে অসমীয়া কলা সংস্কৃতিলৈ অনবদ্য বৰঙনি আগবঢ়াই আহিছে৷ শিল্পীগৰাকীৰ সৈতে হোৱা কথা-বাৰ্তাৰ বাণীবদ্ধ ৰূপ সাহিত্য ডট্ অৰ্গৰ পঢ়ুৱৈৰ বাবে আগবঢ়োৱা হ’ল৷ সাক্ষাৎগ্ৰহণত সম্পাদকৰ সহযোগী হিচাপে আছিল অভিনেত্ৰী অদ্ৰি হাতীবৰুৱা৷ ) – মীনাক্ষী বৰুৱা

প্ৰশ্নঃ নমস্কাৰ৷ সাহিত্যৰ ডট অৰ্গৰ ফালৰ পৰা আপোনাক স্বাগতম জনাইছোঁ৷

উত্তৰঃ ধন্যবাদ, নমস্কাৰ৷

প্ৰশ্নঃ অসমীয়া কথাছবি, এলবাম আদিৰ লগতে, হিন্দী চিনেমা, এলবাম আদিৰ বহুতো কাম আপুনি নিৰবে কৰি আহিছে৷ মই সুধিব বিচাৰিছোঁ, এই জগতখনলৈ আপুনি কেনেকৈ আহিল?

উত্তৰঃ এই জগতখনলৈ অহাৰ আৰম্ভণি হিচাপে মোৰ ঘৰখন, পৰিয়াল আৰু এই সমাজখন বুলিয়েই ক’ব লাগিব৷ পিতৃ প্ৰয়াত প্ৰসন্ন লাল বৰুৱা এগৰাকী গায়ক তথা গীতিকাৰ আছিল৷ লগতে অভিনয় কৰিছিল আৰু ছবিও আঁকিছিল৷ পৰিয়ালটোত বহুকেইগৰাকী বলিষ্ঠ অভিনেতা, নাট্যকাৰ, গায়ক, শিল্পী আছিল৷ আমাৰ ককাও এগৰাকী বলিষ্ঠ অভিনেতা আছিল৷ আমাৰ চৌপাশৰ আধা গাওঁ আধা চহৰৰ পৰিবেশটোতো সেইখিনি সময়ত গান, নাটক, সাহিত্য কলা সংস্কৃতিৰ চৰ্চাৰ পৰিবেশ এটা পাইছিলোঁ৷
সৰুতে দুই এটা কবিতা লিখিছিলোঁ, গীত এটি-দুটি সুৰ কৰি শুনাইছিলোঁ, গান গাইছিলোঁ, নাটকত অভিনয় কৰিছিলোঁ, তেতিয়া মানুহে উৎসাহিত কৰিছিল, সেই উৎসাহ খিনিয়েই হয়তো আগবাঢ়ি যাবলৈ সাহস যোগাইছিল৷ এনেকৈয়ে এই জগত খনৰ লগত জড়িত হৈ পৰিছিলোঁ৷

প্ৰশ্নঃ আপোনাৰ প্ৰথম গীতটি ঠিক কিমান মান বয়সত লিখিছিল?

উত্তৰঃ গীত বুলি ঠিক কিমান বয়সত লিখিছিলোঁ মনত নাই৷ তৃতীয় শ্ৰেণীত থাকোঁতে লিখা “বিজ্ঞানৰ অগ্ৰগতি“ নামেৰে কবিতাটো বাতৰি কাকতত প্ৰকাশ হোৱাত মই যথেষ্ট উৎফুল্ল হৈছিলোঁ আৰু মোৰ পৰিয়াল তথা শুভাকাংক্ষী সকলে যিধৰণে উৎসাহিত কৰিলে সেয়াই হয়তো এক ডাঙৰ সপোন দেখুৱাই পৰৱৰ্ত্তী সময়ত এই দিশত আগবাঢ়ি যোৱাৰ সাহস যোগালে৷

প্ৰশ্নঃ আপুনি এতিয়ালৈ কিমান এলবাম বা কথাছবিৰ কাম কৰিলে?
উত্তৰঃ সঠিক হিচাপটো এই মুহূৰ্তত কোৱা টান হব৷ কিছু লিখি থোৱা আছে৷ ১৯৯৭ চনৰ পৰাই এজন শব্দ যন্ত্ৰী হিচাপে কাম আৰম্ভ কৰি সংগীত, বোলছবি, ইত্যাদিৰ বহুকেইটা দিশৰ লগতে অসম, ভাৰতবৰ্ষৰ অন্যান্য প্ৰদেশ তথা বিদেশৰো বহুখিনি সাংস্কৃতিক কৰ্মৰ সৈতে জড়িত হৈ আহিছোঁ৷

প্ৰশ্নঃ আপুনিতো কেইবাটাও দিশত কাম কৰিছে! গীতিকাৰ হিচাপে আপোনাৰ পৰিচয় আছে, শব্দ যন্ত্ৰী হিচাপে মানুহে জানে, সংগীত পৰিচালক হিচাপেও আমি দেখিছোঁ৷ এতিয়া প্ৰশ্নটো হ’ল কোনটো পৰিচয় আপোনাৰ ভাল লাগে?

উত্তৰঃ এই ক্ষেত্ৰত মই একপক্ষীয় হব নোখোজোঁ৷ তথাপি, গীতিকাৰৰ পৰিচয়টো কিবা এটা কাৰণত অকণমান বেছি ভাল লাগে৷ কাৰণ জানো যে সংগীতৰ ক্ষেত্ৰত বিষয়-বস্তুৰ ওপৰত গীতিকাৰৰ ভাব প্ৰকাশৰ স্বাধীনতা বা দখল তুলনামূলক ভাৱে বহুত বেছি থাকে৷ গতিকে গীতিকাৰৰ পৰিচয়টো মই যথেষ্ট ভাল পাওঁ৷ কিন্তু এটা কথা মই লগে লগে ক’ব খুজিম যে সৃষ্টিশীলতা কিন্তু প্ৰতিটো দিশতে সমানেই থাকে৷ দৰ্শক-শ্ৰোতাই দৃশ্য-শ্ৰাব্য মাধ্যমত পৰিবেশন ৰত দুই এগৰাকী শিল্পীৰ হে পৰিচয় পায় কিন্তু নেপথ্যৰ সৃষ্টিশীল শিল্পী বা কলা-কুশলী সকলৰ বিষয়ে গম নাপায়৷ একো-একোটি সুন্দৰ সৃষ্টিৰ আঁৰৰ বিভিন্ন বিভাগ অথবা স্তৰত যথেষ্ট আনন্দ, উত্তেজনা, সৃষ্টিশীলতা, আমোদ, দায়িত্ব আৰু গুৰুত্ব থাকে৷

প্ৰশ্নঃ আপুনি বহু বছৰ মুম্বাইত থাকি কাম কৰি আছে আৰু এতিয়া গুৱাহাটীত থাকি কাম কৰি আছে৷ সমান্তৰাল ভাবে দুটা ভিন্ন স্তৰত ৰাষ্ট্ৰীয় আৰু স্থানীয় বা ৰাজ্যিক স্তৰত কাম কৰাৰ অভিজ্ঞতাৰ বিষয়ে অলপ কওঁকচোন৷

উত্তৰঃ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় স্তৰত কাম কৰাৰ দুয়োটাৰে ইতিবাচক আৰু নেতিবাচক দিশ থাকিলেও মই দুয়োটা দিশকে ইতিবাচক হিচাপে ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছোঁ বুলি ভাবোঁ৷ যেতিয়া ৰাজ্যিক পৰ্য্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্য্যায়লৈ যোৱা যায় তেতিয়া মানুহে প্ৰথমতে ভয় খায়৷ কাৰণ সৰু ঠাইৰ কামৰ অভিজ্ঞতাই এখন ডাঙৰ ঠাইত কি বা ৰূপ লয়! এনেকুৱা অৱস্থাত মানুহে ইতিবাচক দিশ বোৰৰ লগতে নেতিবাচক দিশ সমূহকো অধ্যয়ন কৰা উচিত৷ গুৱাহাটী বুলি কলেই অসম নহয়৷ সমগ্ৰ অসমৰ গাঁৱে ভূঞে প্ৰচলিত সাংস্কৃতিক বৈচিত্ৰ্য্যতাৰ মাজত কাম কৰাৰ সকলো অভিজ্ঞতা আৰু উপলব্ধি সমূহ যদি ৰাষ্ট্ৰীয় পৰ্য্যায়লৈ লৈ যাব পৰা যায় তেতিয়া ভয় বা হতাশ হ’বলগীয়া কথাটো নাহে৷ বৰং যথেষ্ট আত্মবিশ্বাস হে থাকে৷ আমি যেতিয়া ৰাষ্ট্ৰীয় পৰ্য্যায়লৈ কাম কৰিবলৈ যাওঁ তাত যিমানখিনি মানুহ লগ পাও তাৰে প্ৰত্যেকেই একো একোখন ৰাজ্যৰ পৰাই আহে৷ কোনোবা দাক্ষিণাত্যৰ কোনোবা পশ্চিমৰ কোনোবা উত্তৰৰ পৰাই আহিব৷ আৰু প্ৰত্যেকৰ অভিজ্ঞতাই কিছু ইতিবাচক আৰু কিছু নেতিবাচক দিশ কঢ়িয়াবই৷ নেতিবাচক দিশটো সেইটোৱেই যে ৰাষ্ট্ৰীয় পৰ্য্যায়ত গোটেই ৰাষ্ট্ৰৰ শ্ৰোতা বা দৰ্শকৰ সমাদৰ লাভ কৰিব পৰা ধৰণৰ কাম কৰাত কাৰোবাৰ ৰাজ্যিক পৰ্য্যায়ত কাম কৰাৰ অভিজ্ঞতাই কিমান দুৰলৈ আত্মবিশ্বাস যোগাব, এই বিষয়ে সন্দেহ বা ভয়৷ কিন্তু বাস্তৱত সৃষ্টিশীলতাক সততা আৰু সাহসেহে আগুৱাই নিয়ে৷ বহুতো গুণী শিল্পী, কলা-কুশলীয়ে একো-একোখন ৰাজ্য বা অঞ্চলৰ পৰাই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত যথেষ্ট উন্নত মানদণ্ডৰ কামৰ অৰিহণা যোগাই আহিছে৷ দৰাচলতে নিজৰ আত্মবিশ্বাস আৰু অধ্যয়ন তথা সাধনাহে আচল কথা৷

প্ৰশ্নঃ অসমত জন্ম গ্ৰহণ কৰা শিল্পী হিচাপে আপুনি কিবা অসুবিধাৰ সন্মুখীন হৈছিল নেকি? বা অসুবিধা বা সুবিধা বিশেষ কিবা পাইছিল নেকি?

উত্তৰঃ বৰ প্ৰয়োজনীয় প্ৰশ্ন এইটো৷ দুই এটা নেতিবাচক দিশ নোহোৱা নহয়৷ কিন্তু আমি ইতিবাচক দিশটোকেই গুৰুত্ব দিব লাগিব৷ আজিৰ তাৰিখত যদি চোৱা যায় অসমীয়া শিল্পী, কলা-কুশলী সকলে মুম্বাই বা দেশৰ আন অঞ্চল বোৰতো যথেষ্ট সমাদৰ লাভ কৰিছে, কিন্তু কিয়? এইটো কিন্তু অধ্যয়ন কৰিবলগীয়া বিষয়৷ অসমৰ মানুহৰ যি ধৰণৰ সামাজিক আচৰণ, ব্যৱহাৰ-পাতি আৰু অসমৰ সামাজিক বা সাংস্কৃতিক বৈচিত্ৰ্য্যতা, আৰু এই অভিজ্ঞতাৰে পুষ্ট এগৰাকী শিল্পীৰ সাংস্কৃতিক বিষয় এটা বুজাৰ বা বিষয়বস্তুৰ লগত অন্তৰংগ হোৱাৰ যিটো মানসিকতা সেইটো ৰাজ্যিক পৰ্য্যায়তেই এক পৰিপক্বতা লাভ কৰে৷ উদাহৰণ স্বৰূপে এগৰাকী শিল্পীয়ে যদি নামনি অসমত গোৱালপাৰা, ধুবুৰী, কোকোৰাঝাৰ, নলবাৰী, বৰপেটা নাইবা কামৰূপত কাম কৰি আছে লগতে তেওঁ কিন্তু উজনি অসমৰ লক্ষ্মীমপুৰ, ধেমাজী, যোৰহাট, গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড় আদি ঠাইৰ মানুহৰ বা সাংস্কৃতিক জগতখনৰ লগত কাম কৰাৰ সোৱাদটো লৈ থোৱা আছে তেন্তে তেওঁ অসমৰ বাহিৰৰ মুম্বাই, দিল্লী, বাংগালোৰ, কলিকতা আদি ভিন্ন সাংস্কৃতিক সমাজৰ মানুহৰ লগত কাম কৰিবলৈ অসুবিধা নহয়৷ নেতিবাচক কথা বুলি কলে এটাই কথা হব যে সংগীত বা যিকোনো কলাক বৃত্তি হিচাপে লৈ কাম কৰোঁতে পেচাদাৰী মনোভাৱ আৰু দায়িত্ববোধ বজাই ৰখাৰ বিষয়ে এখন বৃহত্তৰ কৰ্মক্ষেত্ৰত শিকিবৰ সমল যথেষ্ট বেছি থাকে৷
অৱশ্যে অসমৰ গাওঁ বা সৰু চহৰৰ পৰা অহা কলা-কুশলীয়ে গুৱাহাটীৰ নিচিনা কেন্দ্ৰীয় ঠাই এখনত পেচাদাৰী গোট এটাৰ লগত কাম কৰাৰ পৰিৱেশ বা অভিজ্ঞতাৰ যেনে এক ব্যতিক্ৰম হ’ব তেনেদৰে ৰাজ্যিক পৰ্য্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্য্যায়লৈ গলেও তেনেকুৱা এক ব্যতিক্ৰমী পৰিৱেশ বা অভিজ্ঞতা লাভ কৰিব৷ আকৌ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰপৰা আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়লৈ গলেও ব্যতিক্ৰমী পৰিৱেশ বা অভিজ্ঞতাৰেই সন্মুখীন হ’ব৷

প্ৰশ্নঃ আপুনি এতিয়ালৈ বহুতো গীত ৰচনা কৰিলে৷ এই গীত সমূহৰ জৰিয়তে শ্ৰোতাক কেনে ধৰণৰ বাৰ্তা দিব বিচাৰে?

উত্তৰঃ প্ৰথম কথা হৈছে বাৰ্তা এক ধৰণৰ নহয়৷ গীতবোৰ কেতিয়াবা ব্যক্তিগত অনুভূতিৰ তাগিদাত হয়৷ কেতিয়াবা বিশেষকৈ বোলছবিৰ ক্ষেত্ৰত বিষয় বা কাহিনী অনুসৰি ৰচিব লগা হয়৷ যেতিয়া স্বাধীন ভাৱে নিজাকৈ গীত সৃষ্টি কৰা যায় তেতিয়া মই নিজৰ মাজত সোমাই থকা সত্ত্বাটোক সততাৰে উলিয়াই আনিব খোজোঁ৷ যদি মোক এগৰাকী নিৰ্যাতিতা(? ) নাৰীক বিষয় বস্তু হিচাপে লৈ গান ৰচিব দিয়ে তেতিয়া কিছুমান শব্দ গোটাই লৈ নিৰ্যাতিতা(? ) নাৰীৰ ওপৰত গীত লিখাতকৈ নিৰ্যাতনৰ অনুভৱখিনি উপলব্ধি কৰি লৈ হে লিখাটো পচণ্ড কৰো৷ অন্তৰাত্মাৰ উপলব্ধিখিনি ফুটাই তুলিব পাৰিলেহে এটি সফল গীত হব বুলি ভাবোঁ৷

প্ৰশ্নঃ আপুনি দ্বীপৰ বিলক লৈ লিখা এটি গীতে যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল৷ সেই গীতটিৰ বিষয়ে অলপ কওকচোন৷

উত্তৰঃ সেই গীতটি প্ৰকৃততে এটি মাধ্যম বুলি ধৰি লৈছোঁ, গোটেই পৃথিৱীখনৰ পৰিৱেশ সংৰক্ষণৰ বিষয়ে সজাগতা অনাৰ অৰ্থে৷
দ্বীপৰ বিলৰ পাৰতেই মোৰ জন্ম আৰু ইয়াৰ বতাহ পানী সেৱন কৰিয়ে আমি ডাঙৰ হৈছোঁ৷ ঠিক মোৰ ঘৰৰ পিচফালৰ পৰা হয়তো আধা কিলোমিটাৰ পোনাই দিলে আমি দ্বীপৰ বিলখন পাম৷ দ্বীপৰ বিলত হাতী, চৰাই আৰু অন্য বনৰীয়া জীৱ-জন্তুৱে একেলগে পানী খোৱা কাহিনী শুনি আমি ডাঙৰ হৈছোঁ৷ আৰু যিমানেই ডাঙৰ হৈ আহিলোঁ, পিচত গম পালো যে দ্বীপৰ বিলৰ প্ৰাকৃতিক পৰিবেশ জীৱ-জগতৰ বাবে অত্যন্ত প্ৰয়োজনীয়৷ ইয়াক ধ্বংস কৰিব নালাগে৷ ১৯৯১ চন মানত বাতৰি কাকতত পঢ়িবলৈ পাইছিলোঁ যে দ্বীপৰ বিলৰ ওপৰেৰে এটা ৰে’ল লাইন কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিছে৷ মই তেতিয়া দশম মান শ্ৰেণীৰ ছাত্ৰ৷ ইতিমধ্যে দ্বীপৰ বিলখনত দেশী বিদেশী চৰাইৰ বসতি স্থল হোৱা বাবে পক্ষী অভয়াৰণ্য বুলি ঘোষণা কৰা হৈছে৷ তেনে স্থলত ইয়াৰ মাজেৰে ৰে’ল কেনেদৰে পাৰ হৈ যাব পাৰে? এই বিষয়টো কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ নাইবা জাতীয়তাবাদী সংগঠন কেনেও ভাবি নাচালে৷ দুই এটা সংগঠনে অলপ মাত মাতিলেও সেই ধ্বংস কাৰ্য্য ৰখাবলৈ কোনো আন্দোলন গঢ়ি উঠা নেদেখিলোঁ৷ মই সৰু আছিলোঁ যদিও এক অসহায় বোধ কৰিছিলোঁ৷ পিচলৈ কৰ্মসূত্ৰে মূম্বাই চহৰত ব্যস্ত হৈ পৰিলোঁ৷ সেই সময়ত ৰাতি অসমৰ বতৰা ল’বলৈ টিভি চলাওতে প্ৰায় ২০০৪, ২০০৫ চন মানত বাতৰিত দেখিবলৈ পাওঁ যে ৰে’লৰ খুন্দাত দ্বীপৰ বিলত বহু কেইটা হাতীৰ মৃত্যু হৈছে৷ তেতিয়া বহু আবেগিক হৈ পৰিছিলোঁ৷ অনুভৱ কৰিছিলোঁ যে দ্বীপৰ বিলৰ মাজেৰে যোৱা ৰে’লৰ আলিটো কিমান ভয়ানক হব পাৰে! মোৰ কৈশোৰৰ আশংকাই দেখোন এতিয়া সংহাৰি বাস্তৱত ৰূপায়িত হব ধৰিছে৷ আজি যুগ যুগৰ পৰা হাতীকে আদি কৰি অনেক বন্য জন্তু দ্বীপৰ বিলখনত পানী খাবলৈ আহে৷ মানুহৰ কি অধিকাৰ আছে আন জীৱক নিজৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ? ইতিমধ্যে পৃথিৱীখন মানুহে দখল কৰি লৈছেই৷ কিন্তু পৃথিৱীখন কেৱল মানুহৰেই নেকি? সেইটো কেতিয়াও হব নোৱাৰে৷ এইবোৰ কথা মোৰ মনলৈ বাৰে বাৰে আহিছিল৷ ইঞ্জিনিয়াৰিং কলেজৰ পিচৰ পৰা গোটেই দ্বীপৰ বিলখন যেন পিঠা এখন কটাৰ দৰে ৰে’ল আলিটোৱে দুছোৱা কৰি দিছে৷ আজিও বন্য জন্তুৱে পানী খাবলৈ আহে সেয়াও যেন মানুহে অনুগ্ৰহ কৰাৰ বাবেহে তেনে জীৱই খোৱা পানীটুপি পাইছে৷ ঠিক তেনেকুৱা এটা পৰিৱেশে মোৰ মনত এক ক্ষোভৰ জন্ম দিছিল৷ সেই সময়ত মোৰ ধাৰণা বা প্ৰশ্ন আছিল যে ৰে’ল আলিটো পাণ্ডু-পলাশবাৰীৰ হৈ ব্ৰহ্মপুত্ৰৰ কাষেৰে কিয় নিব নোৱাৰি? কোৱা হৈছিল বানপানীৰ বাবে সেইটো সম্ভৱ নহয়৷ অথচ আজি একেই পলাশবাৰী হৈ প্ৰকাণ্ড নতুন আলিবাট গঢ়ি উঠিল বাণিজ্যিক মুণাফাৰ বাবে৷ কিন্তু তাহানিতেই মুখ্য আলিবাটৰ লগে লগে মথাউৰি আৰু ৰে’ল আলিটো সেইপিনেই হোৱাহেঁতেন সেই বৃহত্তৰ অঞ্চলটোও বানপানীৰ কবলৰ পৰা কিছু ৰক্ষা পৰিলহেতেন৷ আৰু দ্বীপৰ বিলখনো সংৰক্ষণৰ লগতে এক উন্নত পৰ্য্যটন স্থলী হ’লহেঁতেন৷

প্ৰশ্নঃ আপুনি লিখা গীতটিত কোনে কণ্ঠদান কৰিছিল আৰু কোন চনত ৰচনা কৰিছিল?

উত্তৰঃ কণ্ঠদান ময়েই কৰিছিলোঁ৷ সুৰ আৰু কথা একে সময়তে কৰা৷ অসমৰ সাংস্কৃতিক জগতখনত ইমান বোৰ কলা কুশলী আৰু সমাজকৰ্মীৰে ভৰপুৰ হৈ থকা সত্ত্বেও কোনোৱে দ্বীপৰ বিলখনৰ হৈ মাত দিয়া বা এনেকুৱা কিবা এটা কৰা নেদেখিলোঁ৷ মই ভাবিছিলোঁ কোনোবাই কিবা কৰিব৷ কিন্তু কোনেও একো নকৰা দেখি, বহুত বছৰৰ মূৰত 2006 চনতে ৰচা গীতটি প্ৰায় 2013 চনত মই নিজেই গাই দুজনমান বন্ধুক শুনালোঁ৷ মোৰ এগৰাকী ভাইটি অমিয় ৰঞ্জণ দাস আৰু কিছু সচেতন ব্যক্তিৰ সহায়ত ভিডিঅ এটা তৈয়াৰ কৰিলোঁ৷ শেষত মই আটাইৰে শ্ৰদ্ধাৰ নমস্য ব্যক্তি ড০ দিলীপ ৰঞ্জন দত্তক গীতটি শুনাবলৈ আৰু দেখুৱাবলৈ সক্ষম হৈছিলোঁ মোৰ বন্ধু জয় বৰুৱাৰ ঘৰত৷ জয় বৰুৱা আৰু বাইদেউ ৰূপা বৰুৱা লগতে ড০ দিলীপ ৰঞ্জন দত্ত ডাঙৰীয়াই যথেষ্ট উৎসাহ দিছিল৷ তেওঁলোকে কৈছিল, “যিকোনো সাংস্কৃতিক কৰ্মীয়ে এইখিনি সময়ত এইটো কামেই কৰিব লাগে৷ গতিকে তুমি আটাইতকৈ ভাল কামটো কৰি আছা৷ এই গীতটি তুমি কৰা আৰু তুমি নিজেই গোৱা৷ “

প্ৰশ্নঃ এইক্ষেত্ৰত বিলখনৰ প্ৰাকৃতিক পৰিৱেশ আৰু সম্পদ সংৰক্ষণৰ হেতু ৰাইজে নিজেই পদক্ষেপ লোৱা উচিত বুলি ভাৱে, নহয় জানো?

উত্তৰঃ নিশ্চয়৷ মোৰ এই গীতটি আমেৰিকাৰ নিউয়ৰ্কৰ বাসিন্দা ৰণ্ চেন্দলাৰ নামৰ এজন হাতী সংৰক্ষণৰ লগত জড়িত ব্যক্তি আৰু তেওঁৰ সংস্থা চি.আই.এফ.এ.ই. য়ে আমেৰিকাৰ বিভিন্ন ঠাইত প্ৰদৰ্শন কৰিছে আৰু দ্বীপৰ বিলত হাতীক সুৰক্ষা দিবৰ বাবে এতিয়াও চেষ্টা চলাই আছে৷ অথচ ইয়াত আমি সকলোৱে ওলোটাটোহে কৰি আছোঁ৷ গুৱাহাটীৰ সকলো আৱৰ্জনা দমাই বিলখনৰ পৰিৱেশৰ ভাৰসাম্য বিনষ্ট কৰি পেলাইছোঁ৷ আচৰিত ভাবে চৰকাৰ, বিষয়া আৰু আমি জনসাধাৰণ, সকলোৱে যেন দায়িত্ব পাহৰি গৈছোঁ৷ এতিয়াও আশাপ্ৰদ কিবা এটা হব বুলি মনে নধৰে৷
প্ৰশ্নঃ গীতটি অকণমান গুণগুণাই দিব নেকি?
উত্তৰঃ (হাঁহি) দীপৰ বিলৰ পাৰে পাৰে
ৰেল চলে ৰেল চলে
জাকে জাকে চৰাই উৰে
চৰাই জাকো উৰা মাৰে
উৰা মা..ৰে…
প্ৰশ্নঃ সুন্দৰ! বাৰু, আন এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ৷ শেহতীয়াকৈ “নদী মাথোঁঁ বয়“ কথাছবিৰ বাবে আপোনাক অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা 2018ৰ ড° নিৰ্মলপ্ৰভা বৰদলৈ বঁটাটি শ্ৰেষ্ঠ গীতিকাৰ হিচাপে প্ৰদান কৰা হৈছে৷ এই গীতটিৰ বিষয়ে অলপ জানিব বিচাৰিছোঁ৷

উত্তৰঃ মই সমান্তৰালভাৱে বহু কেইখন চলচ্চিত্ৰৰ লগত জড়িত হৈ আছোঁ৷ চৰাই চাপৰি নামেৰে এটা যুৱ সাংস্কৃতিক গোটে সাংস্কৃতিৰ অন্বেষণৰ ওপৰত এখন চিনেমা প্ৰযোজনা কৰি উলিয়াইছে৷ বোলছবি খনৰ সংগীত পৰিচালক সৌৰভ মহন্তৰ লগত মোৰ বহুদিনৰ ভাতৃসুলভ সম্বন্ধ৷ তেওঁ মোক অনুৰোধ কৰিলে যে তেওঁলোকে এখন চিনেমা কৰি আছে, তাৰ বাবে গীত এটি লিখি দিব লাগে৷ লগতে ইয়াকো জনালে তেওঁলোকৰ কিছু অৰ্থ অভাবো আছে৷ কাৰণ ভাল প্ৰতিপত্তিশীল প্ৰযোজক নাই৷ তেতিয়া তেওঁলোকক বোলছবি খনৰ কাহিনী, কেনেকুৱা পৰিপ্ৰেক্ষিতত গানটো হব লাগে, কোনে গাব ইত্যাদি বোৰ সুধিলোঁ৷ যুৱ পৰিচালক ঝুলন কৃষ্ণ মহন্তই পৰিচালনা কৰা ছবিখনৰ কাহিনী ভাগ মোৰ বৰ পচণ্ড হ’ল৷ তেওঁলোকে ব্ৰহ্মপুত্ৰক সাঙুৰি গোটেই অসমখনৰেই এক সাংস্কৃতিক যাত্ৰা হিচাপে প্ৰকাশ কৰাৰ প্ৰয়াস কৰিছিল৷ ময়ো সঁহাৰি দি গীত এটি লিখিলোঁ
“কাগজতে অঁকা য’ত সীমা ৰেখা,
নাম থলো আমি তাৰ মানচিত্ৰ
মানুহেৰে ভৰা, একেখনি ধৰা
মানৱতা এৰি আমি কাৰ মিত্ৰ৷ “
বৰ অন্তৰ্স্পৰ্শীকৈ কণ্ঠদান কৰিলে এতিয়াৰ আটাইৰে সমাদৃত কণ্ঠশিল্পী, বন্ধু অংগৰাগ পাপন মহন্তই৷

প্ৰশ্নঃ হয়, গীতটি বৰ হৃদয়স্পৰ্শী৷ এইবাৰ আমি জানিব বিচাৰিছোঁ অসমৰ সাংস্কৃতিক জগতৰ ভৱিষ্যত সম্পৰ্কে আপোনাৰ কি ধাৰণা?

উত্তৰঃ প্ৰথম কথা অসমৰ সাংস্কৃতিক জগত বুলি কোৱাৰ লগে লগে আমি অসমীয়া শব্দটোৰ পিনেহে দৃষ্টি নিক্ষেপ কৰিব লাগিব৷ ভৱিষ্যত সম্পৰ্কে ক’বলৈ হ’লে “অসমীয়া“ শব্দটোৰ ভৱিষ্যতটো চাব লাগিব তাৰ পাচত অসমৰ সাংস্কৃতিক ভৱিষ্যতৰ কথাও আহিব৷ এইখিনি সময়লৈকে মই বৰ এটা আশাবাদী নহয়৷ মোৰ এনেকুৱা ধাৰণা হয় যে যদিহে এই মুহূৰ্ত্তত এক সাংস্কৃতিক বা ভাষিক জনজাগৰণৰ সৃষ্টি নহয় তেতিয়াহ’লে অসমীয়া সংস্কৃতি দূৰৈৰ কথা অসমীয়া জাতিটোৰে অস্তিত্ব নোহোৱা হৈ যোৱাটো খাটাং৷ কাৰণ প্ৰথম আমি ভৰিৰে ঠেলি দিছোঁ অসমীয়া ভাষাটোক৷ আজি বিগত ২০ /২৫ বছৰৰ পৰা অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লেখ ডাল যি ধৰণে নিম্নগামী হৈছে এইটো খুবেই ভয়ানক৷ এই বিষয়ত মই এজন বিজ্ঞ গৱেষক নহয়৷ কিন্তু ধুবুৰীৰ পৰা শদিয়ালৈ অসমৰ উঠি অহা চামৰ লগত বিভিন্ন বিষয়ৰ ওপৰত হোৱা কথা বতৰাৰ অভিজ্ঞতাৰ পৰাই কওঁ যে অসমৰ দুই এটা সংস্কৃতি সম্পন্ন অঞ্চলৰ বাদে বেছিভাগ ছাত্ৰ-ছাত্ৰীকেই অসমীয়া ভাষা, সংস্কৃতি আৰু ঐতিহ্যৰ অধ্যয়ন বা সংস্পৰ্শৰ পৰা সমুলি আঁতৰাই ৰখা হৈছে৷ ইয়াৰ পৰিণতি নিঃসন্দেহে ভয়াবহ৷ বিশ্বৰ সকলো দেশৰে সৎ আৰু সাহসী যুৱচামৰ সাধাৰণতে নিজৰ জাতি, ভাষা আৰু ঠাইখনৰ বাবে কিবা এটা কৰাৰ মানসিকতা থাকে৷ অসমৰ ক্ষেত্ৰত অলপ ব্যতিক্ৰম দেখিলোঁ৷ বৃত্তিমুখী শিক্ষাৰ তাড়নাত কেৱল এক ডিগ্ৰীধাৰী প্ৰফেছনেল হোৱাৰ ধাৰা এটা সৃষ্টি হোৱাৰ ফলত নিজৰ অস্তিত্ব হেৰুৱাৰ যে অৱস্থা আহি পৰিছে তাৰ চেতনা বোধ এতিয়াও অহা নাই৷ এইটো এটা ডাঙৰ চিন্তা কৰিবলগীয়া কথা৷ আজি বিশ্বায়নৰ যুগত ছাত্ৰ ছাত্ৰী সকলে বিভিন্ন বিষয়ৰ লগত জড়িত হব পাৰে৷ কিন্তু আমাৰ ভৱিষ্যত প্ৰজন্মক ইতিমধ্যেই আমি নিজৰ ঐতিহ্য আৰু অস্তিত্বৰ পৰা বিচ্ছিন্ন হ’বলৈ এৰি দিছোঁ৷
মন্তব্য নিস্প্ৰয়োজন, অসমীয়া মাধ্যমৰ শিক্ষাৰ ’বাধ্যতামূলক’ প্ৰৱৰ্ত্তনৰ বাহিৰে, “অসমীয়া“ৰ অস্তিত্বও নাথাকিব, গত্যন্তৰো নাই৷

প্ৰশ্নঃ হয়, আজিৰ চামৰ বহুতেই বিষ্ণু ৰাভা কোন নাজানে, বহুতেই জ্যোতিপ্ৰসাদ আগৰৱালা কোন নাজানে৷

উত্তৰঃ হয় নাজানে! আৰু দুৰ্ভগীয়াৰ দৰে তেওঁলোক বঞ্চিত হ’বলগীয়া হৈছে অসমৰ চহকী সাংস্কৃতিক, সামাজিক ঐতিহ্য সম্পৰ্কে থাকিব লগা ন্যূনতম জ্ঞানৰ পৰা৷ আৰু মহান মণিষী সকলৰ সমৃদ্ধিশালী সৃষ্টিৰাজিক লৈ গৌৰৱ কৰাৰ পৰা, সেই সমূহ জ্ঞানৰ অধ্যয়নেৰে পুষ্ট হোৱাৰ পৰা…

প্ৰশ্নঃ আপুনি যথেষ্ট ক্ষোভিত হৈ পৰিছে৷ বাৰু, আন এটা প্ৰসংগলৈ আহোঁ৷ আপোনৰ যিবোৰ গীত, সেই গীত সমূহে, আমি দেখিছোঁ এটা ব্যতিক্ৰমী বাৰ্তা বহন কৰে৷ যিহেতু আপুনি সংস্কৃতিৰ জগতত কাম কৰিয়ে জীৱিকা নিৰ্বাহ কৰে; এইদৰে সোঁতৰ সৈতে নগৈ ব্যতিক্ৰমী ভাবে বা নিজৰ মনে বিচৰা বা বিবেকে বিচৰা ধৰণৰ কাম কৰাটো কিমান ডাঙৰ প্ৰত্যাহ্বান?

উত্তৰঃ এটা ভাল তাৎপৰ্যপূৰ্ণ কথা সুধিলে৷ প্ৰায়ে মোৰ কিছুমান বন্ধু, অগ্ৰজ বা অনুজ সকলে কয় “ আমি যদি ব্যতিক্ৰমী কাম বেছি কৰিব যাওঁ, আমি হয়তো নিজৰ কৰ্ম বা জীৱিকাৰ পৰাই আঁতৰিব লাগিব৷ “ কিন্তু মোৰ বিশ্বাস এয়াই যে কলা-সংস্কৃতিৰ এই সৃষ্টিশীল কৰ্মৰাজি বোৰ হল এক ব্যতিক্ৰমী চিন্তাৰেই ফলশ্ৰুতি৷ কলাৰ সৃষ্টি তেতিয়া হয় যেতিয়া শিল্পী সুলভ দৃষ্টি ভংগী মানুহৰ মনত জাগ্ৰত হয় আৰু ব্যতিক্ৰমী পৰ্য্যবেক্ষণেহে কোনো দৃষ্টিভংগীক এক শিল্পী সুলভ মাত্ৰা দিব পাৰে৷ ধৰি লওক এই টেবুল খনৰ ওপৰত এটা পাত্ৰ বা কাপ এটা থৈ দিয়া আছে৷ সাধাৰণ দৃষ্টিভংগীত এইটো এটা কাপ বা পাত্ৰ৷ ইয়াত নতুনত্ব একো নাই৷ কিন্তু এগৰাকীৰ শিল্পী বা সৃষ্টিশীল ব্যক্তিয়ে পোহৰৰ কাৰণেই হওক বা পাত্ৰটোৰ আকৃতিৰ বাবেই হওক তাত এক নান্দনিক সৌন্দৰ্য্য বিচাৰি পাব পাৰে আৰু সেই সৌন্দৰ্য্যখিনি ৰং-তুলিকাৰে কাগজত ফুটাই তুলিব পাৰে৷ এই গোটেই পৰিঘটনাটোৱেই এটা ব্যতিক্ৰম৷ এই ব্যতিক্ৰমী চিন্তাৰ পৰাই কলাৰ সৃষ্টি হয় আৰু কালক্ৰমত গীতিকাৰ, নাট্যকাৰ, সুৰকাৰ হিচাপে সমাজত কাৰোবাক প্ৰতিষ্ঠা লাভ কৰোৱায়৷ যেতিয়া জীৱিকা নিৰ্বাহৰ বাবে এনেকুৱা কাম কৰিব লগীয়া হয় তেতিয়া আমি বহু ক্ষেত্ৰত এৰা ধৰা কৰিবলগীয়া হয়৷ অৰ্থাৎ মনে নিবিচৰা কামো কৰিবলগীয়াত পৰোঁ৷ যেতিয়া শব্দ যন্ত্ৰী হিচাপে কাম কৰোঁ তেতিয়া মিশ্ৰণ কৰিবলগীয়া গান, সুৰ, শব্দ আদি মোৰ পচন্দ মতে, মোৰ মনঃপুত নহ’বও পাৰে, তথাপিও মই জীৱিকাৰ খাতিৰত কৰিব লাগে৷ কিন্তু যেতিয়া মোৰ স্বাধীনতা থাকে তেতিয়া মোৰ মন মগজুৰ পৰা সততাৰে ওলাই অহা সৃষ্টিশীল ৰচনাহে আগবঢ়াই দিম৷ সেই ক্ষেত্ৰত মই কোনো ধৰণৰ এৰা-ধৰা বা বুজা-পৰালৈ আহিব নুখুজিম৷ এইটো অৱশ্যে নিৰ্ভৰ কৰিব মোক গীত এটি ৰচনা কৰাৰ বাবে কিমান স্বাধীনতা দিব৷

প্ৰশ্নঃ এতিয়া দেখিছোঁ উঠি অহা প্ৰজন্মৰ কোনো কোনোৱে হঠাৎ জনপ্ৰিয়তা বিচাৰি কিছুমান বৰ তৰল মানদণ্ডৰ গীত ৰচনা কৰিবলৈ লৈছে৷ কিন্তু তাৰ মাজতো কিছুমান আপোচ বিহীন শিল্পী আছে৷ এতিয়া উঠি অহা প্ৰজন্মৰ কোনোবাই যদি এই ক্ষেত্ৰ খনক পেচা হিচাপে ল’ব খোজে, তেওঁ কেনেকৈ আগবঢ়া উচিত বুলি আপুনি ভাবে?

উত্তৰঃ বহুতো উঠি অহা প্ৰতিভাশালী যুৱক যুৱতী বা উঠি অহা লৰা ছোৱালী বা অভিভাৱক মোৰ ওচৰলৈ এনেকুৱা এটা প্ৰশ্ন লৈ আহে৷ মই ইতিমধ্যে আগৰ প্ৰশ্নৰ উত্তৰত কৈয়েই গৈছোঁ যে এই ধৰণৰ কৰ্মৰ ক্ষেত্ৰত, ব্যবসায়িক দিশৰ পৰা চালে আজিকালি আগতকৈ বহুত উন্নত হল বুলি ক’ব পাৰি৷ যদিও কিছুমান আসোঁৱাহ আছে যেনে অসমীয়া বোলছবিৰ প্ৰদৰ্শনৰ বাবে চিনেমা হলৰ অভাৱ, গীত-মাতৰ সংকলনৰ ক্ৰয়-বিক্ৰয়ৰ বিশ্বজনীন সংকট, ইত্যাদি৷ বৰ্তমান সময়খিনি দুটা যুগৰ সন্ধিক্ষণো হব পাৰে, হয়তো আকৌ নতুন কিবা মাধ্যম আহিবও পাৰে যিয়ে শিল্পকলাৰ মাধ্যমৰ বাণিজ্যিক সফলতাৰ দুৱাৰ খুলিব৷ কিন্তু এটা কথা মনত ৰখা ভাল, কলা সংস্কৃতিৰ বৃত্তিটো আন ব্যৱসায় বা বৃত্তিৰ নিচিনা বুলি ধৰি ল’লে ভুল হব৷ চাব গলে নিশ্চয়তা ক’তোৱেই নাই৷ এই ক্ষেত্ৰত নিজৰ সাহস, অধ্যয়ন, ধৈৰ্য্য আৰু আত্মবিশ্বাসৰ খুবেই প্ৰয়োজন৷ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ পৰা আৰম্ভ কৰি বিষ্ণু প্ৰসাদ ৰাভা, জ্যোতি প্ৰসাদ আগৰৱালা, ড° ভূপেন হাজৰিকাকে আদি কৰি আমাৰ সাংস্কৃতিক জগত খনৰ বাটকটীয়াসকলৰ প্ৰায় সকলেই এই পাৰ্থিৱ চিন্তাৰ উৰ্ধত আছিল৷ সাংস্কৃতিক-সামাজিক কৰ্ম ক্ষেত্ৰ খনক সাধনাৰ থলী হিচাপে লৈছিল৷ বিষ্ণু ৰাভাই তেওঁৰ বহুতো সম্পদ দান কৰি দিছিল ৰাইজৰ নামত৷ আনকি মৃত্যুৰ আগে আগে চিকিৎসাৰ বাবেও হাতত ধন নাছিল৷ এই ধৰণৰ কলাৰ সাধক সকলৰ কথা সুকীয়া৷ শেষত কম যে ক্ষন্তেকীয়া জনপ্ৰিয়তাক লক্ষ্য হিচাপে নলৈ সৃষ্টিশীল ৰচনাত মনোনিবেশ কৰিলে হে নিজৰ লগতে সাংস্কৃতিক জগত খনৰ উৎকৰ্ষ সাধন হব৷

প্ৰশ্নঃ অকণমান ব্যক্তিগত প্ৰশ্ন এটা সোধোঁ৷ আমি জানো যে শিল্পী সকলৰ দৈনন্দিন যি সময় সূচী সেয়া সাধাৰণ মানুহতকৈ কিছু পৃথক৷ যেনে শিল্পী সকলে ৰাতি বেছি কাম কৰি ভাল পায়৷ আপুনি কোনটো সময়ত কাম কৰি ভাল পায়?

উত্তৰঃ মই যদি নিৰ্জনতাত কাম কৰিবলৈ পালোহেঁতেন তেতিয়া হলে হয়তো দিনতেই কাম কৰিলোঁ হয়৷ মানুহৰ আবেষ্টনি, মানুহৰ কোলাহল, মানুহ আৰু মানুহে গঢ়া সমাজৰ সংস্পৰ্শও ভাল লাগে কাৰণ আমি সামাজিক প্ৰাণী৷ কিন্তু যেতিয়া এক সৃষ্টিশীল চিন্তাৰ গভীৰত সোমাবলৈ চেষ্টা কৰা হয়, তেতিয়া কিন্তু এক নিৰল নিস্তব্ধ পৰিবেশ এটা লাগে৷ তেতিয়া হয়তো সামাজিক পৰিবেশে কিছু বাধাৰ সৃষ্টি কৰিব পাৰে৷ ইয়াৰ উপৰিও মোবাইল ফোন, আলহী – অতিথি, কৰ্মসূত্ৰে হোৱা যোগাযোগ বোৰ আছেই৷ গতিকে কিবা এটা গভীৰ চিন্তা কৰিব পৰা পৰিবেশ এটা নাথাকে৷ কেতিয়াবা এনেকুৱা লাগে মগজুৰ পৰাও যেন চিন্তাবোৰ দিনত ওলাই নাহে৷ ৰাতি কিন্তু পৰিবেশটো ঠিক ওলোটা পাওঁ৷ এটা কথা ঠিক যে আমি যিমান পাৰো ৰাতি কাম নকৰাটোৱেই স্বাস্থ্যৰ পক্ষে ভাল৷ বোধকৰো প্ৰায়বোৰ শিল্পীয়েই এই কাৰণে অসুস্থতাত ভোগে৷ ময়ো এই কেইদিন অসমত থকাৰ বাবে সামাজিক সান্নিধ্য বেছি হৈ আছে৷ সেয়েহে দিনত কাম কৰিব পৰা নাই৷ তথাপিও চেষ্টা কৰো যিমান পাৰো দিনৰ ভাগতে কাম সম্পুৰ্ণ কৰিবলৈ৷

প্ৰশ্নঃ আমি আজি বহুতো কথা পাতিলোঁ৷ শেষ প্ৰশ্ন হিচাপে সুধিব খুজিছোঁ, বৰ্তমান আপুনি কি কি কাম হাতত লৈছে আৰু আপোনাৰ ভবিষ্যত পৰিকল্পনা কি?

উত্তৰঃ আজি কিছুদিনৰ পৰা মোৰ ব্যক্তিগত অসুবিধাৰ বাবে মুম্বাই এৰি অসমৰ পৰা কাম কৰিবলগীয়া হোৱাত অসুবিধা সত্ত্বেও মই মানসিক ভাৱে উদ্ভাসিত হৈ পৰা যেন হে অনুভৱ হৈছে৷ মনে বিচৰা ধৰণে আৰু নিজস্ব দৃষ্টিভংগীৰে মোৰ সৃষ্টিত আলোকপাত কৰিব পৰা ধৰণে পুনৰোজ্জীৱিত হৈ উঠিছে মোৰ মন-প্ৰাণ৷
বৰ্তমান কেইবাখনো বোলছবিৰ লগত জড়িত হৈ পৰিছোঁ৷ জাহ্নু বৰুৱা দেৱৰ আহিব লগীয়া ছবি “ভগা খিৰিকী“ৰ সংগীত পৰিচালক হিচাপে বোলছবি খনৰ গীত ৰচনাৰ পৰা আৱহ সংগীতলৈ সকলোখিনি দায়িত্ব বহন কৰিছোঁ৷ আৰু এক উদীয়মান যুব গোট “ইষ্টাৰ্ণ গ্ৰীণ পিকচাৰচ“ৰ ছৱি “উল্কা“ৰ সংগীত বৰ্তমানৰ আটাইতকৈ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু অংগৰাগ পাপণ মহন্তৰ কণ্ঠত অতি শীঘ্ৰেই মুক্তি পাব৷ আন কেইখনমান মান অঘোষিত অসমীয়া বোলছবিৰ সংগীত পৰিচালনাৰ বাবেও প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ৷ ইয়াৰ উপৰিও সামাজিক সচেতনতাৰ ওপৰত আগতেই সৃষ্টি কৰি থোৱা কেইটিমান গীত অনতিপলমে মুক্তি দিয়াৰ সিদ্ধান্ত লৈছোঁ৷
“ভবিষ্যত“ মোৰ বাবে সদায় সপোনৰেই সোপান হৈ থাকিব৷ সেই সপোনক বাস্তবত ৰূপায়িত কৰাৰ বাবে কিমানখিনি পৰিৱেশ বা সাহস পাওঁ সেয়াহে চিন্তা কৰোঁ৷ কিছুমান বিশেষ বিষয়ৰ সৃষ্টিৰ লগত জড়িত হোৱাৰ পৰিকল্পনা আৰু কিছুমান বিশেষ ব্যক্তিৰ লগত কাম কৰাৰ ইচ্ছা আছে সেইটো এতিয়াই প্ৰকাশ নকৰোঁ৷
সাংস্কৃতিক জগতৰ মহান শিল্পী সকলে দেখুৱাই যোৱা বাটেৰে আগবাঢ়ি কিবা এটা কৰাৰ হেঁপাহ সদায়ে থাকিব৷

প্ৰশ্নঃ আমি আজি ইমানতে শেষ কৰিব বিচাৰিছোঁ৷ আপোনাৰ এই যাত্ৰালৈ আমাৰ সাহিত্য ডট অৰ্গৰ ফালৰ পৰা শুভেচ্ছা যাচিলোঁ৷ আপুনি আপোনাৰ কটকটীয়া সময়সূচীৰ মাজৰপৰা এইখিনি সময় আমাক দিয়াৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ৷

উত্তৰঃ আপোনাকো ধন্যবাদ জনালোঁ৷ লগতে সাহিত্য ডট্ অৰ্গলৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালোঁ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments