গুগল ডাক্তৰ আৰু ইডিয়ট চিনড্ৰম –ডঃ পাৰ্থ সাৰথি ভূঞা

ৰাতিপুৱাই ভাইটি এজনে ফোন কৰিলে, “তোমালৈ ৱাটচএপত ফটো এখন পঠাইছোঁ, চোৱাচোন!“ “বাৰু” বুলি কৈ, ফোনটো কাটি ফটোখন চাওঁতেই আকৌ ফোন কৰিলেই! “কি হৈছে এইটো, কি বুলি ভাবিছা?“ মই বোলো, “কনটেক্ট ডাৰমাতাইটিছ ( খজুৱতি হ’ব পৰা কিবা বস্তুৰ সংস্পৰ্শলৈ আহি হোৱা এলাৰ্জি জাতীয় ছালৰ ৰোগ) যেন লাগিছে, এইটো মলম লগা, ভাল পাবি৷” সি বোলে, “দাদা, এনেকুৱা বোলে ব্লাড কেন্সাৰ হ’লে হয়, তেনেকুৱা একো কিবা হোৱা নাইতো!”
আচলতে আগদিনা নিশা ভাইটিটোৱে ভৰিত ৰঙচুৱা হৈ খজুৱতি হোৱা দেখি গুগল চাৰ্চ কৰি পালেগৈ যে ব্লাড কেঞ্চাৰত তেনে হয়! সেয়ে গোটেই ৰাতিটো তাৰ টোপনিয়ে নাহিল আৰু ৰাতিপুৱা হোৱাৰ লগে লগে মোলৈ ফোন কৰিলে!
ভাগিন এজনী বেংলুৰুত চাকৰি কৰে, অকলে থাকে৷ মাল্টিনেচনেল কোম্পানীৰ চাকৰি, কামৰ প্ৰেচাৰ বেছি৷ তাইৰ কিছু মানসিক অশান্তি, টোপনি নহা ইত্যাদি আৰম্ভ হ’ল৷ মোৰ পৰামৰ্শ মতে অভিজ্ঞ চিকিৎসকক দেখুৱালে৷ পিছত খবৰ লৈ গম পালোঁ ভাল নোপোৱাৰ বাবে আকৌ আন এজনক দেখুৱালে৷ পিছে আচল কথাটো পিছতহে ওলাল, আগৰ ডাক্তৰজনে দিয়া ঔষধৰ বিষয়ে গুগলত চাই কিবা কিবি চাইড এফেক্টছ দেখি সেয়া নাখালেই, আকৌ এতিয়াৰ ডাক্তৰৰ ঔষধতো চাইড এফেক্টছ আছে বুলি গুগলে কৈছে, গতিকে তাই নাখায়৷ সমস্যা কেনেকৈ ভাল হব!
মই চেম্বাৰত বহি থাকোঁতেই, খৰখেদাকৈ চৰকাৰী উচ্চপদস্থ বিষয়া এজন সোমাই আহিল৷ আহিয়েই বিশেষ পাতনি নেমেলি মুখখন মেলি দেখুৱালে, “ চাওকচোন মুখৰ ভিতৰত ৰঙাকৈ এইটো কি উঠিছে, কেঞ্চাৰৰ লক্ষণ নেকি বাৰু?” মই চাই আৰু দুই এটা কথা সুধি নিশ্চিত হ’লোঁ এয়া দাঁত কামোৰ খোৱাৰ বাবেই হৈছে৷ গতিকে একো হোৱা নাই চিন্তা কৰিব নালাগে বুলি তেওঁক বুজাই পঠালোঁ যদিও খুব আশ্বস্ত হোৱা যেন নালাগিল৷ কিছু সময়ৰ পাছত অসমৰ বাহিৰত থকা মোৰ চিকিৎসক বন্ধু এজনৰ ফোন আহিল৷ তেওঁৰ লগত কথা পাতি গম পালোঁ যে বন্ধুৰ লগত বিষয়াজনৰো সুসম্পৰ্ক থকা বাবে, বন্ধুক ফোন কৰি আকৌ কথাটো মোক সুধিবলৈ কৈছে, কিজানি মই তেওঁৰ পৰা আচল কথাটো লুকুৱালোঁ! চিকিৎসক বন্ধুৱে মোক ক’লে, “বুজিছা, মই তেওঁক কৈছোঁৱেই, যে ডাঃ ভূঞাই গুৰুতৰ একো হোৱা নাই বুলি কৈছে যেতিয়া আপুনি চিন্তা নকৰিব৷ কিন্তু মুখৰ ঘাঁৰ বিষয়ে গুগলত চাই চাই তেওঁৰ মগজে কাম নকৰা হৈছে, সাংঘাতিক মানসিক অশান্তিত আছে৷“
পেটটো ভাল লাগি নথকা আৰু গেছৰ অসুবিধাৰ বাবে আন এজন শিক্ষিত ব্যক্তিয়ে নিজেই আলট্ৰাচাওন্দ এটা কৰালে৷ ৰিপোৰ্টত ডাক্তৰে লিভাৰৰ অলপ “ফেটি চেঞ্জ“ আছে বুলি লিখিলে৷ ৰিপোৰ্ট পাই, গুগলত গৱেষণা কৰি তেখেতৰ চকুৰ সন্মুখত ফেটি চেঞ্জৰ পৰা চিৰ’চিছ আৰু তাৰ পিছত ক’মাত গৈ মৃত্যু পৰ্যন্ত হোৱাৰ ছবি ভাঁহি আহিল৷ লগে লগে এল আই চি এজেণ্ট এজন মতাই আনি জীৱন বীমাৰ ডাঙৰ পলিচি এটা খুলিলে আৰু দুই-তিনিদিনৰ ভিতৰতে চেন্নাইলৈ যাবলৈ অতি উচ্চ দামত উৰাজাহাজৰ টিকেট কাটিলে৷ পিছে চেন্নাইতো ডাক্তৰে তেখেতক চাই মেলি চিন্তা নকৰিবলৈ, আজিকালি এইবিলাক অলপ থাকেই, সেয়ে সুষম আহাৰ আৰু নিয়মিত ব্যায়ামৰ পৰামৰ্শ দি পঠিয়াই দিলে৷
ওপৰত উল্লিখিত ঘটনাকেইটাৰ দৰেই আজিকালি বহু মানুহে শৰীৰত কিবা এটা লক্ষণ দেখা দিলে গুগলত গৱেষণা কৰিবলৈ আৰম্ভ কৰে আৰু ডাক্তৰৰ পৰামৰ্শ ল’লেও, ডাক্তৰে দিয়া ঔষধৰ কিবা পাৰ্শ্বক্ৰিয়া আছে নেকি সেয়া গুগলত খুচৰি চায়৷ তাৰ পিছত ঔষধ নাখায় বা খালেও ডাক্তৰে দিয়া “ডজ“তকৈ কমাই খায়৷ ইয়াৰ ফলত তেওঁলোকৰ চিকিৎসাত ক্ষতি হয়৷ এই সমস্যাটোক বৰ্ত্তমান ইডিয়ট(IDIOT) চিনড্ৰম অৰ্থাৎ “ইণ্টাৰনেট দিৰাইভড ইফৰ্মেশ্বন অবষ্ট্ৰাকটিং ট্ৰিটমেণ্ট “ বুলি চিহ্নিত কৰা হৈছে৷ ইয়াক চাইবাৰকন্দ্ৰিয়া (Cyberchondria) বুলিও কোৱা হয়; অৰ্থাৎ নিজৰ চিকিৎসাৰ ক্ষেত্ৰৰ গুগলৰ তথ্য অন্ধভাবে বিশ্বাস কৰা আৰু চিকিৎসকে দিয়া ঔষধ পাৰ্শ্বক্ৰিয়াৰ ভয়ত নাখায় নিজৰ বিপদ মাতি অনা৷
বৰ্তমান সময়ত চিকিৎসা ক্ষেত্ৰখনত মানুহৰ এই প্ৰৱণতাই যথেষ্ট আহুকালৰ সৃষ্টি কৰিছে৷ সকলোৱে জনাটো দৰকাৰ যে প্ৰতিজন মানুহেই বেলেগ আৰু প্ৰতিটো লক্ষণৰ বিভিন্ন কাৰণ থাকিব পাৰে৷ উদাহৰণ স্বৰূপে মূৰৰ বিষ বহুতৰে মাজে মাজে হৈ থাকে৷ ইয়াৰ কাৰণ সচৰাচৰ অতি সাধাৰণ কিবা সমস্যা হয়৷ কিন্তু অতি নগণ্য লোকৰ ক্ষেত্ৰত কিবা ডাঙৰ বেমাৰো হ’ব পাৰে যদিও তেতিয়া লগত আনুষংগিক বহু কিবা কিবি লক্ষণ থাকিব৷ কিন্তু গুগলত মূৰৰ বিষৰ বিষয়ে খুচৰি চোৱা ব্যক্তি এজনৰ চকুত সাংঘাতিক ধৰণৰ বেমাৰকেইটাহে পৰিব আৰু তেওঁ মনতে ভাবি ল’ব যে তেওঁৰ ডাঙৰ বেমাৰ কিবা হ’ল নেকি! এই ব্যক্তিজনে ডাক্তৰৰ ওচৰলৈ যোৱাৰ পাছত ডাক্তৰজনে যেতিয়া তেওঁৰ বিশেষ একো নেদেখি সাধাৰণ ঔষধ দিব, তেওঁ কেতিয়াও সন্তুষ্ট নহয়৷ হয়তো তেওঁ আকৌ আন এজন ডাক্তৰৰ ওচৰলৈ যাব বা এইজন ডাক্তৰকে চিটি স্কেন, এম আৰ আই আদি টেষ্ট লিখি দিয়াৰ বাবে জোৰ কৰিব৷ ইয়াৰ ফলত তেওঁৰ বিনা কাৰণত কিছুদিন মানসিক অশান্তিৰ লগতে হাজাৰ হাজাৰ টকাৰ অপব্যয় হ’ব৷
সেইদৰে এজন চিকিৎসকে খাবলৈ পৰামৰ্শ দিয়া প্ৰতিটো ঔষধৰ কিবা নহয় কিবা পাৰ্শ্বক্ৰিয়া থাকিবই৷ কিন্তু সকলো মানুহৰ ক্ষেত্ৰত পাৰ্শ্বক্ৰিয়াৰ প্ৰভাৱ একে নহয়৷ একেটা ঔষধ খাওঁতে যদি মোৰ মূৰটো অলপ পাতল পাতল লগা যেন লাগে আপোনাৰ ক্ষেত্ৰত আকৌ একো নহ’বও পাৰে৷ ঔষধৰ প্ৰস্তুতকৰ্তাসকলে পাৰ্শ্বক্ৰিয়াৰ ক্ষেত্ৰত নিৰ্ধাৰিত নিয়ম মানি সম্ভাব্য সকলো কথা উল্লেখ কৰে৷ তাৰ ভিতৰত মুখখন তিতা তিতা লগা, বমি ভাব, মূৰ ঘূৰোৱা আদি সচৰাচৰ হ’ব পৰাবিলাকৰ লগতে হয়তো লাখৰ ভিতৰত কেতিয়াবা এজনৰ হ’ব পৰা কিছু গুৰুতৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়েও উল্লেখ কৰা থাকে৷ কিন্তু গুগলত গৱেষণা কৰাসকলৰ চকু এই লাখৰ ভিতৰত এজনৰ হ’ব পৰাটোতেই পৰে আৰু ভয়তে ঔষধ নাখায়, ফলত তেওঁৰ ৰোগ বিনা চিকিৎসাই গুৰুতৰ হৈ পৰাৰ সম্ভাৱনা থাকে৷
সুস্বাস্থ্যৰ লগত মানসিক অৱস্থাৰ যথেষ্ট সম্পৰ্ক আছে৷ দুশ্চিন্তা আৰু বেমাৰৰ প্ৰতি ভয় ভাবে এজন সুস্থ ব্যক্তিকো দুৰ্বল কৰি তুলিব পাৰে আৰু এই দুৰ্বল অৱস্থাই তেওঁৰ শৰীৰত উচ্চ ৰক্তচাপ, মধুমেহ আদি ৰোগ দেখা দিয়াত সহায়ক হৈ পৰিব পাৰে৷
বৰ্তমান নজনা কথা জনাৰ বাবে গুগল এটা অতি উপযোগী মাধ্যম৷ নজনা যিকোনো বিষয় এটা জনাৰ বাবে ময়ো হাততে থকা মোবাইলত গুগল চাৰ্চ কৰি সেই বিষয়ে জানি লওঁ৷ কিন্তু চিকিৎসা বিজ্ঞান অলপ বেলেগ ধৰণৰ৷ ইয়াত ৰোগী এজনক পৰীক্ষা নকৰাকৈ কেৱল গুগলত উপলব্ধ জ্ঞানেৰে চিকিৎসা কৰিব নোৱাৰি৷ য়ু টিউবত উপলব্ধ ভিডিও চাই খাদ্য ৰান্ধিব পাৰি, তেনে খাদ্য পাছত খাবলৈ বেয়া হ’লেও বিশেষ অসুবিধা নাই৷ কিন্তু গুগল, য়ু টিউবৰ দ্বাৰা চিকিৎসা নহয়৷ এইখন ভাৰততে য়ু টিউবৰ ভিডিও চাই নিজৰ পত্নীক প্ৰসৱ কৰাবলৈ গৈ মৃত্যুমুখত পেলোৱাৰ ঘটনাও ঘটিছে৷ সেয়ে যিকোনো শাৰীৰিক অসুবিধাৰ বাবে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লওক৷ তেওঁৰ ওপৰত বিশ্বাস ৰাখক৷ ডাক্তৰে খাবলৈ দিয়া ঔষধ, যি “ডজ“ত দিছে সেইমতে খাওক আৰু পালন কৰিবলৈ দিয়া পৰামৰ্শবোৰ মানি চলক৷ কিবা অসুবিধা পালে তেওঁক পুনৰ জনাওক৷ যদি কিছুদিন চিকিৎসা কৰিও ভাল ফলাফল পোৱা নাই, কাৰোবাৰ লগত পৰামৰ্শ কৰি আন কোনো অভিজ্ঞ চিকিৎসকৰ পৰা দ্বিতীয় পৰামৰ্শ ল’ব পাৰে৷ গুগলত আপোনাৰ লক্ষণবোৰৰ পৰা হ’ব পৰা ভয়ানক বেমাৰবিলাকৰ বিষয়ে বা ডাক্তৰে দিয়া ঔষধ খালে হ’ব পৰা পাৰ্শ্বক্ৰিয়াৰ বিষয়ে খুচৰি “অল্পবিদ্যা ভয়ংকৰী“ হৈ আপোনাৰ শৰীৰৰ যাতে হিতে বিপৰীত নহয় তাৰ বাবে সচেতন হোৱা প্ৰয়োজন৷

(“আমাৰ অসম“ কাকতত প্ৰকাশিত)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক