গুডিল’ভাৰ এখন বিদ্যালয়ৰ কথাৰে (অনিমেশ বৰা)

মোৰ এই ভ্ৰমণ আছিল প্ৰকৃতিৰ আশীষ লাভ কৰা এখন অখ্যাত ঠাই, গুডিল’ভাৰ এখন ব্যতিক্ৰমী বিদ্যালয়লৈ। বিশাখাপট্টনম মহানগৰৰ যান্ত্ৰিক কোলাহ’লৰ পৰা আঁতৰত গুডিল’ভা অৱস্থিত। যোৱা জুন মাহত ট্ৰেইনিঙৰ বাবে ভূৱনেশ্বৰত আছিলোঁগৈ। একেৰাহে প্ৰায় ২০ দিন মান দৈনিক ছয় ঘণ্টাৰ প্ৰশিক্ষণৰ অন্তত শৰীৰটো ক্লান্ত হৈ পৰিছিল। তেনেতে দুদিনমান একেৰাহে বন্ধ পালোঁ। ভাবিলোঁ থাওকতে কোনো এখন ঠাই ফুৰি আহোঁ বুলি। ইতিমধ্যে, ওচৰৰ পাজৰৰ প্ৰায়বিলাক ঠাই ভ্ৰমি শেষ কৰিলোঁ। তাত মোৰ ৰূমমেট তথা মোৰ কলেজৰ বন্ধু শ্বিলঙৰ দুনিৰ মত (সম্পূৰ্ণ নাম দুনিৱান্‌হি চুচিয়াং) এইকেইদিনত বিশাখাপট্টনম যাবই। সি স্কুলীয়া জীৱনৰ পাঁচটা বসন্ত তাতেই অতিবাহিত কৰিছিল। ময়ো তাৰ লগতে যাবলৈ মনস্থ কৰিলোঁ। ‌একেদিনাই তিনিদিনীয়া ভ্ৰমণৰ পৰিকল্পনা কৰি ৰাতিলৈ বিশাখাপট্টনমলৈ ৰাওনা হৈছিলোঁ।

প্ৰথমতে ঠাইখনৰ কথা আগতে উনুকিয়াই লোৱাটো ভাল হ’ব। গুডিল’ভা হৈছে অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনম জিলাৰ আনন্দপুৰম মণ্ডলত অৱস্থিত এটা গ্ৰাম্য অঞ্চল। মহানগৰৰ যান্ত্ৰিক জীৱনৰ ব্যস্ততাৰ পৰা প্ৰায় ২৭কি:মি: নিলগত। তাৰ পৰা মহানগৰলৈ অহা-যোৱা কৰাৰ সুব্যৱস্থা আছে। ঠাইখনক তিনিও দিশৰ পৰা পাহাৰে আগুৰি ৰাখিছে। গুডিল’ভা শব্দটো দুটি শব্দৰ সমষ্টি। তেলুগু ভাষাত ‘গুডি’ মানে মন্দিৰ আৰু ‘ল’ভা’ মানে ঠাই/অঞ্চল, অৰ্থাৎ মন্দিৰ থকা অঞ্চল। দুনিয়ে কোৱা মতে, স্কুলৰ পৰা কিছু নিলগত পাহাৰৰ ওপৰত এটা ডাঙৰ মন্দিৰ আছে। স্কুলত পঢ়ি থাকোঁতে হেনো সিহঁত প্ৰাতঃভ্ৰমণত তালৈ প্ৰায়ে যায়। স্মৃতি ৰোমন্থন কৰি ইয়াকো জনায় যে, সিহঁতক বন্ধৰ দিনত শ্ৰেণীকোঠাত বহুৱাই পঢ়িবলৈ দিয়া হয়। কিন্তু, সেই সময়কণ হেনো সিহঁতে বৰ অশান্তিত কটাইছিল। সেয়ে বন্ধৰ দিনত পঢ়াৰ সলনি মন্দিৰলৈ গৈছিল। কাৰণ, মন্দিৰলৈ গ’লে সিহঁতে পঢ়া-শুনা কৰিব নালাগে।

২৩ জুন, দেওবাৰ। বন্ধু নবীনৰ ঘৰত পুৱা ব্ৰেকফাষ্ট কৰি তাৰপৰা পুৱা ১০-৩০ মান বজাত গুডিল’ভালৈ বুলি ওলালোঁ। অট’ৰিক্সাত উঠিবলৈ খোজকাঢ়িয়েই ঘৰৰপৰা অলপ আগবাঢ়ি আহিলোঁ। যাওঁতে পকী ড্ৰেইনকেইটাৰ ওচৰতে প্ৰকাণ্ড প্ৰকাণ্ড দুটামান এন্দুৰ দেখিলোঁ। মই বোলো, ইমান ডাঙৰ এন্দুৰো থাকেনে? বন্ধু নবীনৰ মতে কিছুমান ঠাইত তাতকৈও ডাঙৰ দেখিবলৈ পোৱা যায়। নবীনে অট’ এখন ভাড়া কৰিলে। গন্তব্যস্থান চি এম আৰ চেণ্ট্ৰেল শ্ব’পিং ম’ল। মোৰ বন্ধুসকলৰ বাবে সেই ম’লখন সিহঁতৰ আড্ডাৰ কেন্দ্ৰহে। সমূহীয়াকৈ কোনো কাম থাকিলে বা কেনিবা যাবলগীয়া হ’লে তাতেই সকলো মিলিত হয়। সকলো আহি উপস্থিত হোৱালৈ প্ৰায় ১২-৩০ বাজিছিল। তাৰ পৰা আকৌ এখন অট’ৰিক্সা বন্দৱস্ত কৰা হ’ল আৰু দুজনমান নিজৰ নিজৰ মটৰ চাইকেলত ৰাওণা হ’ল। দুয়োকাষৰ ওখ ওখ অট্টালিকা, বৈদ্যুতিক চাকিৰ খুটাসমূহ, লানি নিছিগা গাড়ীৰ কোলাহল আদি অতিক্ৰমি আহি মহানগৰৰ পৰা বাহিৰ হ’লোঁ। কিছুদূৰ যোৱাৰ পাছতেই মেঘৰ গাজনিত সচকিত হৈ উঠিলোঁ। ইতিমধ্যে, সমগ্ৰ আকাশখন কলীয়া মেঘে ছানি ধৰিলে। লগে লগে চিপচিপিয়া বৰষুণ ধৰাৰ বুকুলৈ নামি আহিছিল। মলয়া বতাহ এছাটিয়ে গুডিল’ভালৈ আদৰণি জনালে। এনে সুমধুৰ বতৰত মোক টোপনিয়ে হেঁচা মাৰি ধৰিছিল। দুদিন ধৰি একেৰাহে ফুৰি ফুৰাৰ ফলত ভালদৰে শুব পৰা নাছিলোঁ।

“বোমানো গেষ্টে নীলাগুণ্ডি

ডগ্গৰক’চ্ছি মুড্ডিমণ্ডী

চৰলে পাপম আনি ডগ্গৰকেলিথে

ডানি মনসে নীলৌ ভূনডাণ্ডি

আ মোডেডৌ নীক্কে ইম্মণ্ডি”

মোৰ বন্ধু বিজনেছমেনৰ (প্ৰকৃত নাম ৰিকেট, কিন্তু বন্ধুসকলৰ মাজত এই নামেৰেহে জনাজাত।) ম’বাইলৰ পৰা কণ্ঠস্বৰ ভাঁহি আহিল। তেতিয়াহে মোৰ সম্বিত ঘূৰি আহিল। লাহে লাহে সেউজীয়া পথাৰ, গছ-গছনিৰ মাজে মাজে আমাৰ অট’ৰিক্সাখন আগবাঢ়িছে। সেই সময়ত আমাৰ পাঁচোটাৰে আড্ডা কিছু বেচ জমি উঠিছিল। প্ৰায় এঘণ্টামান অবিৰত যাত্ৰাৰ অন্তত স্কুলত উপস্থিত হ’লোঁ।

এই গুডিল’ভাতে অৱস্থিত এখন ব্যতিক্ৰমী স্কুল। স্কুলখনৰ নাম “বিজ্ঞান বিহাৰ আৱাসিক বিদ্যালয়” (Vijnana Vihara Residential School)। মই এই স্কুলখনক এইকাৰণে ব্যতিক্ৰম বুলিব বিচাৰিছোঁ, কাৰণ, আজিকালি ল’ৰা-ছোৱালীক নানান শিক্ষা পদ্ধতিৰে পাঠদান কৰোৱা দেখা যায়। কিন্তু, এই বিদ্যালয়খন এতিয়াও প্ৰাচীন ভাৰতত প্ৰচলিত গুৰুকুল শিক্ষা পদ্ধতিৰ আধাৰত পৰিচালিত। ১৯৮০ চনত প্ৰতিষ্ঠিত হোৱা এই বিদ্যালয়খন Vijnana Vihara নামৰ এন জি অ’ এটাই তত্বাৱধান লয়। পঞ্চমৰ পৰা দশম শ্ৰেণীলৈকে ইয়াত ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰোৱা হয়। ইয়াত বিদ্যাৰ্থীসকলৰ শৈক্ষিক, সামাজিক তথা সাংস্কৃতিক চৰিত্ৰ বিকাশ সাধনত গুৰুত্ব দিয়া হয়।

সকলো লগ লাগি স্কুলৰ চৌহদত প্ৰৱেশ কৰিলোঁ। প্ৰথমতেই শ্ৰেণীকোঠাসমূহৰ দিশে অগ্ৰসৰ হ’লোঁ। তাতেই সিহঁতৰ গণিতৰ এজন শিক্ষকক লগ পাই কথা-বতৰা পাতিলে। অলপ সময়ৰ পিছতেই শ্ৰেণীকোঠাৰ পৰা ল’ৰা-ছোৱালীবিলাক ওলাই আহিছে। মই দেখি বিস্মত। বহুত ল’ৰা-ছোৱালী দেখোন উত্তৰ-পূৰ্বাঞ্চলৰ। দুনিয়ে ক’লে যে তাত বহুতো মণিপুৰ আৰু অৰুণাচলৰ ল’ৰা-ছোৱালী পঢ়িবলৈ আহে।

তাৰ পিছতেই হোষ্টেলৰ দিশে আগবাঢ়োঁ। ফণীয়ে ক’লে, এই ৰাষ্টাটো হোষ্টেলৰ যোৱা ৰাষ্টা নহয়। কিন্তু গছ-গছনিৰ মাজে-মাজে যোৱাৰ আমেজেই বেলেগ। চাৰিওদিশে আম, মধুৰি, কঁঠাল আদি ফল-মূল, কৃষ্ণচূড়াৰ গছ। দুনি আৰু প্ৰবীণে মোক ঠাইটুকুৰাৰ বিষয়ে অৱগত কৰি গৈ আছিল। লগতে ল’ৰালিকালত কৰা ধেমালিবোৰৰ কথা কৈছিল। গৈ থাকোঁতে দেখোঁ এটা গোহালি। তাৰ পৰা হেনো বিদ্যালয়খনত প্ৰয়োজন হোৱা গাখীৰৰ যোগান ধৰা হয়। মোৰ চকুত দূৰদৰ্শনত দেখা এখন টোলৰ কথা ভাঁহি আহিছিল। সঁচাকৈয়ে, জীৱন-যাপনৰ বাবে প্ৰয়োজন হোৱা সকলো বস্তুৱেই তাত উপলব্ধ। তাতে ৱাৰ্ডেনে আমাক লগ পালে। তেওঁ আমাক চাহ খুৱাবৰ বাবে তেওঁলোকৰ সমজুৱা ভোজনালয়লৈ লৈ গ’ল। সকলোৱে একেলগে বহি খাদ্য গ্ৰহণ কৰিবলৈ এটা বিশাল হল। সকলোৱে মাটিত বহি খোৱাৰ সুবিধা। নাই কোনো আধুনিক ডাইনিং টেবুল। তাতেই আমি চাহ গ্ৰহণ কৰিলোঁ। এনেতে নবীনে মোক ভোজনালয়ৰ ছাদৰ ওপৰলৈ মাতিলে। পিছফালে সেউজীয়া পাহাৰ, সন্মুখত বিশাল খেলপথাৰ। সেয়া হেনো সিহঁতৰ আবেলি সময়ৰ আড্ডাৰ স্থান। কি যে সুন্দৰ পৰিবেশ!!

তাৰ পাছত তিনিমহলীয়া বিশাল হোষ্টেলৰ চৌহদত প্ৰৱেশ কৰিলোঁ। ছৌহদটোৰ সোঁমাজতে এজন ল’ৰাই কিতাপ মেলি পঢ়ি থকাৰ মূৰ্তি। ‘ছাত্ৰানং অধ্যয়নং তপঃ’ – এই অমোঘ সত্য মনত ৰাখি একলব্যৰ কৃচ্ছ সাধনাৰ ব্ৰতী হ’বলৈ মূৰ্তিটোৱে সকলোকে সোঁৱৰাই দিয়ে। কাষত বিভিন্ন ফুলৰ গছ। ভিতৰত সোমাই মই একপ্ৰকাৰে আচৰিত হ’লোঁ। কোঠাৰ ভিতৰত দুখলপীয়া বিচনা। এইখন বিচনাই মোৰ হোষ্টেলীয়া জীৱনৰ সকলো কথাই মোক সোঁৱৰিবলৈ বাধ্য কৰালে। ইয়াৰ লগতে মোৰ পাঁচবছৰীয়া হোষ্টেলীয়া জীৱনৰ সকলো কথা জীপাল হৈ উঠিল। সকলো কোঠাই পৰিষ্কাৰ-পৰিচ্ছন্ন। তাকে দেখি মোৰ হোষ্টেলৰ প্ৰথম দিনকেইটালৈ মনত পৰিল। কেনেকৈ যে দিন কটাইছিলোঁ!! বিচনা চাদৰখন লেতেৰা হৈ থকা বাবে মা-দেউতাৰ পৰা খোৱা গালিৰ কথা, প্ৰাতঃভ্ৰমণৰ পাছত লানি নিছিগাকৈ এটাৰ এটাকৈ পাছত গা-ধোৱাৰ কথা, আধা ঘণ্টাৰ ভিতৰতে খাই শ্ৰেণীলৈ সাজু হোৱাৰ কথা। নানান ধৰণৰ নষ্টালজিয়াই মনটোক খুন্দিয়াই অশান্ত কৰি তুলিছিল। তেনেতে সকলোৱে হুলস্থূল কৰা আৰম্ভ কৰি দিলে। ঘূৰি চাই দেখো সকলোৱে খেলাত ব্যস্ত। এক অদ্ভূত খেল!!! কাহানিও নুশুনা-নেদেখা। সকলোৱে কাপোৰ মেলিবলৈ হেঙাৰ ব্যৱহাৰ কৰা দেখিছোঁ। কিন্তু, সেইদাল যে খেলোঁতে ব্যৱহাৰ কৰিব পাৰি সেয়া কাহানিও ভৱা নাছিলোঁ। সকলোৱে সমস্ত কথা পাহৰি খেলাত ব্যস্ত হৈ পৰিল। খেলটো এনেধৰণৰ আছিল – প্ৰায় ৪-৫ মিটাৰ মান আঁতৰত দুই মূৰত দুটা ল’ৰা বহি লয়। মাজত এটাৰ পৰা তিনিটা ল’ৰা থিয় হৈ থাকে। দুই মূৰত থকা ল’ৰাকেইটাই হেঙাৰ ডাল চুঁচৰাই মাৰি পঠিয়ায়। মাজৰ কেইজনে জঁপিয়াই সেইডাল সিহঁতৰ ভৰিত স্পৰ্শ নকৰাকৈ পাৰ হৈ যাবলৈ দিব লাগে। ভৰিত স্পৰ্শ কৰিলে সেইজন খেলৰ বাহিৰ হ’ব। কিন্তু, জপিয়াওঁতে একে ঠাইতে জপিওৱাটো নিয়ম আছিল। অৰ্থাৎ জপিয়াই ঘূৰি ফুৰিলে সেইজন বাহিৰ হ’ব। অলপো পলম নকৰাকৈয়ে মইয়ো খেলত যোগ দিলোঁ। সেই খেলবিধ হেনো সিহঁতে প্ৰত্যেক ৰাতি খেলিছিল। পোন্ধৰ মিনিটমানৰ পাছত এই খেল বাদ দি হোষ্টেলৰ ছাদত উঠিলোঁ। প্ৰায়ভাগ ল’ৰাই আবেলি খেলা-ধূলা কৰি গা ধুই আছিল। এটা চৌবাচ্চাৰ পৰা পানী আনি সকলোৱে একেলগে গা ধুই আছিল। তাৰ পৰাই সেউজীয়া পাহাৰ, ফুটবল খেলপথাৰ, নিৰ্মাণ কাৰ্য চলি থকা শিক্ষকসকলৰ কোৱাৰ্টাৰ, কৃষ্ণচূড়া গছৰ শাৰী দেখা যায়। তেনেতে নবীনলৈ মাকৰ ফোন আহিল। তেওঁৰ প্ৰশ্ন স্কুললৈ যাবলৈ পাই খোৱা-বোৱা সকলো পাহৰিলি। বোলো সৰ্বনাশ! পুৱা ৯ বজাত তিনিখন পৰাঠাৰে ব্ৰেকফাষ্ট কৰিছিলোঁ। ইতিমধ্যে ৪-৩০ মান বাজিছিল। দুনিয়ে বোলে ইমান দেৰি আছোঁ যেতিয়া আৰু এঘণ্টামান থাকিহে যাম। হোষ্টেলৰ ছাদতে আমাৰ ফটো চেচন আৰম্ভ হৈ গ’ল। পাঁচ বজাত ৱাৰ্ডেন চাৰে হুইচেল বজাই আমাক মতালে। হোষ্টেলৰ গেট বন্ধ কৰাৰ সময় হৈছিল। সেয়ে তাৰপৰা বিদায় ল’ব লগা হ’ল। ইমানতে মোৰ গুডিল’ভাৰ স্কুলৰ পৰা বিদায় লোৱাৰ সময় সমাগত হৈ আহিছিল।

‘উঠিষ্ঠিত জাগ্ৰত প্ৰাপ্য বৰান্‌ নিবোধিতঃ’

উঠাঁ, জাগ্ৰত হোৱাঁ, শ্ৰেষ্ঠজনৰ ওচৰৰ পৰা জ্ঞান প্ৰাপ্ত হোৱাঁ। – উপনিষদ

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments