গুপ্তকাশীৰ পৰা কাশীলৈ– ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ বৰ্ণিল অনুভৱ (প্ৰত্যাশা বৰঠাকুৰ)


ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত হোৱাটোৱেই মই এই বয়সলৈকে লাভ কৰা আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু আনন্দদায়ক অভিজ্ঞতা। কাৰণ এই যাত্ৰাৰ জৰিয়তে মই যি অপূৰ্ব অভিজ্ঞতা লাভ কৰিছোঁ সেয়া মোৰ পাছৰ জীৱনৰ বাবেও এক অমূল্য আধাৰ হৈ ৰ’ব।

এইবাৰ বিংশতিতমতম্‌ ৰাষ্টীয় শিশু বিজ্ঞান সমাৰোহৰ মূল বিষয় আছিল- “শক্তি: অনুসন্ধান, সু-প্ৰয়োগ আৰু সংৰক্ষণ”। ইয়াৰ লগত সংগতি ৰাখি মই কৰা প্ৰকল্পটিৰ শিৰোনাম আছিল- “নেলুকা গছৰ বাকলি আৰু ফলীয়া তুঁহৰ পৰা খৰিৰ বিকল্প প্ৰস্তুত”। যিহেতু ভাৰতবৰ্ষৰ সৰহ সংখ্যক মানুহেই ৰন্ধন কাৰ্যত খৰি ব্যৱহাৰ কৰে, গতিকে জধে-মধে খৰি আহৰণ প্ৰক্ৰিয়াই আমাৰ বনাঞ্চল হ্ৰাস কৰাত এক মুখ্য ভূমিকা গ্ৰহণ কৰিছে। সেয়েহে গছজোপাৰ ক্ষতি নোহোৱাকৈ পূৰঠ বাকলিৰ পৰা বিকল্প খৰি প্ৰস্তুতকৰণৰ প্ৰকল্প এটি হাতত লৈছিলোঁ।

শিশু বিজ্ঞান সমাৰোহৰ প্ৰকল্প তৈয়াৰ কৰাৰ পৰিৱেশ এটা নিচেই সৰুৰে পৰা ঘৰতে পাইছিলোঁ। কাৰণ মোৰ মায়ে কৰোৱা কেইবাটাও প্ৰকল্প ইতিমধ্যে ৰাজ্যিক তথা ৰাষ্ট্ৰীয় সমাৰোহলৈ নিৰ্বাচিত হৈছিল। কিন্তু মই নিজে প্ৰকল্প এটি প্ৰস্তুত কৰিবলৈ যথেষ্ট ভয় কৰিছিলোঁ। এইক্ষেত্ৰত গোলাঘাট জিলাৰ সমন্বয়কদ্বয় শ্ৰীযুত চিদানন্দ পাঠক ছাৰ আৰু শ্ৰীযুত অতুল দত্ত ছাৰৰ লগতে ড° যোগেশ বৰা ছাৰে কৰ্মশালাত দিয়া উৎসাহ-উদ্দীপনাই মোক আগবঢ়াই লৈ গৈছিল। ইয়াৰ লগতে প্ৰেৰণা লাভ কৰিছিলোঁ মোৰ দাদাৰ ৰাষ্ট্ৰীয় শিশু বিজ্ঞানী হোৱাৰ আৰু পৰৱৰ্তী পৰ্যায়ত ভাৰত চৰকাৰৰ দ্বাৰা জাপান ভ্ৰমণৰ বাবে নিৰ্বাচিত হোৱাৰ গৌৰৱৰ পৰা। মোৰ এই প্ৰকল্প প্ৰস্তুতকৰণত সহযোগী হিচাপে থকা সহপাঠী চয়নিকা দত্তইও যথেষ্ট সহায় কৰিছিল।

১৫ অক্টোবৰৰ সুন্দৰ পুৱাত গোলাঘাট জিলাৰ শিশু বিজ্ঞানীৰ দলটি বাছেৰে ৰাওনা হৈছিলোঁ ৰাজ্যিক সমাৰোহত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যেৰে বিশ্বনাথ চাৰিআলিলৈ। বিশ্বনাথ চাৰিআলি যি ‘গুপ্তকাশী’ বুলিও জনাজাত সেই পৱিত্ৰ তীৰ্থভূমিত ধৰ্মীয় উপলব্ধিৰ সৈতে বিজ্ঞানৰ মহামিলন ঘটিব। গতিকে আমাৰো উৎসাহৰ অন্ত নাছিল। লগতে কৰিশ্মা বা, গুঞ্জন দা, পপী বা, কাশ্মীৰা বা, কিৰণ বা, দেৱগান্ধাৰ, ৰূপজ্যোতি দা আদিৰ লগত মৰম আৰু হাঁহি-ধেমালিৰে কটোৱা সেই দিনকেইটা কেনেকৈ পাহৰিম বাৰু? শেষৰ দিনা ফলাফল ঘোষণাত যেতিয়া দেৱগান্ধাৰ,গুঞ্জন দা আৰু মই ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত হ’লোঁ তেতিয়া নিৰ্বাচিত নোহোৱাসকলৰ কাৰণে মোৰ দুখ লাগিছিল যদিও মই দেখিছিলোঁ সকলোৱে নিজৰ দুখ পাহৰি আমাক বিশেষকৈ সকলো ছোৱালীয়ে (বাহঁতে) মোক লৈ স্ফূৰ্তিহে কৰিছিল। সঁচাকৈয়েই প্ৰকৃত বন্ধুত্বত যে স্বাৰ্থ নাথাকে, সেয়াও মোৰ ইয়াতে হোৱা এক অনন্য উপলব্ধি।

২৭ৰ পৰা ৩১ ডিচেম্বৰলৈ ভাৰতৰ প্ৰসিদ্ধ বিশ্ববিদ্যালয় বেনাৰছ (কাশী) হিন্দু বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় সমাৰোহ অনুষ্ঠিত হৈছিল। উল্লেখযোগ্য যে আমি তাৰ আগতে ২২ ৰ পৰা ২৪ ডিচেম্বৰলৈ গুৱাহাটীত অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ (ASTEC)ৰ তৰফৰ পৰা অনুষ্ঠিত এখন কৰ্মশালাত অংশগ্ৰহণ কৰিছিলোঁ। কৰ্মশালাত কেইগৰাকীমান বিশেষজ্ঞই আমাৰ প্ৰকল্পসমূহত ৰৈ যোৱা ভুল-ভ্ৰান্তিবোৰ শুধৰাই দিছিল। সেইসকলৰ ভিতৰত আছিল তেজপুৰ বিশ্ববিদ্যালয়ৰ ড° ভীমপ্ৰসাদ শৰ্মা, ড° সাধন মহাপাত্ৰ, ড° কিশোৰ কুমাৰ বৰুৱা, ড° পাৰ্থপ্ৰতীম দত্ত আৰু শিশু বিজ্ঞান সমাৰোহৰ সৈতে ওতঃপ্ৰোতঃভাৱে জড়িত ড° অৰূপ কুমাৰ মিশ্ৰ চাৰ,শ্ৰীযুত জয়দ্বীপ বৰুৱা চাৰ, সন্দীপ ভট্ট চাৰ আদি। এছটেকৰ সঞ্চালক মহোদয় ড° হৰেশ চন্দ্ৰ দত্ত চাৰেও আমাক নানা পৰামৰ্শ যাচিছিল। কৰ্মশালাৰ শেষৰ দিনা আমাক তাৰকাগৃহ দেখুৱাবলৈ লৈ গৈছিল। ২৫ ডিচেম্বৰৰ শীতৰ সেমেকা পুৱা নৰ্থ-ইষ্ট ট্ৰেইনেৰে আমি অসমৰ ২৫ জনীয়া দলটিয়ে যাত্ৰা আৰম্ভ কৰিছিলোঁ। ঘন কুঁৱলী ফালি আমাৰ ৰেল আগবাঢ়িছিল ভাৰতীয় বৈদিক সংস্কৃতিৰ অন্যতম বাহক বাৰানসীলৈ। আমি ভাবি আচৰিত হৈছিলোঁ যে আমাৰ অসমৰ ৰাজ্যিক সমাৰোহখনি গুপ্তকাশী বিশ্বনাথত অনুষ্ঠিত হোৱা আৰু ৰাষ্ট্ৰীয় সমাৰোহখনি প্ৰকৃত কাশী ধামতে হোৱাটোও এক সোণালী সংযোগ।

জুনু বা, কৃষ্ণা বা, মৌচুমী বা, চন্দন দা, দীক্ষিতা, হৃদয় দা, বিপ্লৱ দা, চুমী বা, নাজু দা, নিকিতা বা, ৰুস্তিনা বা আদি অসমৰ বিভিন্ন প্ৰান্তৰ শিশু বিজ্ঞানীৰ লগতে ৰমেন গগৈ চাৰ, মৃত্যুঞ্জয় চাৰ,ধীৰেন গগৈ চাৰ, হেমাঙ্গ চাৰ আদি সকলোৱে ট্ৰেইনত আনন্দ-স্ফূৰ্তিৰ মাজেৰে আগবাঢ়িছিলোঁ। নামিবৰ সময়ত কাৰ বেগ কোনে লৈছে , কাৰ প’ষ্টাৰ কাৰ ডিঙিত ওলমিছে ঠিকনা নাই। আমি সকলো যেন এটা পৰিয়ালৰে সদস্য। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত প্ৰৱেশ কৰিয়েই আমি হতবাক হৈ পৰিছিলোঁ – ইমান বিশাল এটা চৌহদ, কিন্তু প্ৰাচীন ঐতিহ্যমণ্ডিত অট্টালিকাসমূহেৰে এক গাম্ভীৰ্যপূৰ্ণ শান্ত পৰিৱেশ।

দ্বিতীয়দিনা পুৱাৰ পৰা হোৱা শোভাযাত্ৰাত ভাৰতৰ বিভিন্ন ৰাজ্যৰ শিশু বিজ্ঞানীসকলে নিজ নিজ ৰাজ্যৰ থলুৱা পোছাক পৰিধান কৰাত এক অপূৰ্ব সুন্দৰ দৃশ্যৰ সৃষ্টি হৈছিল। সমাৰোহত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে এছিয়া মহাদেশৰ সাতখন ৰাষ্ট্ৰৰ শিশু বিজ্ঞানীয়েও প্ৰকল্প উপস্থাপন কৰিছিল। আকৌ ডাঙৰ ৰং-বিৰঙী পেণ্ডেলৰ ভিতৰত খোৱা-লোৱাৰ ‘বুফে’ কাৰুকাৰ্যত আমাৰ প্ৰত্যেক দিনাৰ আহাৰেই আছিল নিৰামিষ, কিন্তু অতি সোৱাদযুক্ত।

মোৰ বাবে অবিস্মৰণীয় অভিজ্ঞতা হ’ল ড° এ.পি.জে.আব্দুল কালাম আৰু প্ৰফেছাৰ যশপালৰ সৈতে হোৱা নিকট সান্নিধ্য। দুয়োগৰাকী প্ৰবাদপ্ৰতীম ব্যক্তিৰ সৈতে কৰমৰ্দন আৰু কথোপকথন কৰোঁতে মোৰ মন অপাৰ আনন্দত ভৰি পৰিছিল। আমিও পাৰিমনে বাৰু তেওঁলোকৰ দৰে দেশৰ আৰু মানৱজাতিৰ বাবে সামান্য হ’লেও বৰঙণি আগবঢ়াব! সমাৰোহৰ তৃতীয় দিনা মোৰ প্ৰকল্প উপস্থাপনৰ পাল পৰিছিল। মোৰ প্ৰকল্পটো মৌলিক আৰু উপস্থাপনো অতি সুন্দৰ হৈছে বুলি বিচাৰকসকলে কোৱাত মই উৎসাহিত হৈছিলোঁ। মই আটাইতকৈ গৌৰৱবোধ কৰিছিলো তেতিয়া, যেতিয়া সাংস্কৃতিক সন্ধিয়াত আমি প্ৰদৰ্শন কৰা বিহু উপভোগ কৰি দৰ্শকসকলে ভূয়সী প্ৰশংসা কৰিছিল। সমাৰোহৰ কেউটা দিন বিজ্ঞানীৰ সৈতে অন্তৰংগ আলাপ, এক্টিভিটি (Activity) কৰ্ণাৰ, ভিডিঅ’ কন্‌ফাৰেন্সিং, বিজ্ঞান প্ৰদৰ্শনী আদিৰ পৰা প্ৰচুৰ অভিজ্ঞতা লাভ কৰিলোঁ।

৩০ ডিচেম্বৰৰ দিনা পুৱাৰ পৰা গধূলিলৈকে আমাক NCSC ৰ তৰফৰ পৰা বাৰানসীৰ বিভিন্ন উল্লেখযোগ্য স্থান দৰ্শনৰ বাবে লৈ গৈছিল। সেইদিনা আমাক ৰেলৰ ইঞ্জিন নিৰ্মাণ কৰা কাৰখানালৈ (DLW) নিছিল। তাৰ পাছত আমাক নিছিল বৌদ্ধ সংস্কৃতিৰ অন্যতম ক্ষেত্ৰ সাৰনাথলৈ য’ত সংৰক্ষণ কৰি ৰখা হৈছে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় প্ৰতীকৰূপে স্বীকৃত সম্ৰাট অশোকে নিৰ্মাণ কৰা অশোক স্তম্ভটো। ৩১ ডিচেম্বৰৰ পুৱাৰ ভাগত প্ৰখ্যাত বিশ্বেশ্বৰ মন্দিৰ দৰ্শনৰ বাবে আমাক ছাৰ-বাইদেউসকলে লৈ গৈছিল। কাশী বিশ্বনাথৰ এই মন্দিৰটোত দেশ-বিদেশৰ ভক্তৰ সমাগম দেখি অভিভূত হৈ পৰিছিলোঁ।

সেইদিনা অনুষ্ঠিত মূল সভাখনৰ পাছতে আমি বিভিন্ন ৰাজ্যৰ শিশু বিজ্ঞানীসকলে বিষাদ মনেৰে ইজনে-সিজনৰ পৰা বিদায় লৈছিলোঁ। যেন শান্ত হৈ পৰিছিল পাচোঁটা দিন এজাক শিশুৰ উচ্ছল হাঁহি-ধেমালিৰে ভৰি থকা বিশ্ববিদ্যালয়ৰ চৌহদ। ৩১ ডিচেম্বৰৰ নিশা ১২ বজাত ভাৰতৰ প্ৰখ্যাত জংছন মোগলচৰাইৰ প্লেটফৰ্মতে কেক্‌ কাটি নৱবৰ্ষক আদৰিছিলোঁ। পুনৰ নৰ্থ-ইষ্ট এক্সপ্ৰেছৰ দবাত গীত-মাত, কৌতুক, অন্তাক্ষৰী আদিৰ মাজেৰে আহি আমি ২ তাৰিখে পুৱা যেতিয়া পল্টনবজাৰৰ প্লেটফৰ্মত নামিলোঁ সকলোৰে চকু সেমেকি উঠিছিল। আমি ছোৱালীবোৰে কান্দোন ধৰি ৰাখিব পৰা নাছিলোঁ। ছাৰ-বাইদেউসকলো উচুপি উঠিছিল। ইয়াৰ মাজতে যেতিয়া এছটেকৰ সঞ্চালক মহোদয়ৰ তৰফৰ পৰা দিয়া নৱবৰ্ষৰ শুভেচ্ছা পত্ৰ আমাৰ হাতত পৰিছিল আমি বিষাদৰ মাজতো সমস্বৰে চিঞৰি উঠিছিলোঁ – “ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ দীৰ্ঘজীৱী হওক…..।”

00000

প্ৰত্যাশা বৰঠাকুৰ
অষ্টম শ্ৰেণী
দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments