গুলজাৰৰ "মেৰা কুচ ছামান তুমহাৰে পাছ পড়া হে" (আবিদ আজাদ)

 mera kuch saman

হেৰোৱা প্ৰেমৰ কাতৰ-স্মৃতিক কাব্যিকতাৰে ব্যক্তকৰা শব্দ-প্ৰধান এক অনুপম গীত।
(কথাছবি: ইজাজত। কন্ঠ- আশা ভোচলে। চন ১৯৮৭। পৰিচালকঃ গুলজাৰ)

[পাতনিঃ আমাৰ হৃদয়খন সাজোতে সৃষ্টিকৰ্তাই হয়তো জানি-বুজিয়ে তাত কিছুমান খালী ঠাই এৰি থৈ যায়। কিছুমান বিশেষ মুহূৰ্তত, সেই খালী ঠাই বোৰেই আমাৰ জীৱনটোক জীয়াই থাকিবলৈ কেতিয়াবা নতুন মাদকাতা, নতুন প্ৰেৰণা, নতুন আশা জগায়। আৰু কেতিয়াবা আকৌ তাৰ বিপৰীতে জগাই চৰম হতাশা।

প্ৰকৃতিৰ নিয়ম মতেই, খালী ঠাই এটাতো সদায়ে খালী হৈ থাকিব নিবিচাৰে! সেয়ে সেই খালী ঠাইবোৰ পুৰ কৰিবলৈ আমাৰ হৃদয়খনেও মাজে মাজে হাঁহাকাৰ কৰি উঠে। কিন্তু হৃদয়ে বহু সময়ত নিজেও নাজানে কিহে পুৰ কৰিব পাৰিব তাৰ ভিতৰৰ সেই গভীৰ অন্ধকাৰ খালী ঠাইবোৰ। খালী ঠাইবোৰ পুৰ কৰিব পৰা সেই নামহীন অজান সত্বাটোকে হয়তো কিছুমানে “কৃষ্ণ” বুলি কৈ সান্তনা লয়; আৰু কিছুমানে সেই ‘কৃষ্ণক” বিচাৰি হাবাথুৰি খাই ঘুৰি ফুৰে প্ৰকৃতিৰ মাজত, গানৰ মাজত, কিতাপৰ মাজত, জন্তুৰ মাজত, হয়তো কোনোবা কাল্পনিক পুৰুষৰ মাজত, কোনোবা কাল্পনিক নাৰীৰ মাজত; নতুবা জীৱনত দ’ সাঁচ পেলাই থৈ আঁতৰি যোৱা কোনোবা প্ৰাক্তন প্ৰেমিক বা প্ৰেমিকাৰ মাজত। জীৱনৰ দৈনন্দিন ব্যস্ততাৰ বাবে মানুহে তেনে খালী ঠাইবোৰৰ অস্তিত্ব প্ৰায়ে পাহৰি থাকে কিন্তু যেতিয়াই তাৰ উপলব্ধি কৰে, খুবেই অকলশৰীয়া অনুভৱ কৰে। ওচৰে-পাজৰে মানুহেৰে ভৰি থাকিলেও অনুভৱ নকৰে মানুহৰ তেনে কোনো অস্তিত্ব।]

গুলজাৰৰ অনবদ্য কথাৰ “মেৰা কুচ ছামান, তুমহাৰে পাছ পড়া হে” গীতটিও মানুহৰ জীৱনৰ তেনেকুৱা কিছুমান খালী মুহূৰ্তত হৃদয়ত সৃষ্টি হোৱা চৰম অকলশৰীয়া অনুভৱক ব্যক্ত কৰা চুড়ান্ত কব্যিক প্ৰকাশ। প্ৰাক্তন প্ৰেমিকৰ সৈতে পাৰ কৰা সৰু সৰু অথচ অপাৰ্থিৱ আনন্দময় মুহূৰ্তবোৰক একোটা বস্তুৰ (ছামান) সৈতে তুলনা কৰি প্ৰেমিকাই সেইবোৰ যেন পুনৰাই ঘূৰাই বিচাৰিছে। স্মৃতিবোৰক ‘বস্তুৰ’ সৈতে তুলনা কৰি গীতিকাৰ গুলজাৰে হয়তো অপাৰ্থিৱ অনুভৱ আৰু বাস্তৱ জীৱনৰ কঠোৰ সত্যতাক মাজে মাজে একাকাৰ কৰিব বিচাৰিছে আৰু মাজে মাজে পৃথক কৰিব বিচাৰিছে। (ব্যক্তিগত অনুভৱ)।

মেৰা কুচ্ছ ছামান তুমহাৰে পাছ পড়া হে
শাৱন কে কুচ্ছ ভীগে-ভীগে দিন ৰখে হে
ঔৰ মেৰে এক খত মে লিপ্‌টি ৰাত পড়ি হে
ৱো ৰাত বুঝা দো, মেৰা ৱো ছামান লৌটা দো।
(मेरा कुछ सामान तुम्हारे पास पड़ा है
सावन के कुछ भीगे-भीगे दिन रखे हैं/
और मेरे एक ख़त में लिपटी रात पड़ी है/
वो रात बुझा दो, मेरा वो सामान लौटा दो।)

শাওণ মাহৰ (বৰ্ষা কালৰ) দিনবোৰত দুই প্ৰেমিক-প্ৰেমিকাই একেলগে পাৰ কৰা ভিজা-ভিজা দিনবোৰৰ কথা স্মৰণ কৰি গীতটোৰ আৰম্ভণি হৈছে। বৰ্ষাৰ ঢেৰেকনী-গাজনি আৰু বৰষুণৰ টোপালৰ শব্দত একেলগে পাৰ কৰা দিনবোৰে তাইক টানি লৈ গৈছে অতীতলৈ। তেনেকুৱা দিনৰে কোনোবা এক ৰোমান্টিক নিশাৰ অনুভৱবোৰ ব্যক্ত কৰি প্ৰেমিকজনলৈ লিখা চিঠিখনৰ কথা মনত কৰি সেইখন ঘূৰাই বিচাৰিছে এতিয়া। চিঠিখনত সুমুৱাই থোৱা সেই নিৰ্দিষ্ট নিশাৰ একান্ত অনুভৱবোৰ তাইক আমনি কৰে। চিঠিখনৰ সৈতে সেই নিশাৰ স্মৃতিবোৰো তাই নুমুৱাই দিব বিচাৰে।

পতঝড় হে কুচ্ছ, হে না?
পতঝড় মে কুচ্ছ পত্তো কে গিৰনে কী আহট
কানো মে এক বাৰ পহন কে লৌটাই থী
পতঝাড় কী ৱোহ শাখ অভী তক কাঁপ ৰহী হে
ৱো শাখ গিৰা দো, মেৰা ৱো ছামান লৌটা দো।
(पतझड़ है कुछ, है ना?
पतझड़ में कुछ पत्तों के गिरने की आहट/
कानों में एक बार पहन के लौटाई थी/
पतझड़ की वोह शाख अभी तक काँप रही है/
वो शाख गिरा दो, मेरा वो सामान लौटा दो।)

বৰ্ষা যোৱাৰ পাছত অহা শৰৎ কালত, অৰ্থাৎ গছৰ পাত সৰিবলৈ আৰম্ভ কৰা দিনবোৰলৈ মনত কৰি তাইৰ হৃদয় ব্যাকুল হৈ পৰিছে। গছৰ ডালৰ পৰা সৰি পৰা পাতৰ শব্দবোৰ বুটলি আনি এবাৰ কানত পিন্ধিছে আৰু পুনৰাই কানৰ পৰা খুলি পেলাইছে! এনে কাব্যিক ব্যঞ্জনাৰ দ্বাৰা হয়তো ইয়াকে ক’বলৈ বিচৰা হৈছে যে সিহঁত দুয়ো শৰতৰ কোনোবা এদিনাখন কোনো এজোপা গছৰ তলত বহি নিবিড় মুহূৰ্ত কিছুমান পাৰ কৰিছিল। সেই মুহূৰ্ত ইমানেই নিবিড় আছিল যে গছৰ ডালৰ পৰা সৰি পৰা পাতৰ শব্দ সিহঁতৰ কানত প্ৰবেশ কৰিও নিশব্দে ওলাই গৈছিল। প্ৰেমিকজন এতিয়া আৰু নাই। এসময়ত একেলগে সময় পাৰ কৰা সেই গছৰ ডাল জোপা এতিয়াও লৰ-চৰ কৰি আছে আগৰদৰেই; কিন্তু সেই ডালৰ তলত বহি সৰা-পাতৰ শব্দবোৰ শুনিবলৈ আজি তাইৰ লগত কোনো নাই। প্ৰেমিকলৈ তাইৰ আক্ষেপ, হয় ডালজোপা গছৰ পৰা ভাগি পেলাই দিয়া, নহ’লে তাইৰ স্মৃতিবোৰ ঘূৰাই লৈ আনা।

এক অকেলী চ্ছতৰী মে জব আধে-আধে ভীগ ৰহে থে
আধে ছুখে, আধে গীলে, ছুখা তো মেই লে আয়ি থী
গীলা মন শায়দ বিস্তৰ কে পাছ পড়া হো
ৱো ভিজৱা দো, মেৰা ৱো ছামান লৌটা দো।
(एक अकेली छतरी में जब आधे-आधे भीग रहे थे/
आधे सूखे, आधे गीले, सूखा तो मैं ले आई थी/
गीला मन शायद बिस्तर के पास पड़ा हो/
वो भिजवा दो, मेरा वो सामान लौटा दो।)

এদিন বৰষুণত একেখন ছাতিৰ তলত দুয়ো আধা-আধাকৈ তিতি খোজ মেলিছিল প্ৰেমিকৰ ঘৰলৈ। আধা শুকান আধা তিতা দেহাটো সম্পূৰ্ণ শুকোৱাৰ পিছত, নিজৰ ঘৰলৈ ঘুৰি আহি উপলব্ধি কৰিছিল যে তাইৰ আধা তিতা হৃদয়খন দেখোন প্ৰেমিকৰ বিছনাৰ কাষতেই থাকি আহিল! সেই একান্ত ব্যক্তিগত জীপাল মুহূৰ্তবোৰ যেন আকৌ ঘূৰাই দিয়ে, তাই তাকে বিচাৰে।

এক শ ছোল্লাহ চাঁদ কী ৰাতে, এক তুমহাৰে কাঁন্ধে কা তিল
গিলি মেহেন্দি কী খুচবু, ঝুঠ-মুঠ কে শিকৱে কুচ্ছ
ঝুঠ-মুঠ কে ৱাদে ভী ছব য়াদ কৰা দুঁ
ছব ভিজৱা দো, মেৰা ৱো ছামান লৌটা দো।
(एक सौ सोलह चाँद की रातें, एक तुम्हारे काँधे का तिल/
गीली मेहँदी की खुशबू, झूठ-मूठ के शिकवे कुछ/
झूठ-मूठ के वादे भी सब याद करा दूं/
सब भिजवा दो, मेरा वो सामान लौटा दो।)

মনত আছে নে তাৰ সেই পাৰ কৰি অহা এশ ষোল্লটা (অনেক) জোনাক ৰাতিৰ কথাবোৰ। জোনাক ৰাতি তাই যে তাৰ কান্ধত মূৰ থৈ তাৰ কান্ধৰ ক’লা তিলটো নখেৰে চুই চুই সময়বোৰ পাৰ কৰিছিল- দুয়োৰে হৃদয়ৰ কথা পাতি-পাতি। তাৰ মনত আছেনে তাইৰ হাতৰ কেচা মেহেন্দীৰ সেই সুবাসবোৰ, মিছা অভিমানবোৰ, মিছা-মিছিকৈ খোৱা শপতবোৰ। জোনাক প্লাৱিত নিশাৰ সেই একান্ত মধুৰ স্মৃতিবোৰ তাই পুনৰ ঘূৰাই বিচাৰিছে- সকলো পাহৰি পেলাবলৈ।

এক ইজাজত দে দো বছ, জব ইনকো দফ্‌নাউংগী
মেই ভী ৱহী ছো জাউংগী
মেই ভী ৱহী ছো জাউংগী।
(एक इजाज़त दे दो बस, जब इनको दफ़नाऊगी/
मैं भी वहीँ सो जाऊंगी,/
मैं भी वहीँ सो जाऊंगी।)

মাথোন এবাৰ অনুমতি দিয়া। অন্তৰত এতিয়াও জীয়াই থকা সেই স্মৃতিবোৰ যিদিনাখন কবৰ দিবলৈ নিম সেইদিনাখন মইও সেই কবৰতে শুই যাম, চিৰ দিনৰ বাবে শুই যাম।

[গুলজাৰৰ গীতৰ অৰ্থোদ্ধাৰ কৰিবলৈ কৈ কৰা ‘ল’ৰা-ধেমালী’ৰ বাবে মাৰ্জনা বিচাৰিলোঁ- আগতীয়াকৈ।]

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক