গুড়ি পৰুৱাৰ দল (আব্দুছ চাজিদ)

গুড়ি পৰুৱাৰ দল

‘কাটাৰৰ ডায়েৰী’ত ডাক্তৰ ভূপেন্দ্ৰ শইকীয়া ডাঙৰীয়াই লিখা এটা কথাই মোৰ মনত ৰেখাপাত কৰিছিল৷ তাকে আজি উত্থাপন কৰোঁ বুলি এই প’ষ্টটো লিখিলোঁ৷

শইকীয়া ডাঙৰীয়াৰ ডায়েৰীৰ পৃষ্ঠাৰ পৰা গম পাইছিলোঁ, ‘কাটাৰত বিভিন্ন ক্ষেত্ৰত কৰ্মৰত ভাৰতীয়সকলৰ ৭৫ শতাংশই হ’ল দক্ষিণ ভাৰতৰ৷ তাৰে মাজৰ অধিকাংশই হ’ল কেৰালাৰ পৰা অহা৷ কেৰালাত কোনো স্থানীয় লোকেই হাজিৰা কাম নকৰে৷ শিক্ষিত, অৰ্ধশিক্ষিত প্ৰায় প্ৰতি ঘৰৰে কোনোবা নহয় কোনোবাই বিদেশত চাকৰি কৰে৷ বিদেশত কাম কৰি আহৰণ কৰা ধনেৰে ধনৱন্ত হৈ উঠা এনে লোকসকলে স্বদেশত ঘৰ সাজে, বিয়া পাতে৷ কেৰালাৰ অৰ্থনীতি সবল কৰাত ই গুৰুত্বপূৰ্ণ ভূমিকা লৈছে৷ ভাৰতৰ এই ক্ষুদ্ৰ প্ৰদেশখনৰ আটাইকেইটা এয়াৰপ’ৰ্টেই ইণ্টাৰ্নেশ্বনেল্, কাৰণ কেৰালাৰ প্ৰতি দ্বিতীয়টো ঘৰৰ এজন থাকে বিদেশত৷’

মোৰ চিত্ৰশিল্পী বন্ধু এজন পৰহি মোৰ ওচৰলৈ আহিছিল৷ সন্তানক তেওঁ কেৰালাৰ এখন শিক্ষানুষ্ঠানত ৰাখি পঢ়ুৱাইছে৷ কেৰালাৰ প্ৰসংগ ওলালত তেওঁৰ মন্তব্য, ‘আপুনি কেৰালালৈ যাওকনা৷ দেখিব, ডাঙৰ ডাঙৰ আৰু সুন্দৰ সুন্দৰ ঘৰ৷ কিন্তু তলা মৰা৷ ঘৰত তলা মাৰি গৃহস্থ আছেগৈ বিদেশত৷ বছৰেকত এবাৰ আহে, অলপ দিন থাকে, আকৌ গুচি যায়৷’

বন্ধুৰ কথা শুনাৰ লগে লগে মোৰো মনত পৰিল, পণ্ডিচেৰীৰ কাৰাইকালত তেনেকুৱা কেইবাটাও ঘৰ মই নিজ চকুৰে প্ৰত্যক্ষ কৰিছিলোঁ৷ সুদৃশ্য ঘৰ, ঘৰত তলা, গে’টত তলা৷ জানিব পাৰিছিলোঁ যে সেই ঘৰৰ মালিক বিদেশত থাকে৷ বছৰেকত এবাৰ-দুবাৰ আহে, পুনৰ প্ৰত্যাৱৰ্তন৷ আনহাতে কিছুমান ঘৰ আন কাৰোবাক ভাড়ালৈও দি যায় বুলিও গম পাইছিলোঁ, যেতিয়া অসমীয়া পৰিয়াল থকা তেনেকুৱা ভাড়াঘৰ এটালৈ মই এদিন ফুৰিবলৈ গ’লোঁ৷

কাটাৰত নিজৰ গাড়ী দুৰ্ঘটনাৰ সংক্রান্তত ডাক্তৰ শইকীয়া ডাঙৰীয়াই উল্লেখ কৰিছিল, ‘ৱৰ্কশ্বপত গৈ এনে লাগিল যেন মই কেৰালাতহে প্ৰৱেশ কৰিলোঁ! কাৰ্যালয়টোৰ এক ডজনতকৈ অধিক কৰ্মচাৰীৰ সকলোৱেই মালায়ালমত কথা পাতি আছে৷ ৱৰ্কশ্বপৰ ভিতৰৰ কৰ্মীসকলো হয় কেৰালাৰ, নহয় দক্ষিণ ভাৰতৰ আন কোনো অঞ্চলৰ৷’  এটা উৎসাহজনক উদাহৰণ৷

কাটাৰকে ধৰি আন আন বিদেশ ৰাষ্ট্ৰত কৰ্মসংস্থাপনৰ লক্ষ্যৰে কেৰালাৰ লোকসকল আগৰে পৰাই ধাৱমান৷ ইফালে, কেৰালাকে ধৰি দাক্ষিণাত্যত খালী হোৱা, কাম কৰা মানুহৰ অভাৱ পূৰাবলৈ অসমৰ পৰা সেইফালে ঢল বৈছে৷ আৰবী জনা কেৰালাইটৰ পৃষ্ঠপোষকতাত সমুদ্ৰৰ সিপাৰে ‘পৰুৱাৰ দল’ গঢ়ি উঠিছে৷ এইফালে, ‘মালায়ালম জনা অসমীয়া যুৱকে এজেণ্টৰ ভূমিকা লৈ ত্ৰিবান্দ্ৰম এক্সপ্ৰেছ ৰে’লেৰে নিয়মীয়াকৈ অসমৰ পৰা বনুৱা সৰবৰাহ কৰি আহিছে৷’ নিবনুৱা সমস্যাত জৰ্জৰিত আমাৰ ৰাজ্য, ৰাষ্ট্ৰৰ পৰা হৈ থকা প্ৰব্ৰজনৰ এই ধাৰাটো এতিয়া আৰু কাৰো অগোচৰ হৈ থকা নাই৷

সঁচা-মিছা নাজানো, শুনিবলৈ পোৱামতে, অসমৰ পৰা যোৱা এজন ৰাজমিস্ত্ৰীয়ে কেৰালাত হেনো হাজিৰা হিচাপে সাতশ পঞ্চাশ টকা পায়৷ একেখিনি শ্ৰমৰ বিনিময়ত অসমত কিন্তু পায় তিনিশ পঞ্চাশ টকাহে৷ কাটাৰলৈ যোৱা কেৰেলীয়ানে নিশ্চয় আৰু বহুত বেছি পায়৷ গতিকে এইটো সম্ভৱ হ’ব নোৱাৰেনে যে আমাৰ প্ৰদেশৰ পৰা কেৰালালৈ কাম কৰিবলৈ যোৱা এই লোকসকলো কেৰালাৰ মানুহৰ দৰে সোনকালে বিদেশলৈ যাব পৰা হৈ উঠক৷ সেই দিশত তেওঁলোকক প্ৰয়োজনীয় খা-খবৰবোৰ অহৰহ যোগান ধৰি থকা হওক৷ ‘গুড়ি পৰুৱা’ৰ লানি এটা লাগক, সাগৰৰ সিপাৰলৈ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments