গুৰুদক্ষিণা : জ্যোতির্ময় শর্মা

গুৰুদক্ষিণা


জ্যোতির্ময় শর্মা

 

শৰ্মাৰ মোবাইল ফোনটো হেৰাল ! নাই যে নায়েই ! শোৱাকোঠা, পাকঘৰ, গাধোৱা ঘৰ, কিতাপৰ আলমাৰী… একো বাদ পৰা নাই ৷ চবতে বিচাৰিলে ! নাই, মোবাইলটো নাই ! ডায়েল কৰিলে ৰিং হৈ হৈ কাট খাই যায় ৷ এইখিনিতে অকণমান শৰ্মাৰ বিষয়ে কওঁ- অবসৰপ্ৰাপ্ত শিক্ষক ৷ একেবাৰে নিৰ্জু মানুহ ৷ সৰু চহৰ এখনৰ বাসিন্দা ৷ ঘৰত শৰ্মা, শৰ্মানী আৰু লাচনী-পাচনী কৰাকৈ গণেশ ৷ একমাত্ৰ পুত্ৰ চাকৰীসূত্ৰে অসমৰ বাহিৰত থাকে ৷ জী-জোঁৱাই গুৱাহাটীত ৷ শৰ্মাৰ আকৌ পাহৰা স্বভাৱ এটাও আছে ! এই কথাটোকে লৈ ৰসাল ঘটনা দুটামান চহৰখনত সকলোৰে মুখে মুখে !

: “ক’ত ক’ত গৈছিল, ভালকৈ মনত পেলাওকচোন !” শৰ্মানীয়ে ফোন বিচৰাৰ মাজে মাজে কৈ আছে ৷ নাই, পুৱাৰেপৰা শৰ্মা ঘৰতে আছে ! ক’তো যোৱা নাই ৷ গণেশেও পাৰেমানে বিচাৰিছে ! এইধৰণৰ বস্তু হেৰোৱা-মেলা ঘটনাবোৰত সাধাৰণতে গণেশজাতীয় মানুহকে আটায়ে সন্দেহ কৰে ! গণেশেও জানে কথাটো ! গতিকে চব কাম বাদ দি সি ফোনকে বিচাৰিছে !

শৰ্মাৰ জীয়েকেটো প্ৰায় কান্দিয়েই পেলালে- ’ম‍ই দিয়া ইম্মান ধুনীয়া মোবাইলটো হেৰাল !!”
জোঁৱাইৰ গহীন পৰামৰ্শ- ” যি হ’ল হৈ গ’ল, এতিয়া প্ৰথম কামটো হ’ল, থানাত এজাহাৰ এখন দিব লাগে আৰু নম্বৰটো দিএক্টিভেট কৰি পেলাব লাগে ৷”
পৰামৰ্শ মতেই কাম ৷ শৰ্মা থানা পালেগৈ ৷ জীৱনত প্ৰথমবাৰৰ বাবে থানাৰ বাৰান্দা গচকিছে ! শৰ্মা নাৰ্ভাচ ! কোনটো কোঠাত সোমাব, একো ধৰিব পৰা নাই ৷

” চাৰ ! আপুনি ইয়াত কি ক’ৰিছে ?” কৰোবাৰ মাত শুনি শৰ্মাই ঘুৰি চালে ৷ পুলিচ অফিচাৰ এজনে তেওঁকেই কৈছে !
“মোক চিনি পোৱা নাই নেকি চাৰ ? ম‍ই ৰাঘৱ ! ৰাঘৱ দাস, আপোনাৰ ছাত্ৰ !!”
শৰ্মাৰ মনত পৰা নাই ৷ নপৰেও !!
” কওঁক চাৰ, কিয় আহিল ?” ৰাঘৱে সুধিলে ৷
শৰ্মাই সকলো বিৱৰি ক’লে ৷ ৰাঘৱে চিপাহীএজনক মাতি কাগজ এখিলাত হেৰোৱা মোবাইলৰ বিৱৰণ লিখাই ল’লে ৷ কেৱল, মোবাইল ফোনৰ নিৰ্মাতা কোম্পানীৰ নামটো কওঁতে শৰ্মাৰ খেলিমেলিখন লাগিল !” অন কৰিলে দুফালৰ পৰা দুখন হাত আহি লগ লাগি যায় !” শৰ্মাই বুজালে, ৰাঘৱে কিবা এটা বুজিলে, চিপাহীজনেও ! নামটো লিখি থ’লে ! নকিয়া !
” আমি যি লিখিব লাগে লিখি ল’ম চাৰ, আপুনি ইয়াত মাত্ৰ এটা চহী কৰি দিয়ক ৷ ’ৰাঘৱে শৰ্মাক থানাৰ গেটলৈ আগবঢ়াই দিলে-“চিন্তা নকৰিব চাৰ, ম‍ই আছো ! আপোনাৰ মোবাইল ম‍ই নিজে ঘৰত দি আহিমগৈ ! ছাত্ৰ হিচাবে শিক্ষাগুৰুৰ বাবে এইখিনি নকৰিম নে ? গুৰুদক্ষিণা দিয়াৰ এয়েই সুযোগ !” ৰাঘৱে হাউলি দি শৰ্মাৰ ভৰি স্পৰ্শ কৰাৰ দৰে কিবা এটা কৰিলে ! শৰ্মাৰ দুচকু ভৰি আহিল ! দৃশ্যটো দেখি চাইকেল চলাই অহা এজনে ডিঙি ঘুৰাই চাই চাই গৈ ৰাষ্টাৰ মাজত থিয় হৈ থকা ষাড়টোক খুন্দা মাৰি হামখুৰি খাই পৰিল !

বীৰদৰ্পে শৰ্মা ঘৰ পালেহি ! শৰ্মানীয়ে কিবা কোৱাৰ আগতেই ক’লে- ” মোবাইল আহি আছে !” লগতে ৰহস্যময় হাঁহি !
” মোবাইল আহি আছে নহয় ! আনিলো ! ফুলনিত পৰি আছিল !!! 200 ৰ ওপৰত মিচকল !” শৰ্মানীৰ কণ্ঠ আৰু ৰহস্যময় !!
শৰ্মাৰ চাৎকৈ মনত পৰি গ’ল ! এৰা, পুৱা ফুলৰ গুৰি খুচৰি থাকোতে ফোনটো তেওঁৰ হাততেই আছিল ! মানে তাতেই …..!
“ফুলৰ সুবাস লৈ লৈ ফোন কৰিবলগীয়া কোনোবা আছে চাগে !!!” শৰ্মানীয়ে এপাট শেল মাৰি পঠিয়ালে ! কাল্পনিক নাৰী এগৰাকীক লৈ ঘৈণীয়েকে মৰা এইপাত শেলৰ আঘাত পৃথিৱীৰ প্ৰত্যেকজন বিবাহিত পুৰুষেই বুকু পাতি লবলগীয়া হৈছে !!!
“যাওঁক, থানাত গৈ এইটো পালোঁ বুলি কৈ থৈ আহকগৈ ! নহ’লে এইবাৰ ক’ৰ্টলৈ দৌৰিব লাগিব !”
শৰ্মা থানা পালেগৈ ৷ ৰাঘৱ নাই ৷ চিপাহী এজনক সোধাত ক’লে- ” চাৰে জেৰা কৰি আছে !” ! কিছুসময় পিছত ৰাঘৱ আহিল ৷ ঘামি জামি ! শৰ্মাই ফোনটো পোৱাৰ কথাটো ক’লে ৷ লগতে এজাহাৰখন উঠাই লোৱাৰ কথাও ক’লে ৷ ৰাঘৱ একপ্ৰকাৰ দপদপাই উঠিল !!! “কি কয় চাৰ !! এইটো কেছত আমি পুৰা অগ্ৰগতি লাভ কৰিছোঁ ! কেছ চলভড !!” শৰ্মা অবাক ! কি কয় ৰাঘৱে !
শৰ্মাই একো বুজি নোপোৱাযেন দেখি ৰাঘৱে শৰ্মাৰ হাতত ধৰি প্ৰায় টানি নিয়াৰ দৰে নি লকআপৰ ওচৰ পোৱালেগৈ ! ভিতৰত তিনিজন মানুহ ! চকু-মু্খ ফুলি ভীমাকাৰ ! এজনে মজিয়াত বহি কান্দি আছে ! ৰাঘৱক দেখি তিনিওজনে হাতযোৰ কৰিলে !
” চাওঁক চাৰ, আমি এনকোৱাৰী কৰি এই তিনিটা চোৰ ধৰিছোঁ ! ইয়াৰে দুটাই ইতিমধ্যে স্বীকাৰ কৰিছে যে, সিহঁতেই আপোনাৰ ফোনটো চুৰ কৰি বিক্ৰি কৰিছে ! আৰু এই যে কান্দি থকাটো, ই কৈছে যে , ইহতে চুৰ কৰাৰ পৰা বিক্ৰি কৰালৈকে পুৰা কাণ্ড-কাৰখানা ই দেখিছে ! গতিকে এতিয়া এজাহাৰ উঠাই লোৱা সম্ভৱ নহয় !”
শৰ্মাৰ অলৰেডি মেল খাই থকা মুখখন পুৰাপুৰি মেল খাই গ’ল !!!!!!

(বহু পুৰণি গাজা এটাৰ আলমত)

***********************************
“গুৰুকো কৰিবা দান মোৰ দেউতা
ভকতক কৰিবা দান;
নমৰা কালত অ’ ৰাম বুলিবা
পাবা বৈকুণ্ঠত থান।”
***********************************

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক