গুৰুদেৱ পতাকা! (মূল: ওশ্ব’ ৰাজনীশ)অনুবাদ-সুৰেন গোস্বামী

মূল- সন্ন্যাসী ‘ওশ্ব’’ই কোৱা “নিয়ম ভংগ হয় কেনেকৈ”- শীৰ্ষক এটি হিন্দী কাহিনী।

এজন দৰ্জী আছিল। এবাৰ তেওঁ‌ বেমাৰত পৰিল। বেমাৰ ইমানেই কঠিন যে তেওঁ‌ মৃত্যুৰ দুৱাৰদলিত থিয় হ’ল। মানুহে ক্ষণ গণিবলৈ ধৰিলে। মৃতপ্ৰায় দৰ্জীজনে ৰাতি এটা সপোন দেখিলে যে তেওঁ‌ মৰিল। তেওঁ‌ক কবৰ দিবলৈ কবৰস্থলীলৈ নিয়া হৈছে।
কবৰস্থলীত অসংখ্য পতাকা দেখি দৰ্জীজন বিচলিত হৈ পৰিল। দৰ্জী মানুহ! কাপোৰৰ প্ৰতি আকৰ্ষিত হৈ পৰাটো স্বাভাৱিক! তেওঁ‌ ওচৰৰে ব্যক্তি এজনক সুধিলে, “ইমানবোৰ পতাকা ইয়াত কিয় লগোৱা হৈছে?”
মানুহজনে উত্তৰ দিলে, ”তুমি যিসকলৰ পৰা কাপোৰ চুৰ কৰিছিলা, যিমান কাপোৰ চুৰ কৰিছিলা, সেইবোৰৰ প্ৰতীক হিচাপে এইবোৰ পতাকা লগোৱা হৈছে। ইয়াৰ পৰাই আল্লাহে তোমাৰ বিচাৰ কৰিব আৰু তোমাৰ চুৰি কাৰ্য্যৰ ৰহস্য ভেদ কৰিব। এই পতাকাবোৰেই তোমাৰ জীৱনৰ হিচাপৰ বহী।”
দৰ্জীজন চিন্তিত হৈ পৰিল, “হে আল্লাহ! দয়া কৰা, ক্ষমা কৰা মোক!” অসংখ্য পতাকা। চকুৰে যিমান দূৰলৈ দেখা যায়, সিমান দূৰলৈ পতাকাই পতাকা! এনেতে আল্লাৰ মাত শুনি তেওঁ‌ সাৰ পাই উঠিল। কি কাৰণে জনা নাযায়, তেওঁ‌ হঠাতে একেবাৰে সুস্থ হৈ উঠিল। তেওঁ‌ বৰ ভয় খালে। কিছুপৰ পিছত তেওঁ‌ তেওঁ‌ৰ দোকানলৈ আহিল।
দৰ্জীজনৰ এজন শিষ্য আছিল, যাক তেওঁ‌ প্ৰশিক্ষণ দিছিল। তেওঁ‌ শিষ্যজনক মাতিলে আৰু ক’লে, “শুন, এতিয়াৰপৰা এটা কথাত মন দিবি। মোৰ নিজৰ ওপৰত বিশ্বাস নাই। যদি ভাল দামী কাপোৰ আহে, মই নিশ্চয় চুৰ কৰিম। নিজকে চম্ভালিব নোৱাৰিম। ই মোৰ পুৰণি অভ্যাস। এতিয়া এই বৃদ্ধাৱস্থাত এই অভ্যাস গুচোৱা কঠিন। তথাপি চেষ্টা কৰিব লাগিব। সেয়ে, যেতিয়াই তই মোক কাপোৰ চুৰ কৰা দেখ, তেতিয়াই চিঞৰি ক’বি, “গুৰুদেৱ পতাকা।” এনেকৈয়ে মোক সোঁৱৰাই দিবি আৰু তেতিয়াই মই মোক চম্ভালি ল’ম। ইমানতে মোৰ কাম হৈ যাব।”
শিষ্যজনে এনেকৈ সুধিব লগাৰ কাৰণ কি সুধিলে। দৰ্জীয়ে মাথোঁ ক’লে, “সেইবোৰ কথাৰ তোৰ দৰকাৰ নাই। পুনৰ নুসুধিবি। মাত্ৰ যি কৈছোঁ, তাকে কৰিবি।” শিষ্যজনেও আৰু একো নুসুধিলে। কোৱা মতে কৰি গ’ল।
এনেকৈ তিনিদিন পাৰ হ’ল। প্ৰতিদিনে শিষ্যজনে কেবাবাৰো চিঞৰিব লগা হৈছিল, “গুৰুদেৱ, পতাকা।” কোৱা মাত্ৰেই দৰ্জীয়ে নিজক চম্ভালি লয়। চতুৰ্থ দিনা এটা ঘটনা ঘটিল। এজন বিচাৰকে এটা চাপকণ চিলাবলৈ দিলে। কাপোৰ আছিল বিলাতী আৰু অতি দামী। কাপোৰলৈ চাই দৰ্জীৰ চিন্তা হ’ল, “ই এতিয়া চিঞৰিবই!” সেয়ে তেওঁ‌ শিষ্যজনলৈ পিঠি দি কাপোৰ চুৰ কৰিবলৈ ধৰোঁতেই শিষ্যজনে চিঞৰিলে, “গুৰুদেৱ, পতাকা!” দৰ্জীৰ বৰ খং উঠিল। তেওঁ‌ ক’লে, “মুখ বন্ধ কৰ অকৰ্মণ্য! এনে ৰঙৰ কাপোৰ তাত নাছিলেই। আৰু থাকিলেই যেনিবা, লোকচান কি? য’ত ইমানবোৰ পতাকা লগোৱা হৈছে, তাত আকৌ এখন লাগিব। কথা সিমানহে!”

উপৰুৱা নিয়ম গভীৰলৈ নাযায়। সপোনত শিকা কথাই জীৱনৰ সত্য নিৰূপণ নকৰে। ভয়ৰ বাবে নিজক কিমান চম্ভালি থাকিবা? আৰু লোভতো পুণ্য হ’ব নোৱাৰে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক