গুৰুভক্তি আৰু নীতিশিক্ষা (মানবেন্দ্ৰ কুমাৰ শৰ্মা)

গুৰুৰ কথা শিলৰ ৰেখা, তেনে বহুতো উদাহৰণেই ইতিহাসৰ পাতত পোৱা যায়৷ পুৰণি কালত ঋষি ধৌম্যৰ আশ্ৰমত অধ্যয়ন কৰা আৰুণি আৰু উপমন্যু আছিল পৰম গুৰুভক্ত৷ তেওঁলোকৰ গুৰুভক্তিৰ প্ৰমাণ চাবলৈ গুৰুৱে আৰুণিক ক’লে, “তুমি পথাৰলৈ গৈ আলিবোৰ ভালকৈ দি পথাৰত পানী ধৰি ৰাখিবা, চাবা যাতে পানী ওলাই যাব নোৱাৰে৷”

কিন্তু আৰুণিয়ে আলি দি যেতিয়া পথাৰত পানী ধৰি ৰাখিব নোৱাৰিলে, তেতিয়া তেওঁ গুৰুৰ কথা ৰক্ষা কৰিবলৈ নিজে আলিত কাটি হৈ পৰি থাকিল আৰু এনেকৈয়ে পানী ওলাই যাব নোৱাৰাকৈ সোঁত বন্ধ কৰি ৰাখিলে৷

ৰাতি হোৱাতো আৰুণি ঘূৰি আহি নোপোৱাত, গুৰুৱে শিষ্য সকলক লৈ আৰুণিক বিচাৰি পথাৰ পালেগৈ৷ আৰুণিক সেই অৱস্থাত দেখি গুৰু তেওঁৰ ভক্তিত সন্তুষ্ট হৈ তেওঁক উদ্দালক নাম প্ৰদান কৰিলে আৰু গুৰু-দক্ষিণাৰ প্ৰাপ্তিৰ স্বীকৃতিৰে আনন্দমনে আশ্ৰমৰ পৰা বিদায় দিলে৷

গুৰুৱে এইবাৰ উপমন্যুক পঠালে গৰু চৰাবলৈ৷ দিনটো লঘোণে ভোকে উপমন্যুৱে গৰু চৰায়, অথচ তেনেকৈ বহুদিন থাকিও স্বাস্থ্যৰ একো হানি নোহোৱাত গুৰুৱে উপমন্যুক সুধিলে, “তুমি দিনটো কি খোৱা?” উপমন্যুৱে ক’লে, “মই ভিক্ষা কৰি খাওঁ৷” তেতিয়া গুৰুৱে ক’লে, “গুৰুক নিবেদন নকৰাকৈ তুমি খোৱা কেনেকৈ?”

তাৰ পিছৰে পৰা তেওঁ ভিক্ষা কৰি অনা সকলো বস্তু গুৰুকে নিবেদন কৰেহি৷ তথাপি উপমন্যুৰ স্বাস্থ্য হানি নোহোৱাত গুৰুৱে পুনৰ তেওঁক মাতি কি খোৱা বুলি সুধিলত তেওঁ উত্তৰ দিলে, “মই দ্বিতীয়বাৰ ভিক্ষা কৰি আনি ভোক পলুৱাওঁ৷ “ তেতিয়াও ঋষিয়ে ক’লে, “তুমি বেয়া কাম কৰিছা, সেই খিনিও তুমি আন ভিক্ষুকহে দান কৰিব লাগে৷ “গুৰুৰ কথা মানি সেইবোৰো দান কৰাৰ পাছতো উপমন্যুৰ স্বাস্থ্যহানি নোহোৱা দেখি গুৰুৱে পুনৰ প্ৰশ্ন কৰিলে, “এতিয়া তুমি কি খাইছা?” “তেতিয়া উপমন্যুৱে ক’লে, “দামুৰীয়ে খোৱাৰ পাছত ওহাৰত থাকি যোৱা গাখীৰকণ খাই আছোঁ৷” তেতিয়া গুৰুৱে ক’লে, “সেয়েহে দামুৰীবোৰ খীনাইছে, সেই গাখীৰো তুমি নাখাবা৷”

অলপ দিনৰ পাছত ঋষিয়ে উপমন্যুক পুনৰ সুধিলে, “এতিয়া তুমি কি খোৱা?” উপমন্যুৱে ক’লে- “দামুৰীৰ ওঁঠত লাগি থকা গাখীৰৰ ফেনবোৰকে সেৱন কৰিছোঁ৷” এই কথা শুনি ঋষিয়ে সেই ফেন খোৱাৰ পৰাও উপমন্যুক বিৰত থাকিবলৈ ক’লে৷ উপমন্যু উপায়বিহীন হৈ এদিন ভোকৰ প্ৰকোপত তৎ নাপাই আকনৰ পাতকে ভক্ষণ কৰিলে৷ ফলত তেওঁ অন্ধ হৈ পৰিল আৰু উভতি আহিব নোৱাৰি এঠাইত পৰি থাকিল৷ গধূলি গৰুৰ পাছে পাছে উপমন্যু ঘৰলৈ উভতি নহা দেখি গুৰু চিন্তাত পৰিল আৰু তেওঁক বিচাৰি গ’ল৷ উপমন্যুক বিচাৰি বিচাৰি অৱশেষত অন্ধ হৈ এটা খাৱৈত পৰি থকা অৱস্থাত উদ্ধাৰ কৰিলে৷

সকলো বিৱৰি কোৱাত গুৰুৱে সন্তুষ্ট হৈ দৃষ্টশক্তি ঘূৰাই পাবলৈ স্বৰ্গৰ বেজ অশ্বিনী কুমাৰক তুতি কৰিবলৈ তেওঁক উপদেশ দিলে আৰু সেই মতে অশ্বিনী কুমাৰে তেওঁক দৃষ্টি শক্তি পুনৰ প্ৰদান কৰিলে৷ গুৰুৱে উপমন্যুৰ এনে গুৰুভক্তিত সন্তুষ্ট হ’ল আৰু গুৰু দক্ষিণা পোৱা বুলি কৈ সৰ্ব-শাস্ত্ৰবিদ হবলৈ আশিস দি বিদায় দিলে৷

~~~~~~~~~~~~~~~~~~~~~~~~~

আমি পঢ়া সময়ত এই পাঠটো কিজানি ’চৰিত্ৰ পাঠ’ পাঠ্যপুথিৰ অন্তৰ্গত আছিল৷ আমাৰ চৌপাশে সিচঁৰতি হৈ থকা বনৌষধি বুলি ভবা কেতবোৰৰ যে মাৰাত্মক কুপ্ৰভাৱো থাকিব পাৰে এই পাঠটোৱে তেতিয়াই আমাক কিছু হ’লেও সচেতন কৰি তুলিছিল৷ কথাখিনিৰ প্ৰাসংগিকতা এতিয়াও থকা যেন লগাত এইকেইদিন মনত ইয়াৰ অনুৰণন হৈ আছিল যদিও চৰিত্ৰ কেইটাৰ নামে অলপ আহুকালৰ সৃষ্টি কৰি আছিল৷ বন্ধু অভিজিৎ বড়াই গোটেই কাহিনীটোৱেই পঠিয়াই দিলে৷

আমাৰ চৌপাশে সিচৰিত হৈ থকা বনৌষধি বুলি ভবা বহুবোৰ গছ-লতিকাৰ আমাৰ শৰীৰত সুপ্ৰভাৱৰ লগতে কিছুমানৰ মাৰাত্মক কুপ্ৰভাৱো পৰে৷ এতিয়া কিন্তু আমাৰ দৃষ্টিশক্তি পুনৰ ঘূৰাই দিবলৈ কোনো অশ্বিনী কুমাৰো নাই!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক