গুৱাহাটীত এডোখৰ মাটি, এটা ঘৰ, কিছু গছ-গছনি আৰু ভাড়াঘৰ(- সুৰজিৎ নেওগ)

আপোনালোকে ইতিমধ্যে কিবা অনুমান কৰিব পাৰিছে নিশ্চয়… হয়, ঠিকেই ধৰিছে । গুৱাহাটীখন সমগ্র উত্তৰপূবৰ দুৱাৰমুখ স্বৰুপে ভাৰতবৰৰ্ষৰ এখন ব্যস্ত তথা লেখত ল’বলগীয়া চহৰ। গুৱাহাটীত স্থায়ীভাৱে কাম-চাকৰি কৰা বা গুৱাহাটীত নথকা বহুতো সমৰ্থবান লোকৰ সেয়ে গুৱাহাটীত এডোখৰ মাটি-ঘৰ বা এটা ফ্লেট লোৱাটো আজিকালি জীৱনৰ এটা “প্র্ধান উদ্দেশ্য” যেন হৈছে । আজিৰ পৰা ৯ বছৰ আগেয়ে গুৱাহাটীলৈ আহো চাকৰি সূত্রে থাকিবলৈ। মই মোৰ নলে গলা লগা যোৰহাটৰ বন্ধু এজনৰ গুৱাহাটীৰ ঘৰত ভাড়াতীয়া হিচাপে থিতাপি ল’লোহি। যদিও ভাড়াতীয়া, নিজৰ ঘৰ বুলিয়েই থাকোঁ, বিশাল চৌহ্দত (গুৱাহাটীৰ ষ্টেণ্ডাৰ্ড অনুসৰি) গছ-গছনিৰে ভৰা দুমহলীয়া ঘৰটোত মই মোৰ পৰিয়ালসহ একমাত্র বাসিন্দা। কৰ্মসুত্রে চাহ বাগানৰ বিভিন্ন গছ-গছনি, ফুলেৰে সুসোভিত বিশাল চৌহদৰ ব্রিটিছ কায়দাৰ বঙলাত ৮ বছৰ অতিবাহিত কৰি অভ্যস্থ হৈ পৰা মনটোৱে অলপ হাহাকাৰ কৰি উঠিছিল যদিও মনে মনে নিজক সান্তনা দিলো যে গুৱাহাটীত নিজৰ সামৰ্থ অনুযায়ি ইয়াতকৈ ভাল থকা ঠাই আৰু নাপাওঁ।
দুবছৰ মান সুখে শান্তিৰে পাৰ কৰাৰ পিছ্ত যেতিয়া দেখো মোৰ আৰু লৰচৰ কৰাৰ কোনো সম্ভাৱনা নাই অৰ্থাৎ গুৱাহাটীয়েই মোৰ স্থায়ী ঠিকনা হোৱাৰ পথত, লাহে লাহে কুটকুটনিটো আৰম্ভ হ’ল । ‘দেখাক দেখি উঠিল গা, কেতুৰীয়ে বোলো মোকো খা’ … বিভিন্ন বন্ধু-বান্ধৱ, শুভাকাংখী তথা আত্মীয়-স্বজনৰ উপদেশ-হেঁচাত চিন্তা কৰিলোঁ গুৱাহাটীত ‘নিজাকৈ’ কিবা এটা কৰিব লাগে দেখোন … বছ, আৰম্ভ হৈ গ’ল… বিভিন্ন অলিয়ে গলিয়ে থকা সদাপ্র্স্তুত মাটিৰ ‘দালাল’ কেইজনক অতি কম সময়ৰ ভিতৰতে চিনি পোৱা হ’লো… দুবছৰ মানৰ ভিতৰত গুৱাহাটীত খালি থকা প্রায়্ভাগ বিক্রিযোগ্য (বা অযোগ্য) মাটি আৰু বহু ফ্লেটৰ নক্সা পৰ্যন্ত মুখস্থ হৈ গ’ল…। পিছে নাই, একো আগনাবাঢ়িল, কাৰণ সাধাৰণতে প্রায়্ভাগ ক্রেতাৰ ক্ষেত্র্ত যি হয় মোৰো হ’ল … যিবোৰ পচন্দ হয় সেইবোৰ বলে নোৱাৰা আৰু যিবোৰ সামৰ্থৰ ভিতৰত পৰা যেন লাগে সেইবোৰ মনে নাখায়। ইতিমধ্যে ঠিক কৰিলোঁ, যদি নিজৰ বুলি কিবা কিনোৱেই তেন্তে মাটিয়েই কিনিম, ফ্লেটত নাথাকোঁ; একেবাৰে ভীষ্ম প্র্তি্জ্ঞা ! দুবছৰৰ নিষ্ফল প্র্চেষ্টাৰ পিছ্ত হতাশ হৈ নিজে নিজক শান্তনা দিলো ‘ভাগ্যত নাই, ভাৰা ঘৰতেই থাকিম আৰু৷’ হাড়ে-হিমজুৱে কথাষাৰ আকৌ এবাৰ অনুভৱ কৰিলোঁ – আমাৰ দৰে চাকৰিজিৱী বাহিৰা পইছা নথকা দৰমহা কিটাৰ ওপৰত নিৰ্ভৰশীল ব্যক্তিগত প্রতিস্থানত কাম কৰা লোকৰ বাবে গুৱাহাটী হেন চহৰত মাটি কিনি ঘৰ সজা প্রায় অসম্ভৱ৷
এনেদৰে দুবছৰমান পাৰ হ’ল । ইতিমধ্যে ‘নিজাকৈ’ ঘৰ-মাটি কিনাৰ ভূত্টোও আঁতৰিছে । মোৰ ভাৰাঘৰটোৱেই মোৰ স্থায়ী পৰিচয়। ভাৰাঘৰৰ মালিকেও ঘৰৰ সমস্ত মেইনটেনেঞ্চৰ দায়িত্ব মোৰ ওপৰত এৰি দি সুখে-শান্তিৰে দিন নিয়াইছে। ইতিমধ্যে অঞ্চলটোৰ স্থায়ী বাসিন্দা তথা বিভিন্ন ভাষা-ভাষি ভাড়াতীয়াসকলৰ লগতো চা-চিনাকি বাঢ়ি এক আত্মীয়তা গঢ়লৈ উঠিছে। সকাম নিকাম, মেল-মিটিঙ, ৰাজহুৱা অনুস্থানত আমি (মানে মই বা শ্রীমতী) অনুপস্থিত থাকিলে ৰাইজে অভিযোগো কৰে কেতিয়াবা। এনেতে এদিন মাঘ বিহুৰ ৰাজহুৱা ভোজৰ দিনা ওচৰ-চুবুৰীয়া শুভাকাংখী এজনে সুধিলে “নেওগ, মাটি-চাটি যোগাৰ হ’লনে? ফ্লেট এটাকে লৈ পেলাওক।’’ মই মোৰ অৱস্থাটোৰ কথা ক’লো । কেইদিন মান পিছ্ত উক্ত মানুহজনে মোক জনালে, “এডোখৰ মাটি আছে, সস্তাতে দিব, লয় যদি ওলাওক চাবলৈ”… এনেয়ে ক’লো, যাম বুলি। তথাপিও মানুহজনৰ অনুৰোধ পেলাব নোৱাৰি ওলালো চাবলৈ… তেখেতে ক’লে, “গাড়ী নিব নালাগে, ওচৰতে”, বাইক খনলৈ ওলালো এদিন শনিবাৰ এটাত… আধা পকা আধা কেচা ওখোৰা মোখোৰা ৰাস্তাত থেকেচনি খাই দুই কি.মি. মান যোৱাৰ পিছ্ত স্কুলৰ খেল পথাৰ এখনৰ ওচৰত ৰলোগৈ । দুডুখৰিমান ভাল প্লট দেখি মনটো ভাল লাগি গ’ল । গুৱাহাটী চহৰৰ একেবাৰে গাতে লাগি আছে অথচ একদম গাৱঁলীয়া পৰিবেশ, হাই-উৰুমি নাই । ওৱা, এখেতে দেখোন মোক কেইখোজ মান আগুৱাই লৈ গৈ পিতনি এখনৰ ওচৰ পোৱালেগৈ । “এই ডোখৰেই প্লট, কাগজে পত্রই আঢ়ৈ কঠা, কিন্তু আছে পুৰা তিনিকঠা। মিয়াদি পত্তা ।“হাৰে কথা হ’ল নেকি, গুৱাহাটী হেন চহৰত মই এই পূখুৰীটোতহে ঘৰ বনাম নে? বিশেষ একো নোকোৱাকৈ হাঁহি এটা মাৰি গুচি আহিলোঁ। মোৰ শুভাকাংখীজনেও গ’ম পালে কেনা ক’ত ! তেখেতে গধূলী আহি মোক ক’লে, শ্রীমতিক এবাৰ দেখুৱাই আনকছোন, এনেই যাওক । পিছদিনা শ্রীমতিক লৈ গলো, তেওঁ অলপ ভাবিচিন্তি ক’লে, “বেয়া নহয়, দাম-দৰ মিলিলে লৈ থব পাৰি” ….
যি কি নহওক, বহুতো চিন্তা-চৰ্চা, হিচাপ-নিকাচ, দাম-দৰৰ পিছ্ত আধা পিটনিখন লোৱাৰ সিদ্ধান্ত ল’লো… কাম আৰম্ভ কৰাৰ (agreement sign) ‘শুভদিন’ হিচাপে মই শ্রীমতিক ১৫ বছৰৰ আগতে প্র’পজ কৰা দিনটোতকৈ আৰু ভাল দিন বিবেচনালৈ নাহিল দেখুন… বেংক ল’ন, চেল পাৰ্মিচন আদিৰ পিছত দৌৰা-দৌৰি… সেই শুভাকাংখীজনক মাটি দেখুৱাই দিয়া, মালিকৰ লগত দাম-দৰ কৰা আদি কষ্টকনৰ বাবদ মাটিৰ ক্রয়মূল্যৰ ১০% দক্ষিণা দিলোঁ (তেখেতৰ মতে তেখেতে মাটিৰ দালালি নকৰে হেনো, মাত্র সহায়হে কৰে)। চাৰিমাহ মানৰ মূৰত অহা চেল পাৰ্মিচনখনখন দেখি চকু কপালত উঠিল… চাৰিওফালে ঘৰেৰে আৱৰি থকা পুখুৰীটো হেনো খেতি-বাতিৰ উপযোগী মাটিহে, তাত মাষ্টাৰ প্লেন অনুসৰি ঘৰ বনোৱাৰ অধিকাৰ নাই… কি কৰ কৰ এতিয়া…. গুৱাহাটী উন্নয়ন বিভাগৰ সেই অতি লেতেৰা অফিচটোলৈ তাত-বাতি কৰোতে কৰোতে হায়ৰাণ। প্রায় ৯ মাহ মানৰ পিছত এজন সন্দেহযুক্ত প্র্ৱ্জনকাৰিৰ (মৰিগাওঁ ফালৰ) এনেধৰণৰ মাটি ক্রয়-বিক্রয় সংক্রান্তীয় আদালতত কৰা এখন আৱেদনৰ ৰায়দানৰ (সেইবোৰ বহুত দিঘ্লীয়া কথা, বখানিলে মহাভাৰত হ’বগৈ) ওপৰত ভিত্তি কৰি কোনোমতে মই মাটিডোখৰৰ মালিকিস্বত্ব পালোগৈ। হাউচিং ল’ন, পাৰ্চনেল ল’নৰ হেঁচাত কঁকাল বেকা হ’লেও ‘গুৱাহাটীত অন্ততঃ নিজা বুলিবলৈ কিবা এটা হ’লৰ জোৰতেই (!!) হ’বলা কোনোমতে টিকি থাকিলোঁ । পুখুৰী পুতি, কুঁৱা খান্দি, তৰ্জাবেৰৰ ঘৰ সাজি আচল কামফেৰা কৰিবলৈ কঁকালত টঙালী বান্ধিলোঁ… সচৰাচৰ জ্যোতিষিয়ে নিৰ্ধাৰণ কৰি দিয়া অথবা পঞ্জীকাই লিখি দিয়া “শুভদিন”ৰ ওপৰত থকা মোৰ অবিশ্বাসৰ হেতু মই মোৰ সুবিধা অনুসৰি বন্ধবাৰ এটাত ঘৰৰ লাইখুটা পোতিলো…. ইয়াৰ পিছ্ত শ্রীমতিৰ ৮০%, মোৰ ২০% কষ্ট আৰু বেংকৰ উদাৰ সহযোগিতাত আমাৰ সপোনৰ ঘৰটোৱে এটা ৰুপ পাবলৈ আৰম্ভ কৰিলে… আৰু ইয়াৰ ঠিক ৩৬৫ দিন পিছ্ত এদিন দুপৰীয়া ধূপ-ধূনা জ্ব্লাই ওচৰৰ ১০ টা মান আপেক্ষিকভাৱে দৰিদ্র শিশুক পেট ভৰাই এসাজ খুৱাই ২০০৯ চনত মোৰ গৃহ্প্রবেশ ঘটিল৷ কাকতালীয় সংযোগটো হ’ল সেই বিশেষ দিনটো মোৰ বন্ধ বাৰ আছিল লক্ষ্মীপূজা ওপলক্ষে… সম্পূৰ্ণ নিজা আৰ্হিৰ কিন্তু প্র্ফেচনেল স্ত্রাকচাৰেল ডিজাইনাৰে তৈয়াৰ কৰা ‘১৩, কামিনী কাঞ্চন’ অৱশেষত থিয় হ’ল… বছ, জীৱনৰ এটা গুৰুত্বপূৰ্ন অধ্যায়ৰ সফল পৰিসমাপ্তিত আমাৰ উশাহ-নিশাহবোৰ যথেষ্ঠ সুচল হ’বলৈ আৰম্ভ কৰিছে …।

আমাৰ দুয়োৰে একান্ত ইচ্ছা তথা কষ্টত ঘৰৰ বাৰিখনেও লাহে লাহে থন ধৰিবলৈ আৰম্ভ কৰিছে । আম চাৰিজোপা, একোজোপা আটলচ, বগাজামূ, মধূৰী, কৰ্দৈ (ৰহদৈ), গুটিহীন লেচু, তিতাফুল, কেইবাজোপা কাজীনেমু আৰু গোলনেমু, দুজোপা কমলাটেঙা, বকুলগছ এজোপা, নাহৰগছ এজোপা, কেইবাজোপা কলগছ (জাহাজী, মনোহৰ আৰু কাচকল) আৰু অতি সম্প্রতি এটা আহোমবগৰীৰ পুলি আনি লগাইছো…. গৰমদিনত কিছু চাঁ পাবলৈ এজোপা কৄষ্ণচূড়া আৰু দুজোপামান নীমগছো লগাই লৈছোঁ… তদুপৰি বতৰৰ খেতি হিচাপে বিলাহী, লাউ, কচু, বেঙেনা, ভেণ্ডি কেইটামান পাওঁ । আমি সৰুসুৰাকৈ এখন টেৰেচ গাৰ্ডেনো কৰি লৈছো য’ত প্র্ধানকৈ ফুল আৰু এজোপা সাচিগছ আৰু এজোপা নীমগছ আছে । মোৰ শ্রীমতিৰ ঐকান্তিক প্রচেষ্টাত এশৰো ওপৰ টাবত বিভিন্ন ফুলে জকমকাই থাকে । (এই কামবোৰ যদিও আমাৰ বুলি কৈছো, ইয়াত পিছে মোৰ অৰিহনা মাত্র ৫% মানহে, মিছা ক’লে পাপে চুব)… এইখিনিৰ বাদে আমাৰ এটা কুকুৰ (প্রায় ১৩ বছৰ বয়স) আৰু মাক-বাপেক সহ তিনিটা পোৱালীৰ এখন মেকুৰিৰ সংসাৰো আছে । এই গোটেইখিনি আমাৰ একান্ত নিজৰ…. এইখনেই আমাৰ স্ব্য়ংসম্পূৰ্ন সংসাৰ…
মোৰ আত্মীয়, বন্ধু-বান্ধৱ (কেইবা গৰাকী ফে’চবুকৰ জৰিয়তে চিনাকী হোৱা) সকল আহে মাজে । আড্ডা মাৰি, ড্রিংক এটা লৈ, গ’প চ’প কৰি আমি সকলোৱে বেছ উপভোগ কৰোঁ সময়বোৰ। প্র্শংসাৰ চকুবোৰ দেখি আপ্লুত নোহোৱাকৈ নাথাকো, মনে মনে গৰ্ববোধো কৰো । প্রায় সকল (কেইজনমান ব্যতিক্র্ম) অতিথিৰ এটাই মাত্র আপচোচ… তেওঁলোকৰ চকুবোৰে কিবা এটা যেন বিচাৰি পিতপিতাই ফুৰে… ঘৰৰ আগফাল-পিছ্ফাল, তল-ওপৰ চাই কেতিয়াবা কৈয়েই পেলাই (নিশ্চয় ভাল ভাবি)… “চব ধূনীয়া, ইমান গছ-গছনি.. বঢ়িয়া.. পিছে গুৱাহাটী হেন চহৰত মাটি-বাৰি কৰি ভাড়াঘৰ এটা নবনোৱাটো মুৰ্খামী নহয়নে? এই গোটেই ঘৰটোত তোমালোক মাত্র তিনিটা প্রাণীহে থাকিবানে? এটা পাৰ্ট ভাড়া দি দিব পাৰা দেখুন … অন্ততঃ তৰ্জা বেৰাৰ একলাইন মান ঘৰ হলেও এটা ৰানিং ইনকাম…” …. মোৰ তেতিয়া মনত পৰি যায়, মোৰ এলেকাটোত থকা ৯০% মূলঘৰৰ লগতে থকা তৰ্জা বেৰাৰ ঘৰবোৰত বসবাস কৰা সন্দেহজনক বাংলাদেশী নাগৰীকসকলৰ মুখবোৰ …. নাই নাই মই সুখতেই আছো নেকি ? ৰাইজ, কি কয় ??

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments