গুৱাহাটীৰ পৰা দিল্লীলৈ: দুটা অনুভৱ (আদিত্য ৰঞ্জন দত্ত)

গুৱাহাটীৰ পৰা দিল্লীলৈঃ দুটা অনুভৱ

আদিত্য ৰঞ্জন দত্ত

১) সিদিনা গুৱাহাটীৰ পৰা দিল্লীলে উৰিম আৰু! গুৱাহাটী বিমান বন্দৰত আকৌ যিহে ভিৰ! আমাৰ ৰাষ্ট্ৰপতি মহোদয় আহিব বুলি নিৰাপত্তাৰ নামত সাধাৰণ জনতাৰ দুৰ্ভোগ। বহু দেৰি শাৰীপাতি থিয় হৈ থকাৰ পাছত যেনিবা বোৰ্ডিং পাছখন পালোঁগৈ আৰু। প্লেনৰ ভিতৰত সোমাই নিজৰ জেগাত বহিবলৈ গৈ দেখোঁ মোৰ সহযাত্ৰী এজন বিদেশী শ্বেতাংগ ব্যক্তি। সেইসময়ত তেওঁ অন্য এজন যুৱকৰ লগত কথা পাতি আছিল। মোক আচৰিত কৰি বিদেশী ব্যক্তিজনে যুৱকজনে ইংৰাজীত সোধা প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ সম্পূৰ্ণ অসমীয়াতে দি গৈছিল। কথা পাতি থকাৰ মাজতে বিদেশী ব্যক্তিজনে সেই যুৱকজনক ঘৰ ক’ত সুধিলে। যুৱকজনে তেওঁৰ ঘৰ নগাঁৱৰ পুৰণিগুদামৰ ফালে বুলি ক’লে। যুৱকজনৰ ঘৰ নগাঁৱত বুলি গম পাই বিদেশী ব্যক্তিজনে কৰা প্ৰশ্নটোতেই মোৰ ঘাম ওলাই গ’ল লাজত। প্ৰশ্নটো আছিল, যুৱকজনৰ ঘৰ অসমৰ নগাঁৱত যদিও তেওঁ অসমীয়া ভাষা নকয় কিয়!

২) বিদেশী ব্যক্তি জনৰ নাম ড° ডেভিদ চলৰে। পেচাত তেওঁ চিকিৎসক। চিকিৎসাবিজ্ঞানৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰতে এক নম্বৰ বুলি জনাজাত চাৰ জন হোপকিন্স চিকিৎসালয় পৰা ডিগ্ৰীধাৰী তেওঁ। অসমলৈ আহি থাকে সমাজসেৱাৰ বাবে/ মানৱ সেৱাৰ বাবে। ৰোগীৰ লগত কথা পাতিবলৈ সুবিধা হ’বৰ বাবে অসমীয়াও শিকি লৈছে সলসলীয়াকৈ। মোৰ লগত যাত্ৰাৰ গোটেই সময়খিনি অসমীয়াতেই কথা পাতিলে। ভাল লাগিল। কিন্তু মোৰ মনত অলপ খু-দুৱনি থাকি গৈছিল। তেওঁ মোক বাৰে বাৰে খ্ৰীষ্টধৰ্মৰ কথা, যীশুৰ কথা ক’বলৈ চেষ্টা কৰিছিল। যদিও মই কৈছিলোঁ যে মোক ধৰ্মৰ কথা কৈ লাভ নাই, মই বিধৰ্মী মানুহ। লাহে লাহে তেওঁ ক’বলৈ ধৰিছিল খ্ৰীষ্ট ধৰ্মৰ সুবিধাসমূহ। সেই ধৰ্ম ল’লে হেনো বহুত সুবিধা। আমেৰিকালৈ যাবলৈও হেনো সহজ হৈ পৰে। আমাৰ কথাই শেহলৈ তৰ্কাতৰ্কিৰ ৰূপ লৈছিলগৈ। এয়া ধৰ্মীয় আগ্ৰাসন নহয় জানো! যিকোনো ধৰ্মকে মই বেয়া পাওঁ। আৰু তেনে ব্যক্তি এজনক ধৰ্মীয় জ্ঞান দিবলৈ চেষ্টা কৰাটোৱেই মহাপাপ। পিছে এনেধৰণৰ আগ্ৰাসনে আকৌ দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানু্হখিনিকহে লক্ষ্য কৰি লয়। এয়া জানো সমাজসেৱা!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments