গৃহিণী — চৈয়দা ছেমিন ইছলাম

আজিকালি প্ৰায়েই শাহুৱেকৰ পিন্ধি থকা মেখেলা চাদৰযোৰৰ পিছফালৰ বহা ঠাই ডোখৰত তিতি উঠা দেখা পায় মহুৱাই। সুধিম বুলিও ভয়তে একো সুধিব নোৱাৰে তাই তেওঁক। বোৱাৰী এজনী হৈ এনেবোৰ কথা শাহুৱেকক সুধিলে হয়তো বেয়াও পাব পাৰে তেওঁ মহুৱাক। ইতিমধ্যে তেওঁ যদি নিজেই নিজৰ এই সমস্যাটো মহুৱাহঁতৰ পৰা গোপন কৰি কিবা ব‍্যৱস্থা লৈ আছে…? অথবা অস্বস্তিত ভুগি থাকি মুড বেয়া হৈ আছে তেওঁৰ? তেনেকুৱা ধৰণৰ কিবা এটা হ’লেতো কথাই নাই, মহুৱাই সোধাৰ লগে লগে তাই তেওঁৰ গালি খোৱাটো একেবাৰে খাটাং। হকে-বিহকে গালি-শপনিৰে থকা-সৰকা কৰি পেলাব পাৰে তাইক…?
কিন্তু, তেওঁৰ অজানিতেই যদিহে এনেকুৱা হৈ আছে তেওঁৰ? তেতিয়া…?
দৰাচলতে ষাঠিৰোৰ্ধৰ মহিলা উৰ্মিলা নামৰ এই মানুহ গৰাকীৰ স্বভাৱটো অলপ একা-চেকা ধৰণৰ। মাতটোও ভীষণ কঠুৱা মাত। মহুৱাৰ কথা-কামত অলপ অসন্তুষ্ট হ’লেই একেবাৰে ক্ষুণ্ণ হৈ পৰে মানুহ গৰাকী। তলৰ মাটি ওপৰ কৰে নিমিষতে। মুখত যি আহে তাকেই বলকিব ধৰে তাইক। নিচেই সাধাৰণ ঘৰৰ আলসুৱা জীয়ৰী মহুৱাজনীৰ বোৱাৰী হৈ আহি এইখন ঘৰত শাহুৱেকৰ এনেকুৱা ব‍্যৱহাৰ সহ‍্য নহয়। অৱশ্যে অন্তৰখনহে সিমান বেয়া নহয় শাহুৱেকৰ। মাতত কাঁইট থাকিলেও অন্তৰেৰে নিজৰ জীয়ৰীৰ নিচিনাকৈয়েই পূৰাদমে খেয়াল ৰাখে তেওঁ মহুৱাৰ। এসময়ত প্ৰথম সন্তান হিচাপে গৌৰৱৰ ছমাহ নৌহওঁতেই স্বামীহাৰা হৈ জীৱন যুদ্ধত নামিবলৈ বাধ্য হোৱাৰ বাবেই হয়তো তেওঁৰ এই মানসিক পৰিৱৰ্তন…? ৰঙা ৰঙে ৰঙীন কৰি তোলা জীৱনটোত স্বামী আৰু পুত্ৰৰ সান্নিধ্যত ৰঙীন সপোন দেখিবলৈ লৈছিলহে চাগৈ বেচেৰীয়ে, এবছৰ নৌহওঁতেই উকা হৈ পৰিছিল তেওঁৰ জীৱনৰ আটাইবোৰ ৰঙীন সপোন। সেয়ে, ডেউকা ভগা চৰাই এজনীয়ে উৰিবলৈ চেষ্টা কৰাৰ দৰে গৌৰৱকেই সযতনে বুকুত বান্ধি জীৱনৰ প্ৰায় বিয়লি বেলাত উপস্থিত হৈছিলহি উৰ্মিলা। গৌৰৱক শিক্ষা-দীক্ষাৰে উপযুক্ত কৰি তোলাৰ উপৰিও ছমাহৰ আগতে গৌৰৱৰ পচন্দমতেই মহুৱাকো বোৱাৰী ৰূপে আদৰি লৈছিল তেওঁ। কোনো ধৰণৰ বাক-বিতণ্ডা নোহোৱাকৈ সুকলমে পাৰ হৈ গৈছিল বিয়াৰ সম্পূৰ্ণ পৰ্বটো। কোনো অসুবিধাৰ সন্মুখীন হোৱা নাছিল মহুৱাই। কিন্তু, বোৱাৰী হৈ গৌৰৱৰ ঘৰ গৰকাৰ পিছ দিনাখনৰ পৰাহে যেন উৰ্মিলাৰ আচল ৰূপটোৰ সৈতে পৰিচয় হ’বলৈ ধৰিছিল মহুৱাৰ। প্ৰয়োজনতকৈ বহুত বেছি অত‍্যু‍ৎসাহী যেন অনুভৱ হৈছিল উৰ্মিলাক। পদে পদে মহুৱাক নিজৰ ভৰিত নিজে ঠিয় দিয়াৰ উপদেশৰ বাণীৰে কাণ ঘোলা কৰি দিবলৈ লৈছিল তাইৰ। গৌৰৱৰ পত্নীৰ ৰূপত এখন সুখৰ সংসাৰৰ গৃহিণীৰ সপোন দেখা মহুৱাৰ সপোনবোৰক যেন নস‍্যাৎ কৰি দিব বিচাৰিছিল উৰ্মিলাই। নিজৰ প্ৰেমিকৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈ জীৱনটোক ভালদৰে উপভোগ কৰিব খোজা মহুৱাৰ প্ৰতিটো ইচ্ছাতে বাধাৰ প্ৰাচীৰ হৈ থিয় দিয়া শাহুৱেকৰ প্ৰতি বীতশ্ৰদ্ধ হৈ পৰিছিল তাই। ভীষণ খং উঠিছিল কেতিয়াবা শাহুৱেকৰ ওপৰত। অৱশ্যে শাহুৱেকৰ উপদেশৰ আঁৰত লুকাই থকা শংকাখিনি নুবুজাকৈয়ো থকা নাছিল তাই…! সেয়ে, শাহুৱেকৰ অতীত জীৱনৰ কথাবোৰ ফঁহিয়াই চাই তেওঁৰ ওপৰত উঠি অহা খঙটো নিমিষতে কৰ্পূৰৰ দৰে উৰি গৈছিল মহুৱাৰ। কেতিয়াও বেয়া পাব পৰা নাছিল উৰ্মিলাক। মাথোঁ তেওঁৰ খিঙখিঙিয়া স্বভাৱটোৰ কাৰণেহে বৰ ভয় লগা হৈছিল তাইৰ। স্বামী গৌৰৱৰ লগতেই শাহুমাকৰ এই সমস্যাৰ বিষয়ে আলোচনা কৰিলে ভাল হ’ব বুলি ভাবে। সেইমতে চেগ বুজি কথাটো গৌৰৱৰ কাণচোৱাবও খোজে। কিন্তু, গৌৰৱৰ মাত্ৰাধিক ব‍্যস্ততা আৰু গোমা মুখখনলৈ চাইহে ক’ব খুজিও ৰৈ যায় তাই। বিয়াৰ আগতে দুবছৰৰ কাৰণে প্ৰেমিক হিচাপে পোৱা গৌৰৱকো বিয়াৰ পিছত স্বামী হিচাপে ভালেখিনি সলনি হোৱা ৰূপ এটা উপলব্ধি কৰিব পাৰিছে তাই। সেয়ে গৌৰৱৰ সমুখতো হঠাতে মাকৰ এনেকুৱা সমস্যা এটাৰ কথা উত্থাপন কৰিবলৈ ভয় হৈছে তাইৰ। তেখেতৰেই ভালৰ কাৰণে ভাবি ক’বলৈ গৈ অন্য এক সমস্যাৰ সন্মুখীন হ’ব লগা হয় যদি মহুৱাই? মাকৰ বিৰুদ্ধে “টু“ শব্দ এটা ক’বলৈ নিদিয়া গৌৰৱে এনেকুৱা কথা এষাৰ কোৱাৰ পিছত তাইকেই বা কেনে প্ৰতিক্ৰিয়া দেখুৱাই সি…? এই বিষয়ে “মৌনতা অৱলম্বন কৰি থকাই ভাল“ বুলি ভাৱি দুদিনমান চুপেচাপে থাকিবলৈও চেষ্টা কৰিলে যদিও শাহুৱেকৰ অৱস্থাটোলৈ চাইহে এক অজান আশংকাত ভুগিবলৈ ল’লে তাই। শাহুমাকক আজিকালি সঘনাই কাপোৰ সলাই থকা চকুত পৰিবলৈ ধৰিছে তাইৰ। মুখ ফুটাই কাকো একো নজনাই বীৰদৰ্পে ঘূৰি ফুৰি থাকিলেও কোনোবা পাকত উশাহ চুটি হৈ ভাগৰি পৰি জিৰণি লোৱা শাহুমাকজনী মহুৱাৰ তীক্ষ্ণ দৃষ্টিৰ পৰা সাৰি যাব পৰা নাই।
মহা বিপাঙত পৰিছে মহুৱা। বিপদঘণ্টাৰ আগজাননীয়ে যেন অনবৰতে খেদি ফুৰিবলৈ লৈছে আজিকালি মহুৱাক। কাষৰ ঘৰৰ উৰ্মিলাৰ সমবয়সৰ, উৰ্মিলাৰ লগত প্ৰায় একেলগে অনবৰতে উঠা-বহা কৰা কুলশী পেহীৰ ওপৰতো খং উঠা হৈছে মহুৱাৰ। তেওঁনো বাৰু মহুৱাৰ শাহুমাকৰ এই অৱস্থাটোৰ বিষয়ে একোৱেই গম পোৱা নাইনে? মহুৱাহঁতৰ ঘৰখনৰ আদিৰ পৰা অন্তলৈকে সকলো খবৰ ৰখা কুলশী পেহীয়ে কিয় উৰ্মিলাৰ অসুস্থতাৰ বিষয়ে একো গম নোপোৱাকৈ আছে? উৰ্মিলায়ো তেখেতক নিজৰ অসুবিধাৰ কথা একোকেই নজনোৱাকৈ আছেনে?
কুলশী পেহী অথবা গৌৰৱেও শাহুমাকৰ বিষয়ে একোকে নজনা কথাটো যেন বিশ্বাস নহয় মহুৱাৰ! পিছ মুহূৰ্ততে সচকিত হৈ পৰে মহুৱা –
“মায়ে বাৰু সঁচাকৈয়ে কিবা লুকুৱাইছে নেকি আমাৰ পৰা? “
ঘটনাই ৰূপ সলাই পলম হৈ যোৱাৰ আশংকাত আতংকিত হৈ পৰে মহুৱা। সেয়ে, ইচ্ছাকৃতভাৱে অতি সঘনাই কিছুমান ভুল কৰে তাই আজিকালি। আশা কৰাৰ দৰেই খঙত ৰুদ্ৰমূৰ্তি ধৰে উৰ্মিলাই। ঘৰুৱা কাম-কাজত পাকৈত নোহোৱা মহুৱাক নিজৰ ভৰিত নিজে থিয় হ’ব পৰাকৈ তাইৰ ভাল লগা কাম এটাকে কৰি নিজাববীয়াকৈ সংস্থাপনৰ কথা ক’বলৈ লয়। কিন্তু, দুমাহৰ আগতে যেনেকৈ একেলেথাৰিয়ে কথাবোৰ ক’ব পাৰিছিল, তেনেকৈ যেন এতিয়া নোৱাৰে তেওঁ ক’ব। খং উঠি ভাগৰি শেঁতা পৰিবলৈ লোৱা শাহুমাকৰ দুচকুলৈ সংগোপনে চাই ৰয় তাই। “কিতাপখনত পঢ়িবলৈ পোৱাৰ দৰেই যদি শাহুমাকৰো জৰায়ুৰেই কৰ্কট ৰোগ…? “
চল্লিশোৰ্ধৰ মহিলা সকলৰ বছৰত এবাৰকৈ হ’লেও এইবোৰ অংগ চেক-আপ কৰিব লাগে হেনো! পিছে, এতিয়াও বহুতেই অৱগত নহয় এই চেক-আপৰ কথাটোৰ বিষয়ে। বহুতে জানে যদিও গুৰুত্ব নিদিয়ে। মহুৱাৰ শাহুমাকেও নিশ্চয় নাজানে এইবোৰ কথা! সেই কাৰণেই ইমান অসুবিধাৰ সন্মুখীন হৈও সাধাৰণ অসুবিধা বুলি ভাবি লুকুৱাই ৰাখিছে তেওঁ। মাকে তেনেকুৱা কৰিলেও শিক্ষিত পুত্ৰ হিচাপে গৌৰৱে অন্ততঃ এইবোৰ কথা অলপ জানিব লাগিছিল! মাকৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগিছিল সি! শিক্ষিত পুত্ৰৰ মাতৃ হৈও মহুৱাৰ আইতাকৰ দৰেই একে অৱস্থা হ’বলৈ গৈ আছে নেকি বাৰু? আইতাকৰ মৃত্যুৰ পিছত সৎকাৰৰ আগতে স্নান কৰাবলৈ নিয়া মহিলাখিনিয়ে যে আইতাকৰ বাহিৰলৈ ওলাই আহি ওলমি থকা জৰায়ুটো দেখি আতংকিত হৈ চিঞৰি উঠিছিল? ভিৰৰ মাজত সোমাই মহুৱায়ো সেইদিনা আইতাকৰ সেই দৃশ্যটো দেখি তবধ মানিছিল। পুতৌ জন্মিছিল তাইৰ বৃদ্ধা আইতাকৰ প্ৰতি। কেনেকৈ যে কাকো একো নোকোৱাকৈ লুকুৱাই ৰাখি থৈছিল আইতাকে তেওঁৰ এই বেমাৰটো…! শাহুৱেক উৰ্মিলাৰো যদি তেনেকুৱা কিবা এটা হৈ থাকে? – একো ভাবিব নোৱাৰা হৈ পৰে মহুৱা। পিছ মুহূৰ্ততে সিদ্ধান্তটো লৈয়েই লয় তাই –
“আৰু পলম নকৰোঁ।
নহ’লে ওৰেটো জীৱন বিবেক দংশনত ভুগিব লগা হ’ব! “
: মা, শুই আছে যে আপুনি?
: একো কাম নাই কাৰণে এনেই অলপ বাগৰ দিছোঁ।
: মই আপোনাক কালি হস্পিটেললৈ লৈ যাম বুলি ভাবিছোঁ।
: হস্পিটেললৈ?
: কিয়…?
: এনেই চেক আপ এটা কৰি আহিম।
: কাৰ চেক আপ?
: তোমাৰ?
: মই নাযাওঁ। তুমি পোনাৰ লগতে যাবা।
: ওহোঁ!
তেওঁৰ লগত নাযাওঁ মই। আপোনাৰ লগত যাম। আপোনাৰো চেক-আপ কৰিব লাগিব।
: কিয়?
: কি হৈছে মোৰ?
: আপোনাৰ একো হোৱা নাই, মা!
: যামেই যেতিয়া, আপোনাৰো চেক-আপ এটা কৰি আহিম। সেইটোওনো ইমান ভাবিব লগীয়া কথানে?
: বাৰু…!
নিশ্চুপ হৈ পৰিল উৰ্মিলা।
কেইটামান মুহূৰ্তৰ কাৰণে মহুৱাৰ চকুলৈ চাই আচৰিত হোৱাৰ দৃষ্টি নিক্ষেপ কৰি পিছ মুহূৰ্ততে সলজ ভাবেৰে মুখখন ঘূৰাই দিলে উৰ্মিলাই। বোৱাৰীয়েকে তেওঁৰ তিতা মেখেলা চাদৰবোৰ ইমান দিনে দেখি থকা বুলি গম পাই হয়তো লাজ লাগিছে তেওঁৰ!
সঁচাকৈয়ে…!
মহুৱাৰ কথাখিনি শুনাৰ পিছত উৰ্মিলাৰ যেনেকৈ লাজত মৰি যাওঁ যেন লাগিছে, একেদৰে আৱেগিকো হৈ পৰিছে তেওঁ। জ্বৰ-কাহ, বাতবিষ, চুগাৰ বা অন্য বেমাৰ হোৱা হ’লে হয়তো এনেকৈ লাজ নালাগিলহেঁতেন! কিন্তু, এনেকুৱা বেমাৰ এটা…! কেনেকৈ, কাক, কি বুলি কয় এতিয়া তেওঁ? গিৰিয়েকজন জীয়াই থকাহেঁতেনো বেলেগ কথা আছিল। জীয়ৰী এজনী থাকিলেও তাইৰ আগতে ক’ব পাৰিলে হেঁতেন! গৌৰৱ, ল’ৰা মানুহটোকনো কেনেকৈ কয় এইবোৰ? নতুনকৈ অনা বোৱাৰীয়েকজনীৰ আগতোচোন এইবোৰ কথা ক’বলৈ লাজেই লাগে উৰ্মিলাৰ! সেয়ে, লুকুৱাই ৰাখি থবলৈকেই সিদ্ধান্ত লৈছিল। মহুৱাইহে তেওঁৰ সিদ্ধান্ত এতিয়া ওলট-পালট কৰি দিব খুজিছে! কঠোৰ সংগ্ৰামৰ মাজেৰে অতিবাহিত কৰা জীৱনটোত হঠাতে আজি এনেকৈ মৰমৰ এষাৰ মাত পাই আৱেগ উথলি উঠিল উৰ্মিলাৰ। সংগোপনে ফেঁকুৰি উঠিল গাৰুটোত মূৰটো গুজি।
শাহুমাকে মুখখন ঘূৰাই দিয়া দেখি মনটোত অলপ বেয়া লাগিল মহুৱাৰ। তেওঁৰ সমস্যাবোৰৰ বিষয়ে পাতিব লগীয়া কথাখিনি আধৰুৱা হৈ থাকি গ’ল। এটাই মাত্ৰ ভাল লাগিল যে মহুৱাই ইমান দিনে ভয় কৰি থকা ধৰণে খং নুঠিল আজি উৰ্মিলাৰ। প্ৰতিবাদ অথবা গালি-গালাজো নকৰিলে মহুৱাক।
স্বস্তিৰ নিশ্বাস এৰিলে মহুৱাই –
“গৌৰৱ অফিচৰ পৰা অহাৰ পিছতে মাকৰ অসুবিধাৰ বিষয়ে আজি যেনেকৈ হ’লেও জনাবই লাগিব গৌৰৱক। কালিৰ কাৰণে স্ত্ৰীৰোগৰ চিকিৎসক এগৰাকীৰ ওচৰত আগতীয়াকৈ এপইণ্টমেণ্ট এটা লৈ থব লাগিব! “
ৰিপৰ্টবোৰ চাই উৰ্মিলাৰ চিএ চাৰ্ভিক্স (CA cervix) হোৱাৰ কথাষাৰ জনালে চিকিৎসকে। একেবাৰে আৰ্লি ষ্টেজ(early stage)ত ধৰা পৰাৰ কাৰণে অস্ত্ৰোপচাৰো সম্ভৱ হ’ব বুলি জানিব দিলে তেওঁ। অস্ত্ৰোপচাৰৰ পিছত কেইটামান কেমোথেৰাপী লৈ ৰেগুলাৰ চেক-আপ কৰি থাকিলেই উৰ্মিলাই বিপদমুক্ত হ’ব পাৰিব বুলিও জনালে চিকিৎসকে।
চিকিৎসকগৰাকীৰ পৰামৰ্শ মতেই সকলো চিকিৎসা কৰ্ম সুকলমে সম্পন্ন কৰা হ’ল উৰ্মিলাৰ। জৰায়ুৰ সফল অস্ত্ৰোপচাৰৰ পিছত ঘৰলৈ উভতি অহা উৰ্মিলাৰ আজিকালি মহুৱাৰ ওপৰত অলপো খং নুঠে। তৰকাৰীত নিমখ বেছি অথবা ভাত আধা সিজা হৈ থাকিলেও একো নকয় তাইক আজিকালি তেওঁ। হাঁহি হাঁহি সোনকালে শিকি ল’বলৈহে কয় তেওঁ তাইক। গৌৰৱেও আগতে কৰাৰ নিচিনাকৈ খঙতে টেবুলৰ পৰা উঠি নাযায়…!
ভীষণ সুখ অনুভৱ হয় আজিকালি মহুৱাৰ –
সঁচাকৈয়ে, এতিয়াহে এগৰাকী সম্পূৰ্ণ গৃহিণী হ’ব পাৰিছে তাই…!
★★★

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments