গোঁহাই কথা- ৰূপজ্যোতি নাথ

(তিনি)
ভোগালীৰ সময়ত প্ৰতিবাৰেই গোঁহাইৰ গাত ত’ত নাইকিয়া হয়৷ অসমীয়াৰ বাপতি সাহোন বিহুটিক বাৰু কোনে আদৰ নকৰিব? তাতে আকৌ ভোগালীৰ কথা, মাছে-মঙহে, পিঠাই-পনাই কমখন গোটাবলগীয়া হয়নে বাৰু! ইফালে ম’হৰ এঠা দৈ আৰু চুঙাপিঠাৰ কথাই বেলেগ৷ হওতে গোঁহাই পেটে-ভাতে খাই থাকিব পাৰে, খেতিৰ মাটি হালৰ বলধ নাথাকিব পাৰে, মনটো আছে নহয়৷ মন থাকিলে ধনৰ চিন্তা কিহৰ? গোঁহাইৰ ভাষাত- “ধাৰ কৰি খাই যা, স্ফুৰ্তি কৰি মৰি যা৷ “

ল’ৰা-ছোৱালী দুটিৰে পত্নীক লৈ গোঁহাইৰ চাৰিজনীয়া সংসাৰ৷ অভাৱ নথকা নহয়, হ’লেও মুখৰ হাঁহিৰে সকলো দুখ যেন হজম কৰি থয়৷ ঘৈণীয়েকজনীও পিছে কম সাদৰী নহয়৷ হাজাৰ অভাৱ-অনাটনকো নেওচা দি আজি ইমান বছৰ ধৰি গোঁহাইৰ লগত ছাঁটোৰ দৰে থাকি ঘৰখন চম্ভালি আছে৷ গোঁহাইৰ ঘৈণীয়েক কাৰণে ৰাইজেও তেওঁক আজিকালি গোঁহানী বুলিয়েই মাতা আৰম্ভ কৰিছে৷ গোঁহাই-গোঁহানী যেন ভগৱানে সৃষ্টি কৰা এক পাভযোৰা৷
ভোগালীৰ সময়ত সময়ত সাধাৰণতে আখলৰ বাবে বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী মানুহবোৰে ক্ৰয় কৰে৷ গোঁহানীৰ কথা মতে গোঁহাই ওলাল বজাৰলৈ বুলি৷ পিঠা পুৰিবলৈ মাটিৰ চৰু, দৈৰ বাবে টেকেলি আৰু মাছ-মাংস ৰান্ধিবলৈ এটা কেৰাহী কিনিব৷ মাটিৰ চৰু আৰু টেকেলী ঠিকেই হ’ল, লেঠাটো লাগিল কেৰাহীত৷ বাপ জনমত আখলৰ ওচৰ চাপি নোপোৱা গোঁহাই বিমোৰত পৰিল৷ মাছ-মাংস ৰন্ধাৰ কথা, তাতে ভোগালীত! ! কি জোখত নিব এতিয়া? সাউৎকৈ গোঁহাই কাষৰ মাছৰ বজাৰত গৈ গোটা ৰৌ মাছ এটা কিনি আনিলে৷ তাৰপিছত ইটো কেৰাহীত এবাৰ, সিটো কেৰাহীত এবাৰ জোখ লৈ লৈ দোকানখনৰ সকলো কেৰাহী শেষ কৰিলে৷ শেষত যেনিবা বিশজন মান মানুহে খাব পৰা কেৰাহী এটাত মাছটো খাপ খালেগৈ৷ শুনা কথা মতে দোকানীজনে বোলে সেইদিনা গোঁহাইক চুই কিলাবহে বাকী আৰু ঘৰত যোৱাৰ পিছত গোঁহানীৰ লগত বোলে যিখনহে খকা-খুন্দা লাগিল গোঁহাই কেৰাহী সলাই আনিহে ৰক্ষা৷ এইজন গোঁহাই বাহিৰত থকা দিনবোৰত কেনেদৰে ভোগালী পালন কৰিছিল তাৰ কাহিনী কৈ আমাক আজিও আপ্লুত কৰে৷ গোঁহাইৰ নিজৰ অনন্য কথন ভংগীমাৰে কৈ যায় পুৰনি দিনৰ সোণসেৰীয়া কাহিনীবোৰ৷

সৰুতে ঘৰৰ পৰা পলাই গৈ বাহিৰত থাকিলোঁ গৈ বুলিয়েইটো ভাই নিজৰ সংস্কৃতিক পাহৰিব নোৱাৰি৷ বিশেষকৈ বিহুটোক ভাই৷ ভোগালীয়ে বোল বা ৰঙালীয়ে, পালনটো কৰিমেই৷ তই বিশ্বাস নকৰিবি অসমত কি বিহু পালন কৰিছোঁ আমি, তাৰ কথাই বেলেগ ঐ৷ আমি হ’লো কোম্পেনীত কাম কৰা মানুহ৷ থাকো পাহাৰীৱা ঠাইত কোম্পেনীৰ কোৱাৰ্টাৰত৷ অসমীয়া বুলিবলৈ দুই-চাৰিজন ঠিকাদাৰ মহৰী মাত্ৰ৷ বাকীবোৰ বিহাৰী, বঙালী আৰু স্থানীয় পাহাৰুৱা জনজাতি৷ এবাৰ কি হ’ল জানা ব’হাগ বিহুৰ সময়ত দিলো নহয় হাংগামা লগাই৷ কোম্পেনীৰ বছ্ হ’ল বাহিৰা মানুহ৷ বিহু কি বুজি নাপায় গতিকে ছুটি নিদিয়ে৷ মই বোলো কালিৰ পৰা কাম বন্ধ, হৰতাল৷ ক’বহে পালোঁ সকলোফালে হৈ গ’ল কাম বন্ধ৷ কোম্পেনীৰ বছে মোক ভৰিত ধৰিবহে বাকী৷ বছক সেইদিনা যি বিহু দেখুৱালোঁ সেইদিন ধৰি বিহুৰ নামত আৰু ছুটি নিদিয়াকে থকা নাই৷ সেইবাৰৰ ব’হাগত দুই ৰাতি ধৰি সকলো মিলি যি বিহু পাতিলোঁ আজিও চলি আছে বুজিছা৷ আৰু বছক যে নচুৱালো ভাই নকবি আৰু দুমাহ পিছতেই আকৌ মোক সুধিলে নহয়- বিহু আ গয়া ক্যা? ইম্মান খুছ্ হৈছিল সি৷ -কথাখিনি কৈ গোঁহাই চাধাৰ টেমাটো উলিয়াই চূণ অলপ হাতৰ তলুৱাত লগাই লৈ একান্ত মনে চাধা মোহাৰিবলৈ ধৰিলে৷ মই চুপ-চাপ তাৰ পিনে চাই ৰলোঁ৷ চাধা মোহৰাৰ শেষত হাতৰ তলুৱাত দুটামান চাপৰ মাৰি সোঁহাতৰ বুঢ়া আৰু তৰ্জনী আঙুলি দুটাৰে চাধাখিনি চেপি লৈ ওঁঠৰ ফাকত আলফুলে ভৰাই থ’লে৷ হাতখন জোকাৰি লৈ গোঁহাই পুনৰ ক’ব ধৰিলে- বছ্ ইতিমধ্যে বিহু বুলি পাগল হৈছিল৷ মই বোলো- হ্যেই না বছ্, অউৰ দুইথ’ বিহু হ্যেই৷ একথ’ কাতি বিহু, উচমে খানা পিনা কম হোতা হ্যেই৷ দুচৰা হোতা হ্যেই ভোগালী বিহু৷ উচমে তো খানাহি কাম হ্যেই৷ -গোঁহাইৰ মুখত প্ৰথমবাৰলৈ হিন্দী শুনি বেয়া নালাগিল৷
:কাতি বিহুনো আৰু ক’ত পালন কৰিম ভোগালীটোকে ধুমধামেৰে পালিলোঁ৷ সেইবাৰ আকৌ কি হ’ল জানানে নাই, পুহৰ শেষৰ পিনে মেজি এটা বনাও বুলি ময়েই আগবাঢ়িলোঁ৷ বাকী যি দুই-চাৰি অসমীয়া আছে সিহঁতে আকৌ সেইবোৰ কাম কৰিব নাজানে৷ মই বোলো তেনে কৰিলে নহ’ব৷ কোম্পেনীৰ সকলোবোৰ ৱৰ্কাৰক লগত লৈ ওলালোঁ এদিন পাহাৰৰ ওপৰলৈ বুলি৷ বাঁহ কটাই বাঁহ কাটিলে, কলৰ শুকান পাত লোৱাই শুকান পাত ল’লে, সকলো মিলি কোম্পেনীৰ প্ৰকাণ্ড ট্ৰাক এখনত বোজাই কৰি আনিলোঁ গৈ নহয়৷ তাৰ পিছত একে দিনতে যিটো মেজি সাজি উলিয়ালো নহয় তই বিশ্বাস নকৰিবি বুজিছা, মোটামোটি মই থকা পাহাৰখনৰ ওখ শৃংগটোতকৈও অলপ ওখ হ’ব কিজানি৷ এই ধৰ বিশডাল বাহ লগ লগালে যিমান ওখ হ’ব তাতকৈও ওখ৷
:ইমান ওখ কেনেকৈ কৰিলি?
:আৰে এই অমুকাই নোৱাৰা কাম কি আছে? তই চা প্ৰথমে অলপ সমান ঠাই চাই বাঁহবোৰ পুতি ল’লোঁ৷ তাৰ পিছত পথালিকৈ বাঁহবোৰ বান্ধিলোঁ৷ তাৰ পিছত কলচোঁচনিবোৰ ধুনীয়াকৈ বান্ধি গ’লো৷ প্ৰথম বাঁহডাল শেষ হোৱাৰ পিছত দ্বিতীয়ডাল বান্ধিলোঁ, তাৰপিছত ক্ৰমান্বয়ে এডালৰ ওপৰত এডাল বান্ধি গ’লো৷ এনেদৰে প্ৰায় বিশডালৰো ওপৰ হব বুজিছা৷ ওপৰত মই বাকীবোৰ তলত৷ ঠিক সেইদৰে কলচোঁচনিবোৰ হাঁকুটিয়াই ওপৰলৈ দিবলৈও এডাল এডালকৈ বাঁহ জোৰা লগাই প্ৰায় বিশডাল বাঁহৰ হাঁকুটি এডাল সজা হৈছিল৷ তেনেদৰেই মেজিটো সাজিছিলোঁ বুজিছা৷ আৰু উৰুকাৰ দিনা ৰাতি কোম্পেনীৰ সকলো মিলি তাতে কিযে মস্ত খানা খালোঁ৷ দহটা গাহৰি, ষোল্লটা খাহী ছাগলী, আৰু মাছ কি চাবি প্ৰায় পোন্ধৰ বিশফুট দীঘল জীয়া চিতল সাত‍টা৷ বিলাতী, দেশী যিয়ে যি খায় বিধে বিধে৷
:মানুহ কিমান আছিলনো?
:কোম্পেনী আৰু ওচৰ-পাজৰ মিলি ধৰ এশটা৷
:এশটা মানুহ আৰু ইমানবোৰ মাছ-মাংস?
:কি ইমানবোৰ ঐ, তই বিশ্বাস নকৰিবি সকলোকে খুৱাই বুৱাই যেতিয়া আমি শেষৰ চাৰিজনমান খাবলৈ পাতত বহো, চাও যে মাংসৰ নামত মাত্ৰ জোল আৰু মাছ দুপিচহে আছগৈ৷ মই বোলো এনেকৈ হ’লে কেনেকৈ হ’ব৷ মদে মাংসই সকলোৱে উদৰ পুৰাই খালি আৰু আমালৈ মাত্ৰ খালী ঠালি! সেই ৰাতিয়েই আকৌ ওচৰৰ গাঁৱৰ পৰা ছাগলী বিচাৰি আনি মাৰি-কাটি ৰান্ধি খাও মানে পোহৰ হ’বৰেই হৈছিল৷ কাষৰে নিজৰাত ডুব এটি মাৰি আহি ঈশ্বৰক চিন্তি মেজিত যি জুই লগালো দুদিন বুজিছা পুৰা দুই দিনলৈ জ্বলি আছিল৷ এয়াহে আচল ভোগালী বুজিছা৷

কথা শুনি মোৰ মেল খাই থকা মুখ‍খনলৈ চাই গোঁহাই মিচিক‍কৈ হাঁহিটো মাৰিলে৷ গোঁহাই যেন আজি বৰ খুচ্৷

ক্ৰমশ…

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক