গোন্ধ (বি জে ৰঞ্জন)

-শুনিছ নে?
নাই, উত্তৰ নাই, প্ৰতিমা নিমাত।
-বোলো কি হ’ল, কলা হ’লি নেকি, কি কৈ আছো শুনিছনে?
-অ’, বাইদেউ শুনিছোঁ।
প্ৰতিমা তেনেকুৱাই- কিবা এটা সুধিলে এবাৰতে তাই উত্তৰ নিদিয়ে।

প্ৰতিমাই বৰুৱানীহঁতৰ ঘৰত কাম কৰে। দিনে ৰাতি ভাত ৰান্ধে, বাচন ধোৱে, কেতিয়াবা কাপোৰ-কানি ধোৱে আৰু সৰা-মচা ইত্যাদি কামবোৰ কৰে। ৰাতি ভাত ৰান্ধি থৈ তাই ঘৰলৈ উভতি যায়গৈ। তাইক নিবলৈ কেতিয়াবা গিৰিয়েক উমেশ আহে, নাহিলে তাই অকলে যায়। সিহঁতে বৰুৱাহঁতৰ পৰা কিছু দূৰৈত ভাড়াঘৰ এটাত থাকে। উমেশে অ’ত-ত’ত হাজিৰা কাম আদি কৰে।

বৰুৱানী বাইদেউ বৰ চাফা। পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকে সব সময়তে। গায়েই ধোৱে দিনটোত তিনি-চাৰিবাৰমান। পুৱা গা-পা ধুই মন্দিৰত সোমাই ধূপ, চাকি লগাই পূজা-অৰ্চ্চনা কৰে। কানি-কাপোৰ আদিও ধুনীয়াকৈ পিন্ধে। তেওঁৰ এটা স্বভাৱ আছে- সকলো সহ্য কৰিলেওঁ তেওঁ ‘লেতেৰা’ সহ্য নকৰে, এইটো তেওঁৰ এলাৰ্জিৰ নিচিনা হৈ পৰিছে। বৰুৱানী বাইদেউৰ কথাবোৰ প্ৰতিমাৰ মুখস্থ হৈ গৈছে, যেনে- “কিমান বাৰ ক’ব লাগে খাই থাকোতে হাতখন কাঁহীৰ ওপৰেৰে নানিবি বুলি…হাত ধুলি নে ভালকৈ, চাবি কিন্তু লেতেৰা কৈ আনিলে দলিয়াই দিম….এইবোৰ ক’ত ৰাখিলি..ইমান কওঁ অদৰ্কাৰী বস্তুবোৰ পেলাই দিবলৈ….চাওঁ, দূৰলৈ যাচোন অলপ, তহঁতৰ গাবোৰ যে কেনে গোন্ধায়….”, ইত্যাদি।
বৰুৱানীক খোৱা বস্তু দিবলৈ গলে বহুত ভাবি চিন্তি যায় প্ৰতিমাই। যিমান পাৰে চাফা কৈ দিয়ে, তথাপি কৰবাত ভুল হৈ যায়। ফলত গালি খায়, কেতিয়াবা মাৰ খোৱাৰো উপক্ৰম হয়। এদিনতো সাংঘাতিক ঘটনা, বৰুৱানীয়ে গা ধুই ওলাই আহোতে কেনেবাকৈ প্ৰতিমাৰ হাত এখন তেওঁৰ শৰীৰত স্পৰ্শ হ’ল, বৰুৱানীয়ে আকৌ গা ধুলেগৈ।

আজি উমেশো আহিছিল তাইৰ সৈতে ৰাতিপুৱাই। তাকো কাম কৰিব মাতিছিল বৰুৱাহঁতৰ ঘৰত- চাফাইৰ কাম। সি সন্ধিয়াতে গ’লগৈ, যাওঁতে তাইক নিবলৈ ৰাতি নাহে বুলি কৈ গ’ল।

ৰাতি ভাত হোৱাত প্ৰতিমাই দাইলৰ সাজটো পাকঘৰৰ পৰা টেবুললৈ ডাঙি আনোতে অসাৱধানবশতঃ সাজটোত ঢৌ উঠি দালিয়ে তাইৰ আঙুলী এটা চুই গ’ল। তেনেতেনো দেখিব লাগে নে বৰুৱানীয়ে, দেখি ইমান খং উঠিল যে খঙতে কান্দিয়ে পেলালে। আচলতে কান্দোন ওলাল প্ৰতিমাক মাৰিব নোৱাৰি। মাৰ-পিট কৰিলে যদি কাম এৰি দিয়ে? আজিকালি পইচা দিলেওঁ কাম কৰা মানুহ পাবলৈ নাই। তাতে আকৌ গালি পাৰি থাকোতে বৰুৱাই প্ৰতিমাক একো নকৈ বৰুৱানীক হে মনে-মনে থাকিব দিয়াত বৰুৱানীয়ে খঙত থাকিব নোৱাৰা হৈ কাহীখনকে ঘটংকৈ টেবুলত থৈ চিধাই কোঠাত সোমালেগৈ।
ৰাতি ন মান বজাত প্ৰতিমাই বৰুৱাক কলে-চাৰ, মই গৈ থাকোঁ।
বৰুৱাই কিবা এখন পঢ়ি আছিল, মূৰ ডাঙি প্ৰতিমালৈ চাই তেওঁ কলে- যা নেকি?
প্ৰতিমাই ভয় ভয় কৰি কলে-বাইদেউৱে বা আজি ভাত খায় নে নেখায়!
বৰুৱাৰ চকু আকৌ তললৈ গ’ল, তেওঁ কলে-হাঁ? একো নহয় যা, চিন্তা কৰিব নালাগে, দেৰী হ’ল, তই যাগৈ, কাইলৈ আহিবি।

প্ৰতিমাই ঘৰ পাই দেখে উমেশে বিচনাত দীঘল দি পৰি আছে। তাই লৰালৰিকৈ ভাত ৰন্ধাত লাগিল।
ভাত হোৱাত উমেশক খাবলৈ মাতিলে। সি বিচনাৰ পৰাই ক’লে-মই ভাত নাখাওঁ, তই খা।
-কিয় ? ক’ৰবাত কিবা খাই আহিলি নেকি?
-নাই খোৱা। আজি পেটতো কিবা-কিবি লাগি আছে।
-দিনততো ঠিকেই আছিল?
-তাকেইতো। বৰুৱা চাৰহঁতৰ ৰুমটো যে চফা কৰিলো তেতিয়াৰ পৰা পেটটো ফুলি আছে।
-হু?
-তেওঁলোকৰ শোৱা ৰুমটো যে! উফ, কেনেকুৱা গোন্ধাইছিল। কি যে কৰে তাত, সিহঁতেহে জানে! বিচনাৰ তলত কিমান কি ধৰণৰ কাপোৰৰ টোপোলা! চাফা কৰি থাকোতে পেটটো একেবাৰে আঁৰপাক কৰি ওকালি আহিছিল। বিভৎস গোন্ধ, পচা পচা নে নিগনি মৰাৰ নিচিনাই! তেতিয়াৰ পৰা পেটডাল গোমোঠা মাৰি ধৰি আছে। তই খা, মই নাখাওঁ আজি।
প্ৰতিমাই ভাত খাই আহি গিৰিয়েকক সুধিলে-নেমু আছে। চৰবত এগিলাচ কৰি দিওঁ নিমখেৰে?
………………….

প্ৰতিমা বৰুৱাহঁতৰ ঘৰলৈ গৈ আগৰাতিৰ চুৱা বাচনবোৰৰ মাজত কাঁহী দুখন দেখি ৰৈ গ’ল। বৰুৱানীয়ে পিছফালৰ পৰা আহি ক’লে-কিমান কৈছো, কামবোৰ চাফ-চিকুন কৈ কৰিবি। কালি ৰাতি কি মাৰাত্মক গেষ্ট্ৰিক উঠিল! ভাত নাখাম বুলিয়ে ভাবিছিলোঁ, উপায় নাপাই হে দুগৰাহ খাবলগীয়া হ’ল- গেষ্ট্ৰিকৰ পিল খাবৰ বাবে। চাবি কিন্তু, আকৌ লেতেৰা-পেতেৰা কৈ কাম কৰিলে, শুনিছনে?
-কি হ’ল, কি কৈ আছো শুনিছনে? চাওঁ, আঁতৰি দে অলপ।
-অ’ বাইদেউ। প্ৰতিমাই সৰুকৈ কৈ আঁতৰি দিলে, বৰুৱানী তাইৰ কাষেৰে পাৰ হৈ গল।

বাইদেৱেক পাৰ হৈ যোৱাৰ লগে লগে ক’ৰবাৰ পৰা গোন্ধ এটা উৰি আহি তাইৰ নাকত লাগিল। তাইৰ মনত পৰিল গিৰিয়েকে কালি কাম কৰোতে পোৱা গোন্ধটোৰ কথা।
গোন্ধটো তাই চিনিবলৈ চেষ্টা কৰিলে। হয়, চিনাকি গোন্ধ, আগেয়ে পোৱা গোন্ধ, এই ঘৰতেই পোৱা। উমেশে ঠিকেই কৈছিল- বিভৎস গোন্ধ, পচা পচাই নে নিগনি মৰাৰ নিচিনাই….।
গম নোপোৱাকৈ চাদৰৰ আচলেৰে প্ৰতিমাই নাকটো ঢাকি ললে০০০০।।।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments