গোলকীয় উষ্ণতা বৃদ্ধি, বিজ্ঞান শিক্ষক আৰু আমাৰ বিজ্ঞান শিক্ষা ব্যৱস্থা – আৰহান ইনামূল

ইতিমধ্যেই বিশ্বজুৰি (অৱশ্যেই প্ৰগতিশীল দেশসমূহত বেছিকৈ) ছাত্ৰী-ছাত্ৰ (শুদ্ধকৈয়ে লিখিছো, ছাত্ৰ-ছাত্ৰী বুলি হ’ব লাগিবই বুলি কোনো নিয়ম নাই) সকলে “গোলকীয় উষ্ণতা বৃদ্ধি” ক লৈ সচকিত হৈ সৰৱ হৈ পৰিছে, ৰাজপথলৈ ওলাই আহিছে৷ ছুইজাৰলেণ্ডত ইয়াৰ প্ৰাবল্য অতিকৈ বেছি হৈছে, য’ত ছাত্ৰী-ছাত্ৰ সমাজ সোচ্চাৰ হৈ পৰিছে দেশীয় চৰকাৰ তথা আন্তৰ্জাতিক সংস্থা সমূহক লৈ তথাপিও অদ্যাপি ইছলামিক সন্ত্ৰাসবাদৰ সমানেই ভয়ঙ্কৰ হৈ পৰা এই গোলকীয় সমস্যাটোক লৈ বহুতেই গুৰুত্ব প্ৰদান কৰা নাই৷ এতিয়া আহো আমাৰ নিজৰ মুলুকলৈ, আমি জানো আমাৰ অস্তিত্বক ৰিক্ততাৰ মাজত বিলীন কৰি দিব পৰা উক্ত সমস্যাক লৈ সচেতন, সৰৱ হৈছো?

নাই, অলপো নাই হোৱা৷ ক’ৰ পৰানো হম? কংগ্ৰেছ, বি. জে. পি, চৌকিদাৰ, মন্দিৰ – মছজিদ এইবোৰৰ পৰা আহৰি পালেহে ভাবিব পাৰিম যে বৌদ্ধিক চিন্তাৰ বিশ্ব এখনো আছে, য’ত আমি বাস কৰা বিশ্বৰ ভৱিষ্যতক লৈ – উত্তৰণক লৈ, ভাবুকিক লৈ চিন্তা কৰা হয়৷

অৱশ্যেই আমাৰ দেশৰ দৰে দৰিদ্ৰ দেশ এখনত সৰ্বসাধাৰণক দিনৰ পিছত দিন মৰিচীকাৰ সপোন পিয়াসী বনাই ৰাখিবলৈ ৰাজনীতিৰ মায়াজাল থাকিবই৷ কাৰণ সেই মতেহে ইছ্যু আছে৷ পেটত গামোচা বান্ধি কোনে চিন্তা কৰিব পাৰে – এণ্টাৰ্কটিকাত কিমান বৰফ গলিছে? এইবাৰ কিমান আৰু সোনকালে গ্ৰীষ্মকাল আহিল?

কিন্তু দুচাম ব্যক্তি মহল আছে যি এই সচেতনতা বা সজাগতা সাধাৰণ ৰাইজৰ মাজত বিয়পাই সলনি কৰিব পাৰে বিশ্বৰ ভৱিষ্যত৷ প্ৰথমচাম হল হাইস্কুল পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ কৰ্মৰত বিজ্ঞানৰ শিক্ষক-শিক্ষয়ত্ৰীসকল আৰু আনচাম হল তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীসকল৷ কিন্তু এইখিনিতেই আহি পৰে এটা ডাঙৰ সন্দেহ৷ ভাৰত-অসমৰ কিমান সংখ্যক বিজ্ঞানৰ শিক্ষক – শিক্ষয়ত্ৰী প্ৰকৃততে বিজ্ঞান ভাল পোৱা, বৈজ্ঞানিক মানসিকতাৰ বহনকাৰী সত্ত্বা? পেছাৰ লগতে পেশ্যন হিচাপে বিজ্ঞানৰ সৈতে কিমান জনে নিৰ্বাহ কৰে দৈনন্দিন জীৱন? পঢ়ুৱাব লগীয়া কেৰিকুলামৰ বাহিৰে কিমানজনে অতিৰিক্ত বা নিত্য-নতুন বিজ্ঞানৰ প্ৰজ্ঞাৰ চৰ্চা কৰে?

মোৰ দীৰ্ঘদিনৰ পৰ্যবেক্ষণৰ পৰা কব পাৰো – নিচেই কম৷ আপোনালোকেও নিজৰ নিজৰ ক্ষেত্ৰত এটা সমীক্ষা চলাই চাব পাৰে কেৱল পৰ্যবেক্ষণৰ যোগেদি৷ হাতত এনুৰা ৰ’চি পিন্ধা, দহোটা আঙুলিত বাৰটা – তেৰটাকৈ আঙুঠি পৰিধান কৰা, যাদু- মন্ত্ৰত বিশ্বাস কৰা গণ্ডাই গণ্ডাই বিজ্ঞানৰ শিক্ষক পাব চৌপাশে৷ তেওঁলোকৰ বাবে বিজ্ঞান বিষয়ৰ শিক্ষকতা কৰাটো মাথো এটা পেছা৷ তেওঁলোকৰ বহু শিক্ষকেই হয়তো আপোনাৰ সন্তানক পৰীক্ষাত বহু নম্বৰ পোৱাই দিব পৰাকৈ দক্ষ, কিন্তু বিজ্ঞান মানসিকতাৰ সৃষ্টি কৰিব পৰাকৈ? তেনে প্ৰয়াসৰ প্ৰশ্নই নাহে৷ সৰল কথা – তেওঁলোকৰ বাবে বিজ্ঞানৰ পাঠ্যপুথিখন মাত্ৰ একোখন উৎস পুথি যাক ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰীক মাথো নম্বৰ পোৱাব পাৰি৷ অৱশ্যে ইয়াৰ বাবে আমাৰ শিক্ষা ব্যৱস্থাটো সম্পূৰ্ণৰূপে দায়ী৷ কাৰণ এই ব্যৱস্থাটোত মাত্ৰ গুৰুত্ব দিয়া হয় কোনে কিমান বেছি নম্বৰ পাব পাৰে৷ সেয়ে এনে শিক্ষকক শিক্ষানুষ্ঠানৰ মুৰব্বী সকলে ভাল পায়, কাৰণ শিক্ষামন্ত্ৰীৰ গালি শুনাৰ পৰা বচায়, অভিভাৱকে ভাল পায় কাৰণ সন্তানৰ মাৰ্কশ্বিট শুৱনি হয়৷ কিন্তু সামগ্ৰিক ভাৱে সমাজৰ কি হয়? থ্ৰী ইডিয়টচৰ কেইজন ৰেঞ্চ’ সৃষ্টি হয়? সৰহভাগেই চ্চটুৰ হৈয়েই জীৱন সামৰে দেখোন!

সমাজৰ প্ৰতি স্তৰত বিজ্ঞান মানসিকতাৰ প্ৰচাৰ নহলে গোলকীয় উষ্ণতা বৃদ্ধিৰ সম্পৰ্কে জনসচেতনতা প্ৰসাৰতা কেতিয়াও সহজ নহব৷ চৰকাৰে লাগিলে যিমানেই আচনি – পৰিকল্পনা নলওক- নকৰক কিয়! বিজ্ঞান শিক্ষকসকলে নিজৰ সুবিধামতে নিজৰ কৰ্মক্ষেত্ৰত পোৱা সুবিধা – সমল ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰীৰ লগতে নিজৰ সংস্পৰ্শত থকা সমাজখনত বিজ্ঞান শিক্ষাৰ আৰু বৈজ্ঞানিক চিন্তাৰ প্ৰচাৰ কৰাত অহৰহ প্ৰয়াস চলাই যাব লাগিব৷ কিন্তু দুখৰ বিষয় যে এনে আন্তৰিকতা বা আগ্ৰহ থকা বিজ্ঞান শিক্ষকৰ সংখ্যা নিচেই কম৷ ভাৰতৰ অন্য অংশলৈ নাযাওঁ, অসমৰ কথাই কওঁ, যে সঁচাকৈয়ে বহুত কম৷

ভ্ৰাম্যমাণ বিজ্ঞান পৰীক্ষাগাৰ, ব্যক্তিগত ভাৱে, বিভিন্ন সংগঠনৰ হৈ অসমৰ বিভিন্ন অংশৰ বিদ্যালয় ভ্ৰমণ কৰাৰ, তাৰ শিক্ষক – ছাত্ৰী-ছাত্ৰৰ লগত বিজ্ঞান বিষয়ত আলোচনা বা মত বিনিময় কৰাৰ বহু সুবিধা লাভ কৰিছো৷ কিন্তু প্ৰায়েই লক্ষ্য কৰো যে তেনে আলোচনা বা চৰ্চাৰ প্ৰতি শিক্ষক সকলৰ সিমান আগ্ৰহ নাথাকে যিমান ছাত্ৰ-ছাত্ৰী সকলৰ থাকে৷

শেহত দুটামান উদাহৰণৰ সহায়ত মোৰ উদ্বেগৰ কাৰণ ব্যাখ্যা কৰিছো –

১/ আজি কিছুদিনৰ আগতে যোৰহাটত অনুষ্ঠিত হোৱা জীৱন কলাৰ প্ৰশিক্ষণ অনুষ্ঠান এটাত ছাত্ৰীৰ ঋতুকালীন সময়চোৱাত তেওঁলোকে বহন কৰা মানসিক চাপ সন্দৰ্ভত আলোচনা কৰি থাকোঁতে এজন বিজ্ঞানৰ শিক্ষকে থিয় হৈ সদম্ভে ঘোষণা কৰিলে যে তেওঁ অতদিনে নিজৰ পত্নীকেই সেইদিন কেইটাত কতো যাবলৈ নিদিয়ে, নিয়ম পালন কৰোৱায়৷ তেনেস্থলত তেওঁ কিয় আৰু কিদৰে ছাত্ৰী সকলক মুক্তমনা হবলৈ আহ্বান কৰিব, বুজাব? সেয়া তেওঁৰ সংস্কাৰৰ পৰিপন্থী৷

২/ আমি প্ৰায়েই ভ্ৰাম্যমাণ বিজ্ঞান পৰীক্ষাগাৰৰ সৈতে যোৰহাটৰ বিভিন্ন বিদ্যালয় সমূহলৈ যাওঁ বিজ্ঞানৰ কিছু এক্সপেৰিমেণ্ট হাতে কামে কৰি দেখুৱাবলৈ আৰু ছাত্ৰ-ছাত্ৰীক বিজ্ঞানৰ ওচৰ চপাই আনিবলৈ৷ কিন্তু প্ৰায়েই লক্ষ্য কৰো যে আমি প্ৰৱেশ কৰাৰ লগে লগে বিদ্যালয়ত সেইদিনালৈ আৰু ক্লাছ নোহোৱাৰ আলম লৈ অন্য শিক্ষক সকলৰ সৈতে বিজ্ঞানৰ শিক্ষক সকলেওঁ প্ৰায়েই ঘৰমুৱা হয়৷ য’ত আমি তেওঁলোকৰো অংশগ্ৰহণ আৰু সহযোগিতা কামনা কৰো৷ অৱশ্যে ব্যতিক্ৰমো নোহোৱা নহয়৷

৩/ আজি কিছুদিনৰ পৰা কেইটামান বিজ্ঞান শিক্ষকৰ হোৱাটচ্ এপ গ্ৰুপত সদস্য হোৱাৰ সুবিধা পাইছো৷ বিজ্ঞান বিষয়ক চৰ্চাৰ বাহিৰে তাত সকলো আলোচনা হয়৷ দুদিন আগতে এগৰাকীয়েটো কিবা অমুক দশা, তমুক পৰ্ব চলি থকা ধৰণৰ প’ষ্টো দিছে তাত৷ কিমধিকম! কোনেওঁ বিজ্ঞানৰ বা বিজ্ঞান মানসিকতা বহন কৰা একো প’ষ্ট নকৰা দেখি ময়ো নীৰৱে ৰওঁ, কিজানিবা মোক অতিৰঞ্জিত কৰাৰ দোষে চুব৷ সেয়ে লাজ লাগে৷

মই নাজানো নিজে কিমান কি কৰিব পাৰিছো নে নাই৷ কিন্তু যেতিয়াই সুবিধা পাওঁ পিছৰ প্ৰজন্মৰ মাজত বিজ্ঞানৰ ৰস বিলাবলৈ, বৈজ্ঞানিক চিন্তাৰ প্ৰচাৰ কৰিবলৈ তেতিয়া চেষ্টা কৰাত কৃপণালি কৰা নাই৷ মোৰ বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী সকলৰ মাজত বা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ মাজত যুক্তিবাদী চিন্তাৰ প্ৰসাৰ কৰিবলৈ, বৈজ্ঞানিক মানসিকতাৰ গঢ় দিবলৈ প্ৰায় সক্ষম হৈছো বুলি কব পাৰো৷ অৱশ্যে মোৰ সুবিধা হয় যেতিয়া লক্ষ্মী নাৰায়ন বৰা, তৰুণ বৰা, বিক্ৰম বৰাৰ দৰে আবেগতকৈ যুক্তিক গুৰুত্ব দিয়া আৰু যুক্তিবাদী চিন্তাৰ পোষকতা কৰা সহকৰ্মী লগত পাওঁ৷ তদুপৰি সুবিধা হয় যেতিয়া ভ্ৰাম্যমাণ বিজ্ঞান পৰীক্ষাগাৰৰ সহযোগত অন্য বিদ্যালয়তো তেনে চিন্তাৰ প্ৰচাৰ কৰাৰ সুবিধা পাওঁ৷ অৱশ্যে দুখ লাগে ভাৱি যে অদ্যাপি যিমান সংখ্যক ব্যক্তিগত বিদ্যালয়ে মোক বিজ্ঞানৰ যাদু বা অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ জনাই সুবিধা দিছে তাৰ পৰিৱৰ্তে এখনো চৰকাৰী বিদ্যালয়ৰ পৰা তেনে আমন্ত্ৰণ লাভ কৰা নাই৷ হয়তো ইয়াৰ আঁৰত চৰকাৰী জটিলতা বা অৰ্থনৈতিক জটিলতাওঁ হব পাৰে৷

শেহত কামনা কৰো এই দৃশ্যপটৰ পৰিৱৰ্তন হওক৷ বিজ্ঞান শিক্ষাৰ ক্ষেত্ৰখনত এক নতুন জোৱাৰ আহক, আৰু এই ক্ষেত্ৰত বিজ্ঞানৰ শিক্ষক – শিক্ষয়ত্ৰীসকলে আগভাগ লওক৷ তেহে গোলকীয় উষ্ণতা বৃদ্ধি বা তেনেধৰণৰ সমস্যা সমূহ সন্দৰ্ভত সাধাৰণ ৰাইজক সজাগ কৰিব পৰা যাব৷

জয়তু বিজ্ঞান শিক্ষা,
জয়তু বৈজ্ঞানিক মানসিকতা৷

★ ★

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
KMT
2 years ago

সুন্দৰ পদক্ষেপ ৷ আমাৰ মাজৰে গৰিষ্ঠ সংখ্যকে শিক্ষাদান পেচাটোক To earn my living হিচাপেহে লোৱাটো অপ্ৰিয় হলেও সত্য ৷ গতিকে যিসকলক আপুনি যুক্তিবাদী চিন্তাৰ পোষকতা কৰা বুলি কৈছে , সেই এমুঠিমানকে লৈ আগবাঢ়ক ৷ এই মিছিলটো এদিন লক্ষ্যত উপনিত হবই ৷ আমিও শিশু বিজ্ঞান সমাৰোহৰ লগত 1994 ৰ পৰাই জডৃিত হৈ আছো, সেই আপুনি উল্লেখ কৰা অভিজ্ঞতাৰে ৷ আপোনাৰ যাত্ৰা শুভ হওক এই কামনা কৰিছো ৷
– কৃষ্ণমেনন তামুলী – শিৱসাগৰ

Sikha
2 years ago

যেতিয়ালৈকে আমাৰ চিন্তাধাৰা বৈজ্ঞানিক নহয়, আমাৰ মানসিকতা কেতিয়াও উৎকৃষ্ট হ’ব নোৱাৰে ।আপোনাৰ লিখনি ভাল লাগিল ।