“গোলাপৰ টেনশ্যন্” (দিগন্ত কুমাৰ ভট্টাচাৰ্য্য)

“গোলাপৰ টেনশ্যন্” (দিগন্ত কুমাৰ ভট্টাচাৰ্য্য)

মাইকেল হালৈহতঁৰ বাগিচাত থকা ৰঙা গোলাপজোপাত এইবাৰ অসংখ্য গোলাপ ফুলি গোটেই বাগিচাখনকেই ৰঙীণ কৰি তুলিছে। ফেব্ৰুৱাৰীৰ পুৱাৰ নিয়ৰেৰে গা তিয়াই এতিয়া ৰ’দ পুৱাইছে গোলাপকেইটাই।ওপৰৰ ফালে পাতৰ আঁৰত এটি বয়সস্থ গোলাপ। বয়সৰ লগে লগে পাহিবোৰ সৰি সৰি এটা মাত্ৰ পাহি ৰৈছেগৈ গাত।গলগলীয়া মাতেৰে বৃদ্ধ গোলাপে আৰম্ভ কৰিলে ‘ঐ নিয়ৰ টোপাল গাত সানি নিজকে চিকচিকিয়া কৰি দেহা দেখাবলৈ আজি কিহে পাইছে তহঁতক? আজি নিজৰ ৰূপ দুগুণে বঢ়ালে তহঁতৰেই বিপদ। ৰঙ-ৰূপেই আমাৰ বৈৰী’।আন গোলাপ কেইটাই গা জোকাৰি শুকান হ’ল।

‘মই কিন্তু বাচি গ’লো দেই এইবাৰলৈ। আজি ৰাতিপুৱাই ক’ৰ পৰা ভগৱানৰ দৰে আহি কাউৰী এজনীয়ে মোৰ গাৰ ওপৰতে কাম ফেৰা কৰি দিলে নহয়! মোৰ গাতনো এতিয়া কোনে হাত দিব? খিক্ খিক্’ – আন এটিয়ে মাত লগালে।

‘শুনিছো মাইকেলৰ হেনো এইবাৰ তিনিজনীৰ লগত প্ৰেম চলি আছে। আমাৰ তিনিটি ভাই-ভনীৰ জীৱন যোৱাটো খাটাং’ – আন এটিৰ ভয়।

‘তাতকৈ আমাৰ মালীকাইজন কিমান ভাল! আমাক খুৱায়, পিন্ধায়, আলপৈচান ধৰে। তেওঁ আমাক চিগি নিলেও আমাৰ অন্তিম শয়ন কান্তা বাইৰ খোপাটিতে হ’ব, সন্দেহ নাই। এয়াহে প্ৰেম! পিচে কান্তা বাইৰ চুলিত লগোৱা তেলবিধহে অলপ উগ্ৰ, যদিও ঠাণ্ডা ঠাণ্ডা কুল কুল’।

‘আৰু এই মাইকেলে যোৱাবছৰ নিয়া আমাৰ গোলাপটিৰ কি অবস্থা হৈছিল জানো নহয়। ছি: ছোৱালীৰ চেণ্ডেলৰ তলত পৰি প্ৰাণ দিয়াতকৈ গৰু-ছাগলীৰ মুখত সোমাব বেছি ভাল পাম’।

আটাইকেইটা গোলাপে এইবাৰ সমস্বৰে প্ৰাৰ্থনা আৰম্ভ কৰিলে ‘হে প্ৰভূ, আজিৰ দিনটোত আমাক ৰঙহীন কৰি তোলা। আজি লৈ আনা বতাহ-ধুমুহা, সৰি পৰক সকলো পাহি, আমি হৈ পৰো নাঙঠ আৰু ৰক্ষা পৰো আমিবোৰ!’

সেই মুহুৰ্তত কাষেৰে পাৰ হৈ গ’ল কান্তা বাই। বাগিচাত কাম কৰি থকা মালী কায়ে সুহুৰিয়াই গান আৰম্ভ কৰিলে ‘ফুল গুলাব কা, লাখো মে হাজাৰো মে এক চেহেৰা জনাঁব কা….’॥

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments