গোলোকৰ সংসাৰ পতা নহ’ল (টুৱাৰাম দত্ত)

গোলোকৰ সংসাৰ পতা নহ


টুৱাৰাম দত্ত

দুকুৰি ছয় পাৰ হ’ল৷ তথাপিও গোলোকৰ সংসাৰ পতা নহ’ল৷ ৰাষ্টাই-ঘাটে পালে নোসোধাকৈ কমেইহে পাৰহৈ যায়৷ সকলোৰে এটাই কথা-‘বোলো গোলোক, এইবাৰ কিবা এটা হবগৈনে? মানুহবোৰৰ প্ৰশ্ন শুনি শুনি গোলোকৰ কেতিয়াবা মগজ গৰম হৈ যায়৷ এই মানুহ বোৰৰ বেলেগ কাম আৰু নাথাকে নেকি? দুনিয়াৰ পিথৱী খনত কিমানবোৰ কাম আছে, কিমানবোৰ সমস্যা আছে, কিন্তু এইসৱৰ বাবে গোলোকৰ বিয়া খনৰ বাদে বেলেগ আৰু একো নাই৷
আচলতে অন্য দহজনৰ দৰে গোলোকৰ বিয়া পাতিব নলগা তেনেকুৱা বিশেষ অসুবিধা একো নাছিল৷ খেতি-বাতিৰে নদন-বদন এখন ঘৰ৷ ককাই-ভাই,বাই-ভনী সকলোৰে বিয়া-বাৰু হৈ একপ্ৰকাৰ চিজিল সংসাৰ৷ স্বাস্হ্য পাতিও সুন্দৰ৷ পাতো বুলি ভবা হলে আজিৰপৰা দহ-বাৰ বছৰ আগতেই সি সংসাৰ কৰিব পাৰিলে হয়৷ তাৰ সৈতে একেলগে পঢ়া থোলোক, গেধাই হঁতৰ ল’ৰা-পোৱালিয়েতো এতিয়া হাইস্কুলত নাম লিখাইছে৷ কিন্তু গোলোকে নাপাতিলে৷ সময়ৰ কামটো সি সময়ত কিয় নকৰিলে সেয়া কেৱে নাজানিলে৷
মাকজনী জীয়াই থাকোতে গোলোকৰ বাবে ভালেকেইঘৰে ঠেং দাঙি আছিল৷ ধনে-ধানে কেউঘৰেই লায়কৰ৷ কোনো এঘৰেই পৰি মৰা বিধৰ নাছিল৷ কেউঘৰৰে ছোৱালী কেইগৰাকীও চকুত লগা৷ গোলোকৰ আপত্তি কৰিব লগা একোটোৱেই নাছিল৷ মাকজনীয়েও কমখন চেষ্টা কৰিছিলেনে? কিন্তু নহলগৈ৷ মুঠৰ ওপৰত দুকুৰি ছয় পাৰ হৈ যোৱাৰ পিছতো গোলোকৰ হাড়দাল শুছি নহল৷ সেইকেইগৰাকীৰ প্ৰত্যেকেই এতিয়া বেলেগ একো-একোটাৰ লগত ঘোৰ সংসাৰী৷ আৰু বেচেৰী মাকজনী! সদায় সদায় গোলোকক অটহিয়াই থাকি লাভ একো নহল৷ শেষত নিজেই সিপুৰী পালেগৈ৷
সমনীয়া থোলোকে পিছে চেষ্টা নকৰাকৈ থকা নাই৷ গোলোকৰ মনৰ উমান লবলৈ আজি ভালেকেইবছৰ ধৰি থোলোকে পাকে-প্ৰকাৰে চেষ্টা চলায়েই আছে৷ কিন্তু গাঁঠিটো ক’ত লাগি আছে সিও একো উৱাদিহ উলিয়াব পৰা নাই৷ গোলোকক চিধা-চিধি সুধিটো একো লাভ নাই৷ সি যিহে গোঁৱাৰ স্বভাৱৰ৷ তাৰ পেটৰপৰা কথা ওলোৱা, পশ্চিমেদি বেলি ওলোৱা একে কথা৷
সন্ধিয়া পৰত গাৱঁৰে বলোৰ গেলামালৰ দোকানৰ সন্মুখত বুঢ়া-মেঠা,ল’ৰা,ডেকা প্ৰায়বোৰেই মেল মাৰে৷ আজিকালি বলোৱে কেবল থকা টিভি এটাও আনি লৈছে৷ গতিকে ৰাইজৰ ভিৰ বাঢ়িল৷ তাতে কেইটামানে লাগ বুলিলে পাব পৰাকৈ সিবিধৰ সুবিধাও মাজে-সময়ে হয়৷ বুঢ়াকেইটাৰো নামঘৰতকৈ বলোৰ দোকানখনহে বেছি শুৱনি লগা হ’ল৷ সন্ধিয়া যেতিয়া আন্ধাৰ নামি আহে , ৰাইজৰ ৰসাল আলোচনাই বলোৰ দোকানৰ চৌপাশ জীপাল কৰি আনে৷
তেনে এটা ৰসময় জীপাল সন্ধিয়াত এদিন টিভিৰ পৰ্দাত ভাহি আহিল সুদূৰ জাপানত হোৱা এটা ভয়াবহ বৰভূইকঁপৰ ছৱি৷ থোলোক, গোলোক, গেধাই কেওটাই আছিল৷ ৰাষ্টা-পদূলি ফাটি চিৰাচিৰ হোৱা, মস্ত ওখ বিল্ডিং ভাগি খহি পৰা, গাড়ী,মানুহ,জন্তু-জানৱাৰ থানৱান হৈ আলাই-আঠানী হোৱা, পাতাল ফাটি হৰ্ হৰাই ওলোৱা পানীৰে নিমিষতে সাগৰ হৈ নগৰ-চহৰ বুৰাই পেলোৱা আদি নানানটা হিয়া-বিদাৰী চিৰাচিৰ হোৱা দৃশ্যই সকলোৰে মুখৰ মাত কাঢ়ি নিছিল৷ ক্ৰমশ:, নিমাও-মাও হৈ পৰিছিল বলোৰ দোকানৰ সেই সন্ধিয়া৷ জীৱনত কোনোদিন জাপান দেখি নোপোৱা গোলোক, থোলোকহঁতে জাপানী মানুহবোৰৰ দূৰ্গতিৰ ছৱি চাই সেইদিনা মুখলৈ ভাতকে নিব পৰা নাছিল৷
-এৰা, সেইবাবেই সংসাৰী নহ’লো৷
-কিহে গোলোক, কিনো বকি আছ অ’৷
– নহয় অ’৷ এইবোৰ আপদীয়া বৰভূইকঁপ আমাৰ ইয়াতো যে নহ’ব তাৰ কিবা গেৰান্টী আছে নেকি? কিবাকৈ হ’লে মানুহ-দুনুহ, জীৱ-জন্তু এই সমস্তবোৰৰ কিমান যে হানি হ’ব৷
-হ’লে হ’ব৷ যাবলগীয়া থাকিলে কোনেনো তোক ধৰি ৰাখিব পাৰিব? এনেও আমাৰ ইয়াতো এনেকুৱা কিবা এটা হ’ব বুলি আজি বহুত দিনৰ পৰাই শুনি আছো৷
-সেইটোৱেইটো কাল হ’ল অ’৷ কিবা এটা হ’ব৷ সাংঘাতিক ডাঙৰ বৰভূইকঁপ এটা হ’ব৷ যোৱা এযুগ ধৰি তাকেইটো শুনি আছো৷ মাজে মাজে দুজনমান বাহিৰৰ নাম কৰা বিজ্ঞানীয়েও বোলে খাটাং তাৰিখেই দি দিছিলে৷ কিন্তু ক’তা?
-এস: বাদ্ দে৷ এইবোৰত মগজ গৰম কৰি একো লাভ নাই৷
-নহয় অ’৷ তই বাদ্ দিবলৈ ক’লেই বুলিয়েই নোৱাৰি নহয়৷ এই আপদীয়াটো আহো আহো বুলি নহা কাৰণেই মোৰ অত বিলাই৷ মাজতে দুটামান ভণ্ড জ্যোতিষী বাবাইও দিন বাৰ দিছিল৷ কিন্তু নাহিল নহয়৷ আমাৰ ইয়াত আহক চাৰি সেইডাল জাপানতহে লীলা কৰিবলৈ পালে৷
-হেৰ’ তোৰ সকলোবোৰ থিকে আছেতো? সেই আপদীয়াটো আহি জাপানত যিখন অথন্তৰ কৰিছে এতিয়া তোৰ আকৌ সেইডাল নহাৰ বাবেহে বিলাই৷ তই দেখিছো জীয়াই জীয়াই মানুহ নৰকলৈ পঠাবি৷ মৰাশ জী উঠিব অ’ গোলোক৷
-তই নুবুজিবি থোলোক! মোৰ মনৰ খবৰবোৰ বুজ লব পৰা এই ভাৰস্তত কেও নাই৷ আজি এযুগ ধৰি শুনি আহিছো আমাৰ ইয়াত বৰভূইকঁপ এটা হ’ব৷ ধন-জনৰ হাজাৰ হানি-বিঘিনি হ’ব৷ কোন মৰিব কোন বাচিব তাৰ কোনো খবৰ নাথাকিব৷ হেন জানি এজনী আনি যদি গোটাই ল’ও কম বিপদখন হবনে? হেৰ’ তাইক অনাৰ পিছতেই যদি আপদীয়াটো আহে আৰু কিবাকৈ মই যদি সিপুৰী পাওঁ তাইকনো কোনে চাব? মোৰ নিজৰ হানি হ’লে কোনো খেদ নাই বুজিছ থোলোক৷ কিন্তু তাৰ পিছৰ সময়ত তাইৰ অৱস্হাটো ভাবিহে আজিলৈকে ঠেং ডঙা নাই বুজিছ৷
-আইজনীৰ বৰ আশা আছিল বুজিছ৷ নাতি-পোৱালী এটা চাম চাম বুলি বুকুৰ আশা বুকুতে লৈ আই সিপুৰী পালেগৈ৷ কিন্তু এই আপদীয়া ভূইকঁপটোহে যত-কূটৰ ঘাই৷ আহিব আহিব, নাই৷ মাজে মাজে দুই এটা জোকাৰণি মাৰে যদিও আচল ৰাইজে কৈ থকাটো আজিলৈকে নাহিল৷ কেনেবাকৈ সেইটো আহি গ’লে আৰু মোৰো যদি তেৰাৰ কৃপাত একো হানি-বিঘিনি নহয়, মই সংসাৰখন কৰিব পাৰো!

 

Subscribe
Notify of
3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Karabi Sarma
8 years ago

Really interesting. It’s refreshing.

Karabi Sarma
8 years ago

bhal huwa nai

Kon Borah
8 years ago

Good, good. Borhiya hoise