গোহাঁই চাৰৰ সৈতে মুখামুখি – অভিনিৱেশ শৰ্মা

 যোৱা অক্টোবৰ মাহত চানমাৰি খেলপথাৰত অনুষ্ঠিত হোৱা শিশু জ্ঞানোৎৱত ময়ো অংশগ্ৰহণ কৰিছিলোঁ৷ শিশুৰ মানসিক বিকাশৰ নিমিত্তে অন্বেষা আৰু ইউনিছেফে আয়োজন কৰা কেইবাটাও অনুষ্ঠানত দৰ্শক হিচাপে থকাৰ সৌভাগ্য হৈছিল৷ তদুপৰি এজন বন্ধুৰ সৈতে লগ লাগি মই তাত এখন বিপনীও দিছিলোঁ৷ অসমীয়া ভাষাৰ ওজা, সাহিত্যিক, সাংবাদিক, বুৰঞ্জীৰ পোক আৰু এসময়ত অসমৰ জীৱন্ত বিশ্বকোষ বুলি জনাজাত প্ৰয়াত বেণুধৰ শৰ্মাৰ ব্যক্তিগত পুথিভঁৰালৰ কিছু সংগ্ৰহৰ উপৰি দুষ্প্ৰাপ্য পোহৰ ছবিকেইখনমান তাত প্ৰদৰ্শন কৰা হৈছিল৷ সেই এসপ্তাহ শিশুসকলৰ সৈতে ধেমালি কৰি কটালোঁ, – নিজৰ ল’ৰালি কাললৈ উভতি যোৱা যেন লাগিছিল৷ গধূলি সময়ত আমাৰ বিপনীতেই জ্যেষ্ঠসকলৰ এটি আড্ডা বহে৷ ব্যক্তিগত পুথিভঁৰালৰ তাতপৰ্য, পুৰণি পুথি আৰু পুৰোধা ব্যক্তিসকলৰ দিনলিপিসমূহৰ সংৰক্ষণৰ ব্যৱস্থাৰ উপৰি অসমৰ ইতিহাসৰ নানা সৰু-বৰ ঘটনাৰ বিষয়ে তাত আলোচনা হৈছিল৷ অতীতৰ ৰোমন্থন, হাঁহি-স্ফুৰ্টিৰে এক বুজাব নোৱাৰা অনুভৱ৷ প্ৰসিদ্ধ কথাশিল্পী জীৱা ৰঘুনাথ আৰু চিত্ৰকৰ অতনু ৰয়ো মাজে সময়ে আহি আমাক উদ্গনি দিছিলহি৷ অসমৰ সমাজ জীৱনত সুস্থ আড্ডাৰ বাবে বাতাৱৰণ প্ৰায় নাইকিয়া হোৱাৰ সময়ত ই আছিল, অন্ততঃ মোৰ বাবে – “a breath of fresh air”৷

জ্ঞানোৎৱৰ অন্তিম দিনা হীৰেণ গোহাঁই চাৰ আহিছিল৷ তেখেতৰ উপস্থিতি আছিল মোৰ বাবে আশীৰ্বাদস্বৰূপ৷ গোহাঁই চাৰক দেখিলে চীন দেশৰ স্বনামধন্য দাৰ্শনিক যুঁ চি-ৰ ছবিখন মনলৈ ভাঁহি আহে৷ তেখেতৰ মুখখনত ফুটি উঠে পাণ্ডিত্য আৰু চকুকেইটাত আত্মবিশ্বাসৰ জিলিকনি৷ ধীৰ-স্থিৰ মানুহজনক দেখিলেই শ্ৰদ্ধা ওপজে৷ বেণুধৰ শৰ্মাৰ টোকা বহীখনৰ পাত লুটিয়াই থাকোঁতে ভাবিছিলোঁ, – সঁচাকৈ গুণীয়েহে গুণীৰ মোল বুজে৷ আমি সংগ্ৰহ কৰা থকা দুই এখন পোহৰ ছবি তেখেতক দেখুৱাইছিলোঁ৷ ১৯৪১ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা যোৰহাট চৰকাৰী বহুমুখী বালক বিদ্যালয়ৰ সেই বিখ্যাত গোটটোৰ ছবিখন দেখুৱাওতে তেখেতে মোক সুধিছিল – “ইয়াত বীৰেণ দা (ডঃ বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য) নাই নেকি?” ছবিখনত কবি অমূল্য বৰুৱাক দেখি তেখেত অভিভূত হৈ পৰিছিল আৰু কৈছিল – “এওঁ বৰ কম বয়সত ঢুকাল৷ এটা পূৰ্ণ জীৱন পোৱা হ’লে বহু ইতিবাচক কাম কৰিলে হয়৷” কংগ্ৰেছৰ কাঁচিয়লি ৰ’দত গ্ৰন্থখন লিৰিকি বিদাৰি চোৱাৰ পাছত তেখেত যাবলৈয়ে ওলাইছিল কিন্তু বেণুধৰ শৰ্মাৰ এটা ভাষণ শুনাৰ ব্যৱস্থা কৰা হৈছে বুলি কোৱাত তেখেত ক্ষন্তেক সময় ৰ’ল৷ কাষত থোৱা হেডফোনটোৰ ফালে আঙুলিয়াই ক’লে – “সেইটো মোৰ ফালে আগবঢ়াই দিয়া৷ বিহগুটি বৰাৰ (ওৰফে বেণুধৰ শৰ্মা) গলগলীয়া মাতটো আকৌ এবাৰ শুনি চাওঁ৷” খুহুটীয়া কথাৰে ভৰা, তথ্যসমৃদ্ধ ভাষণটো তেখেতে মাজে মাজে মূৰটো দুপিয়াই একান্তমনে শুনিলে৷ শেষত হেডফোনটো সোলোকাই এটা মিচিকিয়া হাঁহি মাৰি মোক ক’লে – “ভাল পালোঁ৷ এইখিনি কথা তেখেতে তাহানি কলিকতাত, পদ্ম বৰকটকী থকা পঁজাটোত আমাক কৈছিল৷ শুনি বৰ ৰস পাইছিলোঁ৷” এবাৰ হেনো কলেজ ষ্ট্ৰীটত লগ পাই বেণুধৰ শৰ্মাই তেখেতক সুধিলে – তোমালোক বৰগোহাঁই নে বুঢ়াগোহাঁই? চাৰে বৰগোহাঁই বুলি কোৱাত শৰ্মাই ক’লে – “এৰাতোন! দেখাতে বুজি৷ বুঢ়াগোহাঁইবিলাকৰ মুখ ঘূৰণীয়া, থাওকাল৷ বৰগোহাঁইবিলাকৰ মুখ দীঘলীয়া৷ ষ্টক দুটাই বেলেগ৷”

প্ৰদৰ্শনীৰ পৰা ওলাই যাওঁতে আশীৰ্বাদস্বৰূপে তেখেতে এষাৰ ক’লে৷ ময়ো তেখেতৰ চৰণ চুই শ্ৰদ্ধা নিবেদন কৰিলোঁ৷ আকৌ এই সৌভাগ্য বা কেতিয়া হয়!

ভাবি আচৰিত হওঁ যে নিজ মাতৃভূমিতেই ডঃ হীৰেন গোহাঁই চাৰৰ দৰে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুখ্যাতি লাভ কৰা এজন বুদ্ধিজীৱিৰ সঠিক মূল্যায়ন আজিলৈকে হোৱা নাই৷ দিল্লীত থাকোঁতে তেখেতক শ্ৰদ্ধাৰ চকুৰে চোৱা জনদিয়েক অধ্যাপকক লগ পাইছিলোঁ৷ কিন্তু কেম্ব্ৰিজৰ পৰা অসমলৈ ঘূৰি অহাৰ পিছত তেখেতে আমাৰ পৰা কেৱল অপমানেই পালে, – অসম আন্দোলনৰ সময়ত শাৰীৰিক প্ৰহাৰৰ পৰা আৰম্ভ কৰি এতিয়াৰ গালি-গালাজ আৰু mud-slinging–লৈকে এই সকলোবোৰ তেখেতে নীৰৱে সহি আহিছে৷ নিজৰ স্থিতিত মানুহজন অটল; দীৰ্ঘদিন ধৰি নীতি-আদৰ্শৰে এক আপোচহীন সংগ্ৰাম চলোৱাত ব্ৰতী হৈ আছে৷ তীক্ষ্ণ প্ৰতিভা, নীৰৱ সাধনা, প্ৰচুৰ অধ্যয়ন স্পৃহা, অদ্ভুত পৰ্যবেক্ষণ শক্তি আৰু নানা তৰহৰ অভিজ্ঞতাই গঢ় দিয়া আত্মবিশ্বাসৰ তেওঁ প্ৰতীক৷ সেয়েহে হয়তো এনে ব্যক্তিগত আক্ৰমণৰ দ্বাৰা তেখেত বিচলিত নহয়৷ আয়াৰলেণ্ডৰ ৰস্ত্ৰেভৰ নামৰ গাঁওখনত প্ৰচলিত এষাৰ কথাৰ আঁত ধৰি যদি ক’বলৈ যাওঁ – “You cannot kick and break the cloughmore stone”৷

উল্লেখযোগ্য যে গোহাঁই চাৰে কোৱা বেছিভাগ কথাই এতিয়া আমাৰ সমাজত ফলিয়াইছেগৈ৷ তেখেতৰ সকলো মন্তব্যৰ সৈতে একমত নহ’ব পাৰোঁ কিন্তু এই কথা স্বীকাৰ কৰিব লাগিব যে বৰ্ত্তমান মূল্যবোধে মেলানি মগা অসমৰ সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰখনত নীতি-আদৰ্শৰ অবিৰত সংগ্ৰামত ব্ৰতী তেখেত “The Last of the Barons”৷

অলপ সময়ৰ বাবে হ’লেও সেইদিনা অসমৰ এজন পুৰোধা ব্যক্তি, গোহাঁই চাৰৰ সৈতে বাৰ্তালাপ কৰোঁতে এক বহুদিনীয়া আশা পূৰণ হোৱা যেন অনুভৱ হৈছিল৷ মোৰ বাবে ‘গোহাঁই চাৰৰ সৈতে মুখামুখি’ এই জ্ঞানোৎৱত বোটলা এক অন্যতম স্মৰণীয় অভিজ্ঞতা৷

##

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক