গোৰ আৰু গংগা -ৰাজশ্ৰী বৰ্মন

অসমীয়া সমাজত এটা প্ৰচলিত প্ৰবাদ বাক্য হ’ল গোৰ মাৰি গংগাত পেলোৱা৷ মানে বেয়ালৈ ঠেলোতে ভালহে হোৱা৷ এজনে আপোনাৰ বেয়া হওক বুলি কিবা এটা কৰি্লে, কিন্তুু আপোনাৰ বেয়া হোৱাৰ বিপৰীতে ভাল হে হ’ল তেতিয়া গোৰ মাৰি গংগাত পেলোৱা বুলি কোৱা হয়৷

কেতিয়াবা কোনো x y z য়ে মোক এনেকৈ কোৱা বাবেহে মোৰ বেয়া হ’ল নেকি, তেনে লাগে৷ বেয়া হওক বুলি যদি কোনোবাই কয়, বৰ বেয়া লাগে৷ “ৰ, ইমান বেয়াকৈ মোক কৈছ, তোৰো বেয়াই হওক”বুলিও ভাব আহে বা এইজনে কথা ক’বই নাজানে, কেৱল মোক বুলি নহয়, সকলোকে তেনেকৈ কথা কয়, ভাল নহয়, স্বভাৱটোৱেই বেয়া ইত্যাদি ধেৰ কিবাকিবি কথা মনলৈ আহে — ভিতৰি ভিতৰি “ তই মোক এনেকৈ কৈছ! ! ! মোক? ? ? তই মোক গোৰ মাৰিব লৈছ” জাতীয় ভাব এটাও আহি থাকে৷ জানো ভাল নহয় এইবোৰ, তথাপিও চোন এৰিব নোৱাৰোঁ! ! !

পিছে পৃথিৱীৰ ফৰ্মুলা ইমান সহজ নহয়৷ কেতিয়াবা গোৰ মাৰিলেও মানুহ গৈ গংগাত হে পৰে৷ এজনৰ বেয়া হওক বুলি আন এজনে এটা কাম কৰিলে, তোৰ বেয়া হওক বুলি শাও দিলে, পিছে গৈ আকৌ সেইজনৰ ভাল হে হ’ল৷ তেনে হ’লে যাৰ ভৰিৰ গোৰে নি গংগা পোৱালেগৈ, তেওঁক প্ৰনাম হে জনাব লাগে৷ “তই মোক গোৰ দিলি“ বুলি ভাবি দুখ কৰাতকৈ বা পোতক তুলিম বুলি ভবাতকৈ প্ৰণাম কৰিলে তেনেকৈ আনলৈ গোৰ মাৰিম বুলি দঙা ভৰিখনৰ শক্তি বহু পৰিমানে লাঘব হয়, আনক গোৰ মৰাৰ আগতে ১০বাৰ ভাবি চায়৷

ভবেন্দ্ৰনাথ শইকীয়াৰ “জীবনৰ দীঘ বাণী” বা “জীবন বৃত্ত” বহুবাৰ পঢ়িছো৷ টেবুলতে পোৱাকৈ থাকে সদায়৷ যিমানবাৰ পঢ়ো, সিমানবাৰেই কিবা এটা নতুন দেখা পাওঁ৷ কিন্তুু হয়তো সদায়েই এটা কথা, এটা বাক্য দেখিবলৈহে বা আওঁৰাবলৈহে কিতাপ খন হাতত লওঁ৷ তেঁও লিখিছে যে যিসকলে সহায় বিচাৰোতে না কৰিলে, বা বিভিন্ন ধৰণে মোক মোৰ কৰ্ম সম্পাদনৰ ক্ষেত্ৰত বাধা দিব বিছাৰিছিল, তেওলোকক সদায় মই শ্ৰদ্ধাৰে সুৱৰোঁ৷ তেওঁলোকে নোৱাৰিম বুলি ভবা বাবেহে মই কামতো ভালকৈ কৰিবৰ যত্ন কৰিছিলো৷ সচাঁ অৰ্থত তেঁওলোকে মোক সমৃদ্ধ কৰিছে৷
এৰা… বাহ্যিক ঋণাত্মক শক্তিবোৰে কেতিয়াবা আমাৰ ভিতৰৰ শক্তিখিনিকেই পৰীক্ষা কৰি চায়৷ আনৰ সুৰতে সুৰ মিলাই হাত সাৱটি বহি থাকিম নে নিজৰ গংগাখনৰ সন্ধান কৰিম সেয়া সম্পূৰ্ণ নিজৰ ওপৰত৷
*********
যোৱা সপ্তাহত কোনোবা দিনা প্ৰেক্ষাপট অনুষ্ঠানত আমন্ত্ৰিত অতিথিসকল আছিল জুলী বৰুৱা, জোৱালা বৰা, জেছমিনাৰা বেগম৷ তেঁওঁলোক সকলোৱে কিবা নহয় কিবা ধৰণে শাৰীৰিকভাবে বাধাগ্ৰস্ত যদিও সেই বাধাকো নেওচি আনকি শোৱাশেতেলীৰ পৰায়েই লিখি উলিয়াইছে ইখনৰ পিছত সিখন গ্ৰন্থ৷ জেছমিনাৰাই শ্ৰুতলিপি দিয়াই কিতাপ লিখিছে৷ তেওঁ থিয় হব বা বহিবতো নোৱাৰেই, হাত বা ভৰি লৰাবও নোৱাৰে৷ আনকি মুখৰ মাতও অস্পষ্ট৷ তথাপিও যে কিতাপ লিখিব পাৰিছে দেখি আচৰিত লাগিল৷ কেমেৰাই দেখুওৱা সময়তো মুখত এটা হাহিঁ লাগি আছিল৷ যেন নিজৰ শাৰীৰিক বাধাগ্ৰস্ততাৰ প্ৰতি এক উদাসীন দৃষ্টিভংগী! ! ! ! জুলী বৰুৱাৰ বিয়াৰ খবৰ বাতৰি কাকতত পাইছিলোঁ৷ অনুষ্ঠানটোত গম পালোঁ, যে তেওঁ ইতিমধ্যে মাতৃও হৈছে৷ যেতিয়া কেনে লাগিছে বুলি সোধা হ’ল তেঁও ক’লে —“মাতৃত্ব সকলো নাৰীৰে সপোন৷ মই সেই সপোন পূৰণ কৰিবলৈ সক্ষম হৈছোঁ৷ ” মনতে বৰ সুখ পালোঁ৷
চমৎকাৰ! ! ! সচাঁই চমৎকাৰ এওঁলোকৰ জীৱন৷ আমি হে নিজে ভবা ধৰণে কিবা এটা নহলে জীৱন শেষ কৰি দিম যেন ভাবো, এওঁলোকে কিন্তুু দুৰ্ভাগ্যৰ গোৰকো বুঢ়াআঙুলি দেখুৱাই জীয়াই আছে৷ সচাঁই, দুৰ্ভাগ্যৰ গোৰেও যেন এওঁলোকক প্ৰাপ্তিৰ গংগাতহে স্নান কৰোৱালে৷ এৰা, জীৱনে হয়তো প্ৰাপ্তিৰহে সন্ধান দিয়ে সদায়৷ বন্ধ দুৱাৰখনৰ ফালে চাই থকা আমিবোৰেহে গম নাপাওঁ যে আন এখন দুৱাৰে আমাক স্বাগতম জনাবলৈ ৰৈ আছে৷ ভুপেন হাজৰিকাৰ মৃত্যুৰ সময়ত তিনিদিন ধৰি হাজাৰ হাজাৰ মানুহৰ উপস্থিতিয়ে তেঁওক মৃত্যুৰ পৰাও জীয়াইহে তুলিলে৷ যত সৃষ্টি হৈছিল “মৃত্যু জিনাৰ গান“ জীৱন উদযাপনৰ গান৷
********
হোমেন বৰগোহাঞিৰ সমগ্ৰ জীৱন যেন মানুহৰ মেধা, বুদ্ধিমত্তা, তথা জন্মতে লৈ অহা গুণসমূহ বিকাশৰ বাবে কৰা এক সাধনাহে! ! ! ! “কৰুণাধাৰা“ আনুস্থান জন্ম দি সকলোৰে অন্তৰত কৰুণাৰ সোঁত বোৱাইছে তেঁও… নিজৰ জীৱনত লগ পোৱা ইতিবাচক চিন্তাধাৰাৰ মানুহক পাঠক সমাজৰ লগত চিনাকি কৰাই দিয়াটো যেন তেঁওৰ অন্যতম প্ৰিয় এক কাম৷ তেঁওৰ লিখনিতে চিনাকি হ’লো কলেজ’ ছেছে, চম্পাৱতী দলে, শ্বাৰণ মনস্বিৰ(স্ক্লেৰ’দাৰ্মা নামৰ এক জটিল ছালৰ ৰোগত আক্ৰান্ত হৈও জীৱন উদযাপন কৰিবলৈ পাহৰাতো বাদেই, বৰঞ্চ জীবনটো উপভোগ্য হে হৈ উঠিছিল)—-আৰু বহুতো৷
কৰ্মী মানুহৰ সকলো কথাই প্ৰেৰণাদায়ক৷ কোনো গোৰেই তেঁওলোকক গংগাত নেপেলোৱাকৈ নাথাকে৷ যিমান গোৰ, সিমানেই গংগাদৰ্শন, গংগাপ্ৰণাম, গংগাস্নান৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments