গৌৰৱ’ (সহযাত্ৰী) – ৰূপাঞ্জলী চেতিয়া

-“আপোনাৰ ডাঙৰ ল’ৰাজনে বেংকত চাকৰি কৰে নহয়; প’ষ্টিং ক’ত পিছে?”
-“তাৰ প’ষ্টিং লখিমপুৰত।”
-“ইচ! কষ্ট হয় চাগে ঘৰৰ পৰা দূৰত থাকি। তাতে অকলে।”
-“নাইইই… নহয়; বিয়া পাতিলে তাৰেই ছোৱালী এজনী। শহুৰেকৰ ঘৰৰ কাষতে মাটি এটুকুৰাও ল’লে। ঘৰ বান্ধিবলৈ যো-জা কৰিছে হেনো লাহেকৈ।”
-“ভাল কৰিছে, ভাল কৰিছে!! বৰ ভাল ল’ৰা। ইমান কম বয়সতেই ইমান উন্নতি! বৰ ভাগ্যবান দেই আপুনি।”
.
.
কিছু সময়ৰ মৌনতা……………….
.
.
-“মোৰ সৰু ল’ৰাজনো ভাল।”
-“অহ্! সি কি চাকৰি কৰে?”
-“সি চাকৰি নকৰে।”
-“তেনেহ’লে?”
-” অসুখীয়া মাকজনীৰ লগত লাগি থাকোতে তাৰ বি এ ফাইনেল পৰীক্ষাটো দিয়াই নহ’ল। এতিয়া মোৰ লগতে বাঁহ-কাঠৰ কাম দুটামান শিকি ল’ন এটা লৈ ওচৰৰ চাৰিআলিৰ বজাৰখনতে সৰুকৈ ফাৰ্ণিচাৰৰ দোকান এখন খুলিছে। দুয়ো পালপাতি বহোঁ দোকানত। বৰপুতেকৰ চিন্তাত খাব-শুব পাহৰি কেঁচুৱা যেন হৈ পৰা মাকজনীকো চম্ভালিব সিহে পাৰে!”
বাছখনত মোৰ পিছৰ চিটটোত বহি অহা লোক দুজনৰ কথোপকথনখিনি শুনি ঘূৰি চালোঁ। সৰু পুতেকৰ কথা কৈ গৌৰৱত পোহৰ হৈ  উঠা এখনি প্ৰৌঢ় মুখ। পিছে ডাঙৰ পুতেকৰ কথা কওঁতে তেওঁৰ মুখৰ বৰণ কেনে হৈছিল, সেয়ােহ নেদেখিলো। একপ্ৰকাৰ ভালেই হ’ল, কেতিয়াবা ‘বেয়া’বোৰ দেখাতকৈ একো নেদেখাই ভাল!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments