গ্লেমাৰ- ওম প্ৰকাশ নাথ

ঃ দেতা, ক’লৈ যাৱনো এই সন্ধিয়াখন?
ঃ ৰাসৰ আলোচনা আছে নহয়, নামঘৰলৈ যাওঁ৷
ঃ অ, মোৰ খুলুংটো চাবৰ হ’ল তেন্তে৷
ঃ হুম৷ তোক কি ভাও দিয়ে চাই লওঁ ৰ৷ ড্ৰেছৰ পইচা নুজুৰিলে ময়েই দিম বাৰু৷
কথাষাৰ কৈ ৰিমলিৰ দেউতাক নামঘৰলৈ ৰাওনা হ’ল৷ গাঁৱৰ এজনী ৰূপহী গাভৰু হিচাপে ৰিমলি গাঁৱৰ ৰাস-ভাওনাত যোৱা ৪ বছৰে যিকোনো এটা মুখ্য চৰিত্ৰত থাকিবই৷ ৰূপে অভিনয়ে তাই সোণত সুৱগা হয় যিকোনো চৰিত্ৰতে৷ বয়সতকৈ বাঢ়ন খৰ তাইৰ৷ কথাবোৰত বাৎসল্য ভাৱ এটা আছে৷ সেয়ে সকলোৰে মৰমৰ তাই কম বয়সীয়া বুলি৷ ৰাসৰ নাম শুনিয়েই খোলৰ চেওঁবোৰ লাহে লাহে তাইৰ মনত বাজিবলৈ ধৰিলে; খিট তাওঁ খিটি তাওঁ খিটি খিটি তাওঁ……৷ ৰাসৰ গীত এটি গুণগুণাই খুলুংটোৰ কাষ পালেগৈ ইতিমধ্যে ব্ৰজবাসী হৈ কেলি কৰা মনটোৰে সৈতে তাই৷
______________________________

“ আইজনী, দুৱাৰখন খুলি দে৷ ” – কিছু ক্ষীণ মাতেৰে দেউতাকে ৰিমলিক মাত দিলে বাহিৰৰ পৰা৷ “ গৈছো৷ ” -দেউতাকৰ মাত শুনি ৰিমলিয়ে ভিতৰৰ পৰা আহি দুৱাৰখন খুলিয়েই সুধিলে,
– কি দিলে দেতা? বাৰু যিয়ে দিয়ক, মোৰ পইচাই আঁতি যাব এইবাৰ৷ পুৰা ৫৩২ টকা ওলাইছে৷ উজ্জ্বল দুচকুৰে বুকু জুৰোৱা হাঁহি এটাৰে বাপেকৰ কাষ চাপি আহিল তাই৷
“ সেইয়া টকাৰে তোৰ প্ৰয়োজন পূৰ কৰিবি৷ ৰাসত খৰচ নহয় দে এইবাৰ৷ ” – কথাষাৰ কৈ দেউতাকে শেঁতা হাঁহি এটা মাৰিলে৷
– কিয়? তই মানে মোক ভাও নিদিবলৈ ক’লি পৰীক্ষাৰ কাৰণে?
– হুম, মই আকৌ কিয় নিদিবলৈ ক’ম?
– তেন্তে?
– ফূৰ্তি কৰ ফূৰ্তি৷ এইবাৰ কোনোবা চিনেমা কৰা ছোৱালী এজনীক মাতিছে ৰাধাৰ ভাও দিবলৈ, কিবা কৃষ্ণাক্ষী……৷ আৰু কৃষ্ণৰ কাৰণেে কোনোবা থিয়েটাৰৰ…
– কি? কৃষ্ণাক্ষী নেওগে ৰাধা নাচিব? অ’ মা কি ধুনীয়া লাগিব! ইচ্‌ ৰাম, মোৰ যে গা সাতখন-আঠখন লাগি গৈছে৷ অ’ মাই শুনিছনে বোলো……

মাকৰ কাষলৈ উধাতু খাই যোৱা, দূৰদৰ্শনৰ অভিনেত্ৰীক সমুখত দেখা পোৱাৰ উলাহত নিজৰ স্থান হেৰুৱাৰ কথা বুজি নোপোৱা আঁজলী জীয়েকলৈ চাই ৰ’ল দেউতাকে বিমৰ্ষ চাৱনিৰে৷ চহৰৰ পৰা গাঁৱলৈ শিপোৱা এই গ্লেমাৰ ব্যাধিয়ে যে জীয়েকক ভৱিষ্যতে ৰাধা কিম্বা কৃষ্ণৰ ভাৱত চাবলৈ নিদিব সেই শোকে দেউতাকৰ দুচকুত দুটোপাল জিলিকাই তুলিলে লেমৰ পোহৰত!**

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক