গ্লোমি ছানডেঃ আত্মহত্যাৰ গান (প্ৰশান্ত কুমাৰ বৰা)

…………………………….

“গানে কি আনে/ সুৰৰ সোপানে সোপানে…”
কি আনে গানে? সুৰৰ নৈ, হেঁপাহৰ ব’ঠা আৰু সপোনৰ চৈ? ওহোঁ, গান মানেই সদায় আশাৰ ৰামধেনু নহ’বও পাৰে। এনে কিছুমান গান আছে, মন গ’লেই যি কাষলৈ মাতি আনিব পাৰে প্ৰিয় কাৰোবাক। মেঘমল্লাৰ ৰাগে আকাশৰ পৰা বৃষ্টি নমাই অনাৰ দৰে কিছুমান গানে জীৱনলৈ সন্তৰ্পণে আৱাহন জনাব পাৰে মৃত্যু নামৰ এছাটি শীতল মলয়াকো!

এটা গান। গ্লোমি ছানডে। হাংগেৰীয়ান পিয়ানোবাদক আৰু কম্পোজাৰ ৰেজো চেৰেছে কম্পোজ কৰা আৰু লাজলো জাভোৰে লিখা এই গানটোৱে হেনো জীৱনলৈ মৃত্যু মানি আনে। ১৯৩৩ চনৰ শেষৰ ফালে কবি লাজলো জাভোৰে যেতিয়া এই গীতটি লিখিছিল, তাৰ কিছুদিনৰ আগেয়ে ভাবীপত্নীৰ সৈতে তেওঁৰ বিচ্ছেদ ঘটিছিল। প্ৰেমত ব্যৰ্থতা, মৃত্যু আৰু পৰৱৰ্তী জীৱনত প্ৰেমাস্পদৰ সৈতে পুনৰ মিলন সম্বন্ধীয় এই গানটো পিছলৈ অতি জনপ্ৰিয় হয় আৰু হেৰোৱা প্ৰেমৰ প্ৰতীক হৈ উঠে।

১৯৩৩ চনত ৰচিত এই গানটোক পল কামাৰে ১৯৩৫ চনত হাংগেৰীয়ান ভাষাত প্ৰথম ৰেকৰ্ড কৰে। গানটো প্ৰচাৰিত হোৱাৰ পাছতেই হাংগেৰীত আত্মহত্যাৰ হাৰ আশ্চৰ্যজনকভাৱে বাঢ়ি যায়। জাভোৰৰ ভাবী পত্নীয়েও গানটোৰ দ্বাৰা প্ৰভাৱিত হৈ আত্মহত্যা কৰে। অভিযোগমতে, ঘৰৰ ছাদৰপৰা জপিয়াই আত্মহত্যা কৰা অন্য বহুতো লোকৰ হাতত গানটোৰ ৰেকৰ্ডৰ কপি পোৱা গৈছিল। তথ্য অনুসৰি, হাংগেৰীৰ চৰকাৰে অৱশেষত গানটোৰ ৰাজহুৱা পৰিৱেশনত নিষেধাজ্ঞা জাৰি কৰিবলৈ বাধ্য হয়।

পৰৱৰ্তী সময়ত গানটো ইংৰাজীকে ধৰি অন্য বিভিন্ন ভাষালৈ অনূদিত আৰু বাণীবদ্ধ কৰা হয়। বিলি হলিডে নামৰ গায়িকাগৰাকীয়ে ১৯৪১ চনত গানটোৰ নতুনকৈ ইংৰাজী ভাষাত ৰেকৰ্ড কৰে আৰু ই বিশ্বজুৰি জনপ্ৰিয় হৈ উঠে।

হাংগেৰীয়ান আত্মহত্যাৰ গান বুলি পৰিচিত এই গানটোৰ কথাখিনিয়ে হেনো শ্ৰোতাক আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰে। গানটো প্ৰকাশ পোৱাৰ পাছৰপৰাই এই সম্পৰ্কে বিভিন্ন প্ৰবাদ প্ৰচলিত হৈ আহিছে যে গানটো শুনাৰ পাছত বহুতো লোকে আত্মহত্যা কৰিছে। আমেৰিকা আৰু হাংগেৰীকে ধৰি বিশ্বজুৰি শতাধিক লোকে গানটোৰ দ্বাৰা প্ৰভাৱিত হৈ আত্মহত্যাৰ আশ্ৰয় লোৱা বুলি প্ৰচাৰিত হোৱাৰ পিছত বহুতো ৰেডিঅ’ নেটৱৰ্কে গীতটোৰ প্ৰচাৰ বন্ধ কৰি দিছিল। আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অপৰাধত যুক্তৰাষ্ট্ৰত গীতটোক নিষিদ্ধ ঘোষণা কৰাৰ লগতে বি.বি.চি.-য়েও গীতটোৰ প্ৰচাৰ বন্ধ কৰি ৰাখিছিল। অৱশ্যে ২০০২ চনত এই নিষেধাজ্ঞা তুলি লোৱা হয়।

গানটো প্ৰকাশৰ পাছতে চেৰেছৰ পত্নীয়ে আত্মহ্ত্যা কৰে। গানটো প্ৰকাশৰ প্ৰায় ৩৫ বছৰৰ পাছত, ১৯৬৮ চনৰ জানুৰাৰীত ৰেজো চেৰেছে নিজেও এটা ঘৰৰ খিৰিকিৰে জপিয়াই আত্মহত্যাৰ চেষ্টা কৰিছিল যদিও দৈৱক্ৰমে ৰক্ষা পৰে। কিন্তু পৰৱৰ্তী সময়ত এখন চিকিত্সালয়ত তেওঁক মৃত অৱস্থাত পোৱা যায়। তেওঁ ডিঙিত তাঁৰ মেৰিয়াই আত্মহ্যা কৰিছিল।

ইংৰাজী ভাষাত প্ৰাপ্ত এই অভিশপ্ত গানটোৰ কথাখিনি সাধ্যানুসাৰে অসমীয়াত তৰ্জমা কৰাৰ চেষ্টা কৰি তলত দিয়া হ’ল। অৱশ্যে ইয়াক পঢ়া-নপঢ়াটো একান্তই পাঠকৰ নিজা ইচ্ছাৰ বিষয়।

…………………………………………………
[বিধিসন্মত সতৰ্কীকৰণঃ আত্মহত্যা মহাপাপ। তলৰ কথাখিনিৰ দ্বাৰা কাকো আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰা হোৱা নাই। কথাখিনিৰ প্ৰতিক্ৰিয়াস্বৰূপে সংঘটিত হ’ব পৰা এনেধৰণৰ কোনো ঘটনাৰ বাবে অনুবাদক জগৰীয়া নহয়।]
…………………………………………………

“এটা বিষাদগধুৰ দেওবাৰে এশপাহি বগা ফুলৰ সৈতে/ মই তোমাৰ বাবে ৰৈ আছিলো/ মোৰ সোণ!/ গীৰ্জাঘৰৰ প্ৰাৰ্থনাৰ সৈতে/ সপোনকো দেও দি যোৱা সেই দেওবৰীয়া পুৱাটোত/ মোৰ বিষাদৰ ঘোঁৰাগাড়ীখন তোমাৰ অবিহনেই উভতিব লগা হৈছিল।

সেই তেতিয়াৰে পৰা/ দেওবাৰবোৰ সদায়েই ভয়াবহ/ চকুলোবোৰ মোৰ পানীয়/ আৰু দুঃখবোৰ মোৰ ৰুটি…/ বিষাদ গধুৰ দেওবাৰ!

শেষ দেওবাৰটোত/ মোৰ সোণ!/ তুমি নহাকৈ নাথাকিবা/ তাত আনকি পুৰোহিত, কফিন, সাঙী আৰু কবৰত আঁৰিবৰ বাবে স্মৃতি-ফলকো থাকিব/ আৰু ফুলবোৰেও তেতিয়া তোমাৰ বাবে ৰৈ থাকিব/ ফুলবোৰ আৰু কফিনটো!/ ফুল ভৰা গছবোৰৰ তলেৰে সেই যাত্ৰা মোৰ শেষ যাত্ৰা হ’ব।

মোৰ চকুযুৰি মেলা থাকিব/ যাতে মই তোমাক আৰু এবাৰ চাব পাৰো/ মোৰ চকুযুৰিলৈ ভয় নকৰিবা/ কাৰণ এই বিদায়ৰ পৰতো মই তোমাক আশিস জনাই আছো…/ অন্তিমটো দেওবাৰ!”…

(সহায় লৈ)

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments