গ্ৰন্থমেলা আৰু ইয়াৰ প্ৰসাৰ আৰু প্ৰচাৰৰ আৱশ্যকতা – মুনীন্দ্ৰ বৈশ্য

 

অসমত এতিয়া গ্ৰন্থমেলাৰ ভৰপক সময়৷ ঠায়ে ঠায়ে গ্ৰন্থমেলা অনুষ্ঠিত হৈ আছে৷ তাকে দেখি গ্ৰন্থ বিপ্লৱৰ সূচনা হোৱা বুলি প্ৰচাৰ হৈছে৷ যদি সেয়াই হয়, তেন্তে ই ভাল কথা৷ কিন্তু বাস্তৱ ক্ষেত্ৰত তেনেকুৱা হৈছেনে? বা অসমত গ্ৰন্থ ব্যৱসায় আশানুৰূপ হৈ পৰিছেনে?

গ্ৰন্থবিপ্লৱ নিৰ্ভৰ কৰে গ্ৰন্থ ব্যৱসায়ৰ ওপৰত আৰু গ্ৰন্থ ব্যৱসায়ৰ সফলতা প্ৰধানতঃ নিৰ্ভৰ কৰে প্ৰচাৰ-কৌশলৰ ওপৰত৷ এই ক্ষেত্ৰত অসম চকুতলগাকৈ দুখীয়া৷ আঙুলিৰ মূৰত লেখিব পৰা কেইখনমান গ্ৰন্থমেলাৰ বাহিৰে পাঠকক আকৃষ্ট কৰিব পৰা আন কোনো বাস্তৱসন্মত আঁচনি কাৰ্যক্ষেত্ৰত দেখা নাযায়৷ প্ৰকাশক, বিক্ৰেতা, সাহিত্য সভা আদিকে ধৰি খোদ চৰকাৰো এই ক্ষেত্ৰত তেনেই উদাসীন৷ বৰঞ্চ লেখকসকলেহে নিজাববীয়াকৈ অহোপুৰোষাৰ্থ কৰিবলগীয়া হয়৷ বছৰত অসমত যিকেইখন গ্ৰন্থমেলা অনুষ্ঠিত হয়, সেইকেইখনেও সমাজৰ সকলো স্তৰৰ লোকক সংযোগ কৰিব নোৱাৰে, আশা-প্ৰত্যাশা পূৰণ কৰিব নোৱাৰে৷ গ্ৰাম্য সমাজখনৰ বাবে গ্ৰন্থমেলা আজিও এটা অলীক সপোন হৈয়ে আছে৷ বিশেষকৈ মোৰ গৃহ জিলা ওদালগুৰিত জীৱনত কেতিয়াও গ্ৰন্থমেলা অনুষ্ঠিত হোৱা মনত নপৰে৷ গ্ৰাম্যাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ গ্ৰন্থমেলা সম্পৰ্কে এটা সুস্পষ্ট ধাৰণা নাই বুলি ক’লেও অত্যুক্তি কৰা নহ’ব৷ ইফালে গাঁওসমূহত পুথিভঁৰালৰ অভাৱো দীৰ্ঘদিনীয়া৷ নিত্যব্যৱহৃত সামগ্ৰীৰ লগতে কিতাপৰো মূল্য বৃদ্ধি পাইছে৷ গ্ৰন্থৰ প্ৰতি প্ৰবল অনুৰাগ থাকিলেও দৰিদ্ৰ গ্ৰন্থপ্ৰেমীসকলৰ বাবে মাহত দুই-চাৰিখন কিতাপ কিনাৰ পৰিবেশ আজি নাই৷ এনে কিছুমান কাৰণত ৰাজ্যখনৰ গ্ৰন্থ অনুৰাগীৰ এটা বৃহৎ অংশ যুগ যুগ ধৰি গ্ৰন্থৰ অপূৰ্ব সান্নিধ্যৰ পৰা দুখ লগাকৈ বঞ্চিত হৈ আহিছে৷ আৰু এইচাম গ্ৰাম্য আৰু দৰিদ্ৰ গ্ৰন্থ অনুৰাগীক উপেক্ষা কৰি আমাৰ ‘গ্ৰন্থ উৎসৱ’ৰ পাখি মেলা সপোনে কিমান দূৰলৈ উৰিব সেই কথা গভীৰভাৱে উপলব্ধি কৰাৰ সময় আহি পৰিছে৷

বৰ্ণাঢ্য আৰু ব্যাপক প্ৰচাৰ অবিহনে সেই ইপ্সিত লক্ষ্যত উপনীত হোৱাতো মুঠেও সম্ভৱ নহয়৷ এই ক্ষেত্ৰত লেখক, প্ৰকাশক, বিক্ৰেতা আৰু সমালোচক সকলোৰে সন্মিলিত প্ৰচেষ্টা অনিবাৰ্য৷ সমাজৰ বৃহৎ সংখ্যক গ্ৰাম্য গ্ৰন্থানুৰাগীক ন ন গ্ৰন্থৰ সুগন্ধি সুবাসেৰে সুশোভিত কৰাৰ প্ৰয়াস আৰু লক্ষৰে ‘ভ্ৰাম্যমাণ গ্ৰন্থমেলা’ প্ৰচলন কৰাটোৱেই হ’ব পাৰে অন্যতম কৌশল৷ উন্নত দেশবোৰত এই ব্যৱস্থা অতি চহকী হৈ পৰিছে৷ অসমত যিহেতু এটা নিৰ্দিষ্ট সময়তহে গ্ৰন্থমেলা অয়োজন কৰা হয় গতিকে বছৰটোৰ বাকীচোৱা সময়ত ৰাজ্যখনৰ প্ৰতিখন গাঁওকেই সামৰিব পৰাকৈ ভ্ৰাম্যমাণ গ্ৰন্থমেলাৰ সু-ব্যৱস্থা কৰিব পাৰে৷ গ্ৰাম্যাঞ্চলৰ প্ৰতিখন শিক্ষানুষ্ঠানৰ লগতে ৰাজহুৱা পুথিভঁৰাল, যুৱক সংঘ, আত্মসহায়ক গোট, নামঘৰ, মন্দিৰ, মছজিদ, গীৰ্জাকে ধৰি যিবোৰ ৰাজহুৱা অনুষ্ঠান আছে, সেই সকলোবোৰকে গ্ৰন্থ প্ৰচাৰৰ লগত জড়িত কৰিবলৈ প্ৰকাশক আৰু বিক্ৰেতাসকলে উদ্যোগ ল’ব পাৰে৷

বিহু, পূজা, ৰাস আদি উৎসৱৰ লগতে বৰ বৰ সভা আদিজন সমাগমস্থলীতো গ্ৰন্থ বিপণীৰ দিহা কৰিব পাৰে৷ ই হ’ব সমাজৰ সকলো শ্ৰেণীৰ লোকক গ্ৰন্থ ৰসেৰে শিক্ত কৰিব পৰা অন্যতম প্ৰচাৰ কৌশল৷ এই ক্ষেত্ৰত বিক্ৰেতাসকলে লাভালাভৰ পৰিৱৰ্তে প্ৰচাৰৰ দিশটোলৈহে অধিক গুৰুত্ব দিয়া উচিত৷ সেইদৰে ব্যৱসায়ৰ ক্ষেত্ৰতো প্ৰচলিত কৌশলৰ বিপৰীতে আধুনিক কৌশল অৱলম্বন কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে৷ ‘অনলাইন শ্বপিং’ আজি সমগ্ৰ বিশ্বতে অভাৱনীয়ভাৱে চহকী হৈ পৰিছে৷ এই ব্যৱস্থাৰ জৰিয়তে বিক্ৰেতা আৰু প্ৰকাশকসকলে ইংৰাজী সাহিত্যৰ সকলো গ্ৰন্থই যাতে সমগ্ৰ বিশ্বৰ চুকে-কোণে থকা লক্ষ লক্ষ পাঠকৰ হাতত সহজতে উপলব্ধ হয়, তাৰ অতি সুচল ব্যৱস্থা কৰিছে৷ তাকো চকুত লগা ৰেহাই মূল্যত৷ বিপৰীতে এই বিখ্যাত ‘অনলাইন ৱেৱচাইট’সমূহত অসমীয়া ভাষাৰ গ্ৰন্থ তেনেই সেৰেঙা ৰূপত উপলব্ধ৷ যি দুই-এখন উপলব্ধ তাৰ ৰেহাই মূল্যতো নগণ্যই, ওলোটাকৈ ৫০-১০০ টকামান পৰিবহণ ব্যয়ৰ নামত দিবলগীয়াহে হয়৷

ফলত দেশৰ লগতে প্ৰৱাসী অসমীয়া গ্ৰন্থপ্ৰেমীৰ বৃহৎ বজাৰখন হেৰুৱাবলগীয়া হৈছে৷ ইফালে গ্ৰন্থমেলাসমূহতো কোনো কিতাপতেই দহ শতাংশতকৈ অধিক ৰেহাই দিয়া নহয়৷ আন এটা গুৰুত্বপূৰ্ণ কথা হৈছে- বিপণীসমূহত বছৰ বছৰ ধৰি জমা হৈ থকা পুৰণি কিতাপবোৰ এন্দুৰ-পইতাচোৰাৰ মনোৰঞ্জনৰ উৎস হ’বলৈ এৰি দিয়াতকৈ পোনপটীয়াকৈ অথবা ‘অনলাইন’ সেৱাৰ জৰিয়তে আকৰ্ষণীয় ৰেহাই মূল্যত বিক্ৰীৰ ব্যৱস্থা কৰিলে লেখক, প্ৰকাশক, বিক্ৰেতা আৰু পাঠক সকলো উপকৃত হোৱাৰ থল আছে৷ ■ ■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক