গ্ৰন্থালোচনা- স্বাধীনতাৰ স্বপ্নগাঁথা : অঞ্জল বৰা

গ্ৰন্থালোচনা

অঞ্জল বৰা

গ্ৰন্থ : স্বাধীনতাৰ স্বপ্নগাঁথা
লেখক : অজয় লাল দত্ত
প্ৰকাশক : আইডিয়া ফিউচাৰ
প্ৰথম প্ৰকাশ : জানুৱাৰী ২০১১

 

অসমৰ ইতিহাসলৈ লক্ষ্য কৰিলে এটা কথা লক্ষ্য কৰা যায় যে,  প্ৰায় ঐতিহাসিক যুগৰে পৰা অসমক সময়ে সময়ে বিভিন্ন ৰজা-মহাৰজাই শাসন কৰিছিল । বিভিন্ন জাতি-জনজাতিয়ে নিজৰ নিজৰ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল । সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল আগুৰি এক বৃহত্তৰ এলেকা এক স্বাধীন ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠিত হৈ আছিল । কিন্তু ১৯২৬ চনত ইংৰাজৰ লগত হোৱা ইয়াণ্ডাবু চুক্তিয়ে অসমৰ সেই সাৰ্বভৌমত্বত আঘাত হানিলে । ৬০০ বছৰীয়া আহোম সাম্ৰাজ্যৰ আভ্যন্তৰীণ গৃহকন্দল আৰু পতনে এই ক্ষেত্ৰত অধিক সহায় কৰিলে । ফলত আহোম সাম্ৰাজ্যৰ গৃহকন্দলৰ সুবিধা গ্ৰহণ কৰি ইংৰাজসকলে অসমৰ শাসনভাৰ নিজৰ হাতলৈ নিলে । ইংৰাজৰ অন্যায়, অত্যাচাৰৰ পৰা অসমক উদ্ধাৰ কৰিবৰ বাবে অসমতো স্বাধীনতা আন্দোলনে গা কৰি উঠিল । সেই সময়তে মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতৰ আন আন ৰাজ্যত হোৱা আন্দোলনকাৰীসকলৰ লগত অসমৰ আন্দোলনকাৰীসকল মিলি গ’ল । ১৯৪৭ চনত যেতিয়া ভাৰতবৰ্ষ স্বাধীন হ’ল তেতিয়া অসমকো ভাৰতৰ এখন অঙ্গ ৰাজ্য হিচাপে স্বীকৃতি প্ৰদান কৰা হ’ল । অসমত কংগ্ৰেছ চৰকাৰ গঠন হ’ল । কিন্তু স্বাধীনতাৰ পাছতো বিভিন্ন ৰাজ্যত বিভিন্ন সময়ত বিভিন্ন আন্দোলনে আকৌ গা-কৰি উঠিল । এতিয়াৰ এই আন্দোলনবোৰ হ’ল স্বাধীন দেশৰ স্বাধীন চৰকাৰৰ বিৰুদ্ধে । আন্দোলনৰ সংজ্ঞাও বিভিন্ন । অসমতো বিভিন্ন কাৰণত জাতীয় সত্ত্বা সজীৱ কৰি ৰাখিবলৈ কিছুমান আন্দোলন হ’ল ।

১৯৬০ চনত আৰম্ভ হ’ল ভাষা আন্দোলন । সদৌ অসম ছাত্ৰ সন্থাৰ দ্বাৰা আয়োজিত এই আন্দোলনত কেইবাজনো ছাত্ৰ শ্বহীদ হ’ল । ১৯৬৫ চনত পুনৰ তেল শোধানাগাৰ আন্দোলন হ’ল । অসমত উত্পন্ন হোৱা সম্পদ অসমতে ৰখাৰ আন্দোলন । ইয়াৰ বাবেই ছাত্ৰ সন্থাই আন্দোলন তীব্ৰতৰ কৰি তুলিলে । ইয়াৰ পিছ্তে তুঁহ জুইৰ দৰে উমি উমি থকা বিদেশী খেদা আন্দোলনে ১৯৭৯ চনত ভৰপক হৈ উঠিল । অসমৰ নগৰে-চহৰে, ৰাস্তাই-ঘাটে বিভিন্ন শ্ল’-গানেৰে অসম কঁপাই তুলিছিল । সেই সময়ৰ অসম ছাত্ৰ সন্থাৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত আৰু সম্পাদক ভৃগু কুমাৰ ফুকনৰ নেতৃত্বত এক জাতীয় আন্দোলনৰ ৰূপ পৰিগ্ৰহণ কৰিছিল । ছবছৰ ধৰি হোৱা এই আন্দোলনৰ মাজতে ১৯৮০-৮১ চনত পুনৰ গঠন হ’ল ৰাজহুৱা ভিত্তিত গণ সংগ্ৰাম পৰিষদ । শেষত ১৯৮৫ চনত গোলাঘাটত সন্থাৰ বাৰ্ষিক অভিবৰ্ত্তনতে গঠন হ’ল “অসম গণ পৰিষদ” নামৰ এটা ৰাজনৈতিক আঞ্চলিকতাবাদী দলৰ । পিছত এই দলেই সাংবিধানিক নিৰ্বাচনত জয়ী হৈ ১৯৮৫ চনত চৰকাৰ গঠন কৰে । ইয়াৰ পিছতে সেই সকল নেতাই ১৯৮৫ চনৰ ১৫ আগষ্টৰ পুঁৱতি নিশা দিল্লীত “অসম চুক্তি” ৰূপায়ণ কৰিলে । এই চুক্তিৰ আধাৰতে বিভিন্ন আঁচনি গ্ৰহণ কৰা হ’ল । অসমৰ সাধাৰণ ৰাইজেও স্বস্তিৰ নিশ্বাস পেলালে ।

কিন্তু বাস্তৱ ক্ষেত্ৰত বিদেশী খেদা হ’লনে? অসমত উৎপন্ন হোৱা খাৰুৱা তেল, চাহপাতকে ধৰি অন্যান্য সম্পদসমূহ অসমতে ৰাখি অসমৰ অৰ্থনৈতিক উন্নতিত সহায়ক হ’ব পৰাকৈ কিবা কৰা হ’লনে? সময়ত ৰাইজে সকলো বুজিব পাৰিলে । ইতিমধ্যে ১৯৭৯ চনতে শিৱসাগৰৰ ৰংঘৰ বাকৰিৰ জন্ম হৈছিল “অসম সংযুক্ত মুক্তি বাহিনী (আলফা)” নামৰ আন এটা সংগঠনৰ । প্ৰায় ১৯৮৬ চন মানৰ পৰা এই সংগঠনটোৱেও স্বাধীনতাৰ প্ৰশ্নৰে সক্ৰিয় হৈ উঠিল । প্ৰথম অৱস্থাত বিভিন্ন সামাজিক কামেৰে ৰাইজৰ মনত স্থান লাভ কৰা এই সংগঠনেও শেষলৈ অত্যাধিক হিংসাত্মক কাৰ্যত নিজকে জড়িত কৰাৰ বাবে গণভিত্তি হেৰুৱালে । ফলত অসমত সেনা বাহিনীৰ নিয়োগ কৰা হ’ল । অজস্ৰ সাধাৰণ জনতা ঘুণীয়া হ’ল । জীয়ৰী-বোৱাৰী ধৰ্ষিতা হ’ল । তাৰ মাজতে গুপ্তঘাটকৰ হাতত অনেক আলফা সদস্যৰ পৰিয়াল আৰু শুভাকাঙ্ক্ষী নিহত হ’ল । ইয়াৰ মাজতে চলি থাকিল বিভিন্ন জাতি-জনজাতিৰ স্বায়ত্ব শাসন লাভৰ আন্দোলনকে ধৰি সৰু-সুৰা গণ আন্দোলন । অসমৰ পৰা এখন এখন কৰি জিলাসমূহ স্বায়ত্ব শাসনৰ নামত আঁতৰি গ’ল । অসমৰ সম্পদৰ বাবে ১৯৬৫ চনত হোৱা আন্দোলনৰ পিছত পুনৰ অসমৰ পানী সংৰক্ষণৰ বাবে “নদীবান্ধ বিৰোধী” আন্দোলনে বৰ্তমান সময়তো অসমৰ আকাশ-বতাহ কঁপাই তুলিছে । মুঠৰ ওপৰত ১৯৬২ চন মানৰ পৰা অসম ৰাজনৈতিক আৰু সামাজিকভাৱে বিভিন্ন আন্দোলনৰ মাজেৰে এক জটিল প্ৰক্ৰিয়াৰে আগবাঢ়িছে ।

অজয় লাল দত্তৰ প্ৰথম উপন্যাস “স্বাধীনতাৰ স্বপ্নগাঁথা”ৰ মাজত এই বৃহত সময়ক বিভিন্ন চৰিত্ৰ আৰু সৰু সৰু কাহিনীৰ মাজেৰে ধৰি ৰাখিবলৈ চেষ্টা কৰা হৈছে । একেষাৰে “স্বাধীনতাৰ স্বপ্নগাঁথা”ক অসমৰ এক সামাজিক দলিল আখ্যা দিব পাৰি । ইয়াত লেখকৰ কোনো কল্পনা নাই, আছে মাথোঁ বাস্তৱৰ কিছুমান সঁচা চৰিত্ৰ আৰু কাহিনীক নাটকীয় উপস্থাপনৰ মাজেৰে ধৰি ৰখাৰ এক প্ৰয়াস । স্বাধীনতাৰ স্বপ্নগাঁথাক একেষাৰে এখন উপন্যাস বুলি কোৱাতকৈ ইয়াক লেখকৰ এটা মিঠা সপোন বুলি ক’লেও অত্যুক্তি কৰা নহ’ব । প্ৰতিটো চৰিত্ৰ আৰু সৰু সৰু কাহিনীৰ শেষত লেখকৰ সেই স্বপ্নটো পুৰা সোণৰ দৰে জিলিকি উঠিছে । লেখকে নীল (স্বপ্ননীল) নামৰ প্ৰধান চৰিত্ৰটোৰ মুখেৰে লেখকৰ সকলো স্বপ্নকে উদঙাই দিবলৈ চেষ্টা কৰিছে । প্ৰেম, বিৰহ, বেদনা, সমাজনীতি, শিক্ষা, অৰ্থনীতি, সামাজিক আচাৰ-নীতি, ৰাজনীতি আদি সকলো দিশ উপন্যাসখনৰ মুখ্য চৰিত্ৰটোক কেন্দ্ৰ কৰিয়েই আগবাঢ়িছে । ৰত্নকান্ত ফুকন, কেৰপাই, ৰক্তিম, গীতালিৰ দৰে দুই এটা অন্যান্য চৰিত্ৰৰ মুখেৰেও লেখকে তেওঁৰ স্বাধীনতাৰ সপোনটোক বাস্তৱায়িত ৰূপত উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে ।

উপন্যাসখনৰ আৰম্ভণিতে লেখকে “কোনো এটা চৰিত্ৰই সাৰ্বজনীন শ্ৰেণী চৰিত্ৰৰ বাবে বিশেষ ব্যক্তিক প্ৰতিনিধিত্ব নকৰে ।” বুলি নিজৰ অস্বীকাৰ পত্ৰ প্ৰেৰণ কৰিলেও দুই এটা চৰিত্ৰ আৰু কিছুমান ইঙ্গিতধৰ্মী বাক্যই প্ৰতিজন পাঠকৰ চকুতে স্পষ্ট ৰূপত উন্মুক্ত হৈ উঠে । কিন্তু লেখকৰ উপস্থাপন শৈলী আৰু সংলাপৰ কাব্যিকতাই পাঠকক এখন উপন্যাস পঢ়াৰ আমেজ পুৰামাত্ৰাই দিব পাৰিছে । যাৰ কাৰণে কাহিনী আৰু চৰিত্ৰসমূহ আমাৰ বাস্তৱ সমাজৰ চিনাকি হোৱাৰ পিছতো উপন্যাসখন সুখপাঠ্য হৈ উঠিছে ।

গোটেই উপন্যাসখন আৰম্ভ হৈছে অসমৰ বিভিন্ন জাতীয় আন্দোলনসমূহ আৰু তাৰ পৰৱৰ্তী সময়ৰ বিভিন্ন ঘটনাক কেন্দ্ৰ কৰি । উপন্যাসখনৰ প্ৰধান চৰিত্ৰ নীলৰ চকুত আন্দোলনৰ পৰৱৰ্তী সময়ত নেতাসকলৰ আচল স্বৰূপটো এনেদৰে ফুটি উঠিছে “তিৰাশীৰ আন্দোলনৰ পাছত যেতিয়া অসম ছাত্ৰ সন্থা (নাচো)ৰ নেতাবোৰে পঁচাশীৰ পোন্ধৰ আগষ্টৰ পুঁৱতি নিশা ‘নাচো’ন শেষ কৰিলে আৰু সোণৰ অসম পৰিষদ (সাপ) হৈ ওলাল । শাসনৰ গাদীত বহি তেওঁলোকে সাপ হৈ সোপাকে গিলি যাবলৈ আৰম্ভ কৰিলে । মন্ত্ৰী হ’ল, বিয়া-বাৰু পাতিলে (পৃষ্ঠা ৬১) । আকৌ আন্দোলনকাৰীসকলৰ আভিজাত্যৰ ফোঁপোলা স্বৰূপটো এনেদৰে ব্যঙ্গ কৰিছে “নতুন অসম ছাত্ৰ সন্থা (নাচো)ৰ ছাত্ৰ নেতাৰ পৰা সোণৰ অসম পৰিষদ (সাপ)ৰ নেতা হোৱাবোৰৰ কি যে গ্লেমাৰ । মুখ ভৰা ডাঢ়ি, বগা চোলা, ক’লা পেণ্ট, চকুত ক’লা চশমা…. কোনোবা মন্ত্ৰী (নে মনতিৰি) হৈছে, বিয়া পাতিছে…. গোটেই মহকুমাই বিয়া খাইছে (পৃষ্ঠা ২৫) ।” লেখকে উপন্যাসখনৰ মাজত কেৱল অসমৰ আন্দোলনসমূহ আৰু তাৰ পৰৱৰ্তী সময়কে চিত্ৰায়ণ কৰা নাই; বৰ্তমান শিক্ষা ব্যৱস্থা, অৰ্থনীতি আৰু আচাৰ-নীতিসমূহকো তীব্ৰভাৱে ব্যঙ্গ কৰিছে । উপন্যাসৰ নায়ক নীলৰ দেউতাক ৰত্নকান্ত ফুকনক বয়স আৰু অভিজ্ঞতাই বহু কথা শিকাইছে । তেওঁ এজন সমাজ সচেতন ব্যক্তি । ৰত্নকান্ত ফুকনৰ মুখেৰে লেখকে বৰ্তমান সমাজৰ বিভিন্ন ভণ্ডামি, অন্যায়-অত্যাচাৰ আদি উদঙাই দেখুৱাইছে । তেওঁৰ মত হ’ল “যি কৰ ভালদৰে কৰিবি, বাৰী পাতিলেও মোমাই তামুলীৰ নিচিনা, যাতে ৰজাই মাতি নি বাব দিব পাৰে (পৃ. ৪১) ।” বৰ্তমান সমাজত চলি থকা নামঘৰ কেন্দ্ৰিক বিভাজনবোৰ আৰু গোঁসাইসকলৰ জাত-পাতৰ বিচাৰ আদি দিশসমূহ লেখকে সুন্দৰভাৱে আলোচনা কৰিছে ।

উপন্যাসখনৰ মাজত লেখকৰ জাতীয়তাবাদী মনটো প্ৰকাশিত হৈ উঠিছে । উপন্যাসৰ নায়ক নীল মধ্যপ্ৰাচ্যৰ প্ৰাণকেন্দ্ৰ মিছৰত গৱেষণা কৰি থকাৰ পিছটো তেওঁ পাহৰি যোৱা নাই নিজৰ জন্মভূমিক । নিজৰ জন্মভূমিৰ প্ৰতি থকা অকৃত্ৰিম ভালপোৱাই তেওঁক চিৰদিনৰ বাবে অসমৰ বুকুতে বন্দী কৰি ৰাখিছে । কিন্তু নীলৰ চিন্তা-চেতনাত কোনো অন্ধ দেশপ্ৰেম নাই । তেওঁ স্বাধীনতাৰ স্বপ্ন দেখে সঁচা । কিন্তু সেই স্বপ্নক বাস্তৱায়িত কৰিবলৈ তেওঁ জধে মধে বিভিন্ন সংগ্ৰামত জপিয়াই পৰাৰ আগ্ৰহী নহয় । অৰ্থনৈতিক সংস্কাৰ অবিহনে যে এখন ৰাষ্ট্ৰই কেতিয়াও স্বাধীনতা লাভ কৰিব নোৱাৰে সেই কথা নীলে ভালদৰে জানে । সেয়ে সি প্ৰথম অৱস্থাত “অসম মুক্তি বাহিনী” (অম্বা)ৰ কাম-কাজক সমৰ্থন কৰিছে । পিছলৈ “অম্বা”ত যোগদান কৰা তাৰ বন্ধু ৰক্তিমে তাক প্ৰশ্ন কৰিছে “অসম স্বাধীন হোৱাৰ আগতেই চাহ, তেল, কয়লা বিদেশীয়ে লুটি নিলে । ‘স্বাধীন অসমৰ অৰ্থনীতি’ হ’ব কেনেকৈ (পৃষ্ঠা- ৬৫)?” এই প্ৰশ্নই নীলৰ ডেকা মনক অশান্ত কৰিছে । কিন্তু সময়ৰ সোঁতত অম্বাও লাহে লাহে গণ-বিচ্ছিন্ন হৈ যাবলৈ ধৰিলে । ‘বুলেট কামুৰি’ স্বাধীনতাৰ শপত লোৱা “অম্বা”ৰ কাম-কাজে নীলক নিৰাশ কৰিলে । কিন্তু সেই সময়তে নীলৰ পুৰণি বান্ধৱী গীতালিৰ বৈপ্লৱিক চেতনাই নীলক কথাবোৰ নতুনকৈ ভাবিবলৈ শিকালে । সি মনতে মাথোঁ আওৰালে “স্বাধীনতাৰ প্ৰথম স্বত্ব, নিজে নিজৰ ভৰিত থিয় দিয়াটো । আনৰ ওপৰত নিৰ্ভৰ কৰিয়েই থাকিব লগা হ’লে সেই স্বাধীনতাৰ আৰু ৰক্ষিতাৰ সতীত্বৰ মাজত কি পাৰ্থক্য থাকিব (পৃষ্ঠা-১০৩)?” উপন্যাসখনৰ মাজত লেখকে গীতালিৰ মাজেৰে সঁচা অৰ্থত এক আদৰ্শবাদী চৰিত্ৰ অংকন কৰিছে । গীতালিৰ কথা আৰু কামত প্ৰগতিবাদী চেতনা জাগ্ৰত হৈ উঠিছে । ইতিমধ্যে তাই “তথ্য জনাৰ অধিকাৰ আইনৰ সহায়ত ব্ৰহ্মপুত্ৰ বৰ্ডৰ এশ কোটি টকাৰ কেলেঙ্কাৰী ফাদিল কৰিছে (পৃষ্ঠা-১৯৩) ।” “প্ৰাকৃতিক কাৰণত বিধ্বস্ত চহা অসমীয়া সকলক পুনৰ প্ৰতিষ্ঠাৰ বাবে, মাটিৰ পট্টন নোহোৱাসকলক মাটিৰ পট্টন দিয়া, ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত ৰাজহুৱা খণ্ডত নিকা আৰু দায়বদ্ধ অসমীয়াৰ নেতৃত্বত উদ্যোগ স্থাপন কৰা, বান সমস্যা সমাধানৰ বাবে দেশ-বিদেশৰ বিশেষজ্ঞৰ পৰামৰ্শৰে বিকল্প সমাধানৰ পথ বিচৰা, বন্দুক হাতত লোৱা যুৱকসকলক ঘুৰাই আনি সংস্থাপনৰ ব্যৱস্থা কৰা আদি অনেক বিষয়লৈ গীতালিয়ে নিজৰ কাৰ্যপন্থা আৰম্ভ কৰিছে ।” নীলৰ চকুত গীতালিৰ সকলো কাম আৰু কাৰ্যই নতুন এখন সমাজৰ দোৱাৰ খুলি দিছে । শেষত সি গীতালিৰ সহযোদ্ধা হৈ মানুহৰ মুক্তিৰ বাবে, এখন সেউজীয়া পৃথিৱীৰ সন্ধানত নিজকে নিয়োগ কৰিছে । সি মাথো সময়ৰ বালিত লিখিব বিচাৰিছে “সাধাৰণ মানুহে সুন্দৰকৈ জীয়াই থকাৰ…, সততাৰ প্ৰমূল্যৰে কল্যাণকামী ৰাষ্ট্ৰ-ব্যৱস্থাৰ গণ্ডীত আত্ম-নিয়ন্ত্ৰণ… আৰু ৰাজনৈতিক মেপৰ গণ্ডীত বন্দী নোহোৱা অন্য এক “স্বাধীনতাৰ স্বপ্নগাঁথা” ।

উপন্যাসখনৰ প্ৰতিটো অধ্যায় আৰম্ভ হৈছে এটা কবিতা কবিতা লগা বাক্যৰে । যি উপন্যাসখনক এক নতুন মাত্ৰা প্ৰদান কৰিছে । “যৌৱনৰ দিকচৌ বনত ভালপোৱাৰ এজাক বৰষুণ”, “দিখৌত উজাই গ’লেই জানো পাম সপোনৰ সেই দেশ”, “নৈ গৰাত গছ, শিপাত খেৱালি জাল”, “এটা চকৰী ফেঁটীৰ জন্ম-কথা”, “শিপা বিচাৰি এটা দিন এটা ৰাতি”, “সপোনৰ সমাধিত বিষাদৰ ফুল”, “এজাক ৰ’দালিৰ জিলমিল”, “হৃদয় নদীৰ এটা পাৰে তুমি”, “সাগৰত নীলা, পাৰত নীলা ছবি”, “আকাশত জোন, পোহৰত এজন নক্সাল”, “মৃত্যৰ মলিন ছাঁত কিছু অশ্লীল বণিজ” আদি প্ৰতীকাত্মক বাক্যসমূহৰ মাজেৰে লেখকে ক’ব লগা কথাখিনিৰ এটা আভাস দিবলৈ চেষ্টা কৰিছে । বহুসময়ত লেখকে মূল কাহিনীৰ পৰা আঁতৰি নায়কৰ মুখেৰে বা আত্মকথাৰ ৰূপত দীঘলীয়া দুই এটা অন্য কাহিনীও বৰ্ণনা কৰিছে । যিবিলাকে উপন্যাসখনৰ গতিত কিছু প্ৰভাৱ পেলাইছে আৰু ইয়াক উপন্যাসৰ শাৰীৰ পৰা আঁতৰাই আনিছে । লেখকে য’তেই সুবিধা পাইছে তাতেই প্ৰচলিত সমাজ ব্যৱস্থাক সমালোচনা কৰিছে । কিন্তু তেওঁ সমালোচনা কৰিয়েই এৰা নাই । প্ৰতিটো দিশৰে একোটা সমাধানৰ পথো দেখুৱাবলৈ চেষ্টা কৰিছে । মুঠৰ ওপৰত একেষাৰে ক’ব পাৰি যে, “স্বাধীনতাৰ স্বপ্নগাঁথা”ৰ দৰে এখন উপন্যাস লিখিবলৈ লেখকক যথেষ্ঠ সাহসৰ প্ৰয়োজন । লেখকে সেই সাহস দেখুৱাইছে আৰু বাস্তৱ সমাজৰ সকলো চৰিত্ৰ আৰু কাহিনীকে সমালোচনাৰে থকা-সৰকা কৰি এক নতুন দিগন্তৰ প্ৰতি লেখক ধাৱমান হৈছে । এক নতুন যাত্ৰা, অন্য এক সেউজীয়া পৃথিৱীৰ সন্ধানত লুইতৰ বুকুত সোঁত ফালি লেখকৰ নাও আগবাঢ়ি গৈছে আৰু লেখকৰ চকুত জ্বিলিকি উঠিছে সাধাৰণ মানুহক শোষণ, বঞ্চনাৰ পৰা মুক্ত কৰি এখন নতুন সমাজ গঢ়াৰ এটা মিঠা স্বপ্ন । সেই স্বপ্নটোৱেই হৈছে উপন্যাসখনৰ মূল অভিব্যক্তি ।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
কলিয়া হাতীমূৰীয়া
2 years ago

১৮২৬ চনতহে ইয়াণ্ডাবু চুক্তি হৈছিল,সংখ্যাটো শুধৰাব।বাকী সুন্দৰ পদক্ষেপ।