গ্ৰন্থৰ উৎসৱ (ৰজিতা শৰ্মা)

(আমাৰ শৈশৱকালত Internet, Video game, Cartoon Channelৰ পয়োভৰ নাছিল। আমাক আনন্দৰ খোৰাক যোগাইছিল প্ৰধানকৈ কিতাপে। টিংকল, মুকুতা, মৌচাক, সঁফুৰাই জীপাল কৰিছিল ল’ৰালিৰ নিজম দুপৰীয়া। কিন্তু সেই দিনবোৰত কল্পনাই কৰিব পৰা নাছিলো যে কিতাপেৰে মেলা পাতিব পাৰি, চুবুৰিৰ দুৰ্গা পূজাৰ মেলাতকৈও ডাঙৰ আৰু আকৰ্ষণীয় মেলা।)

যিয়ে যেনি আছোঁ তাৰ পৰাই তৰা-নৰা ছিগি আগফালৰ বাৰাণ্ডাত হাজিৰ হওঁ। সেই ৰহস্যময়ী মুগা ৰঙৰ বেগখনত আমালৈ অকণ অকণ বহুকেইখন পৃথিৱী ভৰাই লৈ দেউতাই প্ৰায় দুমাহ, তিনি মাহৰ মূৰত তেওঁৰ কৰ্মস্থানৰ পৰা ঘৰলৈ আহে। ফোনৰ সুবিধা নথকা আমাৰ শৈশৱৰ সেই দিনবোৰত দেউতাই ঘৰত পদাৰ্পণ কৰা সেই মুহূৰ্তটো আছিল অতিকৈ আকস্মিক, হেঁপাহ আৰু উত্কন্ঠাৰে ভৰা। বাৰাণ্ডাৰ বেঞ্চখনত তেওঁ কান্ধত কঢ়িয়াই অনা বেগখন থৈ উলিয়াই দিয়ে এটা এটাকৈ আমাৰ আকাংক্ষিত আপেল, কমলা টেঙাৰ টোপোলা, মিঠাই-বিস্কুটৰ পেকেট, চুলিত মৰা ৰংচঙীয়া ক্লীপ আৰু শেষত আমাৰ ৰঙীন পৃথিৱী- এজাপ কিতাপ। আখৰ পঢ়িবলৈ শিকাৰ আগতে আমি কিতাপক ভাল পাবলৈ শিকিছিলো। ছবিৰ কিতাপবোৰ চাইছিলো- তিনিটা হাঁহৰ পোৱালিয়ে খাদ্য বিচাৰি ফুৰিছে। দেখিলে এটা গাঁতত এডাল কেচু। খাওঁ বুলি ঠোঁটেৰে টান মাৰোঁতে গম পালে সেইডাল এটা নিগনিৰ নেজ। চক্ খাই নিগনিটোয়ে দৌৰি পলাল। এই সৰু সৰু ছবিৰ কিতাপবোৰেৰে আৰম্ভ হৈছিল কিতাপক ভাল পোৱাৰ যাত্ৰা।
আমাৰ শৈশৱকালত Internet, Video game, Cartoon Channelৰ পয়োভৰ নাছিল। আমাক আনন্দৰ খোৰাক যোগাইছিল প্ৰধানকৈ কিতাপে। টিংকল, মুকুতা, মৌচাক, সঁফুৰাই জীপাল কৰিছিল ল’ৰালিৰ নিজম দুপৰীয়া। কিন্তু সেই দিনবোৰত কল্পনাই কৰিব পৰা নাছিলো যে কিতাপেৰে মেলা পাতিব পাৰি, চুবুৰিৰ দুৰ্গা পূজাৰ মেলাতকৈও ডাঙৰ আৰু আকৰ্ষণীয় মেলা।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments