গ্ৰন্থ আলোচনা: নিষিদ্ধ

গ্ৰন্থ আলোচনা:

নিষিদ্ধ

অনামিকা বৰুৱা

ড. আকাশীতৰাৰ উপন্যাস ‘নিষিদ্ধ’।
প্ৰথম প্ৰকাশ ২০১১।
প্ৰকাশক: শ্ৰী প্ৰদ্যুত হাজৰিকা, এম.বি.এ; বনলতা, ডিব্ৰুগড়।

নিষিদ্ধ আকাশীতৰাৰ শেহতীয়া উপন্যাস। বৰ্তমান সময়ৰ এটি সবাতোকৈ চৰ্চিত বিষয় সমকামিতাকলৈ এই উপন্যাসখন ৰচনা কৰা হৈছে। লেখিকাৰ মতে-সমাজৰ মাপকাঠিৰে নিষিদ্ধ সকলো অনুভূতি নিষিদ্ধ নহয়। ব্যক্তিৰ ভিতৰৰ জগতখনত লিংগৰ প্ৰাধান্যতকৈ আত্মা আৰু প্ৰেমৰ প্ৰাধান্যই বেছি। সেয়ে সমকামীসকলৰ জীৱন প্ৰৱাহত মানৱীয়তাৰ গোন্ধেই বেছি। অসমত সমকামিতাক বিষয় হিচাপে লৈ লিখা এইখনেই সম্ভৱতঃ প্ৰথম উপন্যাস।

এই উপন্যাসত সম্পূৰ্ণ নতুন ষ্টাইল এটাৰে তিনিটা ভিন্ন প্লটত গাঁও, চহৰ আৰু সৰু চহৰৰ এখন স্পষ্ট ছবি পাঠকে পাব।

প্ৰথম প্লট:- যি কথা নহ’ল কোৱা।

মূল চৰিত্ৰ-অভিমন্যু চলিহা।
বয়স: চল্লিশ (দেখাত ত্ৰিশ যেন লাগে)।
পেছা: চিত্ৰকৰ, কবি, ভাস্কৰ্যশিল্পী।
নিচা: মানুহৰ চৰিত্ৰ অধ্যয়ন, প্ৰকৃতি।
পৰিয়াল: বুঢ়া দেউতাক (লগত নাথাকে), কুকুৰ (মেণ্ডি), (ডিভোৰ্চি)।
গুণ: সৃষ্টিশীল, বাস্তৱবাদী, অতি অনুভুতিপ্ৰৱণ, আশাবাদী।
দোষ: কাকো দুখ দিব নোৱাৰে, কাজিয়া কৰিব নজনা, ডিপ্ৰেচিভ, হতাশাগ্ৰস্ত।
লিঙ্গ: পুৰুষ; কিন্তু নিজকে নাৰী বুলি পৰিচয় দি ভাল পায়, নাৰীৰ দৰে সাজ-পোছাক কৰি ভাল পায়, কেৱৰ পুৰুষৰ প্ৰতি আকৰ্ষিত হয়। নাৰীক বান্ধৱী বা ভণ্টীৰ দৰে ব্যৱহাৰ কৰে।
স্বাস্থ্য: ভাল, কিন্তু কলিজাৰ দুডাল সিৰা বন্ধ হোৱাৰ বুৰঞ্জী আছে।
ব্যক্তিগত দুৰ্ঘটনা: ডিভোৰ্চ-হতাশজনিত কাৰণত পাঁচবাৰ আত্মহত্যাৰ চেষ্টা।
সমাজক কি ক’ব বিচাৰে: জীয়াই থাকা আৰু জীয়াই থাকিবলৈ দিয়া। Live and let Live.
……এটা অগতানুগতিক চৰিত্ৰ অভিমন্যু। মানুহৰ মাজত মানুহ বিচাৰি ফুৰা এটা আলসুৱা অকলশৰীয়া মন। তেজ মাংসৰ শৰীৰৰ দুৰ্বোধ্যতা ভেদি আত্মাৰ লগৰী বিচাৰি ফুৰা এটা অতৃপ্ত আত্মা। জেদী আৰু আভিমানী। অকলে থাকিয়েই ভাল পায়। নিয়মীয়াকৈ ডায়েৰী লিখে।…অভিমানৰ বুৰঞ্জী। পোৱা নোপোৱাৰ খতিয়ান। আৰ্ট গেলাৰীতে লগ পাইছিল সুৰুযলোচন বৰুৱাক। অভিমন্যুৰ ছবিৰ প্ৰশংসা কৰি পেপাৰত বিবৃতি দিয়ে। খেয়ালী মনৰ অভিমন্যু প্ৰেমত পৰে সুৰুযলোচনৰ। দেহে মনে সকলো উদঙাই দিয়াৰ পাছত সুৰুযলোচনে কুঠাৰাঘাত সানে অভিমন্যুৰ বিশ্বাসৰ ওপৰত। তথাকথিত ভদ্ৰতাৰ মুখা পিন্ধা সুৰুযলোচনে নিজৰ স্বাৰ্থ পূৰণ হোৱাৰ পাছত ফুটবলৰ দৰেই দলিয়াই পেলাইছে অভিমন্যুৰ নিষ্পাপ প্ৰেমক। কথাৰ অৰ্থ নথকা লোভী-মিছলীয়া, উতনুৱা সুৰুযৰ প্ৰতাৰণাই জোঁকাৰি যায় অভিমন্যুক! অভিমানৰ বান ৰুধিব নোৱাৰি অভিমন্যু গুচি যায় হষীকেশলৈ শিপাৰ সন্ধান বিচাৰি….

দ্বিতীয় প্লট:-ক’ত যে আছিলা…

’উদং কৰি নাযাবা বুকুৰ বাকচ
জানাই দেখো, চিকুণাই লৈছোঁ আমাৰ
ঘনচিৰিকা থকা ঘৰ…’
(১)
নাম: ঝৰ্ণা বনিয়া।
কাম: ইঞ্জিনীয়াৰ।
বয়স: সাতচল্লিশ বছৰ।
গুণ: চিধা-চাধা।
সম্পত্তি: চহৰত নিজৰ ঘৰ আৰু এটা ফাৰ্ম হাউচ।
দোষ: কম কথা কোৱা- মুডী।
পৰিয়াল: মাক, দেউতাক তিনিজনী বাই-ভনী, কিন্তু অকলে কোম্পানীৰ কোৱাৰ্টাৰত থাকে।
(২)
নাম: ৰুবী বৰা।
কাম: গৃহিণী-গায়িকা।
বয়স: পঞ্চল্লিশ।
গুণ: একেবাৰে নিৰ্জু।
সম্পত্তি: স্বামীৰ সকলো সম্পত্তিৰ অংশীদাৰ।
দোষ: খেয়ালিমনৰ আৰু আঁকোৰগোজ।
পৰিয়াল: স্বামী, দুটা সন্তান (দিল্লী আৰু চেন্নাইত পঢ়ি আছে)।
জীৱন সহজ। প্ৰাচুৰ্যৰে ভৰা জীৱন। বহুতে এই প্ৰাচুৰ্যক লৈ গৌৰৱ কৰে আৰু বহুতে এই প্ৰাচুৰ্যৰ অৱক্ষয়ত মূৰ আচাৰি নীৰৱে কান্দে- বন্দী বিহঙ্গৰ দৰে।…ৰুবী বৰুৱাও বন্দী বিহঙ্গ। স্বামী অম্লান বৰাৰ চকুত লগা আভিজাত্যৰ ধামখুমীয়াত পৰি ৰুবীৰ শিশুৰ দৰে কোমল মনটো মৰহি যায়। শামুকৰ খোলাৰ দৰে নিজকে আবদ্ধ কৰি থয় ৰুবীয়ে। তৈল নগৰী দুলীয়াজানৰ অতিৰিক্ত আভিজাত্যই কাঢ়ি নিয়ে ৰুবীৰ মুখৰ হাঁহি।….জালনী ক্লাবৰ নৈশ পাৰ্টিত পুৰুষ মহিলাৰ সমাগম। ৰুবীৰ ৰূপত মাতাল হৈ সকলোৱে নাচি উঠে। কিন্তু ৰুবী নিৰ্বাক। যেন নিমখৰ এটা দুমুনীয়া বস্তা! অম্লানৰ মতে ক’ল্ড কফি।…সংগীতৰ তালে তালে নাচি উঠা ৰুবীৰ গাত হাত দিবলৈ গৈ ঝৰ্ণাৰ ঘোচাত ঘূণীয়া হৈ পৰি যায় প্ৰবোধ চলিহা। ঝৰ্ণাৰ তেজ ওলোৱা হাতখনত শাৰীৰ আঁচলটোৰে মোহাৰি ৰুবীয়ে কয়- থেংক্‌চ, Thank you ঝৰ্ণা, যোৱা দহ বছৰে এই মানুহটোৰ ভয়ত মই নাচিবলৈ দিগদাৰ পাই আহিছোঁ। যি কাম অম্লানে কৰিব লাগিছিল তুমি কৰিলা।….ঝৰ্ণাৰ পৰশত সাৰ পায় উঠে ৰুবীৰ মাজত শুই থকা শিশুটো। যি গান গাব জানে, হাঁহিব জানে, মৰম দিব জানে লব জানে।….লাহে লাহে ৰুবীয়ে খুলি দিছিল মনৰ দুৱাৰ ঝৰ্ণাৰ আগত- অম্লানে বিয়াৰ তিনিদিনৰ দিনাই হাত উঠাইছে কাৰণ নোহোৱাকৈ এতিয়ালৈকে। আৰু সেই খঙতে এতিয়ালৈকে অম্লানক মই নিজক দিয়া নাই- সেউজীয়া গছ আৰু শুকান কাঠৰ পাৰ্থক্য জানা নহয়? মই শুকান কাঠ। সেউজীয়াখিনি লুকুৱাই ৰাখিছোঁ। খঙত…কেৱল খঙত..বহুত খং আছে মোৰ ঝৰ্ণা। হক কথাত মই ধ্বংস কৰি দিম পৃথিৱী। মৰি যাম অকলে নিজৰ মাজত। কাকো ভয় নকৰোঁ। একো হেৰুওৱাৰ নাই মোৰ ভয়, কাৰো লগত বেয়া হ’বলৈ ভয় নকৰোঁ, কতো মোৰ স্বাৰ্থ নাই…প্লিজ খালি।…ৰুবীক পোৱাৰ বাবেই ঝৰ্ণা প্ৰেমত পৰে জীৱনৰ। ক্ষণে ক্ষণে সন্দিহান হৈ উঠে ৰুবীৰ চিন্তাত। হৃদয়ৰ সমস্ত আকুলতাৰে সাৱতি লয় ৰুবীক। এক নিৰাপত্তা এক সীমাহীন মমতাৰে আবৰি ৰাখিব খোজে ৰুবীক। ৰুবীয়ে গায়-
’পৰিচয় যদি সৰাপাতে পাতে
তোমাৰ ঠিকনা হৃদয়ত থ’ম
মনে বিচাৰিলে, কাণে কাণে ক’লোঁ
তোমাৰ জীৱনত নিজৰা হ’ম….

প্লট তিনি:-নিষিদ্ধ

(১)
নাম:নীৰৱ হাতীমূৰীয়া (বুম্বা)
ঘৰ: জোকতলি, বিশ্বনাথ চাৰিআলি
বয়স: পোন্ধৰ বছৰ
পেছা: ছাত্ৰ
নিচা: ছোৱালীৰ সাজ-পোছাক পিন্ধি ভাল পোৱা আৰু চিলাই, উল গোঁঠা ইত্যাদিত পাৰ্গত।
পৰিয়াল: যৌথ-পৰিয়াল, পৰিয়ালৰ সদস্য বাৰজন।
গুণ: ঘৰুৱা কাম-কাজত পাকৈত, সৰল, কঠোৰ পৰিশ্ৰমী।
দোষ: ছোৱালীৰ দৰে আচাৰ-ব্যৱহাৰ, বৰ অনুভুতিপ্ৰৱণ।
স্বাস্থ্য: ভাল

(২)
নাম: নিবিড় হাতীমূৰীয়া (কাৱৈ)
ঘৰ:জোকতলি, বিশ্বনাথ চাৰিআলি
বসয়:চৌধ্য বছৰ
পেছা:ছাত্ৰ
নিচা:ভাং, বিড়ি, চিগাৰেট
পৰিয়াল: ঐ (অৰ্থাত্‌ নীৰৱ হাতীমূৰীয়াৰ স’তে একে)
গুণ: সাহসী, টেঙৰ, ধূৰ্ত।
দোষ: কামচোৰ, এলেহুৱা।
স্বাস্থ্য: দুৰ্বল
…এই চৌধ্য পোন্ধৰ বয়সতে নিষিদ্ধতাৰ দুনীয়াত ভৰি দিয়া বুম্বা আৰু কাৱৈয়ে ধৰাত পৰি গাঁও এৰি গুৱাহাটী পায়গৈ। কাৱৈৰ টেঙৰালিত কেনেবাকৈ থকা খোৱাৰ সুবিধা হব বুলি গেৰেজ এটাত কাম বিচাৰি যায দুয়ো। কাৱৈয়ে গেৰেজতে কাম পায় আৰু বুম্বাক গেৰেজৰ মালিকৰ ঘৈণীয়েকৰ বিউটি পাৰ্লাৰত সহায় কৰি দিবলৈ লৈ যায়। দুখন সুকীয়া জগতত সোমায় পৰে দু্য়ুটা। চহৰীয়া জীৱনত নিষিদ্ধতাৰ সোৱাদ বিচাৰি যোৱা কাৱৈ পুলিচৰ হাতত পৰি জেললৈ যায়। আনহাতে বুম্বাই মৰমী বিউটি পাৰ্লাৰত কাম শিকি নিজা ববীয়াকৈ সংস্থাপন ঠিক কৰি লয়। শেষত কাৱৈকো উপাৰ্জনৰ বাট দেখুৱায়। কিন্তু সফলতাৰ এই দীঘল বাট চোৱাত বুম্বাই মুখামুখি হয় বোলছবি জগতৰ কিছুমান নিৰ্মম সত্যৰ লগত। চালে চকুৰোৱা বোলছবি জগতৰ পৰ্দাৰ আঁৰত যে কি ভয়ানক জগত এখন লুকাই আছে তাক দূৰৰ পৰা অনুমান কৰিব নোৱাৰি। কেমেৰা-লাইট-এক্‌চনৰ চকু চাট মৰা পোহৰত লেনদেন চলে জীৱন যৌৱনৰ। হেঁপাহৰ-সপোনৰ। কুটিল ৰাজনীতিত পৰি মৃত্যু ঘটে নিৰ্ভেজাল প্ৰেমৰ। উঠি অহা প্ৰতিভাৰ। Gay-Lesbian সকলৰ বাবে যেন এখন মুক্ত জগত এই বোলছবি জগত। গ্লেমাৰ আৰু টকা পইচাৰে কিনি লয় জীৱনৰ প্ৰতিটো পল-অনুপল। মুকলি বেহা চলে নিষিদ্ধতাৰ। তাৰ মাজতো প্ৰেমে গজালি মেলে। সৰু সৰু মান অভিমানে থিতাপি লয় মনৰ কোনোবা গোপন কোণত…

…উপন্যাসৰ খনৰ তিনিওটা প্লটৰ আঁত ধৰে ডা: সৌমাৰ কাকতিয়ে। সাংবাদিক ৰাতুলৰ বৰুৱাৰ কৌতুহলৰ প্ৰশমন ঘটাবলৈ বুলিয়ে নহয়, সমাজৰ এক কঠোৰ সত্যক স্পষ্ট ভাষাৰে দাঙি ধৰিছে। ’Homosexuality is nor a disease, not a crime’. ই প্ৰকৃতিৰ পাকচক্ৰ। মানুহৰ বৰণীয়া ৰূপৰ এটা বেলেগ ৰূপ…।
মানুহ বিজ্ঞানৰ থিয়ৰী নহয়। মানুহৰ মন এখন কেনভাচৰ দৰে। যেনেকৈ চোৱা তেনেকৈ দেখিবা। মানুহ, পানীৰ দৰে। মনেৰে যি পাত্ৰতে থবা সেয়াই আকাৰ ল’ব।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments