গ্ৰন্থ আলোচনা: পপীয়া তৰাৰ সাধু

গ্ৰন্থ আলোচনা:

পপীয়া তৰাৰ সাধু

সুস্মিতা বৰা

লেখিকা: ডঃ ৰীতা চৌধুৰী
প্ৰথম প্ৰকাশ: ১৯৯৮
দ্বিতীয় জ্যোতি প্ৰকাশন সংস্কৰণ: ছেপ্তেম্বৰৰ, ২০০৯
মূল্য: ১৩০.০০ টকা

প্ৰখ্যাত ঔপন্যাসিক ডঃ ৰীতা চৌধুৰীৰ এখন অনবদ্য উপন্যাস ‘পপীয়া তৰাৰ সাধু’৷ তেওঁৰ উপন্যাসৰাজীৰ সৈতে পাঠকক চিনাকী কৰি দিয়াৰ প্ৰয়োজন বৰ্তমান সময়ত নতুনকৈ নাই, কিন্তু এখন মনোমোহা উপন্যাস পঠনৰ পিছত আমাৰ মনত হোৱা ভাৱৰ অনুৰণনক পাঠক সমাজৰ আগত উপস্থাপন কৰাৰ এক নিঃকিন প্ৰয়াস মাথোঁ৷

উপন্যাসখনৰ নায়িকা জেউতি এজনী সপোন দেখি ভাল পোৱা যুৱতী৷ তাই সপোন দেখে এগৰাকী সাহিত্যিক হোৱাৰ, প্ৰখ্যাত সাংবাদিক হোৱাৰ৷ সেয়ে নিজৰ সৰু ঠাইখনতে থাকি নিজৰ সপোনটোৰ পাখি কটাৰ ইচ্ছা পৰিহাৰ কৰি তাই ওলাই যাব বিচাৰে এখন মুকলি আকাশ বিচাৰি৷ সীমাহীন ব্যাপ্তি বিচাৰি৷ কলেজত, ওচৰ চুবুৰীয়াৰ মাজত তাইৰ লিখাৰ প্ৰশংসা শুনি মনে মনে গৰ্বিত হয় তাই৷ তাইৰ বাবে সকলো সম্ভৱ; মাথোঁ মনত সাহস লাগে৷ তাইৰ সপোনবোৰে এটা আধাৰ বিচাৰি পাইছিল অপৰ্ণা বাইদেউৰ সত্তাত৷ অপৰ্ণা বাইদেউ জেউতিৰ বাবে আছিল এক জীৱন্ত নক্ষত্ৰ যি সততা আৰু মমত্বৰ সৈতে প্ৰতিভাৰ সংমিশ্ৰণত গঢ় লৈ উঠা এক ভাস্বৰ প্ৰতিমূৰ্তি আছিল৷ সেই অপৰ্ণা বাইদেউক আগত ৰাখি জেউতিয়ে কবিতা লিখিছিল, লিখিছিল গল্প-প্ৰবন্ধ৷ তেনেদৰেই কলেজলৈ অহা প্ৰখ্যাত সাংবাদিক লেখক সুবিমল ফুকনক লগ পাইছিল৷ এই লগপোৱাই হয়তো জেউতিৰ জীৱনৰ টাৰ্ণিং পইণ্ট আছিল৷ তাইৰ বিধ্বস্ত জীৱনৰ বাটলৈ আগুৱাৰ প্ৰথম খোজ আছিল৷ কলেজীয়া পঢ়া সামৰি ঘৰৰ বাধা, কমলৰ মৰমৰ আবেশ সকলো আঁতৰাই জেউতি গুচি আহিছিল সাংবাদিকতাত স্নাতকোত্তৰ কৰিবৰ বাবে৷ আৰম্ভ হ’ল এক নতুন জীৱন৷

গুৱাহাটীত আহি জেউতীয়ে বুজিলে আকাশখন বিশাল আৰু ঠাইবোৰেই ইয়াত পোৱালি দিয়ে ঘনে ঘনে৷ ইয়াতেই লগ পায় সুবিমল ফুকনক৷ সুবিমল ফুকনৰ সম্পাদনাত প্ৰকাশ পোৱা কাকতখনৰ নিয়মীয়া লেখিকা হৈ পৰে জেউতি৷ একেদৰে আন কাকত আলোচনীতো লিখিবলৈ আৰম্ভ কৰে৷ এনেদৰেই লাহে লাহে বিখ্যাত হোৱাৰ পথত আগবাঢ়ে জেউতি৷ পৰৱৰ্তী সময়ত লগ পায় মনোৰমা বৰুৱা, অলকা হাজৰিকা, উৎপল বৰবৰা, প্ৰীতম আদিৰ দৰে লোক ঔপন্যাসিকে ইয়াত প্ৰতিটো চৰিত্ৰকে নিখুঁত তথা বাস্তৱসন্মতভাৱে তুলি ধৰিছে৷ এইদৰে জেউতিয়ে সকলোবোৰ পোৱাৰ মাজতে বহুতো হেৰুৱায়৷ সুবিমল ফুকনৰ লগত গঢ়ি উঠা হৃদয়ৰ সম্পৰ্ক হেৰুৱাই ভাগি পৰা জেউতিয়ে প্ৰীতমৰ কথাৰ মাজত আস্থা বিচাৰি পায়৷ এইদৰে জীৱনৰ ধুমুহাৰ মাজত হাৰি হাৰি জিকি যোৱা সপোন দেখা জেউতিয়ে এটা ৰাজনৈতিক দলৰ লাভালাভৰ বাবে প্ৰাণ দিবলগীয়া হয়৷ জেউতিৰ মৃত্যুয়ে সকলোৰে চকু মোকলায়৷ থুলমূলকৈ কাহিনীৰ জুমুঠি ইমানেই৷

ঔপন্যাসিক ৰীতা চৌধুৰীয়ে জেউতি চৰিত্ৰটিৰ মাজেৰে খ্যাতিৰ আৰু উচ্চাকাংক্ষাৰ শিখৰত আৰোহণ কৰিবলৈ বিচাৰি জীৱন হেৰুওৱা এজনী সৰল যুৱতীৰ কাহিনী বৰ্ণাইছে৷ সেইয়া কৰিবলৈ যাওঁতে ঔপন্যাসিকে সুবিমল ফুকনৰ দৰে সুবিধাবাদী আৰু সভ্যতাৰ মুখা পিন্ধাই এদল বিবেকহীন মানুহৰ চাৰিত্ৰিক দিশটো সুন্দৰভাৱে উজলাই তুলিছে৷ সুবিমল ফুকনৰ হৃদয়ৰ এক সম্পৰ্ক সমাপ্তি হোৱাৰ পিছতো, এবাৰ বিশ্বাস হেৰুওৱাৰ পিছতো জেউতিয়ে পুনৰ প্ৰীতমৰ প্ৰেমৰ আকুল আহ্বানকো নেওচিব পৰা নাই৷ ঘৰৰ বিৰুদ্ধে ওলাই নিজকে কিবা এটাৰ যোগ্য বুলি প্ৰমাণ কৰাৰ যি অদম্য হেঁপাহ যি আত্মঅহংকাৰ সেই অহংকাৰে হয়তো জেউতিক হাৰি যাবলৈ নিদিয়ে৷ মানুহক বিশ্বাস কৰি বাৰে বাৰে লুণ্ঠিত হৈছে৷ সুবিমল ফুকন, উৎপল বৰবৰা, প্ৰীতম, নবীন দুৱৰা চৰিত্ৰবোৰৰ মাজেদি সমাজৰ তথাকথিত ভদ্ৰমানুহৰ প্ৰকৃত পৰিচয় পাই জেউতি দুখী হৈছে৷ গ্লানিৰে ভৰি পৰিছে মন৷ কণ্টকময় জীৱনৰ প্ৰতি ঘৃণা উপজিয়েই অৱশেষত আত্মজাহৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিছে৷

ঔপন্যাসিকে অপৰ্ণা বাইদেউ, নৱাৰুণ, শুভ্ৰ, অপূৰ্ব, সত্যেন, ৰূপালী বা আদি চৰিত্ৰই সমাজৰ বেয়াবোৰৰ মাজত থকা মুষ্টিমেয় ভালখিনিক প্ৰতিনিধিত্ব কৰিছে৷ অপৰ্ণা বাইদেউৰ চৰিত্ৰৰ মাজেৰে সততা, স্থিতপ্ৰজ্ঞতা তথা সাহসিকতাৰ পূৰ্ণ প্ৰকাশ দেখা যায়, লগতে দেখা যায় জেউতিৰ প্ৰতি অপাৰ স্নেহ৷ নৱাৰুণে তেওঁলোকৰ সন্তান সৌৰভৰ অস্ত্ৰোপচাৰৰ বাবে প্ৰয়োজন হোৱা টকাখিনিৰ বাবে জেউতিৰ সহায় লৈছে কিন্তু পুত্ৰ মৃত্যুৰ লগতে জেউতিৰ মৃত্যুয়ে তেওঁক আত্মগ্লানিত তিলতিলকৈ দগ্ধ কৰিছে৷ একেদৰে সত্যেন, অপূৰ্বহঁতৰ সত্যনিষ্ঠতাই কিছু সৎ আৰু নিষ্ঠাবান সংবাদকৰ্মীৰ চিত্ৰ আমাৰ আগত দাঙি ধৰে৷

উপন্যাসখনৰ আন এক উল্লেখনীয় দিশ হ’ল নাৰী মনঃস্তত্বৰ বিভিন্ন দিশ উন্মোচন৷ জেউতিৰ প্ৰথম অৱস্থাত এক সবল মানসিক পৰিস্থিতিৰ স্ফুৰণ দেখা যায় পৰৱৰ্তী সময়ত উপৰ্যপুৰি বিশ্বাসভংগই মানসিকভাৱে সম্পূৰ্ণ বিধ্বস্ত কৰি তুলিছে৷ সাধাৰণতে এজনী সাধাৰণ যুৱতীয়ে যিধৰণে বিশ্বাসেৰে কাৰোবাৰ ওচৰত সকলো অৰ্পণ কৰে, প্ৰেমত বিশ্বাস কৰি সকলো শুদ্ধ বুলি ভাবে, জেউতিয়ে তাকেই কৰিছে৷ পৰৱৰ্তী সময়ত নিজৰ মান অথবা স্থান ৰাখিবলৈ বিবেকে নিৰ্দেশ নিদিয়া কামো কৰিবলৈ বাধ্য হৈছে৷ আনহাতে মনোৰমা বৰুৱা, অলকা হাজৰিকা, নন্দিতা আদিৰ দৰে সুবিধাবাদী নাৰী চৰিত্ৰই উপন্যাসখনত চৰিত্ৰত বিৰোধৰ ভাব অংকন কৰাত সফল হৈছে৷ নাৰীয়েই নাৰীৰ শত্ৰু, এই আপ্তবাক্যষাৰ সঁচা প্ৰমাণিত হৈছে এই উপন্যাসখনৰ চৰিত্ৰবোৰৰ মাজেদি৷ ঈৰ্ষা আৰু মিছা ভেমে ওফন্দাই ৰখা এই শ্ৰেণীৰ মানুহৰ বাবে টকাই সকলো এই সকলোবোৰকে ঔপন্যাসিকে বলিষ্ঠ হাতৰ পৰশে মনোমোহা কৰি তুলিছে৷ উপন্যাসখনত নক্ষত্ৰ হ’ব খোজা জেউতিৰূপী তৰাটো আকাশৰ খহি পৰা পপীয়া তৰা হোৱাৰ কাহিনী সঁচাকৈ মৰ্মন্তুদ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments