গ্ৰন্থ আৰু কিছু অনুভৱ (নৱনীতা বৰ্মন)

যিবোৰ দেশত শিক্ষিতৰ সংখ্যা আৰু কিতাপৰ প্ৰচলন আটাইতকৈ বেছি সেইবোৰ দেশেই আজি পৃথিৱীৰ ভিতৰত উন্নত দেশ হিচাপে পৰিগণিত হৈছে৷অসমৰ মানুহেও যদি আধুনিক জগতৰ উন্নতিৰ প্ৰতিযোগিতাত সমানে ভাগ খোজে তেন্তে তেওঁলোকে কিতাপক ভাল পাবলৈ শিকিব লাগিব আৰু নিয়মিত ভাবে কিতাপ পঢ়াৰ অভ্যাস কৰিব লাগিব” ……(হোমেন বৰগোহাঞি)

কিতাপ…সাহিত্যনুৰাগীৰ বাবে এক আকৰ্ষণীয় শব্দ;য’ত প্ৰতিটো পৃষ্ঠাত আৱেশিত হৈ থাকে এক অনামী সুৱাস৷আৰু এই সুৱাসে এখন কিতাপৰ আকৰ্ষণৰ মহত্ব ৷কাৰন এখন কিতাপে জ্ঞানৰ পৰিধি বৃদ্ধি কৰাৰ লগতে সমান্তৰালকৈ বিষয়গত অন্বেষনৰ পৰিসৰো বঢ়ায়৷সেয়ে কিতাপ এখন পাঠকৰ একান্ত বিশ্বস্ত বন্ধু হিচাপে যুগে যুগে বিবেচিত হৈ আহিছে৷১৮১৩ চনতে আত্মাৰাম শৰ্মাৰ বাইবেল প্ৰকাশেৰে আৰম্ভ হোৱা অসমীয়া ছপা গ্ৰন্থৰ ১৯৭বছৰীয়া ইতিহাসত নামনি অসমৰ প্ৰকাশন প্ৰতিষ্ঠান কেতবোৰে গ্ৰন্থ প্ৰকাশৰ দিশত প্ৰভূত বৰঙনি আগবঢ়াইছিল৷১৮৪০ চনতচ শিৱসাগৰত বেপ্তিস্ট মিছন প্ৰেছ প্ৰতিষ্ঠা কৰি মিছনেৰীসকলে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ বাবে সচেষ্ট হোৱাৰ লগতে১৮৪৬ চনত অৰুনোদয় প্ৰকাশ কৰি উলিয়ায়৷এইদৰে অসমীয়া ভাষাত বিভিন্ন কাকত আলোচনী গ্ৰন্থৰ উত্থান পতনৰ মাজেদি আজিৰ এই অৱস্থা পাইছেহি৷
সাম্প্ৰতিক সময়ত নতুন গ্ৰন্থকাৰ, লেখক- লেখিকাৰ যথেষ্ট কিতাপ প্ৰকাশ পাইছে যদিও;ইয়াৰ কিছু সংখ্যকেহে স্থায়িত্ব লাভ কৰিবলৈ সক্ষম হৈছে৷তাৰ লগতে গ্ৰন্থ প্ৰকাশৰ নামত এনে কিছুমান প্ৰকাশন গোষ্ঠী গঢ়ি উঠিছে যে সৃষ্টিশীল এই মাধ্যমটোক পন্য সামগ্ৰীলৈ ৰূপান্তৰিত কৰিছে৷সেয়ে প্ৰবীন চামে নবীনৰ সৃষ্টিকৰ্মক কেৱল সমালোচনাৰে থকাসৰকা কৰাতকৈ যদি তাক সঠিক দিশত গঢ়ি পিটি লয়; তেতিয়া হ’লে নবীন চামৰ পৰাও নিশ্চিত ৰূপত কালজয়ী সাহিত্যৰ সোৱাদ পাম৷যিহেতু পৃথিৱীৰ আটাইতকৈ ঐতিহ্যসম্পন্ন শব্দ গ্ৰন্থৰ লগত পাঠকৰ সুস্থ ৰুচিবোধ জড়িত হৈ থাকে সেয়ে গ্ৰন্থকাৰ এজনৰ লগতে প্ৰকাশকৰ এটা জাতিৰ গতিপথ নিৰ্ধাৰণত বহুখিনি দায়িত্ব থাকে৷১৯৮৪ চনত প্ৰথমবাৰৰ বাবে অসম প্ৰকাশন পৰিষদৰ সচিব চন্দ্ৰপ্ৰসাদ শইকীয়াৰ নেতৃত্বত জজ খেল পথাৰত গ্ৰন্থমেলাই যি এক সোণালী বাটৰ সন্ধান দি গ’ল সেই বাটেদি গৈ আজিও গ্ৰন্থপিপাশু সকলে ইয়াৰ ক্ষুধা পান কৰি আছে আৰু তাৰ পৰিণতিতে আজি চহৰ নগৰতে ই সীমাবদ্ধ নাথাকি মফচলীয় স্থানতো গ্ৰন্থমেলাৰ পয়োভৰে এক আশাৰ বতৰা কঢ়িয়াই আনিছে৷কিন্তু এই গ্ৰন্থৰ উৎসৱক যাতে ৰাজনীতিৰ মেৰপাকত সুমুৱাই ৰাজনীতিকৰণ কৰা নহয় সেয়াহে এতিয়া লাখটকীয়া প্ৰশ্ন হৈ দেখা দিছে৷ কাৰণ এই গ্ৰন্থমেলাৰ বাকৰিতে লেখক পাঠক আৰু প্ৰকাশকৰ মাজত এটা জাতিৰ চিন্তাচেতনাই নতুন পোখা মেলে আৰু অনাগত দিনৰ বাবে নতুন সৃষ্টি কৰ্মত নিয়োজিত কৰে৷ পাঠকক নতুন গ্ৰন্থসম্ভাৰেৰে আহ্লাদিত কৰিব পৰাটোৱেই হৈছে গ্ৰন্থমেলাৰ বতৰত গ্ৰন্থকাৰ-পাঠক-প্ৰকাশকৰ প্ৰধান চিন্তা ৷ অসমত গ্ৰন্থমেলাসমূহে প্ৰতিবছৰে যিধৰনে আাশাপ্ৰদ সঁহাৰি পাই আহিছে সেয়া সচাঁকৈয়ে সাহিত্যৰসিক সকলৰ বাবে ভাল খবৰ৷আচলতে গ্ৰন্থ আৰু পাঠকৰ মাজত যি অভিন্ন সম্বন্ধ তাক আজি ইলেট্ৰনিক মাধ্যমৰ আগ্ৰাসনেও বাধা দিব পৰা নাই৷ঘৰতে বহি ইন্টাৰনেটৰ মাধ্যমেৰে বহুতো কথা সহজলভ্য কৰি দিলেও কিন্তু গ্ৰন্থমেলাৰ বাকৰিলৈ আহি কিতাপ এখন কিনাৰ লোভ সামৰিব নোৱাৰি আৰু যদি নবীন প্ৰজন্মক ইয়াৰ প্ৰতি আৰু আকৰ্ষিত কৰিব পৰা যাই তেতিয়া আমিও আশা কৰিব পাৰিম যে গ্ৰন্থৰ উৎসৱবিলাকে প্ৰতিবছৰে অসমৰ সাহিত্যৰ পৰিৱেশটো উন্নত কৰি যাব ;কিতাপৰ আদৰো দিনে দিনে বাঢ়িব;লেখক লেখিকা সকলৰো মাজত নবীন প্ৰবীনৰ ব্যৱধান কমি গৈ এদিন নাইকিয়া হ’ব৷তাৰ লগতে লেখক এজনৰ উদ্দেশ্য হৈছে তেওঁৰ কিতাপখন পাঠকৰ কাষলৈ লৈ যোৱা আৰু পাঠকৰ দায়িত্ব সেইখন আদৰি লোৱা৷কিন্তু বহুক্ষেত্ৰত কিতাপ এখনৰ অত্যাধিক মূল্যইও কিতাপ এখন পাঠকৰ কাষ চপাৰ ক্ষেত্ৰত বাধাৰ কাৰক হৈ দেখা দিয়ে৷
সমাজৰ শান্তি আৰু প্ৰগতিৰ বাৰ্তাবাহক গ্ৰন্থ মানৱীয় মূল্যবোধৰ এক দীৰ্ঘম্যাদী সমীকৰণ৷আমাৰ জ্ঞানৰ সংৰক্ষণ, স্থায়ীকৰণ আৰু সঞ্চয়ৰ বাবে গ্ৰন্থই একমাত্ৰ মাধ্যম৷যিহেতু গ্ৰন্থ এখনে কেৱল সংগ দিয়াই নহয় সমান্তৰালভাৱে বিষয়গত অন্বেষণৰ পৰিসৰো বঢ়াই তোলে সেয়ে গ্ৰন্থ এখন হ’ব পাৰে আমাৰ প্ৰকৃত বন্ধু;যাৰ প্ৰভাৱ আমাৰ জীৱনত বহুগুনে হয় ইতিবাচক৷সেয়ে সৰুৰে পৰা কিতাপ পঢ়া, কিতাপৰ সৈতে বন্ধুত্ব কৰাৰ এক পৰিৱেশ গঢ়ি তুলিব লাগে৷মহৎ গ্ৰন্থ এখনে যিহেতু আমাক নিজকে চাবলৈ, আবিষ্কাৰ কৰিবলৈ শিকাই সেয়ে শিশুৰ মনোজগতত ইয়াক জীৱন গঢ়াৰ ভেটি ৰূপে সৰুৰে পৰা স্থাপন কৰিব লাগে৷তেতিয়াহে সন্তানে সৰুৰে পৰা গ্ৰন্থ অধ্যয়নৰ প্ৰতি আকৰ্ষিত হ’ব আৰু গ্ৰন্থক সংগী কৰি ল’ব৷সৰুৰে পৰা হেৰী পটাৰ খনৰ লগতে বুঢ়ী আইৰ সাধুখনকো সমানে প্ৰাধান্য দিবলৈ শিকাওঁক৷নতুন প্ৰজন্মৰ বহুতৰে মূল্যবান সময় কাঢ়ি নিছে মবাইল-ফেচবুক-ইন্টাৰনেট আদিয়ে৷অধ্যয়ন স্পৃহাৰ প্ৰতি অনীহাৰ এক অন্যতম কাৰক হৈ দেখা দিছে৷সেয়ে প্ৰতিখন পঢ়াশালিতে পুথিভঁৰালৰ ব্যৱস্থা কৰাৰ লগতে প্ৰতিজন শিক্ষাৰ্থীয়ে যাতে পুথিভঁৰালত কিছু মূল্যবান সময় দিব পাৰে;পুথিভঁৰাললৈ যাতে স্বেচ্ছাই আগমন ঘটে তাৰ কাৰণে যাতে এক সুপৰিবেশ পুথিভঁৰালত থাকে তাৰ প্ৰতি শিক্ষক সকলেও মনোনিৱেশ কৰা উচিত৷বৈদ্যুতিন মাধ্যমৰ আগ্ৰাসনত পৰা বুলি হায়ৈ বিয়ৈ কৰাতকৈ লেখক সাহিত্যিক সকলে লিখি খাব পৰাৰ পৰিৱেশ সৃষ্টি কৰাহে উচিত৷তাৰ কাৰণে পাঠকৰ সংখ্যা বঢ়াবই লাগিব৷যিহেতু পাঠকেই হ’ল গ্ৰন্থবিশেষৰ মূল্যায়নৰ প্ৰকৃত বিচাৰক৷ তাৰ লগতে সম্ভাৱনাপূৰ্ণ গ্ৰন্থকাৰ বা লেখক লেখিকাইও কেৱল দুই এটা ৰচনাতে পাঠকৰ সমাদৰ পাই আত্মতুষ্টি লাভ কৰি ক্ষান্ত থকাতকৈ পুনৰ তেওঁলোকে সৃষ্টিৰ নতুন কঠীয়া পৰা উচিত৷গতিকে অসমত যে কিতাপ পঢ়াৰ এক সংস্কৃতিৰ প্ৰয়োজন আৰু আমাৰ সমাজৰ একোগৰাকী ব্যক্তিৰ একোটা সুস্থসবল ভৱিষ্যৎ নিৰ্মাণত গ্ৰন্থ অধ্যয়ন যে একান্ত অপৰিহাৰ্য সেয়া সকলোৱে অনুধাৱন কৰিব পাৰিলে গ্ৰন্থ সকলোৰে প্ৰকৃতাৰ্থত বন্ধু হ’ব আৰু নতুন প্ৰজন্মৰ বাবে এক নতুন দিগন্তৰ সূচনা হ’ব৷(কিছু সহায় লৈ)
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক