গ্ৰন্থ আৰু গ্ৰন্থৰ ভৱিষ্যৎ সম্পৰ্কে প্ৰকাশকৰ একাষাৰ (সৌমিত্ৰ যোগী)

“গ্ৰন্থ আৰু গ্ৰন্থৰ ভৱিষ্যৎ”–এই বিষয়ৰ লগত সংগতি ৰাখি মনলৈ অহা কিছু প্ৰশ্নৰ উত্তৰ বিচাৰি ‘সাহিত্য ডট অৰ্গ’ৰ হৈ শ্ৰী মান দীপাংকৰ দত্ত কাষ চাপিছিল অভিজাত প্ৰকাশন গোষ্ঠী ‘আঁক-বাক’ প্ৰ্কাশনৰ স্বত্বাধিকাৰী-লেখক-ঔপন্যাসিক সৌমিত্ৰ যোগী ডাঙৰীয়াৰ। অপাৰ ব্যস্ততাৰ মাজতো আমাক মতামতেৰে ধন্য কৰা যোগী ডাঙৰীয়াৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ।

(সাহিত্য ডট অৰ্গৰ হৈ সাক্ষাৎ সংগ্ৰহ কৰি আমাক ধন্য কৰাৰ বাবে শ্ৰী মান দীপাংকৰৰ শলাগ লৈ তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।)

 

১) আমি জানো যে গ্ৰন্থৰ পৰিসৰ বিস্তৃত৷ পাঠ্যপুথি, গৱেষণামূলক গ্ৰন্থ, ধৰ্মগ্ৰন্থ, কাব্যগ্ৰন্থ, উপন্যাস, গণিত, বিজ্ঞান বিষয়ক গ্ৰন্থ, চুটিগল্প – এই কেইপ্ৰকাৰৰ গ্ৰন্থৰ ভিতৰত কোন প্ৰকাৰৰ গ্ৰন্থ উত্তৰপ্ৰজন্মই আঁকোৱালি ল’ব বুলি ভাৱে? যিহেতু প্ৰজন্মৰ ৰুচি-অভিৰুচিৰ ওপৰতে আমাৰ উল্লেখিত প্ৰকাৰৰ গ্ৰন্থৰ ভৱিষ্যৎ! …

সৌমিত্ৰ যোগীঃ আপুনি ভাগ কৰাৰ দৰে সাধাৰণতে ভাগ কৰা নাযায়। ইয়াৰে প্ৰচলিত মূল ভাগ দুটা হ’ল – পাঠ্যপুথি আৰু বাহিৰা কিতাপ (out books)। পাঠ্যবহিৰ্ভুত সকলো কিতাপকে বাহিৰা কিতাপ হিচাপে ধৰা হয়। যিহেতু পাঠ্যপুথি পঢ়াটো বাধ্যতামূলক, এতেকে ইয়াৰ চাহিদাৰ কথাটো সুকীয়া। আনহাতে বাহিৰা কিতাপৰ শাখাবোৰৰ ভিতৰত উত্তৰ প্ৰজন্মই আঁকোৱালি লোৱা বুলি বেলেগে আলোচনা কৰিব নোৱাৰি। পঢ়ুৱৈৰ নিজা ৰুচি-অভিৰুচি অনুযায়ী প্ৰায় সকলো বয়সৰ পঢ়ুৱৈৰে আগ্ৰহ প্ৰায় একে। বিগত কেইটামান বছৰত দেখা গৈছে, প্ৰায় সকলো বয়সৰ পঢ়ুৱৈৰ মাজতে গৱেষণামূলক গ্ৰন্থ আৰু উপন্যাসৰ আদৰ বেছি। আনহাতে কবিতাৰ প্ৰতি নতুন প্ৰজন্মৰ যি আগ্ৰহ, সেইটো কেৱল নিজে লিখা কবিতা ৰূপৰ ভাব-ভাষাবোৰৰ প্ৰতিহে। তেওঁলোকৰ অধিকাংশই ভাল কবিসকলৰ কবিতাও নপঢ়ে। বহুতে অগ্ৰজ কবিসকলক চিনিয়ে নাপায়। আৰু অনাগত দিনত পঢ়ুৱৈয়ে কোনটো প্ৰকাৰৰ কিতাপক আঁকোৱালি ল’ব সেইটো নিৰ্ভৰ কৰিব নতুন লেখকসকলে নিজৰ সৃষ্টিৰ জৰিয়তে পঢ়ুৱৈক কিধৰণে প্ৰভাৱিত কৰিব পাৰে তাৰ ওপৰত।

 

২) ‘গ্ৰন্থই চেতনাৰ দুৱাৰ খোলে’ – এই কথাষাৰ ভালকৈ বিশ্লেষণ কৰিলে কথাষাৰৰ যথাৰ্থতা অনুভৱ কৰিব পৰা যায়৷ কিন্তু, আমি প্ৰায়ে এনেকুৱা অভিজ্ঞতাৰ মুখামুখি হওঁ যে এজন শিক্ষিত মানুহো বিভিন্ন নেতিবাচক কৰ্মৰ লগত জড়িত হৈ পৰে৷ কথাষাৰ এনেকুৱা হ’ব পাৰে নেকি যে কেৱল গ্ৰন্থ অধ্যয়নৰ দ্বাৰাই সমাজ বিৱৰ্তন সম্ভৱ নহয়, তাৰ বাবে প্ৰয়োজন মানুহ, প্ৰকৃতি বা সামগ্ৰিকভাৱে সমগ্ৰতাৰ অধ্যয়ন?…

সৌমিত্ৰ যোগীঃ কিতাপৰ আছে অফুৰন্ত শক্তি। আমি ভবাতকৈ, অনুভৱ কৰাতকৈ বহুত বেছি। কিন্তু কিতাপ পঢ়া আৰু অধ্যয়ন কৰাৰ মাজত যথেষ্ট প্ৰভেদ আছে। আপুনি যিধৰণৰ মানসিকতাৰ মানুহৰ কথা কৈছে, তেওঁলোকে কিতাপ পঢ়েহে। পঢ়ি কেৱল শব্দবোৰ জানিব পাৰি, অৰ্থ বুজিব নোৱাৰি। পাঠ একোটাৰ অৰ্থ বুজিবলৈ পঢ়ুৱৈজনক চিন্তাশক্তিৰ দৰকাৰ। এই কথাটো সকলোৱে জানে যে চিন্তা কৰিব পৰা শক্তি থকা কাৰণেই মানুহ আন প্ৰাণীতকৈ পৃথক। আৰু আমাৰ সেই শক্তি থকাৰ পাছতো যেতিয়া প্ৰয়োগ কৰিবলৈ নিশিকোঁ তেতিয়াই আমি মানুহৰ দৰে আচৰণ কৰিবলৈ পাহৰি যাওঁ। ইয়াৰ পাছত আহিব মানুহ এজন আগবঢ়া বাটৰ কথাটো। এজন মানুহ কোন বাটেৰে আগবাঢ়িব খোজে তাৰ দ্বাৰা নিৰ্ধাৰিত হ’ব মানুহজনৰ কাম-কাজ আৰু আচৰণ। কিতাপে সেই বাট দেখুৱাব পাৰে। কিন্তু সকলো কিতাপেই জানো পোহৰৰ বাট দেখুৱাব পাৰে? নিশ্চয় নোৱাৰে। কি কিতাপ পঢ়িব সেই অনুযায়ী মানুহ এজনৰ বাট আৱিষ্কাৰ হ’ব। সেই কাৰণে মানুহে কি ধৰণৰ কিতাপ পঢ়িবলৈ নিৰ্বাচন কৰে সেইটো অতি গুৰুত্বপূৰ্ণ।

 

৩) আমি সকলোৱে একেমুখে স্বীকাৰ কৰোঁ বিশ্বায়নৰ কথা ৷ কেৱল স্বীকাৰ কৰাই নহয়, আম প্ৰত্যেকেই অনুভৱ কৰোঁ বিশ্বায়নৰ প্ৰভাৱ৷ এটা সময় আছিল, মানুহৰ জ্ঞান আহৰণৰ একমাত্ৰ মাধ্যম আছিল গ্ৰন্থ৷ গ্ৰন্থ নিৰ্ভৰশীল সেই শিক্ষিত সমাজখনেই এদিন কিন্তু জ্ঞানৰ উৎসৰ বিকল্প হিচাপে প্ৰযুক্তিৰ অন্যান্য মাধ্যমসমূহ আদৰি লৈছিল৷ একবিংশ শতিকাৰ ব্যস্ত এই শিক্ষিত মানুহচামৰ মাজত প্ৰযুক্তিৰ আন মাধ্যমসমূহে গ্ৰন্থক সুস্থিৰতাৰে জীয়াই ৰখিব বুলি আপুনি ভাৱেনে?

সৌমিত্ৰ যোগীঃ নতুনকৈ প্ৰযুক্তিবিদ্যাৰ বিকাশ হোৱা ঠাইবোৰত এইবোৰক লৈ উত্তেজনা বেছি। মাজে মাজে বহু মানুহকে শংকিত কৰি তোলে। কিন্তু আমি মনত ৰখা উচিত, কিতাপ কেৱল এটা মাধ্যম নহয়, ই এক অবিকল্প শক্তি। কেতিয়াবালৈ যদি পৃথিৱীত প্ৰজ্ঞা (wisdom) অৰ্থহীন হৈ পৰে, সকলো কথা জ্ঞান (Knowledge) নিৰ্ভৰশীল হয়, তেতিয়াহ’লে কথাটো সুকীয়া। এনেকুৱা এটা কথা সম্ভৱ হ’ব পাৰেনে যে মানুহ কেৱল তথ্য(Information)ৰ দ্বাৰা পৰিচালিত হ’ব আৰু তাত চিন্তাৰ কোনো মূল্য বা প্ৰয়োজন নাথাকিব? যদি তেনে এটা দিন সম্ভৱ হয় তেতিয়াহ’লে কিতাপহীন পৃথিৱী এখনো সম্ভৱ হ’ব পাৰে।

বহুতে কয়, ছপা গ্ৰন্থ হয়তো নাথাকিব পাৰে, ৰূপ সলনি হ’ব পাৰে, কিন্তু মোৰ বোধেৰে ছপা গ্ৰন্থৰ বিকল্পই মানুহক ইমান সহজতে মুগ্ধ বা আক্ৰান্ত কৰিব নোৱাৰে যে ই একেবাৰে নোহোৱাই হৈ পৰিব। ছপা গ্ৰন্থত এনেকুৱা বহু উপাদান আছে যিবোৰ বিকল্প ৰূপত সম্ভৱ নহয়। কিছুমান পুৰণি ক্ৰমে নতুনহে হ’বলৈ ধৰে। শৰীৰচৰ্চাৰ বিভিন্ন অত্যাধুনিক ব্যৱস্থা এতিয়া সুলভ হৈ পৰিছে যদিও ক্ৰমশঃ যোগাসনৰ গুৰুত্ব আৰু জনপ্ৰিয়তা বেছিকৈ বাঢ়িছেহে। ইয়াৰ অৰ্থ এইটোৱে যে পলমকৈ হ’লেও সকলো বস্তু বা কথা-কাণ্ডৰে পাৰ্শ্বপ্ৰতিক্ৰিয়া মানুহে বুজিবলৈ সক্ষম হয় আৰু মানুহ সদায় কল্যাণৰ আলোকময় বাটেৰেই আগবাঢ়ে।

 

৪) এগৰাকী প্ৰকাশক হিচাপে গত আঠ বছৰে অসমীয়া গ্ৰন্থ ৰূপায়ণ, প্ৰকাশ আৰু পঠনৰ ক্ষেত্ৰত কেনে ধৰণৰ ৰূপান্তৰ দেখিবলৈ পাইছে? নতুন সম্পৰীক্ষাৰে নতুন আংগিকত ৰচিত গ্ৰন্থ সম্পৰ্কত আপোনাৰ অভিমত কি?…

সৌমিত্ৰ যোগীঃ সম্ভৱতঃ ২০০৫ চনমানলৈ অসমীয়া গ্ৰন্থ উদ্যোগটো অতিশয় পৰম্পৰাগত অথবা “পৰম্পৰা অনুগত” আছিল। ইয়াৰ কাৰণ হৈছে আমাৰ ইয়াত অত্যাধুনিক ছপা ব্যৱস্থা সুলভ নহয় আৰু যথেষ্ট ব্যয়বহুল। ভালকৈ কিতাপ এখন ছপাওঁ বুলি ভাবিলেও কলিকতা বা দিল্লীলৈ যোৱাৰ বাদে গত্যন্তৰ নাই। ছপা ব্যয় বেছি হ’লে দাম বেছি কৰিব লাগে, দাম বেছি হ’লে অধিকাংশ অসমীয়া পঢ়ুৱৈয়ে আপত্তি কৰে, দৰকাৰী, ভাল কিতাপ হ’লেও নিকিনে। কিন্তু লাহে লাহে পৰিস্থিতি সলনি হ’ল। কেইবাটাও আধুনিক ছপাশাল হ’ল। ঠিক তেনে এটা সময়তে মই সাংবাদিকতা এৰি আহি “আঁক-বাক” আৰম্ভ কৰিছিলোঁ আৰু ৰাষ্ট্ৰীয় মানৰ কিতাপ প্ৰকাশ কৰাটোৱেই আমাৰ মূল লক্ষ্য আছিল। আৰম্ভণিতে মই যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ, বহুতেই মোক এনেকৈ কিতাপৰ ব্যৱসায় সম্ভৱ নহ’ব বুলি ভয় খুৱাই দিছিল। মই সেইবোৰলৈ কাণ নিদি গোঁৱাৰৰ দৰে এক পৰিৱৰ্তনৰ স্বপ্ন দেখিয়েই থাকিলোঁ। আৰু ভাবি ভাল লাগে যে পঢ়ুৱৈ আৰু লেখকসকলৰ তাগিদাত বহু প্ৰকাশনেই আজিকালি ছপাৰ মান উন্নত কৰিছে। কিন্তু এয়া মাত্ৰ আৰম্ভণিহে। কৰিবলৈ, দেখিবলৈ আৰু বহুত বাকী। এইখিনিতে কৈ থওঁ, ছপা-বন্ধা উন্নত হ’লেই এখন কিতাপ মানসম্পন্ন কিতাপ নহয়। সামগ্ৰিকভাৱে গুণগত মানৰ ওপৰত নিৰ্ভৰ কৰিহে এখন কিতাপ মানসম্পন্ন কিতাপ হয়। তাৰ কাৰণে প্ৰকাশক-লেখক উভয়ে দায়বদ্ধতাৰে কাম কৰিব লাগিব।

 

৫) সততে, বিশেষকৈ অসমৰ গ্ৰন্থজগতখনৰ বিষয়ে শুনা এটা অনুযোগ – লেখক এজনে গ্ৰন্থ এখন লিখোতে তেখেতৰ যিখিনি অৰ্থ, শ্ৰম বা সময় খৰচ কৰে তাৰ বিপৰীতে সেইখিনিৰ উচিত মূল্য লেখকজনক দিয়া নহয় বা নাপায়! এটা আগশাৰীৰ প্ৰকাশনগোষ্ঠীৰ প্ৰকাশক হিচাপে আৰু এগৰাকী লেখক হিচাপে এই বিষয়ত আপোনাৰ বক্তব্য কি জানিব বিচাৰিছোঁ৷

সৌমিত্ৰ যোগীঃ কিতাপ এখন বিক্ৰী হ’লেহে লেখক আৰু প্ৰকাশক দুয়ো লাভান্বিত হ’ব পাৰে। বিক্ৰী নোহোৱা কিতাপ এখনৰ কাৰণে প্ৰকাশকে কেনেকৈ ধন দিব? আৰু কিতাপ লিখি পইচা নোপোৱা বুলি কৰা অভিযোগ আপুনি কাৰ পৰা শুনে? চাবচোন, যিজন লেখকৰ কিতাপ পঢ়ুৱৈয়ে আদৰি লয়, তেওঁ কেতিয়াবা কিতাপৰ কাৰণে পইচা নোপোৱা বুলি অভিযোগ কৰে জানো? এতেকে তেনেকুৱা অভিযোগ কৰাতকৈ দায়বদ্ধতাৰে লেখা-মেলা আৰু পঢ়ুৱৈ বৃদ্ধিৰ কাৰণে কাম কৰাহে উচিত।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments