গ্ৰন্থ: পাণ্ডুলিপিৰ পৰা গ্ৰন্থবিপ্লৱলৈ –ববিতা শৰ্মা

গ্ৰন্থ বুলি ক’লেই আমাৰ মনলৈ আহে জ্ঞানৰ অক্ষয় ভাণ্ডাৰ এক ভৌতিক বস্তুৰ ছবি। প্ৰাচীন কালৰে পৰা গ্ৰন্থই জ্ঞান আহৰণৰ সহজলভ্য মাধ্যম হিচাপে স্বীকৃতি লাভ কৰি আহিছে। কিতাপ, পুথি, পুস্তক আদি এই গ্ৰন্থ শব্দৰে প্ৰতিশব্দ। ‘হেমকোষ’ অভিধানত গ্ৰন্থ শব্দৰ অৰ্থ এনেদৰে ব্যাখ্যা কৰা হৈছে— গ্ৰন্থ বি. ( সং. গ্ৰন্থ, পুথি — গ্ৰথ্, ৰচনা কৰ্ ) পুথি, a book, a volume, a tome। গ্ৰন্থৰ প্ৰতিশব্দ ‘পুথি’ শব্দটোৰ আভিধানিক অৰ্থ হ’ল ‘‘কোনো বিষয়ৰ বিৱৰণ থকা এদাঁতিয়ে বন্ধা বা নবন্ধা হাতেৰে লিখা বা ছপা কৰা কিছুমান পাত।’’ গ্ৰন্থৰ এই অৰ্থৰ গাত ভেঁজা দি গ্ৰন্থৰ সংজ্ঞা এনেদৰে নিৰ্মাণ কৰিব পাৰি— এফালে বান্ধি লোৱা লিখিত বা মুদ্ৰিত পৃষ্ঠাৰ সংগ্ৰহ গ্ৰন্থ হ’ল এক ভৌতিক বস্তু। এইখিনিতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° হৰেন্দ্ৰ নাৰায়ণ দত্তদেৱে তেখেতৰ ‘ৰাজবংশাৱলী’ নামৰ গ্ৰন্থৰ পাতনিত দিয়া কথা এষাৰ ইয়াত উল্লেখ কৰাৰ লোভ সামৰিব নোৱাৰিলোঁ — ‘‘ডক্তৰেট ডিগ্ৰী লৈ কিছু অহংকাৰ হোৱা দেখি দেউতাই মোক এদিন সুধিলে—মইনা, তই বহুত কিতাপ পঢ়িলি নহয়; ক-চোন কিতাপ কাক কয়? মই ক’লোঁ— আগৰ শাস্ত্ৰবোৰেই কিতাপ; আজিৰ যুগত আন বিষয়তো লিখিছে— সেইবোৰেই কিতাপ। ওহোঁ‌ নাই হোৱা দেউতাই ক’লে। মই বৰ বিপাঙত পৰিলো। সমস্ত লাইব্ৰেৰীবোৰ মনতে এবাৰ ভাবিলো— ক’ৰবাত What is a book? — এই সম্পৰ্কে পঢ়িছো জানো? অগত্যা কিতাপ পঢ়িব নজনা দেউতাৰ ওচৰত বিদগ্দ্ধ পণ্ডিত ডক্তৰেট ডিগ্ৰীধাৰী মোৰ সমস্ত অহংকাৰ ত্যেজি ক’লো— কিতাপ মানে কিনো তেন্তে? দেউতাৰ চমু উত্তৰ— #কি #তাপ মাৰি থাকে তাৰ অৰ্থ কৰিব পৰাটোহে কিতাপ।” হয়, ইয়াতকৈ তাৎপৰ্যপূৰ্ণ কোনো সূত্ৰ মই কিতাপ সম্পৰ্কে পোৱা নাই। সেয়ে মানি ল’লো।

গ্ৰন্থৰ আকাৰ সাধাৰণতে আয়তাকাৰ হয়। কাগজ, সাঁচিপাত, পাপাইৰাচ বা ভোজপত্ৰত লিখি বা মুদ্ৰিত কৰি এফালে ( সোঁ বা বাওঁফালে, সচৰাচৰ বাওঁফালে ) বন্ধাই পৃষ্ঠাবোৰক গ্ৰন্থৰ ৰূপ দি সুৰক্ষিত কৰাৰ লগতে পঢ়িবলৈ সুবিধা কৰি লোৱা হয়। তিনিটা পদ্ধতিৰে পৃষ্ঠাবোৰ বান্ধি সাধাৰণতে গ্ৰন্থৰ আকাৰ দিয়া হয় —
ক) চেণ্টাৰ পিনিং ( গ্ৰন্থৰ পৃষ্ঠাবোৰ একগোট কৰি একাষে মাজত পিন মাৰি বন্ধোৱা পদ্ধতি )
খ) পাৰফেক্ট বাইণ্ডিং ( গ্ৰন্থৰ পৃষ্ঠা বোৰ একগোট কৰি আঠাৰ সহায়ত বান্ধি ৰখা পদ্ধতি )
গ) হাৰ্ড কেজ বাইণ্ডিং ( অসমীয়াত এই পদ্ধতিক পকা বন্ধা বোলা হয়। গ্ৰন্থৰ পৃষ্ঠা বোৰ একগোট কৰি চিলাই বান্ধি ৰখা পদ্ধতি )।
গ্ৰন্থ লিখাৰে পৰা প্ৰকাশ হৈ ওলোৱালৈ গোটেই প্ৰক্ৰিয়াটো হৈছে এক টীমৱৰ্ক অৰ্থাৎ এক দলীয় প্ৰচেষ্টা। লেখকে গ্ৰন্থখন লিখি উলিওৱাৰ পৰা গ্ৰন্থখন প্ৰকাশ হৈ পাঠকৰ হাতত পৰা লৈ বহু লোকৰ শ্ৰম গ্ৰন্থখনত সোমাই থাকে। পাঠকে গ্ৰন্থখন আঁকোৱালি ল’লে সেই শ্ৰম সাৰ্থক হয়। অন্যথা এই শ্ৰম পানীত পৰে। গ্ৰন্থৰ হাতে লিখা ৰূপক পাণ্ডুলিপি বোলা হয়। পাণ্ডুলিপিৰ পৰা লেখা এটাই গ্ৰন্থৰ ৰূপ পোৱালৈকে কেইবাটাও স্তৰ অতিক্ৰম কৰিব লগা হয় আৰু এই প্ৰতিটো স্তৰতে ভালেকেইজন ব্যক্তিয়ে নিজৰ সময় আৰু শ্ৰম দানেৰে পাণ্ডুলিপিক গ্ৰন্থৰ ৰূপ দিয়াত আত্মনিয়োগ কৰে। পাণ্ডুলিপি এটাই গ্ৰন্থৰ ৰূপ পোৱালৈ সমগ্ৰ প্ৰক্ৰিয়াটোক দুটা স্তৰত ভাগ কৰিব পাৰি —
ক) প্ৰি প্ৰিণ্টিং ষ্টেজ ( মুদ্ৰণৰ আগৰ প্ৰক্ৰিয়া )
খ) প’ষ্ট প্ৰিণ্টিং ষ্টেজ ( মুদ্ৰণৰ পাছৰ প্ৰক্ৰিয়া )

গ্ৰন্থখনৰ পাণ্ডুলিপি প্ৰকাশকৰ হাতত পৰাৰ পাছত ডি টি পি কৰা, প্ৰুফ চাই বৰ্ণাশুদ্ধি কৰা আদি কামবোৰ প্ৰি প্ৰিণ্টিং ষ্টেজত পৰে। আনহাতে প্ৰিণ্টিং কৰাৰ পাছত বাইণ্ডিং কৰালৈ সকলোখিনি কাম প’ষ্ট বাইণ্ডিং ষ্টেজত ধৰা হয়। গ্ৰন্থ এখন এজন লেখকৰ সপোন। লেখকৰ চিন্তাধাৰা, ধ্যান-ধাৰণাৰ প্ৰতীক গ্ৰন্থ এখনে প্ৰকাশৰ মুখ দেখাৰ পথত লেখকৰ উপৰিও প্ৰকাশ, ডি টি পি অপাৰেটৰ, প্ৰুফৰীডাৰ, বেটুপাত শিল্পী, আলংকাৰিক, মুদ্ৰক আদি বিভিন্ন লোকৰ কষ্ট, সময়, চিন্তা আদি জড়িত হৈ থাকে। এই লোকসকলৰ সামূহিক প্ৰচেষ্টাৰ অন্তত গ্ৰন্থ এখনে প্ৰকাশৰ মুখ দেখি পাঠকৰ মাজলৈ যায়। এই স্তৰত গ্ৰন্থখনৰ ব্যৱসায়িক দিশৰ প্ৰসংগ আহি পৰে। গ্ৰন্থখনে পাঠকৰ সঁহাৰি লাভ কৰি ব্যৱসায় ভাল কৰিলে লেখকৰ লগতে আন লোকসকলৰো শ্ৰম সাৰ্থক হয়।

এতিয়া কথা হ’ল গ্ৰন্থ এখন কিদৰে পাঠকৰ মাজলৈ লৈ যাব পাৰি? গ্ৰন্থ এখন পাঠকৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত কেইবাটাও দিশ জড়িত হৈ আছে। তাৰ ভিতৰত প্ৰথম হ’ল গ্ৰন্থখনৰ প্ৰচাৰ। গ্ৰন্থ প্ৰচাৰৰ ক্ষেত্ৰত আটাইতকৈ ভাল উপায় হ’ল বুক ৰিভিউ। আজিকালি চ’চিয়েল মিডিয়াৰ মঞ্চখনো গ্ৰন্থ প্ৰচাৰৰ বাবে এক উপযুক্ত মাধ্যম হৈ পৰিছে। দ্বিতীয়তে গ্ৰন্থখনৰ সহজলভ্যতা। আজিকালি অনলাইন বিক্ৰী ব্যৱস্থাই গ্ৰন্থসমূহ সহজলভ্য কৰি তোলে। গ্ৰন্থ সহজলভ্য হোৱাৰ আন এক উপযুক্ত মাধ্যম হ’ল গ্ৰন্থমেলা। গ্ৰন্থমেলা শীতকালৰ এটা বহু চৰ্চিত শব্দ। গ্ৰন্থমেলাৰ আভিধানিক অৰ্থ হ’ল কিতাপ চাবলৈ আৰু কিনিবলৈ পতা প্ৰদৰ্শনী। গ্ৰন্থমেলাৰ ইংৰাজী প্ৰতিশব্দ হ’ল ‘book fair’৷ গ্ৰন্থমেলাৰ প্ৰথম শুভাৰম্ভণি ঘটে ত্ৰয়োদশ শতিকাৰ ইউৰোপত। ইয়াৰ পিছত আমেৰিকাৰ বিভিন্ন ঠাইত গ্ৰন্থমেলাৰ আয়োজন কৰা হয়। অৱশ্যে সেইসময়ত গ্ৰন্থমেলাৰ পৰিৱৰ্তে গ্ৰন্থ প্ৰদৰ্শনী ( book exhibition) শব্দটোহে ব্যৱহাৰ কৰা হৈছিল আৰু এই প্ৰদৰ্শনীবোৰ গ্ৰন্থৰ একক প্ৰদৰ্শনীও নাছিল। গ্ৰন্থৰ লগতে আন আন সামগ্ৰীও ইয়াত প্ৰদৰ্শন কৰা হৈছিল। ১৯২৭ চনত জাৰ্মানীৰ লিপজিগ নামে ঠাইত বিশ্বৰ প্ৰথমখন একক গ্ৰন্থমেলা অনুষ্ঠিত হয়। এইখন গ্ৰন্থমেলাক বিশ্বৰ বৌদ্ধিক ইতিহাসৰ এক স্মৰণীয় ঘটনা বুলি ধৰা হয়। ইয়াৰ প্ৰায় দুকুৰি দুবছৰৰ পাছত অৰ্থাৎ ১৯৪৯ চনত জাৰ্মানীৰ ফ্ৰাংকফুটত এখন বৃহৎ গ্ৰন্থমেলা অনুষ্ঠিত হয়।

ভাৰতীয় গ্ৰন্থমেলাৰ ইতিহাসত ‘বংগীয় পুস্তক প্ৰকাশক আৰু বিক্ৰেতা সমিতি’য়ে কলকাতাত আয়োজন কৰা গ্ৰন্থমেলা খনক ভাৰতবৰ্ষৰ প্ৰথমখন গ্ৰন্থমেলা হিচাপে চিহ্নিত কৰা হয়। এইখন গ্ৰন্থমেলাৰ পাছতে ‘নেচনেল বুক ট্ৰাষ্ট অফ ইণ্ডিয়া’ই ১৯৬৯ চনত বোম্বাইত প্ৰথমখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ গ্ৰন্থমেলা আয়োজিত কৰে। নেচনেল বুক ট্ৰাষ্টে ১৯৭৯ চনত ভাৰতবৰ্ষৰ ৰাজধানী চহৰ নতুন দিল্লীত গ্ৰন্থমেলা অনুষ্ঠিত কৰি জনসাধাৰণৰ মাজত ইয়াক জনপ্ৰিয় কৰাত সফল হয়। আমাৰ অসমত নেচনেল বুক ট্ৰাষ্ট আৰু অসম প্ৰকাশন পৰিষদে যুটীয়াভাৱে ১৯৭৩ চনত ঐতিহাসিক কটন কলেজত অসমৰ প্ৰথমখন গ্ৰন্থমেলা অনুষ্ঠিত কৰে। অসমৰ দ্বিতীয়খন গ্ৰন্থমেলা ১৯৭৮ চনত নগাঁৱত অনুষ্ঠিত হয়। ১৯৮৪ চনত অসম প্ৰকাশন পৰিষদে নেচনেল বুক ট্ৰাষ্টৰ সহযোগত গুৱাহাটীৰ জজ খেলপথাৰত এখন বৃহৎ গ্ৰন্থমেলাৰ আয়োজন কৰে। ১৯৯৮ চনত গুৱাহাটীত উত্তৰ-পূব গ্ৰন্থমেলাৰ শুভাৰম্ভণি ঘটোৱা হয়।

গ্ৰন্থৰ প্ৰতি সজাগতা অসমীয়া মানুহৰ মুঠেই সন্তোষজনক নহয়। সেয়েহে অসমত গ্ৰন্থৰ ব্যৱসায়ো আশানুৰূপ নহয়। অসমত এতিয়ালৈকে এটা উল্লেখযোগ্য গ্ৰন্থবিপ্লৱৰে সূচনা হোৱা নাই। গ্ৰন্থৰ ব্যৱসায়ৰ লগত গ্ৰন্থবিপ্লৱৰ ওচৰ সম্পৰ্ক। আনহাতে গ্ৰন্থ ব্যৱসায়ত সফলতা গ্ৰন্থৰ প্ৰচাৰ কৌশলৰ লগত জড়িত হৈ আছে। গ্ৰন্থমেলাই গ্ৰন্থৰ প্ৰচাৰ আৰু বিক্ৰীৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে। গ্ৰন্থমেলাক লেখক, প্ৰকাশক আৰু পাঠকৰ মিলন তীৰ্থলৈ উত্তৰণ ঘটাব পাৰিলে পাঠক লেখকৰ সাহিত্য কৰ্মৰ প্ৰতি আকৰ্ষিত হোৱাৰ সম্ভাৱনা থাকে। গ্ৰন্থমেলাত গ্ৰন্থৰ বিক্ৰীৰ সমান্তৰালকৈ লেখক-পাঠকৰ মাজত মত বিনিময় অনুষ্ঠানৰ আঁচনি গ্ৰহণ কৰিলে হয়তো গ্ৰন্থ বিক্ৰীৰ ক্ষেত্ৰত ক্ৰেতাৰ উচিত সঁহাৰি পোৱা যাব। অৱশ্যে আজিকালি গ্ৰন্থমেলাবোৰত কবিতা পাঠ, আলোচনা, কুইজ আদি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে যদিও সাধাৰণ মানুহৰ এইবোৰৰ প্ৰতি আকৰ্ষণ সীমিত হৈয়ে আছে। ফলত কবিতা পাঠ বা আলোচনাৰ বাবে আমন্ত্ৰিত লোককেইজনৰ মাজতে এনেবোৰ অনুষ্ঠান সীমাবদ্ধ হৈ থাকে। এনে অনুষ্ঠান সমূহক সাধাৰণ লোকৰ মাজলৈ লৈ যাব পাৰিলেহে এই অনুষ্ঠানসমূহে সফলতা লাভ কৰিব।

গ্ৰন্থমেলাত গ্ৰন্থৰ উপৰি আন সামগ্ৰীৰ বিপনী ৰখা উচিত নে অনুচিত এটা বিতৰ্কিত বিষয়। বহুতে এই কথাৰ বিৰোধিতা কৰিলেও দৰাচলতে এনেবোৰ বিপনীয়ে গ্ৰন্থমেলাৰ প্ৰতি এচাম মানুহৰ যে আকৰ্ষণ বঢ়াই তাত কোনো সন্দেহ নাই। সেয়েহে গ্ৰন্থমেলাৰ মৰ্যাদা হানি কৰিব নোৱাৰা দুই এখন আন বিপনী থকাটো গ্ৰন্থমেলাৰ বাবে ক্ষতিকাৰক নহ’ব যেনেই বোধ হয়। গ্ৰন্থবিপ্লৱ গঢ়ি তুলিবলৈ বছৰৰ নিৰ্দিষ্ট সময়ত অনুষ্ঠিত হোৱা গ্ৰন্থমেলাৰ উপৰি মাজে-সময়ে ভ্ৰাম্যমাণ গ্ৰন্থমেলা অনুষ্ঠিত কৰিলে হয়তো সুফল পোৱা যাব। বিশেষকৈ বিভিন্ন শিক্ষানুষ্ঠান, কাৰ্য্যালয় আদিক এই আঁচনিৰ ভিতৰুৱা কৰি ল’লে পাঠকে নিজৰ ভাল লগা গ্ৰন্থ সহজে পাব পাৰিব আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত কিতাপ পঢ়াৰ অভ্যাস এটাও গঢ়ি উঠিব।

আগতেই কৈছোঁ গ্ৰন্থৰ প্ৰচাৰৰ ওপৰত ইয়াৰ ব্যৱসায় ভালেখিনি নিৰ্ভৰ কৰে। উপযুক্ত প্ৰচাৰৰ অভাৱত বহু ভাল গ্ৰন্থৰ পাঠক নাথাকে। ফলত গ্ৰন্থখনৰ ব্যৱসায়ো ভাল নহয়। বুক ৰিভিউ বা গ্ৰন্থ পৰ্যালোচনা গ্ৰন্থ প্ৰচাৰৰ এক উৎকৃষ্ট উপায়। প্ৰকাশন গোষ্ঠীসমূহে মাজে-সময়ে বুক ৰিভিউ প্ৰতিযোগিতা অনুষ্ঠিত কৰি গ্ৰন্থৰ প্ৰতি পাঠকৰ সচেতনতা বৃদ্ধি কৰিব পাৰে। এই ক্ষেত্ৰত বৰ্তমান চ’চিয়েল মিডিয়াৰ কিতাপ, গ্ৰন্থ সুবাস, সাহিত্যৰ প্ৰসাৰত খোজ আদি গোটসমূহে প্ৰশংসনীয় ভাবে কাম কৰি আছে। ঘৰতে গ্ৰন্থৰ যোগান ধৰি এই গোটসমূহে গ্ৰন্থ আৰু পাঠকক কাষ চপাই আনিবলৈ সক্ষম হৈছে।

গ্ৰন্থ হ’ল জ্ঞান, গ্ৰন্থ হ’ল বিদ্যা, গ্ৰন্থ হ’ল বন্ধু। নিসংগ সময়ৰ আটাইতকৈ উপযুক্ত সংগী হ’ল গ্ৰন্থ। গ্ৰন্থৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দায়িত্ব সকলোৰে। মাহত এখন হ’লেও গ্ৰন্থ ক্ৰয় কৰি আমি গ্ৰন্থৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অংশীদাৰ হ’ব নোৱাৰোঁ জানো?

(লিখকৰ টোকাঃ গ্ৰন্থমেলা সম্পৰ্কীয় তথ্যখিনি ইণ্টাৰনেটৰ পৰা লোৱা হৈছে )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments