গ্ৰন্থ সমালোচনা (অনামিকা বৰুৱা)

গ্ৰন্থ: ১৯৬২
লেখক: মৃণাল তালুকদাৰ
প্ৰথম প্ৰকাশ: ছেপ্তেম্বৰ, ২০১৩
প্ৰকাশক: নন্দ তালুকদাৰ ফাউণ্ডেশ্যন আৰু ভৱানী বুক্‌ছ
মূল্য: ২৭৫ টকা।
ISBN-978-93-82624-64-6

মৃণাল তালুকদাৰৰ ‘১৯৬২’ পঢ়িলোঁ। এক ভ্ৰমণ কাহিনীৰ আলমত আলোকপাত কৰা হৈছে বিগত ৫০ বছৰে সকলোৰে অলক্ষিতে লুকাই থকা এক অলিখিত বুৰঞ্জী। পাতে পাতে উদ্ভাষিত হৈছে ভূগোল। দেশ-প্ৰদেশ-গাঁও আগেয়ে নাম নুশুনা অজস্ৰ এলেকাৰ কাহিনী। নতুন নতুন ঘটনাৰ মোৰ। অনন্য বৰ্ণনা আৰু উপস্থাপনে পাঠকক টানি লৈ যায় সেই দুঃসময়লৈ। যিসময়ৰ বুৰঞ্জী আজিও মানুহে নাজানে সঁচা কি!!

….এখন যুদ্ধ। নাম ভাৰত-চীন যুদ্ধ। সৰুৰেপৰা শিকোৱা হৈছে সেইয়া চীনৰ আক্ৰমণ বুলি। কিন্তু সেইয়া কিমানদূৰ সত্য! ব’মডিলা পাৰ হৈ আহিও চীনা সৈন্য কিয় ঘূৰি গ’ল? দৰাচলতে কাৰ আৰু কিহৰ কাৰণে হৈছিল এই যুদ্ধ? যোৱা ৫০ বছৰে তাৰেই অম্বেষণত বহুজনেই এই পৃথিৱীত ভ্ৰমি ফুৰিছে। তেনে অম্বেষণৰেই আন এক সংযোজন ১৯৬২।

ইতিপূৰ্বে অসমীয়া প্ৰতিদিন কাকতৰ দেওবৰীয়া সংযোজন সম্ভাৰত খণ্ড খণ্ডকৈ প্ৰকাশ হৈ গৈছে ১৯৬২।

সমগ্ৰ কাহিনীৰাজীক সৰ্বমুঠ ২৭ টা ভাগত বিভক্ত কৰিছে লেখকে। প্ৰতিটো খণ্ডই উন্মোচন কৰি গৈছে সত্য কি আছিল! ভাগসমূহ হ’ল-
সত্য কি!, * কাৰ ভুল!, * সীমান্তৰ মাদকতা, * ক’ত আছে ৰিমা, * মেজৰ বব খাটিং, * এটা শিল আৰু বুমলা, * কোন সাম্ৰাজ্যবাদী, * হিন্দী-চিনী ভাই ভাই, * দালাই লামাৰ পলায়ন, * অন্ধ আৱেগ, * বুমলা বহুদূৰ, * চিংফৌ আৰু মিচিমি, * বৰ ভূঁইকঁপ, * লোহিতৰ পাৰে পাৰে, * বৰফৰ মাজত চেলা, * ফৰৱাৰ্ড পলিচী, * অপাৰেচন লেগহৰ্ন, * দা হাম্প, * ইয়াতেই শেষ হিমালয়, * ধ্বংস হৈ গ’ল এটা ব্ৰিগেড, * কিবিথো দখল, * যুদ্ধবন্দী ব্ৰিগেডিয়াৰ ডালভি, * নেহৰুৰ জন্মদিনৰ উপহাৰ, * ঘূৰি নাহিল ৮৩২ জন, * বমডিলাৰ পতন, * পৰাজয় সম্পূৰ্ণ, * যুদ্ধবিৰতি আৰু শেষত পৰিশিষ্ট।

লেখকৰ ভাষাৰেই শুনক- “নেহৰুৱে ভুল কৰিছিল। মাৰাত্মক ভুল। বুৰঞ্জীয়ে কাকো ক্ষমা নকৰে। আগতেও কৰা নাই আৰু ভৱিষ্যতেও নকৰিব। কৃষ্ণ মেননকো কৰা নাছিল।
Because for the history, it was just a Himalayan blunder.
সৰুৰে পৰা পঢ়ি আহিছোঁ “চীনৰ আগ্ৰাসন” বুলি। কিন্তু দৰাচলতে সত্য কি? চীনৰ আগ্ৰাসন নে ভাৰতৰ সাম্ৰাজ্যবাদৰহে প্ৰতিফলন ঘটিছিল ১৯৬২ চনত?

কোন সঁচা কোন মিছা?”

তাৰেই উত্তৰ আছে ১৯৬২ত। নেহৰুৰ ভুল সিদ্ধান্তৰ বলি হৈছিল হেজাৰ হেজাৰ নিৰপৰাধ সৈনিক। কেৱল মাত্ৰ আৱেগ আৰু অন্ধ দেশপ্ৰেমৰ ভাৱৰ বশৱৰ্তী হৈ নিজকে আগবঢ়াই দিছিল মৃত্যুৰ মুখলৈ। তাৰ বাহিৰে কৰিব পাৰেই বা কি! আন কোনো পথ খোলা নাছিল তেওঁলোকৰ বাবে। এজন দূৰদৰ্শিতাহীন প্ৰধানমন্ত্ৰী, এজন অহংকাৰী প্ৰতিৰক্ষা মন্ত্ৰী আৰু ৰাজনৈতিক নেতাৰ ছত্ৰছাঁয়াত থকা এজন অদক্ষ জেনেৰেলৰ কাৰণে ভাৰতীয় সেনাৰ ৪টাকৈ ব্ৰিগেড ধ্বংস হৈ গৈছিল চীনৰ হাতত আৰু এটাৰ পিচত এটাকৈ গৰ্বিত ব্ৰিগেডক মৰিবলৈ আগুৱাই দিয়া হৈছিল চীনৰ হাতত-নামকাছুত। এই নামকাছুতেই হৈছিল সেই ঐতিহাসিক যুদ্ধখন। ১০ অক্টোবৰৰ পৰা ১৬ নৱেম্বৰ ১৯৬২ লৈ। অকল এটা ব্ৰিগেডেই ধ্বংস হোৱা নাছিল বা ব্ৰিগেডিয়াৰৰ ডালভী যুদ্ধবন্দী হোৱা নাছিল, বৰঞ্চ ধূলিস্যাৎ হৈ গৈছিল ভাৰতবৰ্ষৰ হাজাৰ হাজাৰ বছৰৰ স্বাভিমান, শ শ বছৰৰ ভাৰত-চীন মৈত্ৰী আৰু স্বাধীনতাৰ পিচৰ ১৫ বছৰৰ মিছা বীৰত্ব। লগতে ধূলিস্যাৎ হৈ গৈছিল অহিংস ভাৰতৰ বিশ্ব নেতৃত্বৰ সপোন।

১৯৬২-এ জোকাৰি দিছিল বা আজিও জোকাৰি আছে ভাৰতীয় সৈন্য কাঠামোটোক। আজিলৈকে কোনেও ক্ষমা কৰিব পৰা নাই, নোৱাৰেও সেই ভুলক। ৫০ বছৰৰ পাছতো নতুন নতুন তথ্য ওলায়েই আছে। চীনৰ ফালৰপৰা বহুতে ক’ব খোজে যে ১৯৬২ চনত চেয়াৰমেন মাওৰে দেশখনৰ ওপৰত নিজৰ শক্তি কমি আহিছিল আৰু সেই কাৰণেই ভাৰতক এশিকনি দিয়াৰ চলেৰে নিজকে অধিক শক্তিশালী কৰি তুলিছিল চীনৰ দলীয় পলিটব্যুৰ’ত। কিমান সত্য সেইয়া গৱেষণাত ওলাব। কিন্তু সত্য এইয়ে যে ১৯৬২ৰ ভাৰত-চীন যুদ্ধত ভাৰতীয় সৈন্যৰ….

মৃত = ১,৩৮৩
নিখোঁজ = ১,৬৯৬
যুদ্ধবন্দী = ৩,৯৬৮
মুঠ = ৭,০৮৯

অৰ্থাৎ ১,৬৯৬ টা পৰিয়াল আজিও ৰৈ আছে, তেওঁলোকৰ প্ৰিয়জনৰ কিবা খবৰ পায়েইবা! কিতাপখন পঢ়ি গৈ থাকোঁতে এনে লাগে যেন সন্মুখত বহি লেখকে নিজেই কৈ গৈছে সেই উপন্যাপোম মনোৰম কাহিনী যি এসময়ত জীয়া বাস্তৱ আছিল। যুদ্ধৰ বৰ্ণনাসমূহ পঢ়িলে এনে লাগে যেন এখন ডকুমেণ্টৰীহে উপভোগ কৰিছোঁ। সৈনিকসকলৰ অসহায় অৱস্থা দেখি বুকুখন মোচৰ খাই উঠে। দিল্লীৰ ভুল সিদ্ধান্ত আৰু খামখেয়ালি দেখি ক্ৰোধত তেজ উতলি উঠে। উপৰ্যুপৰি কৰা ভুলৰ বাবেই অসম্ভৱ যেন লগা যুদ্ধ এখন বাস্তৱত সম্ভৱ হৈ উঠিল মাত্ৰ নেহৰুৰ ভুল বৈদেশিক নীতিৰ বাবেই।

কিতাপখনৰ ভাষা সাৱলীল। বৰ্ণনা অতিকৈ মনোৰম। নতুন নতুন ঠাই আৰু সেইবোৰৰ প্ৰাকৃতিক বৰ্ণনা নিঃসন্দেহে আকৰ্ষণীয়। মাজে মাজে একেবোৰ কথাৰ পুনৰাবৃত্তি হোৱা যেন ভা‍ৱ হয়। তথাপি একেলগে ভূগোল, বুৰঞ্জী আৰু ভ্ৰমণৰ এনে বিৱৰণ অসমীয়া সাহিত্যত বিৰল বুলিব পাৰি।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক