গ্ৰাহক সুৰক্ষা আইন আৰু আমাৰ সমাজ – ৰঞ্জুমণি মহন্ত

আমাৰ সমাজৰ গৰিষ্ঠসংখ্যক লোকক কুপথে পৰিচালিত কৰা কাৰকসমূহৰ ভিতৰত অন্যতম কাৰক হৈছে সহজলভ্য ধনৰ প্ৰতি মানুহৰ অত্যধিক আসক্তি৷ কম আয়াসতে বেছি লাভ কৰিবলৈ গৈ বহু সময়ত ব্যৱসায়ী, ক’ম্পেনী, খুচুৰা বিক্ৰেতা আদিয়ে বহু সময়ত গ্ৰাহকৰ স্বাৰ্থত কুঠাৰাঘাত কৰাও দেখা যায়৷ নিম্ন মানদণ্ডৰ, ত্ৰুটিপূৰ্ণ সামগ্ৰী কিনি অনাৰ ফলত গ্ৰাহকজনৰ মাথোঁ কষ্টোপাৰ্জিত ধন অথলে যোৱাই নহয়, অন্যধৰণেও তেওঁ ক্ষতিগ্ৰস্ত হয়৷ এফালে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী দাম, আনহাতে অতিৰিক্ত মুনাফা লাভৰ আশাত অসাধু ব্যৱসায়ীয়ে কৰা শঠকাৰিতা৷ তদুপৰি, বিভিন্ন ধৰণৰ সেৱা প্ৰদানকাৰী কোম্পানী বিলাকৰ কথা দিয়া ধৰণে সেৱা আগবঢ়োৱাত বিফলতা অথবা নিম্ন মানদণ্ডৰ সেৱা আদিয়ে উপভোক্তাসকলক বাৰুকৈয়ে বিপাঙত পেলাই আহিছে৷ এই সকলোতে উপভোক্তাসকল ক্ষতিগ্ৰস্ত হোৱাৰ লগে লগে ক্ৰেতা হিচাবে তেওঁলোকৰ অধিকাৰ উলংঘন হৈছে৷

“গ্ৰাহক সুৰক্ষা আইন, ১৯৮৬” খন বলবৎ হোৱাৰ পূৰ্ৱে উপভোক্তা সকলে দেৱানী গোচৰৰ যোগেদি তেওঁলোকৰ ক্ষতিপূৰণ দাবী কৰাৰ সুবিধা আছিল যদিও ই আছিল সময় আৰু অৰ্থ, দুয়োফালৰ পৰাই অত্যধিক ব্যয়সাপেক্ষ৷ স্বাভাৱিকতেই, কোৰ্ট-কাচাৰী, মেল-মোকৰ্দমা আদি জটিলতাত সোমাব নিবিচৰা উপভোক্তাসকলে কম মূল্যৰ ক্ষয়-ক্ষতিৰ বাবে আইনৰ আশ্ৰয় লবলৈ কুণ্ঠাবোধ কৰা হ’ল৷ ফলস্বৰূপে, অসাধু ব্যৱসায়ীসকলে তেওঁলোকৰ ব্যৱসায় চলাই যাবলৈ সুবিধা পালে৷ ঠিক এনে পৰিপ্ৰেক্ষিততেই “গ্ৰাহক সুৰক্ষা আইন, ১৯৮৬” খন বলবৎ কৰা হয়৷

এই আইনৰ প্ৰধান লক্ষ্যসমূহ হৈছে –

১)উপভোক্তা সকলক তেওঁলোকৰ ক্ষয়-ক্ষতিৰ বাবে দ্ৰুত আৰু সহজ প্ৰতিকাৰ আগবঢ়োৱা,

২) অসাধু ব্যৱসায়ীৰ শোষণৰ পৰা উপভোক্তা সকলক সুৰক্ষা দিয়া,

৩) এই আইনৰ অধীনত “উপভোক্তা ফ’ৰাম” স্থাপন কৰি সকলো উপভোক্তাক তেওঁলোকৰ ক্ষয়-ক্ষতিৰ বাবে নিম্নব্যয়সাপেক্ষ, সহজ আৰু সুবিধাজনক প্ৰতিকাৰ আগবঢ়োৱা, আদি৷

ৰাজ্য চৰকাৰে এই আইনৰ অধীনত প্ৰতিখন জিলাতে একোখনকৈ “জিলা উপভোক্তা বিবাদ নিৰাকৰণ ফ’ৰাম (ডিষ্ট্ৰিক্ট ফ’ৰাম), প্ৰতিখন ৰাজ্যতে ৰাজ্যিক আয়োগ (ষ্টেট কমিচন) আৰু কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় উপভোক্তা বিবাদ নিৰাকৰন আয়োগ (নেশ্যনেল কমিচন) স্থাপন কৰে৷

এই আইনে নিম্ন মানদণ্ডৰ, ত্ৰুটিপূৰ্ণ সামগ্ৰী, নিম্নমানৰ ত্ৰুটিপূৰ্ণ সেৱা, মানুহৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পৰা বিপজ্জনক সামগ্ৰীৰ বিক্ৰী, অত্যধিক মূল্য আদায় আদি সকলোবোৰ বিষয় সামৰি লয়৷ উল্লেখযোগ্য যে, সেৱা বুলিলে বেংকিং, বীমা, পৰিবহণ, আৱাসন, বিদ্যুৎ আৰু বিনোদন আদি বিষয় সমূহকে বুজোৱা হয়৷

“গ্ৰাহক সুৰক্ষা আইন, ১৯৮৬” অনুসৰি উপভোক্তা হ’বলৈ হ’লে, তেওঁ নিজৰ ব্যৱহাৰৰ বাবে সামগ্ৰী নাইবা সেৱা, মূল্যৰ বিনিময়ত কিনিব লাগিব৷ ব্যৱসায়িক উদ্দেশ্যে কিনিলে, অথবা মূল্যৰ বিনিময়ত কিনি লোৱা সামগ্ৰী বা সেৱা নহ’লে, তেওঁক উপভোক্তা বুলি গন্য কৰা নহ’ব৷

এই আইনৰ অধীনত অভিযোগ দাখিল কৰিবলৈ হ’লে –

১) অভিযোগকাৰী নিজে এজন উপভোক্তা হ’ব লাগিব৷

২) অভিযোগনামাৰ লগত নিৰ্ধাৰিত পৰিমানৰ আদালতৰ মাচুল দিয়াটো বাধ্যতামূলক৷

৩) যদিহে কোনো উপভোক্তাৰ মৃত্যু হয়, তেওঁৰ আইনগত উত্তৰাধিকাৰীয়ে অভিযোগ দাখিল কৰিব পাৰিব৷

উল্লেখযোগ্য যে, “গ্ৰাহক সুৰক্ষা আইন, ১৯৮৬” অধীনত গোচৰ তৰিবলৈ হ’লে ঘটনাৰ দুবছৰৰ ভিতৰতে তৰিব লাগিব৷ অৱশ্যে কিবা যুক্তিসংগত কাৰণত অভিযোগ দাখিল কৰাত বিলম্ব হ’লে ফ’ৰাম সন্তুষ্ট হ’ব পৰাকৈ উপযুক্ত কাৰণ দৰ্শাই আবেদন কৰিলে উল্লেখিত সময়সীমাৰ পিছতো অভিযোগ দাখিল কৰিব পৰা যায়৷

এইখিনিতে মন কৰিবলগীয়া কথা হ’ল যে, বিপৰীতপক্ষ নাইবা কেইবাজনো বিপৰীতপক্ষ থাকিলে যিকোনো এজন বিপৰীতপক্ষ বাস কৰা জিলাৰ ফ’ৰামৰ অধীনত অভিযোগ দাখিল কৰিব পৰা যায়৷

একোখন জিলা ফ’ৰামৰ বিশ লাখ পৰ্যন্ত, ৰাজ্যিক আয়োগৰ বিশ লাখৰ ওপৰৰ পৰা এক কোটি পৰ্যন্ত আৰু কেন্দ্ৰীয় আয়োগৰ এক কোটিৰ ওপৰৰ মূল্যৰ সামগ্ৰী, সেৱা নাইবা ক্ষতিপূৰণৰ গোচৰ বিচাৰ কৰাৰ ক্ষমতা থাকে৷

প্ৰণিধানযোগ্য যে, এই আইনৰ অধীনত অভিযোগ দাখিল কৰিবলৈ হ’লে আগতীয়াকৈ আইনী জাননী দি লোৱাটো বাধ্যতামূলক নহয়৷

কোনো এটা অভিযোগ পোৱাৰ একৈশ দিনৰ ভিতৰত জিলা ফ’ৰামে ইয়াৰ গ্ৰহণযোগ্যতা নিৰ্ণয় কৰি অভিযোগটো হয় অগ্ৰাহ্য কৰিব লাগিব, নহয় বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগিব৷ বিচাৰযোগ্য বিবেচিত হ’লে বিপৰীতপক্ষলৈ জাননী পঠোৱা হয়৷

যেতিয়া অভিযোগ কোনো ত্ৰুটিপূৰ্ণ সামগ্ৰীৰ বিষয়ে হয় আৰু যদি সেই ত্ৰুটি উপযুক্ত বিশ্লেষন বা পৰীক্ষা-নিৰীক্ষা অবিহনে জানিব পৰা সম্ভৱ নহয়, তেনেক্ষেত্ৰত ফ’ৰামে উক্ত ত্ৰুটিপূৰ্ণ সামগ্ৰী চীল কৰি তাৰ নমুনা পৰীক্ষা কৰিবৰ বাবে উপযুক্ত পৰীক্ষাগাৰলৈ, পঞ্চল্লিছ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবৰ বাবে এটা নিৰ্দেশনাৰে সৈতে পঠায় দিয়ে৷ অৱশ্যে প্ৰয়োজন সাপেক্ষে এই সময় সীমা বৃদ্ধি কৰাৰ ক্ষমতা ফ’ৰামৰ থাকে৷ এইখিনিতে উল্লেখযোগ্য যে, তেনে কোনো সামগ্ৰী পৰীক্ষাগাৰলৈ পঠাব লগা হ’লে অভিযোগকাৰীয়ে আগতীয়াকৈ নিৰ্দিষ্ট পৰিমানৰ মূল্য ফ’ৰামত জমা দিব লাগে৷

এই আইন অনুসৰি গোচৰসমূহ অতি দ্ৰুতভাৱে তিনিমাহৰ ভিতৰত নিষ্পত্তি কৰিবলৈ চেষ্টা কৰা হয়৷ যদিহে সামগ্ৰীৰ নমুনা পৰীক্ষাগাৰলৈ পঠাব লগা নাথাকে তেন্তে বিপৰীতপক্ষই জাননী পোৱাৰ তিনিমাহৰ ভিতৰত আৰু যদিহে নমুনা পৰীক্ষাগাৰলৈ পঠাব লগা থাকে তেন্তে পাঁচ মাহৰ ভিতৰত গোচৰ নিষ্পত্তি কৰিবলৈ চেষ্টা কৰিব লাগে৷ যদিহে কিবা কাৰণে নিৰ্ধাৰিত সময়সীমা পাৰ হৈ য়ায়, তেন্তে ফ’ৰামে তেনে গোচৰ নিষ্পত্তি কৰোঁতে বিলম্ব হোৱাৰ কাৰণ লিখিতভাৱে উল্লেখ কৰিব লাগিব৷

গ্ৰাহক সুৰক্ষা আইনে উপভোক্তাক তলত দিয়া ধৰণৰ প্ৰতিকাৰ আগবঢ়ায় –
১) ত্ৰুটিপূৰ্ণ সামগ্ৰীৰ ত্ৰুটি দূৰীকৰণৰ নিৰ্দেশ,

২) ত্ৰুটিপূৰ্ণ সামগ্ৰী সলাই দিবৰ বাবে নিৰ্দেশ,

৩) মূল্য ঘূৰাই দিবৰ বাবে নিৰ্দেশ,

৪) ক্ষতিপূৰণৰ নিৰ্দেশ,

৫)সেৱাৰ ত্ৰুটি দূৰীকৰণৰ নিৰ্দেশ,

৬) অসাধু ব্যৱসায় বন্ধৰ নিৰ্দেশ,

৭) জীৱন আৰু সুৰক্ষাৰ প্ৰতি বিপজ্জনক সামগ্ৰীৰ বিক্ৰী বন্ধৰ নিৰ্দেশ,

৮) বজাৰৰ পৰা বিপজ্জনক সামগ্ৰী আঁতৰাই পেলোৱাৰ নিৰ্দেশ,

৯) ভূক্তভোগীক সকলো খা-খৰচ দিবলৈ নিৰ্দেশ৷

১০) আদায় কৰা অতিৰিক্ত ধন ঘূৰাই দিয়া

ইত্যাদি।
জিলা ফ’ৰামৰ ৰায়দানত সন্তুষ্ট নহ’লে অভিযোগকাৰীয়ে ৰায়দানৰ এমাহৰ ভিতৰত ৰাজ্যিক আয়োগত আপীল কৰিব পাৰিব৷

ফ’ৰামৰ নিৰ্দেশ অমান্য কৰা অসাধু ব্যৱসায়ীসকলৰ এমাহৰ পৰা তিনিবছৰ পৰ্যন্ত কাৰাদণ্ড নাইবা অতিকমেও দুইহাজাৰ টকাৰপৰা দহ হাজাৰ টকা পৰ্যন্ত জৰিমনা নাইবা কাৰাদণ্ড আৰু জৰিমনা দুয়োটা হব পাৰে৷

শেষত, এটা কথাই ক’ব পাৰি যে আটাইতকৈ প্ৰয়োজনীয় কথাটো হৈছে সজাগতা৷ গ্ৰাহকসকল সজাগ হ’লেহে অসাধু ব্যৱসায়ীসকলৰ শোষণৰ পৰা তেওঁলোক ৰক্ষা পাব পাৰিব৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক