গৰম বৰফ (উজ্জ্বল ফুকন)

কলেজৰ চিনাকি পথটোৰে ধূলি উৰুৱাই গৰম আহি আছে। গৰমক চিনি নোপোৱা মানুহ এই অঞ্চলত নাই বুলিবই পাৰি। অ’ আপোনালোকে ভাবিছে ছাগে গৰমনো কোন?
গৰম মানে গহীন,ৰমেন আৰু মদন , চমুকৈ গৰম।
গৰম অবিহনে কলেজখন নিৰস হৈ যায়। মদন বাকি দুটাতকৈ অলপ ডাঙৰ। সি প্রতিটো শ্রেণীত খৰছি মাৰি গৈ থাকোতে বাটতে গহীন আৰু ৰমেনে লগ পালে। তাৰপাছত আৰু ইটোৱে সিটোক এৰা নাই। মূৰটোত কমি অহা চুলিখিনিয়ে বুজাই দিয়ে যে গৰমৰ ভিতৰত ৰমেনৰ মগজ বেছি। গহীনকটো চিনি পাইছেই চাগে আমাৰ বুধিন বৰাৰ নাতিয়েক। সি আৰু আগৰ সেই ফুকলীয়া ল’ৰাটো হৈ থকা নাই। যদিও এমূৰ চুলিৰে সি এতিয়াও বাল কলাকাৰ হৈ আছে। ৰমেনে মাজে মাজে গহীনক কয় – “তোৰ মূৰত গোবৰ আছে কাৰণে চুলি বেছি আৰু মোৰ ঘিউ আছে কাৰনে চুলি কমি আহিছে” । মদনৰ থুলন্তৰ দেহা আৰু ৰবাব টেঙাৰ দৰে মুখখনত জিলিকি থকা মোচ কোছাৰে সিহঁতৰ দলৰ গুণ্ডা বুলি ক’ব পাৰি। সিহঁতৰ প্রধান আড্ডা মৰা ঠাইখন হ’ল কলেজৰ পথটোত অকলশৰীয়াকৈ থকা কলিতাৰ দোকানখন। কাষত আহত গছ এজোপা আৰু তাৰ তলত কলিতাৰ দোকানতে থকা ভতিজাকৰ কেৰমৰ আড্ডা। কলিতাৰ মতে এইটো তাৰ বিজনেছ পলিছি। কেৰমৰ মাজে মাজে চাহ তামোলৰ শৰাধ বা চিগাৰেট পেকেটৰ বাজিৰ মাজেৰে কলিতাৰ দোকান ভালেই চলি থাকে। বাজিত প্রায়ে ভতিজাকেই জিকে আৰু দোকানৰ বস্তু দোকানলৈ ঘূৰি আহে। সি যেন কেৱল কেৰম খেলিবলৈয়ে জনম ললে। ৰাতিপুৱাই নখ ঠিক কৰি দিনটো ৰঙা ৰাণীজনীৰ পিছত দৌৰি ফুৰে। কলিতাই দোকানখনত বহি সৰু আইনাখনত চাই চাই প্রয়োজনতকৈ অলপ বেছি ওলাই থকা দাঁত দুটা চাফা কৰি থাকে । গ্রাহকে কলিতাক ডিঙিলৈকেহে দেখা পায়। দোকানৰপৰা ওলাই অহাৰ নিয়ম কলিতাৰ নাই। সেয়েহে তলফালে ছুটি গামোছা এখনেৰে কাম চলাই দিয়ে। গৰমেও কলিতাক দোকানৰপৰা ওলাই অহা এবাৰেই দেখা পাইছে। সেইদিনা বিহু বুলি কলিতাই সিহঁতক নাৰিকল লাৰু আৰু ঘিলা পিঠা খুৱাইছিল। ৰমেনৰ ফটা মুখখন মেল খাই গ’ল – “ কলিতাদা , নাৰিকলটো বৌয়ে তোমাৰ দাঁত দুটাতে ৰুকিলে যেন পাওঁ ” । কলিতাই তাক সেইদিনা কলেজৰ আগলৈকে খেদি গৈছিল। সৰু গামোছাখন বতাহত উৰি যোৱা দৃশ্যটোৰে কলিতাক পিছপিনৰ পৰা মৌগলিৰ নিচিনা লাগিছিল।

কলিতাৰ দাঁত চাফা কৰা হৈছিলহে মাত্র গৰম আহি দোকানত হাজিৰ হ’লহি।
“কলিতাদা , চাহ তিনি কাপ দিয়া , তোমাৰ বহনি কৰি দিও” ।
কলিতাই জানে এইকেইটাই পইচা নিদিয়ে কিন্তু তাহাঁতক দেখি আৰু দহটা ল’ৰাই চাহ খাবলৈ আহিব, সেয়েহে কলিতাই বেয়া নাপায়। চাহত শোহা এটা মাৰিয়েই গহীনে ক’লে – “কলিতাদা , সেই মানে অসম আক্রমণ কৰোতেই অনা বিস্কুত কেইটা এতিয়াও বিক্ৰী হোৱা নাই দেখোন , দিয়া খাই থওঁ” ।
কলিতাৰ খঙটো উঠিছিল যদিও দি দিলে , আৰু মনতে ভোৰভোৰালে – “বিস্কুতকেইটা যেন পাছফালেদি তেনেকৈয়ে ওলাই যায়”।
হঠাত্‌ সৰস্বতী ,অনিমা আৰু মামনিক কলেজলৈ আহি থকা দেখি ৰমেন আৰু মদন সাজু হল। সৰস্বতীক সিহঁতে গহীনৰ লগত জোকাই। সদায় জোকাওতে জোকাওতে গহীনৰো তাইক দেখি কিবা ভাল লগা হৈ আহিছে। অনিমাক তেতেৰী আৰু মামনিক লেতেৰী বুলি সিহঁতে সৰুৰেপৰাই মাতে ।
দুয়োটাই হাতজোৰ কৰি গোৱা আৰম্ভ কৰিলে , যেন প্রাৰ্থনাহে কৰিছে।
“সৰস্বতী , সৰস্বতী , একাষত তেতেৰী সিকাষত লেতেৰী ,
মাজে মাজে গহীনক চাই।
গহীনো বহি আছে , তোমাকে চাবলৈ
কেতিয়ানো নিব পলুৱাই” ।
সিহঁত দুটাই ছোৱালী কেইজনীক এনেকৈ জোকোৱা গহীনে বহুদিনৰ পৰাই দেখি আহিছে। গহীনেও লাজ লাজকৈ এবাৰ সিহঁতলৈ চালে।
কিন্তু আজি কি হ’ল ? সিহঁত তিনিজনী ৰৈ কিবা কথা পতাত লাগিল। হঠাত তিনিওজনী সিহঁতৰ ফাললৈ আগবাঢি আহিল। কলিতাই মৰ্টনৰ বৈয়াম দুটাৰ মাজেৰে সৰু লৰাই প্ৰাপ্তবয়স্কৰ চিনেমা চোৱাদি চাবলৈ ধৰিলে। সৰস্বতীয়ে বেগৰ পৰা সৰু কাগজ এখনত বান্ধি অনা সেন্দুৰৰ টোপোলাটো গহীনক দি ক’লে – “যিদিনা সাহস হব সেইদিনা মোৰ শিৰত লগাই দিবি আৰু আজিৰপৰা যদি তোৰ লগৰ কেইটাই আমাক জোকাই মোৰ হাতে এই সেন্দুৰৰ ৰঙ তোৰ গালত আকি দিব”। গহীনৰ দাঠ চুলিখিনিয়ে ঢাকি ৰখা কাণ দুখন লাজত ৰঙা হৈ আহিল।
সি কি কব একো ভাবি নাপায় মাথো হাতত সেন্দুৰৰ টোপোলাটো লৈ তাইক চাই থাকিল। এই সুযোগতে মামনি আৰু অনিমাই তিনিদাল গুলি সূতা বেগৰপৰা উলিয়াই তিনিওটাৰ হাতত বান্ধি দি ক’লে – “তহঁতক আমি ককাইদেউৰ দৰে ভাবো আৰু সেই সূতা তিনিডাল ৰাখী বুলি ভাবি লবি। কাইলৈৰপৰা যদি এই ভনীয়েৰ কেইজনীক সঁচাকৈ জোকাবলৈ এৰ , তেন্তে অহা বছৰ ধুনীয়া আৰু দামী ৰাখী পিন্ধাম”।
তিনিওটা শিল পৰা কপৌৰ দৰে সিহঁত যোৱালৈ চাই থাকিল।
কলিতাই ভিতৰৰ পৰা মাত লগালে—“জীৱনত প্রথমবাৰ মৰুভুমিত বৰফ পৰা দেখিলো দেই । দেখিলি মোৰ চাহৰ কামাল , দুই মিনিটত দুটাই তিনিজনী ভনীয়েৰ আৰু এটাই মানুহজনীকে বিচাৰি পালি”।
“হেই , মনে মনে থাকা ” — তিনিওটাই একেলগে চিঞৰি উঠিল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক