গৰম মচলা – ৰূপজ্যোতি নাথ

“মাছ-মাংসত অলপ মচলা নহ’লে ভাল নালাগে।”
কেৰাহীটোৰ তেলখিনিত দুবাৰমান পিয়াজ এটুকুৰাকৈ দি গৰম হৈছে নে নাই পৰীক্ষা কৰি আশ্বস্ত হোৱাৰ পিছত চৰিয়াত থকা মাংসখিনি কেৰাহীত দি উঠি চেন্‌চেনাই উঠা শব্দটো ওলাই শেষ নহওঁতেই এই কথাষাৰিয়ে মনোজৰ মগজুত খুন্দা মাৰিলেহি। লগে লগে টিভিৰ পৰ্দাত নিপন গোস্বামীয়ে দিয়া এভ্‌ৰিডে মচলাৰ বিজ্ঞাপনটো তাৰ দুচকুত অগা-দেৱা কৰিলেহি। হয়তো, মচলা নহলে মাছ-মাংসৰ সোৱাদ কেনেকৈ ওলাব। পিছে মচলাবোৰ বা শ্ৰীমতীয়ে ক’ত কেনেকৈ ৰাখিছে সেইটোহে তাৰ আওতাৰ বাহিৰত। আনকালে হোৱা হ’লে ইমান চিন্তা কৰিবলগীয়া কথাই নাছিল। বজাৰ‍ৰ পৰা মাংসখিনি কিনি আনি চিধাই পত্নীৰ হাত‍ত গুজি দিয়েই দায়িত্ব সামৰিব পাৰি। পিছে আজিৰ কথাটো সুকীয়া। তাৰ পত্নী ঘৰত নাই। মহিলা সমিতিৰ কিবা সভালৈ বুলি সাজি-কাচি পুৱাতেই ওলাই গ’ল। দেওবৰীয়া বন্ধ বুলি দুই-চাৰি কাম কৰাৰ সকলো পৰিকল্পনাত পানী ঢালি তাই পুৱাতে ওলাই গৈ কেতিয়া ঘৰ সোমায়হি তাৰো কোনো ঠিকনা নাই। যোৱাৰ সময়ত তাই দঢ়াই দঢ়াই কৈ থৈ যোৱা কথাবোৰ তাৰ কাণৰ পৰ্দাত এতিয়াও পাকঘূৰণি খাই আছে। “ভাতকেইটা ৰান্ধিবলৈ নাপাহৰিবা দেই, ফ্ৰিজত ৰাতিৰ আঞ্জা কিছু আছেই। ইচ্ছা কৰিলে বাবুৰ বাবে কিবা অলপ ৰান্ধিবা। আৰু শুনা ঘৰটো এৰি কলৈকো নাযাবা। বাবুক যি টি খাই থাকিবলৈ নিদিবা দেই। গাখীৰখিনি তপতাই বাবুক দিবলৈ নাপাহৰিবা।” ইত্যাদি.. ইত্যাদি.. কিমান যে কি কৈ থৈ গৈছে। সকলো কথা বাদ দি চাৰিবছৰীয়া বাবুক গাড়ীখনত বহাই লৈ মনোজ মুকলি মনে এপাক ফুৰিবলৈ ওলাই গ’ল।অফিচ,ঘৰ-সংসাৰ এইবোৰ‍ বোজাৰ পৰা অলপ সময় মুকলি হৈ থাকিব পালেও মনলৈ কিছু প্ৰশান্তি আহে। চহৰ‍ৰ দাঁতিকাষৰীয়া পাৰ্কখনত এঘন্টামান নিৰিবিলিকৈ কটাই সি বাবুক লৈ পুনৰ ঘৰলৈ ওভটিল। আহোঁতে বজাৰৰ পৰা সতেজ পঠা ছাগলীৰ মাংস এক‍কেজি লৈ আহিল। এনেয়ো দিনটোৰ সকলো পৰিকল্পনা পানী উঠিলেই যেতিয়া ঘৰত মাংসকে ৰান্ধি তৃপ্তিৰে এসাজ খোৱাই মংগল হ’ব।কেৰাহীত ঢাকনিখন দি মনোজ মচলাৰ সন্ধানত ব্যস্ত হ’ল। আদা,নহৰু,জিৰা আৰু অলপ জালুক উলিয়াই লৈ সাজু কৰি মিক্সিটোতে পিহি ললে। মচলাৰ পৰিমানটো কমিল নেকি বাৰু! হওক দে,বেছি মচলা খোৱাটো পেটৰ বাবে ভালো নহয় পিছে। জলকীয়া কোনোমতেই দিব নোৱাৰি, কাৰণ বাবুই খাবলৈ নোৱাৰিব। মাজতে মাংসৰ ঢাকনিখন গুচাই এবাৰ লাৰি দি কাটি থোৱা আলু, বিলাহী, আৰু মচলাৰ লগতে নিমখ‍খিনিও দি পুনৰ ঢাকনিৰে ঢাকি থ’লে।হালধি কেচা মাংসতেই মিলাই লৈছিল গতিকে এতিয়া দিয়াৰ দৰকাৰ নাই। গেছত জুইৰ পৰিমাণটো অলপ কমাই দি মনোজ কিছুপৰ বহি ৰল। আজি পত্নী ওভটি আহি মাংস ৰন্ধা বুলি গ’ম পালে বাৰু কি বুলি ভাবিব? পত্নীৰ অসুবিধা হোৱা মাহৰ সেই বিশেষ তিনিটা দিনত কেৱল দালি আৰু আলু সিজোৱা ভাতেৰে আপ্যায়ন কৰা মনোজে যে মাংসও ৰান্ধি খুৱাব পাৰে সেইকথা জানি বাৰু তাই কমখন আচৰিত হ’বনে! ওঁঠৰ কোণত মিচিকিয়া হাঁহি এটা জিলিকাই মনোজ পুনৰ ঠিয় হ’ল। যিকোনো প্ৰকাৰে মাংসখন ভালকৈ ৰান্ধিবই লাগিব। লগে লগে মনোজৰ মগজুত পুনৰ নিপন গোস্বামীয়ে টোকৰ মাৰিলেহি- “মাছ-মাংসত অলপ মচলা নহ’লে…..।” কিচ্চেনৰ সকলো আলমিৰা পিতপিতকৈ বিচাৰি বিচাৰি অৱশেষত মনোজৰ হাত‍ত সেই বিশেষ মচলাৰ পেকেট‍টো পৰিলগৈ। অাস্.. এটা স্বস্তিৰ নিশ্বাস এৰি মনোজে পেকেটটোলৈ চাই ৰ’ল। এভ্‍ৰিডে… হয় হয়.. এইবিধৰে বিজ্ঞাপন আছিল। ঢাকনি গুচাই মনোজে মাংসত পানী অলপ দি উতলাবলৈ ধৰিলে। আধাঘন্টামান উতলোৱাৰ পিছত মনোজে এভ্‌ৰিডে মচলাৰ ডাঙৰ পেকেট‍ৰ পৰা চাৰিচামুচ মচলা আঞ্জাখনত পেলাই দিলে। অলপ পৰ উতলাৰ পিছত আঞ্জাখন চাই মনোজৰ মন শাত পৰি গ’ল।বাঃ.. মাংসৰ ৰঙেই বেলেগ হৈ গৈছে দেই। এক পৰিতৃপ্ত মন লৈ মনোজে মাংসৰ কেৰাহীটো নমাই থৈ দি ৱাল ঘড়ীটোলৈ চকু দিলে। বাপ্‌ৰে তিনি বাজি গ’ল চোন। ইছ্.. ভিডিঅ’ গেম খেলি থকা বাবুৰ চাগে ইতিমধ্যে ভোকেই লাগিছে। দুয়োলৈ ভাত বাঢ়িবলৈ সাজু হওঁতেই কলিং বেলটো বাজিব ধৰিলে।সি বাহিৰলৈ ওলাই গৈ দেখে যে শ্ৰীমতী হাজিৰ।
ঃ বাবুই ভাত খালেনে?
ঃ নাই খোৱা, একেলগে খাম বুলি ভাবি আছো আকৌ।
ঃ ইছ্.. তুমিও যে নহয়, এদিনৰ বাবে কিবা এটা কৈ গ’লেও পালন কৰিব নোৱাৰা।
ঃ হ’ব দিয়াহে, সি খায়েই আছে কিবা কিবি।
ঃ হেৰি, কি দিছানো খাবলৈ? মই কৈছিলো নহয় যি টি খাব নিদিবলৈ।
ঃনাই দিয়াহে একো খাবলৈ।
ঃকি? পুৱাৰে পৰা এতিয়ালৈ তাক একো এটা খাবলৈ দিয়া নাই! হে হৰি!!
ঃ চোৱা.. সি যি খাব লাগে তাকেই খাইছে। তুমি এটা কাম কৰাচোন বাৰু, কাপোৰসাজ সলাই লৈ অলপ ফ্ৰেছ হোৱা, মই বাৰু ভাতখোৱাৰ ব্যৱস্থা কৰোঁ।
উফ্, ৰক্ষা… কেনেবাকৈ সি পত্নীক যে সৈমান কৰিব পাৰিলে। খোৱা টেবুলৰ আগত তিনিও খাবলৈ বহাৰ পিছত মাংসৰ বাটি আগত দেখি পত্নীয়ে মনোজলৈ সন্দেহজনক ভাৱে দৃষ্টি দি সুধিলে
ঃ আজি বাবুক ঘৰত অকলে এৰি থৈ কোনখন হোটেললৈ গৈছিলানো বাৰু?
পত্নীৰ কথাত মনোজ ভিতৰি উৎফুল্লিত হৈ উঠিল যদিও বাহিৰত সেইটো নেদেখুৱাই সাধাৰণভাৱে কলে-
ঃ বাবুক লৈ অলপ পাৰ্কলৈ গলো, আহোঁতে মাংস অলপ আনি ৰান্ধিলো ৰবা।
ঃ কি… তুমি মাংস ৰান্ধিছা? ফাকি দিবলৈ আৰু ঠাই নোপোৱা। মাংস দেখিয়েই বুজিছো নহয়।এয়া তুমি ৰন্ধা হ’বই নোৱাৰে।
বাঃ.. বাঃ… তাৰমানে…অহ্ মাই গড্… অজানিতে মনোজৰ বুকুখন ফুলি উঠিল। পত্নীক দেখুৱাবলৈ বুলি ভিতৰ‍ৰ পৰা কেৰাহীটো লৈ আহি সি সাধাৰণভাৱেই ক’লে-
ঃ ইয়াতে আৰু আছে, লাগিলে ল’ব পাৰিবা।
ইতিমধ্যে কেৰাহীটোলৈ চকু দি আচৰিতভাৱে মুখ মেলি থকা পত্নীলৈ কোনোধৰণৰ গুৰুত্বপূৰ্ণ নজৰ নিদি মনোজে মাংসৰ বাটিৰ পৰা এটুকুৰা মাংস মুখলৈ নি চক্ খাই উঠিল। জ্বলাৰ কোবত খাব নোৱাৰা মাংসৰ টুকুৰাটো মুখত লৈ মনোজে একেকোবে কিচ্চেনৰ ভিতৰলৈ দৌৰ দি মচলাৰ পেকেটটোলৈ চাই থৰ হৈ ৰ’ল। পেকেট‌টোত লিখা আছিল- এভ্‌ৰিডে, মিৰ্‌চ মচালা।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক