গৰু এবিধ ৰাজনৈতিক জন্তু, কেৱল ’গৰু’ সকলেহে ইয়াক লৈ কাজিয়া কৰে (আশিক জামান)

গৰু এবিধ উপকাৰী ঘৰচীয়া জন্তু | মানু্ৱজাতিয়ে যিমান বন্য জন্তুক পোষ্য কৰি তুলিছে, তাৰ ভিতৰত সম্ভৱত গৰুৰ আৰ্থ-সামাজিক গুৰুত্ব আটাইতকৈ বেছি | এই নিমাখিত প্ৰাণীবিধ বিগত কিছু দশকৰ পৰা এটা ৰাজনৈতিক জন্তুলৈ পৰিবৰ্তিত হৈছে, অন্তত এই উপ-মহাদেশত | এই কথা সচাঁ যে, বৈদিক যুগত brahmanical religion ত (তেতিয়াৰ ধৰ্মক আজি আমি ’হিন্দু-ধৰ্ম’ বুলি যি বুজোঁ তাৰ লগত পাৰ্থক্য আছে গতিকে brahmanical religion শব্দটো ব্যৱহাৰ কৰিছো ) গো-মাংস ভক্ষণ কৰাটো অতি স্বাভাবিক culinary practice আছিল | Early বৈদিক যুগত মানুহ মূলত nomadic আছিল, গতিকে গো-ধন আছিল মূল সম্পত্তি যিহেতু landed property ধাৰণা pastoral economy ত নাছিল | সেয়েহে, ঋক বেদত সেই সময়ৰ মূল দেৱতা ইন্দ্ৰক saviour of the cattle হিচাপে অংকন কৰা হৈছে | গো-ধূলি (সময়), গোত্ৰ (সমাজ), দুহিতা (সম্পৰ্ক), গো-পথ (স্থান) আদি জীৱনৰ প্ৰতিটো aspect তে গো-ধনৰ প্ৰভাৱ পৰিলক্ষিত হয় | আটাইত্কৈ interesting কথাটো হ’ল অতিথিক কোৱা হৈছিল ’গো্ঘ্ন’ অৰ্থাত ’গো-হত্যাকাৰী’ (যাৰ আগমনত গো-হত্যা কৰি ভোজ খোৱা হয়) | কিন্তু later vedic সময়ত যেতিয়া pastoral, semi agrarian ৰ পৰা সমাজ সম্পূৰ্ণ ভাবে settled agrarian হৈ গ’ল, গো-ৰ সলনি ভূ-সম্পত্তিৰ গুৰুত্ত্ব অৰ্থনীতিত মূখ্য হ’ল | গো-ধন এটা secondary তথা সহায়ক ভূমিকা পালন কৰিলে | বহু পন্ডিতৰ মতে, খৃ:পূ ৬ শতিকাত লোহাৰ আবিস্কাৰৰ পিছত কৃষিৰ ক্ষেত্ৰত এক বিশাল পৰিবৰ্তন আহে, আৰু এই অৰ্থনৈতিক পৰিবৰ্তনে সমাজ ব্যৱস্থাকো সমূলি সলনি কৰে | এই সময়তে, agrarian interest সুৰক্ষা কৰাৰ কাৰণে প্ৰয়োজন হয় স্থায়ী শান্তি যাৰ ফলত সৃষ্টি হয় অহিংসাবাদ তথা জন্ম হয় জৈন, বুদ্ধ ধৰ্মকে আদি কৰি প্ৰায় ৬০ টা heterodoxical faith | জৈন আৰু বুদ্ধ ধৰ্মৰ যোগেদি বৈদিক যুগৰ পৰা চলি অহা গো-হত্যা তথা গো-মাংস ভক্ষণ ভাৰতীয় সমাজত বন্ধ হোৱাৰ সূত্ৰপাত হয় | পিছত তৃতীয় শতিকাত যেতিয়া ’হিন্দু ধৰ্ম’ৰ revive হয় তেতিয়া আন বহুতো দেৱ-দেৱীৰ সৈতে গৰুৰো deitification হয় | পুৰাণত গো-মাতাক earth-goddess পৃথিৱীৰ ৰূপ বুলি অভিহিত কৰা হয় | কিন্তু কেৱল হিন্দু ধৰ্ম বা ভাৰতীয় সভ্যতাতে গো-ক পবিত্ৰ বুলি ভবা নহয়, গ্ৰীক, ৰোমাণ, ইজিপ্ত তথা আন মেডিতেৰেনিয়ান সভ্যতা তথা জ’ৰ’ৱাষ্ট্ৰিয়ান ধৰ্মতো গো-ক পবিত্ৰ বুলি ভবা হৈছিল | গো-মাতাক পবিত্ৰ বুলি ভবা হলেও, গো-মাতা কাহানিও একক দেৱীৰ স্থান পোৱা নাই, যাৰ ফলত গো-মাতাৰ কোনো মন্দিৰ নাই | শিৱৰ বাহন নন্দীৰ (ষাড়) মন্দিৰ যদিও বিভিন্ন ঠাইত আছে |

ইমান খিনি লৈ ঠিকেই আছে, কিন্তু দেখা যায় এই উপ-মহাদেশত প্ৰায় গো-মাতা তথা গো-মাংসক লৈ হিন্দু-মুছলমানৰ মাজত বিবাদ তথা সাম্প্ৰদায়িক সংঘৰ্ষৰো সৃষ্টি হয় | অথচ, গো-মাংস খৃষ্টান, বুদ্ধ ধৰ্মী তথা কেৰেলাৰ হিন্দু সকলেও গ্ৰহন কৰে আৰু শিখ, জৈন সকলে গ্ৰহন নকৰে কিন্তু তেনেকুৱা ধৰ্মীয় সম্প্ৰদায়্সমূহক কেতিয়াও এনে বিবাদত দেখা নাযায় | কিয় ? গৰু কেতিয়া হিন্দু ধৰ্মৰ symbol হ’ল আৰু গো-মাংস কেতিয়া মুছলমানসকলৰ পৰিচয়-পত্ৰ হ’ল ? বহুতো পন্ডিতে কয়, ব্ৰিটিছ-ৰাজৰ ’ডিভাইড এন্ড ৰুল’ নীতিৰ ফলত গৰু এটা ৰাজনৈতিক জন্তুত পৰিনত হয় | কিন্তু গো-মাংসৰ প্ৰথম ৰাজনৈতিক ব্যৱহাৰ হিন্দু-মুছলমানৰ unity ৰ কাৰণেহে হৈছিল যেতিয়া চিপাহি বিদ্ৰোহত স্বাধীনতাকামী নেতা সকলে ইংৰাজৰ কাৰ্তিজত গৰু আৰু গাহৰীৰ চৰ্বী আছে বুলি প্ৰচাৰ চলাইছিল | ভাৰতৰ প্ৰায় ৯৫% মুছলমানেই হিন্দুৰ পৰা ধৰ্মান্তৰিত, তাকো সৰহভাগেই lower caste/out caste ৰ পৰা, গতিকে নতুন কৈ ধৰ্মান্তৰিত বহুতৰ বাবে তেওঁলোকৰ পুৰণা সহ-ধৰ্মী সকলৰ পৰা visible difference ৰ অন্যতম আহিঁলা হিচাপে গো-মাংস ভক্ষণক ব্যৱহাৰ কৰিছিল | আনহাতে, হিন্দু সমাজৰ এচামে এই ধৰ্মান্তৰিত্কৰণৰ বিৰোধিতা কৰিবৰ হকে, গো-মাংস চুলে ধৰ্ম নষ্ট হ’ব তথা গো-মাতা বাচাওঁ অভিযান আদি আৰম্ভ কৰিলে | মুঠতে, ধৰ্ম ব্যৱসায়ী সকলৰ ষড়যন্ত্ৰত গৰু এটা বিতৰ্কিত প্ৰাণী লৈ পৰিবৰ্তিত হ’ল | এই বিতৰ্ক ইমানেই সবল আছিল যে, স্বাধীনতা আন্দোলনকো ই বাৰু কৈয়ে আন্দোলিতো কৰিছিল | সংগঠিত ৰূপত গো-বাচাওঁ আন্দোলন আৰম্ভ হয় ১৮৮০ দশকত, আৰ্য সমাজৰ প্ৰবৰ্ত্ক দয়ানন্দ সৰস্বতীৰ নেতৃত্বত | সমগ্ৰ দেশত ভ্ৰমন কৰি দয়ানন্দ সৰস্বতীয়ে গো-সুৰক্ষা সভা আৰু গো-শালা গঠন কৰে | কিন্তু সৰস্বতীৰ এই আন্দোলনৰ উদ্দেশ্য মুছলমান বিৰোধিতা নাছিল | গো-সুৰক্ষাক লৈ হিন্দু-মুছ্লমানৰ বিদ্বেষ আৰম্ভ হয় যেতিয়া ব্ৰিটিছ চৰকাৰে গৰুক পবিত্ৰ আৰু ইয়াক হত্যা কৰাটো দন্ডনীয় অপৰাধ হিচাপে ঘোষণা কৰে | কিন্তু সাপ হৈ খুটি বেজ হৈ জৰা ব্ৰিটিছ চৰকাৰৰ বহতীয়া এলাহবাদ উচ্চ ন্যায়ালয়ে চৰকাৰৰ ঘোষণাক খাৰিজ কৰে আৰু মুছলমান সকলক গো-হত্যাৰ কাৰণে দায়ী কৰিব নোৱাৰিব বুলি ৰায়দান কৰে | এই ৰায়ে দুয়ো সম্প্ৰদায়ৰ মাজত গৰুক লৈ হোৱা বিদ্বেষ ভাব তীব্ৰতৰ কৰে আৰু অতি সোনকালে এই বিদ্বেষ এক সাম্প্ৰদায়িক সংঘৰ্ষৰ ৰূপ লয় | বোম্বাইৰ পৰা আৰম্ভ কৰি ৰেংগুনলৈ ব্ৰিটিছ ভাৰতৰ বিভিন্ন ঠাইত প্ৰায় ৪৫টা সাম্প্ৰদায়িক সংঘৰ্ষ হয় আৰু প্ৰায় ১০৭ জন মানুহৰ মৃতু হয় |

তেতিয়াৰ পৰা গৰু ভাৰতীয় ৰাজনীতিৰ এক অবিচ্ছেদ্য অংগ হৈ পৰে | কিন্তু দুৰ্ভাগ্যজনক ভাবে গো-সুৰক্ষা অভিযান হৈ পৰিল মূলত গৰুক মুছলমানৰ হাতৰ পৰা ৰক্ষা কৰা আৰু মুছলমানসকলৰ বাবে গো-মাংস হৈ পৰিল ধৰ্মীয় স্বাধীনতাৰ পৰিচয় | এই বিষয়ে মহাত্মা গান্ধীয়ে তেওঁৰ Cow Protection কিতাপত খুব ধুনিয়া কৈ ব্যখ্যা কৰিছে – “Cow protection is an article of faith in Hinduism. Apart from its religious sanctity, it is an ennobling creed. But we, Hindus, have today little regard for the cow and her progeny. In no country in the world are cattle so ill-fed and ill-kept as in India. In beef-eating England it would be difficult to find cattle with bones sticking out of their flesh. Most of our pinjrapoles1 are ill-managed and ill-kept. Instead of being a real blessing to the animal world, they are perhaps simply receiving-depots for dying animals. We say nothing to the English in India for whose sake hundreds of cows are slaughtered daily. Our rajas do not hesitate to provide beef for their English guests. Our protection of the cow, therefore, extends to rescuing her from Mussulman hands. This reverse method of cow protection has led to endless feuds and bad blood between Hindus and Mussulmans. It has probably caused greater slaughter of cows than otherwise would have been the case if we had begun the propaganda in the right order.”| আনহাতে, ইছলাম ধৰ্মৰ কোনো কিতাপতে গৰুৰ লগত কোনো ধৰ্মীয় বিষয় জড়িত থকাৰ উল্লেখ নাই, গো-মাংসও মুছলমান হোৱাৰ লিটমাচ টেষ্ট নহয় |কিন্তু প্ৰতিবেশী (neighbour)ৰ লগত সু-সম্পৰ্ক ৰক্ষা কৰাটো প্ৰতিজন মুছলমানৰ ধৰ্মীয় দায়িত্ব | সেই ফালৰ পৰা মুছলমান সকল নিজেই হিন্দু প্ৰতিবেশীৰ ধৰ্মীয় অনুভূতিত আঘাত কৰাৰ পৰা বিৰত থকিবলৈ তথা সু-প্ৰতিবেশীৰ দায়িত্ব পালন কৰিবলৈ গো-হত্যাৰ পৰা বিৰত থাকিব লাগে | এনেকুৱা চেষ্টা যে হোৱা নাই সেয়াও নহয়, মোঘল সম্ৰাটৰ পৰা আৰম্ভ কৰি সৌ সিদিনা দেওবন্দ দাৰুল উলুমে মুছলমানসকলক গো-হত্যাৰ পৰা বিৰত থাকিবৰ হকে ফতোৱা জাৰি কৰিছিল | কিন্তু চোৰে নুশুনে ধৰ্মৰ কথা | এফালে হিন্দুত্ববাদীসকলে যেনেকৈ গো-হ্ত্যা ৰোধ কৰিবলৈ মানৱ্হত্যাৰ কাৰণে তৈয়াৰ আনফালে অতি-মুছলমান সকলে গো-মাংস ভক্ষণ ইছলামৰ প্ৰধান ধৰ্মীয় দায়িত্বত পৰিণত কৰিছে, মাজত জীয়াতু ভুগিছে বেচেৰা গৰু আৰু আমাৰ নিচিনা নিমাখিত দুই ঠেংগীয়া কেইটা |

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments