গৱেষক আৰু গৱেষণাক উপলুঙা নকৰিবলৈ আমাৰ দেশৰ প্ৰায়ভাগ মানুহেই এতিয়াও যোগ্য হ’বগৈ পৰা নাই

লেখক: পংকজ জ্যোতি মহন্ত।

ONGC ত চাকৰি কৰা অভিযন্তা, মোৰ চিনাকী অনুজ এজনক অলপ দিনৰ আগতে বাটতে হঠাৎ লগ পালোঁ। বহুত দিনৰ মূৰত লগ পাই ওচৰতে ৰেষ্টোৰেণ্ট এখন বিচাৰি একেলগে বহি আমি কথা পতাত লাগিলোঁ। তেওঁ মোক গৱেষণাৰ সম্পৰ্কে বিভিন্ন উপদেশ দিবলৈ ধৰিলে, আইনষ্টাইনে কেনেদৰে অধ্যয়ণ কৰিছিল, গেলিলিঅ’ৰ কথা, আমেৰিকাৰ প্ৰখ্যাত জাৰ্ণেলৰ কথা, “Nature”ত আমাৰ অসমৰ মানুহৰ “পেপাৰ” কেইখন আছে ইত্যাদি বহুতো কথা। কথাখিনি ময়ো জানো; কিন্তু আনৰ যিকোনো কথাই শান্তভাৱে শুনি থাকিব পৰা অভ্যাস বা বদ-অভ্যাস এটা আছে বাবে, তেওঁ দিয়া বিশ্ব-মানদণ্ডৰ উপদেশবোৰ ধুনীয়াকৈ শুনি থাকিলোঁ। কিন্তু, যোৱা এবছৰত যিকোনো ঘটিৰাম-বাতিৰামৰ পৰা যিমান উপদেশ পাইছোঁ, তাৰ পূৰ্বৰ গোটেই জীৱনটোতো সিমান উপদেশ পাই পোৱা নাই। গৱেষণা কৰিলে যিকোনো মানুহৰ পৰাই সেই সম্পৰ্কে উপদেশ পোৱাতো প্ৰকৃততে যেন তেনেই সুলভ। সেইবাবে বহু দিনৰ পৰা আমনি লাগি থকাত মইয়ো তেওঁক ওলোটাই ক’বলৈ আৰম্ভ কৰিলোঁ— প্ৰখ্যাত অভিযন্তা কেইজনমানৰ কথা। কেনেকৈ কাম কৰি এজন অভিযন্তাই India Today ৰ power listত ৫০জনৰ ভিতৰত একেলেঠাৰীৰে কেইবাবছৰো স্থান লাভ কৰি আছিল ইত্যাদি কথা ক’লোঁ; অসমৰ প্ৰখ্যাত অভিযন্তা গুৰুপ্ৰসাদ দাসৰ কথা ক’লো; ডিগ্ৰীটো লৈ গোটেই জীৱন তোমালোকে সাধাৰণ বনুৱা বা টৰ্ছ ভাল কৰা মেকানিকৰ দৰে গতানুগতিক কাম কৰি পাৰ কৰি দিয়াৰ পৰিৱৰ্তে আন বহুতৰ দৰে নতুন চিন্তা কৰিব লাগে সেইবোৰ ক’লোঁ। কোনোবাই নতুন চিন্তা কৰি উলিওৱা বস্তু এটাত তোমালোকে বনুৱাৰ দৰে লাগিব লগা হোৱাতকৈ, তোমালোকে নতুন চিন্তা কৰি আন অভিযন্তা বা আন দেশৰ অভিযন্তাকহে সেইটোত বনুৱাৰ দৰে লাগিব পৰা অৱস্থা এটা কৰিবলৈ চোৱা ইত্যাদি কথা তেওঁক ক’বলৈ ধৰিলোঁ, কিন্তু সেইবোৰ তেনেকুৱা কৰিব পাৰি নে নোৱাৰি মইয়ো হ’লে প্ৰকৃততে একো নাজানোঁ! তেওঁ যে মোক বৰ বেছি উপদেশ দিছিল বুজি পালে, আৰু লাজ পাই মোৰ কথাত উত্তৰ নিদি মুখৰ সলনি হোৱা ৰং ঢাকিবলৈ তলমূৰ কৰি থাকিল।

আনক সঠিক পথেৰে আগবাঢ়ি যাবলৈ উপদেশ দিয়া বা প্ৰেৰণা দিয়াতো বেলেগ কথা। কিছুদিন পূৰ্বে ফেচবুকৰ চিনাকি দাদা এজনে তেখেতে চলাই থকা ৱেবছাইটটোত কিবা এটা অসুবিধা হওঁতে কি কৰিলে ঠিক হ’ব, মই কিবা জানিম বুলি মেছেজ দিলে। এনেদৰে আমি দুয়োজনে ইজনে-সিজনক মেছেজ দি থকা হয় মাজে মাজে। তাৰ মাজতে তেখেতে মোক পঢ়াৰ কথা সুধি মোক উৎসাহ যোগালে। কেৱল তেখেতেই নহয়, এনেকুৱা অগ্ৰজ, বন্ধু, আনকি অনুজো বহুত আছে আৰু “গালি” পৰিব পৰা অধিকাৰ থকা মানুহো বহুত আছে। মই সেইসকলৰ কথা কোৱা নাই। আন কিছুমান কথাহে ক’ব বিচাৰিছোঁ, সকলোৱে নিশ্চয় বুজি পাব।

সকলো ক্ষেত্ৰতে নকল কৰাৰ উদাহৰণ আছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কিছুমান চেণ্টাৰত কেমেৰা লগাব লগীয়া অৱস্থাও হৈছে। কিন্তু হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হোৱা অসমৰ সমূহ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে কিন্তু নকল কৰে বুলি কোনেও নকয়। সেইখিনি মূল্যবোধ আমাৰ মাজত ইতিমধ্যে গঢ়ি উঠিছে। একেদৰে BTech ডিগ্ৰী ল’বলৈ বা MTech, MSc, MA, MBBS, BEd আদি সকলো ডিগ্ৰীৰ ক্ষেত্ৰতে বহুতে নকল কৰে। কটন কলেজৰ প্ৰস্বাৱগাৰ এটাত এদিন প্ৰস্বাৱ কৰিবলৈ সোমাই কটনত নপঢ়া যুৱক এজনে আচৰিত হৈ তিনিদিনমান উহ-আহ কৰি আছিল, কাৰণ তেওঁ তাত প্ৰস্বাৱ কৰিবলৈ সোমোৱা সেইদিনা কলেজৰ ডিগ্ৰীৰ পৰীক্ষা চলি আছিল, সেইবাবে প্ৰস্বাৱগাৰটো জাপ-জাপ নকলেৰে ভৰি আছিল; আৰু কটনৰ ল’ৰা-ছোৱালীয়ে নকল কৰিব বুলি তেওঁ হেনো সপোনতো ভাবিব পৰা নাছিল। সেইবুলি আমি কোনেও সকলো BTech, MTech, MSc, MA, MBBS, BEd আদি ডিগ্ৰীধাৰীক বা সকলো কটনিয়ানক নকল কৰা বুলি কৈ দিব নোৱাৰোঁ। একেদৰেই বহুতে গৱেষণা কৰোঁতেও নকল কৰে, কিন্তু অসমত গৱেষণা কৰা সকলোকে নকল কৰা বুলি কিছুমান মানুহে ধাৰণা এটা সৃষ্টি কৰিবলৈ যত্ন কৰি থাকে।

এজন ব্যক্তিয়ে লিখিলে— লুইতৰ পাৰৰ বিশ্ববিদ্যালয়ে গৱেষণাৰ নামত লাখ লাখ টকা অপব্যয় কৰি থকা অৱস্থাত…… —এনেধৰণৰ কিবা এটা। এনেকুৱা কথাবোৰ অধিক গৰম-মছলা দিয়া মাংসৰ দৰে, খাবলৈ সোৱাদ লাগি “লাইক” বহুত পৰে। সেই সম্পৰ্কে আলোচনা কৰি বহুজনে কৈছিল— কথাখিনি ক’বলৈ কওঁতাই নিশ্চয় গোটেইবিলাক বিভাগৰ পৰা ওলোৱা গৱেষণা-পত্ৰবোৰ পঢ়িছে? প্ৰতিখন জাৰ্ণেল মোকোলাই অধ্যয়ণ কৰাৰ অন্ততঃ কিছু অভিজ্ঞতা তেওঁৰ নিশ্চয় আছে? কিন্তু কথাবোৰ তাৰ ওলোটাহে! তথাপি, বাটৰ কচু গাত সানি নলওঁ বুলি এইবোৰৰ ওপৰত মন্তব্য নিদিয়াকৈ থাকিবলৈ প্ৰায়ভাগেই বাধ্য হয়।

ফ’নত এজন ব্যক্তিয়ে কথা কৈ আছে— “গুৱাহাটী বিশ্ববিদ্যালয়ততো গৱেষণাৰ কোনো কাম নাই, চোৱা, কেতিয়াবা দহ বছৰতহে দুই-এজন বিখ্যাত মানুহ ওলায়।” তেওঁ মোক আবোল-তাবোল কৈ হেয় কৰিবলৈ চেষ্টা কৰি আছে। মই ধুনীয়াকৈ শুনি আছোঁ। অলপ পাছত ধুনীয়াকৈ সুধিলোঁ— “আপুনি অমুক ঠাইৰ মানুহ যেতিয়া, আপুনি অমুক বিদ্যালয়খনত পঢ়িছিল নেকি?” তেওঁ টপৰাই ক’লে— “হয়, মই তাতেই পঢ়া। তাৰ পাছত মই গুৱাহাটীতে বেলেগত পঢ়িছোঁ, অমুক কলেজত পঢ়িছোঁ, Delhiতো পঢ়িছোঁ।” মই ক’লোঁ— “আপুনি অমুক কলেজত পঢ়িছিল? তাৰ মানে, তাৰ পাছত দিল্লীত আপুনি MSc বা MA কৰিবলৈ গ’ল?” তেওঁ ক’লে— “নাই নাই। মই MSc কৰা নাই। MSc কৰি কি কৰিবা? কাম নাই! মই MSc নাই কৰা।” মই ক’লোঁ— “দিল্লীত আপুনি কি পঢ়িছিল?” তেওঁ ক’লে— “Delhi ত মই বেলেগ পঢ়িছোঁ! MSc কৰাগৈ নাই!” যি কি নহওক, তেওঁ এজন কেৱল কেমেৰা-মেন। তেওঁ যিয়েই নহওক তাত কোনো কথা নাই, কিন্তু সেইখিনি কথা ক’ব পৰাকৈ জীৱন-কালত তেওঁ পঢ়াতো বাদেই জাৰ্ণেল এখনো দেখিয়েই পোৱা নাই চাগে।

“কিমান পঢ়িবা? তুমি চাকৰি কৰালৈ, এইয়া মই গাড়ী-গুড়া লৈ মোৰ ল’ৰাইয়ো বাইক চলাব পৰা হ’ব।” —সম বয়সীয়া এজনে এইবাৰ ক’লে। মই ক’লোঁ— “কথা এটা কওঁ বেয়া নাপাবা। এসময়ত মোৰ জীৱনৰ লক্ষ্য আছিল খৰিকটীয়া হোৱা, এতিয়াও মোৰ সেইটো লক্ষ্য বেছি ভাল লাগে। কিন্তু গাড়ী তামোল চোৰেও কিনিব পাৰে।” “হয় হয়, উচ্চ-শিক্ষাতো মূল কথা। মই পটককৈ কৈ দিলোঁ বেয়া নাপাবা…. (একেলেঠাৰীয়ে তেওঁ ভালকৈ আৰু বহুতো কথা কৈ গ’ল…..)।” মই ক’লোঁ— “নাই পোৱা। মই বেয়া পোৱা নাই। কিন্তু গাঁৱতো তুমি তেনেকৈয়ে ক’বা কথাবোৰ। তুমি চাকৰি কৰি বাহিৰৰ পৰা দুদিনৰ বাবে আহিছা! তোমাৰ কথায়েই শুনিব চবেই। আগ্ৰহবোৰ এনেকৈয়ে সলনি হয়।”

এনেকুৱা উদাহণৰ ধেৰ আছে। লিখিবলৈ আমনি লগা। এবাৰ এজনে বিহু দিনাই ধেৰ কৈছিল, বিহু দিনাই তেওঁহে লাজ নাপাওক বুলি মই ওলোটাই উত্তৰবোৰ নিদিলোঁ আৰু৷ কথাবোৰ আমি লগৰবোৰে ইজনে-সিজনক কওঁ। যদিহে বাকী সকলোধৰণৰ মানুহৰ লগত সংস্পৰ্শ ৰাখিবলৈ পাইছে, তেন্তে প্ৰতিজন গৱেষক ছাত্ৰ-ছাত্ৰীয়েই এইবোৰৰ মুখামুখি হৈছে। এনেবোৰ কথাৰ জড়িয়তে নতুন প্ৰজন্মকো গৱেষণাৰ প্ৰতি অগ্ৰজ বা অভিভাৱকসকলে পৰোক্ষ বা প্ৰত্যক্ষভাৱে নিৰুৎসাহিত কৰি থাকে। ভাৰতবৰ্ষৰ গৱেষণাৰ ক্ষেত্ৰখনত মানুহৰ সংখ্যা অতি সীমিত। বৰ্তমান যুগত এখন দেশৰ সভ্যতাৰ উন্নতিৰ বাবে বিভিন্ন ক্ষেত্ৰত গৱেষকৰ সংখ্যা বৃদ্ধি পোৱাটো অতিকৈ প্ৰয়োজনীয় কথা। আমাৰ দেশত বিভিন্ন কাৰণ মিলি এই সংখ্যা বা মান এতিয়াও প্ৰয়োজনৰ অনুপাতে যথোপযুক্ত হৈ উঠা নাই। তলৰ এই তথ্যখিনিয়ে সেই অৱস্থাটোৰ কথা পাঠকৰ আগত অলপ পৰিমাণে প্ৰকাশ কৰিব (নিশ্চয়কৈ এনেবোৰ তথ্য পাঠকসকলৰ দুই-এজনে জানে) —

২০০২ চনত প্ৰতি নিযুত জনতাৰ বিপৰীতে ভাৰতত গৱেষকৰ সংখ্যা আছিল ১১২ জন; আনহাতে চীনৰ এই সংখ্যা আছিল ৬৩৩ জন আৰু আমেৰিকাৰ আছিল ৪৩৭৪ জন৷ এই তথ্য ৰাষ্ট্ৰীয় জ্ঞান আয়োগ (National Knowledge Commission) ৰ। (http://knowledgecommission.gov.in/downloads/recommendations/NoteMoreQualityPhD.pdf) যোৱা বছৰ পোৱা আন এক তথ্য অনুসৰি, প্ৰতি নিযুত লোকৰ বিপৰীতে ভাৰতত এই সংখ্যা হৈছেগৈ ১৩৭ জন, আনহাতে, চীন আৰু আমেৰিকাত হৈছেগৈ ক্ৰমে ১০৭১ জন আৰু ৪৬৬৩ জন৷ তাৰোপৰি, দক্ষিণ আফ্ৰিকাত এই সংখ্যা ৩৯৩ জন। সন্ত্ৰাসবাদেৰে জৰ্জৰিত যেন লগা পাকিস্তানতে এই সংখ্যা হ’ল ১৫২ জন৷ অৱশ্যে দাঁতিকাষৰীয়া শ্ৰীলংকা আৰু নেপালত ক্ৰমে ৯৩ জন আৰু ৫৯ জন৷ ইয়াৰ বিপৰীতে নৰৱে, জাপান, ছিংগাপুৰ আদিত ক্ৰমে ৫৪৬৮ জন, ৫৫৭৩ জন, ৬০৮৮ জন ইত্যাদি…৷

আনকি কম্পিউটাৰ বিজ্ঞানতো PhD ডিগ্ৰী লোৱা ছাত্ৰ-ছাত্ৰী ভাৰতত বৰ্তমান প্ৰতিবছৰে এশ মান হোৱাৰ বিপৰীতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনত এই সংখ্যা দুহেজাৰৰ ওচৰা-ওচৰি হ’ব। Microsoft Research য়ে প্ৰতি বছৰে ভাৰতত অনুষ্ঠিত কৰা TechVista শীৰ্ষক অনুষ্ঠানটিত Microsoft Research ৰ Senior Vice President, Richard F Rashid য়ে এবাৰ এই সম্পৰ্কীয় কিছু তথ্য উল্লেখ কৰিছিল। কম্পিউটাৰ বিজ্ঞানত PhD ডিগ্ৰী লোৱা ছাত্ৰ-ছাত্ৰী ভাৰতত ২০০৫ চনত ৩৫ জন আছিল। বৰ্তমান এই সংখ্যা সেই সামান্য বৃদ্ধি হৈছে যদিও আমেৰিকা আদি দেশতকৈ ই বহু দূৰ পিছ পৰি আছে।

আজিৰ পৰা ৭ বছৰমান আগলৈকে গৱেষণাৰ প্ৰতি আগ্ৰহী ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আৰু কম আছিল। তাৰ পাছৰ পৰা লাহে লাহে অলপ বৃদ্ধি হোৱা যেন লগা হৈছে। গৱেষণাত পূৰ্বতকৈ অধিক ধন মোকোলাই দিব বুলি বাতৰি ওলোৱা বাবে, আৰু অধ্যাপকৰ দৰমহা বৃদ্ধি হোৱাৰ বাবে এই সংখ্যা আৰু কিছু বাঢ়িব বুলি ধাৰণা কৰিব পাৰি। কিন্তু ওপৰত উল্লেখ কৰাৰ দৰে বিভিন্ন কাৰকে এইয়াও অতি কম পৰিমাণে বৃদ্ধি পোৱাত ক্ৰিয়া কৰি থাকে। কিছুমান শুভ-লক্ষণ দেখা পোৱা যায়— তেজপুৰ বিশ্ববিদ্যালয়ৰ Integrated MSc ক’ৰ্চটোত কোনো কোনো বৰ্ষত ষ্টেণ্ড কৰা ছাত্ৰ-ছাত্ৰীয়েও নামভৰ্ত্তি কৰিছে। ৮০% নম্বৰ লৈ উত্তীৰ্ণ হৈয়ো তাত এই ক’ৰ্চটোত ছীট পাবলৈ কেতিয়াবা বহুতো ছাত্ৰ-ছাত্ৰী সক্ষম নহয়। তেজপুৰ বিশ্ববিদ্যালয়ত পঢ়া বুলিয়েই মোক ফেচবুকৰ চিনাকী বা ঘৰৰ চিনাকী বহুতে এই ক’ৰ্চটোৰ কথা সোধে আৰু নামভৰ্ত্তিৰ নিময় আদিৰ কথা সুধি তেওঁলোক তালৈ যায়। তেওঁলোকৰ জড়িয়তে আৰু তাত অধ্যয়নৰত বহুতক চিনি পোৱা হেতুকে তেওঁলোকৰ বহুতো আগ্ৰহৰ কথা গম পাওঁ। এই ক’ৰ্চটো কৰা সৰহভাগেই গৱেষণাক মূল লক্ষ্য হিচাপে বিবেচনা কৰে। কেৱল এনেকুৱা ক’ৰ্চেই নহয়— আন বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়তে BA, BCom, BSc, BTech আদি কৰিও MA-MSc-MTech কৰি গৱেষণা কৰিম বুলি ছাত্ৰ-ছাত্ৰীয়ে লক্ষ্য কৰি ল’ব পাৰে। মৌলিক অধ্যয়নৰ প্ৰতি অধিক সংখ্যক ছাত্ৰ-ছাত্ৰী আগবাঢ়ি যোৱাতো বৰ্তমান সময়ত এটা অতি প্ৰয়োজনীয় কথা। ইয়াৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে বা অনুজসকলে আগ্ৰহ অনুভৱ কৰিবলৈ অগ্ৰজসকলে বা অভিভাৱকসকলে পৰিৱেশ দিব পৰা হৈ উঠিব লাগিব, সেইখিনি মূল্যবোধো তেওঁলোকৰ মাজত গঢ়ি উঠিব লাগিব। তাৰ বাবে, অযথা মন্তব্য কৰা সকলৰ মূঢ়তাক আঁতৰাবলৈ আমি সকলোৱে যত্ন কৰি যাব লাগিব।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments