গ’ গ্রীন: উজ্বল ফুকন

(কককল্পনালললভছ মি..’ সাঁকোৰ ওপৰেদি ‘ডৰ’ চিনেমাখনত শ্বাহৰূখ ষ্টাইলত সি ফুলৰ পাপৰি ছিঙি আগবাঢ়িল। কিন্তু ‘লভছ’ শব্দটোত বেছি জোৰ দিওঁতে সাঁকোৰ পৰা পিছলি শ্বাহৰূখ পিতনিত পৰিল। ৰাজে হাঁহি হাঁহি যেনে তেনে তাক পিতনিৰপৰা উলিয়াই আনিলে।)

ভূউউউউউউউউউভূউভূভূউউউউউউউউউউ…
‘এৰাল ছিগা কানাড়া গৰু, ভোটাধিকাৰ নাপাওঁতেই মৰো’—ৰাজে সিহঁতৰ মুখৰ আগেদি ধুলি উৰুৱাই যোৱা বাইকখনৰ ফালে চাই ক’লে।
‘তাৰ গাত দোষ নাই অ’। পিছপিনে লাভা এজনী বহুৱাই লৈ গৈছে দেখা নায় নেকি’ ৰণে ক’লে।
‘লাভা মানে?’ বাবলুৱে বুজি নাপায় সুধিলে।
‘আগ্নেয়গিৰিৰ লাভা অ’। মানে অঙঠাৰ নৈ। গৰম গৰম।’ ৰণে ক’লে।
‘সেই পিছত বহি যোৱাজনীৰ কথা কৈছে। যৌৱনৰ জোৱাৰ-ভাটা। গ্লোবেল ৱাৰ্মিং’ ৰাজে ক’লে।
‘কি এইবোৰৰ কাৰণেই গ্লোবেল ৱাৰ্মিং হৈছে নেকি?’ বাবলু যেন এইবাৰ আৰু আচৰিত হ’ল।
‘আৰু কি। আগতে বেঙ্গালোৰখনশীত-তাপনিয়ন্ত্ৰিত চহৰ বুলি জনাজাত আছিল। এতিয়া তোৰ কপালত থকা ঘামৰ টোপাল কেইটাই সেইটো ক’ব দিয়ে জানো’ ৰণে সুধিলে বাবলুক।
‘আৰু বাইকখন পাৰ হৈ যোৱাৰ আগতে তোৰ কপালত সেই ঘামৰ টোপালকেইটা আছিল নে?’ ৰাজে আৰু এটা প্রশ্ন মাৰি পঠিয়ালে বাবলুৰ ফালে।
‘হেৰৌ মোক সুধিছ কিয়? মই এতিয়া ঘামৰ টোপালৰ সময়টোও মনত ৰাখিব লাগিব নেকি?’ বাবলুৰ মূৰ গৰম হৈ গ’ল।
‘এইবাৰ গুৱাহাটী যাওঁতে দেখিছোঁ বিৰাট গৰম। গোটেই গায়ে মূৰে ঘাম। মই বোলো ময়েই মানুহটো হট্ নেকি? সুধিলোঁ এজনক ‘হেৰি, অসমত সদায় ইমান গৰম পৰে নেকি আজিকালি?’‘ ৰাজে সিহঁত দুটালৈ চাই ক’লে।
‘কি ক’লে তেখেতে?’ বাবলুৰ মুখত উৎকণ্ঠা।
‘ক’লে ‘হয়। আজিকালি অসমত এনেকৈয়ে গৰম পৰে।’ মই তেতিয়াহে বুজিলোঁ মোৰ কাৰণে গৰম পৰা নাই। কিন্তু গুৱাহাটী ঘূৰি ফুৰোঁতে ছোৱালীবোৰৰ সাজ-সজ্জা দেখি বুজি পালোঁ উৰহি গছৰ ওৰ ক’ত। গুৱাহাটীত কিয় গৰম নপৰিব কচোন, কাপোৰৰ নামত দুখন ৰুমাল পিন্ধি ওলাই আহিছে দুজনী কিবা পাব্ এটাৰ পৰা। মই বুজি পালো এতিয়া অসমৰ ভিতৰতে দুখন অসম। এখন অসমত বানপানীয়ে সৰ্বস্বান্ত কৰা পৰিয়ালৰ কোনোবাই এটুকুৰা ফটা কাপোৰেৰে নিজৰ লজ্জা ঢাকি ৰাখিছে। আনখন অসমত নিজেই কাপোৰৰ ওপৰত অস্ত্ৰোপচাৰ কৰিছে ফেচনৰ নামত’—ৰাজে ক’লে।

‘এয়া নাৰী তুমি অৰ্ধ-আকাশ নে আধুনিক নাৰীৰ মুক্ত প্রকাশ।’—বাবলুৱে সুধিলে।
‘ঠিক কৈছ। নিকৃষ্ট মানসিকতাৰ কেইটামান পশু সদৃশপুৰুষৰ বাবে যেনেকৈ সকলো পুৰুষক একে চকুৰে চাব নালাগে ঠিক সেইদৰে নাৰীসক’লেও কিবা এটা কৰাৰ আগতে এবাৰ হ’লেও ভাবি চাব লাগে, আচলতে সেই কাৰ্যটোৰ নাৰীৰ বাবে প্ৰয়োজনীয়তা কিমান। তহঁতে মোক কচোন গেঞ্জীৰ বিজ্ঞাপনত ছোৱালীজনী কেলৈ? গুটখাৰ বিজ্ঞাপনতো দেখিবি কাষত ছোৱালী এজনী। গুটখা, চাধা বা গেঞ্জীটোক নাৰীৰ দৰে বুলি বুজাব খোজে নেকি?’—ৰণে ক’লে।
‘নাৰী আৰু কাপোৰ মানে গেঞ্জীটো দুয়োবিধ নতুনত ধুনীয়া দেখি। গেঞ্জীটো পুৰণা হলে সলনি কৰি নতুন এটা ল’ব লাগে আৰু নাৰী…’—বাবলুৱে কিবা এটা ক’ব খুজিও ৰৈ গ’ল।

‘মেক গুৱাহাটী গ্রীন’ এইবাৰ অসমলৈ যাওঁতে এই শাৰীটো য’তে ত’তে দেখা পালো। কিন্তু যিটো গতিত কাপোৰৰ ফেচন আগবাঢ়ি গৈ আছে আমি আকৌ সেই আদিম ৰূপটোলৈ গুছি যাম চাগৈ। তেতিয়া আৰু সকলোতে ‘গ’ গ্রীন’ হ’ব। পুৰুষবোৰে এখন আঁহত পাত পিন্ধিব।’—ৰাজে ক’লে।

‘আৰু মহিলাবোৰে দুখন। যিমানে ডাঙৰ পাত সিমানে ধনী। কাৰণ অলপ দিনৰ পিছত গছ পাবলৈ নাইকিয়া হ’ব। আঁহত গছটো বাদেই দে।’—ৰণে তপকৈ ক’লে।
‘এখন আঁহত পাতৰ দাম ‘লী’ৰ জীন্ছতকৈও বেছি হ’ব। আঁহত পাতখন বিভিন্ন ডিজাইনত কাটি নতুন নতুন ফেচন উলিয়াব।’ ৰাজে ক’লে।
‘কি তেনেকুৱা দিনো আহিব নেকি?’ বাবলুৱে ওচৰৰে গছ এজোপাৰ পৰা পাত এখন চিঙি আনি লাজ নিবাৰণৰ চেষ্টা কৰিলে।
‘ছোৱালীবোৰৰ কিন্তু ভাল কষ্ট হ’ব। আমাৰ বাৰু যেনে তেনে এখন পাত গোটাব পাৰিলেই হ’ল।’ —ৰণে ক’লে।

‘আৰু কোনোবা ছোৱালীক তেতিয়া প্রপ’জ কৰিলে তাই কেনেকৈ সন্মতি দিব জাননে?’ —ৰাজে দুয়োটালৈ চাই সুধিলে।
‘কেনেকৈ?’ বাবলুৱে কৌতুহলেৰে সুধিলে।
‘তাই পিন্ধি থকা আঁহত পাতখন ল’ৰাটোক দি’ ৰণে গহীনত ক’লে।
‘কোনখন? ওপৰৰ নে তলৰ? আৰু যদি সন্মতি নিদিয়ে তেতিয়া কি দিব?’ বাবলু এইবাৰ উৎকন্ঠাৰ চৰম সীমাত।
‘সন্মতি নহ’লে ল’ৰাৰখন খুলি দিব’—ৰণে হাঁহি হাঁহি ক’লে।
‘হুহ। সেইবোৰ বাদ দে। তেতিয়া গছেই নাথাকিব। গছৰ পাত বহুমূলীয়া হ’ব। আঁহত পাতৰ কথা পাহৰি যা বগৰী পাত এখিলা পালেও বহুত।’ ৰাজে ক’লে।
‘ধেই বগৰী পাতেদি কি ঢাকিম।’ বাবলুৰ বগৰী পাতেৰে ঢকাৰ কথা ভাবি মূৰ গৰম হৈ গ’ল।
‘বাবলু তই ইমান গছৰ পাতৰ কথা কিয় ভাবিছ। আমাৰ কাপোৰ আছে ন এতিয়া’—ৰাজে ৰণলৈ চাই হাঁহি ক’লে।
বাবলুৱেও ভাবিলে আচলতে কিহৰ কাৰণে নো সি বগৰী পাতখন পিন্ধিব লগা হ’লগৈ।
‘বাৰু সেইবোৰ বাদ দে। তই যে আমাক বিয়া ঠিক হোৱাৰ পাৰ্টি দিয়াৰ কথা আছিল কি হ’ল? বেছি দিন নাই আৰু তোৰ পাখি কাট খাবলৈ।’ বাবলুৱে হাঁহি হাঁহিৰাজক সুধিলে।
‘ব’ল মোৰ ৰুমলৈ। মইটো এভাৰেডী। মানে সদায় সাজু’ ৰাজে ক’লে।
ৰাজৰ ঘৰত সোমাই দুয়োজনে মন কৰিলে কেইটামান তেজাল ভালুক আগৰ পৰাই চুচুক চামাককৈ বহি আছে। পাকঘৰত সোমাই বাবলুৱে মাংস, ৰণ আৰু ৰাজে মাছ ভজাত লাগিল। বাবলুৱে তেল হালধি ঘঁহি চিকেনজনীলৈ চাই ৰাজক ক’লে—‘একেবাৰে মাহ হালধিৰে নোৱাই দিছোঁ। তোৰো এনেকুৱা অৱস্থাই হ’ব। মাত্র তই যেনিবা ধূতিখন পিন্ধি থাকিবি।’
ৰাজে বুজি পালে আজি এইকেইটাক বেছি জোকাই নোলোৱাই ভাল। যিমান পাৰে গহীন হৈ সি মাছ ভজাত লাগিল।
তিনিওজনে অলপ পিছত মাছ, মাংস প্লেটত লৈ টিভি থকা ৰুমত বহিল। দূৰৰপৰা ভালুককেইটাই সিহঁতক দেখি কঁপি উঠিল। মাংসৰ হাড় আৰু মাছৰ কাঁইটৰ মাজত ভালুকৰ তেজ লাহে লাহে নাইকিয়া হৈ আহিল।
বাবলুৱে মাত লগালে—‘অই ৰণ, আজি যে তহঁতে কৈছিলি অলপ দিনৰ পিছত ছোৱালী এজনীয়ে প্রপ’জ কৰিলে যদি তাই সন্মতি দিয়ে তেন্তে তাই পিন্ধি থকা এখন আঁহত পাত দি দিব বুলি। মই তাকেই ভাবি আছো। মোৰ আকৌ সৰুৰেপৰা ইজনীতকৈ সিজনী ভাল লাগে। এজনীক প্রপ’জ কৰিলে সিজনীয়ে বেয়া পায় বুলি ভাবি থাকোঁতে গোটেইকেইজনী গুচিয়েই গ’ল বুজিছ। তহঁতে কাৰোবাক প্রপ’জ কৰিছনে কেতিয়াবা?’
ৰাজ আৰু ৰণ দুয়োটাই বুজি পালে বাবলুৱে প্ৰথমেই কাঁড়পাট মাৰি বাচি গ’ল। এতিয়া সি মস্তিত ভালুকৰ তেজ অলপ গিলি দুয়োটাৰ ফালে উত্তৰৰ আশাত চাই আছে।
ৰণে ক’লে—‘মই জীৱনত এবাৰ কৰিছিলোঁ।’
‘কাক?’—বাবলু কাষ চাপি আহিল।
‘বৰ্ষা, তই চিনি নাপাওঁ। মোৰ আগৰ চিনাকি।’—ৰণে গহীনত ক’লে।
ৰাজে ঠিক বুজি নাপালে ৰণে মিছা কৈছে নে সঁচা কৈছে। ৰণৰ মুখত এই নামটো আগতে কেতিয়াও শুনা মনত নপৰে তাৰ।
‘তাই কি উত্তৰ দিলে? তই কেনেকৈ প্রপ’জ কৰিলি?’ বাবলুৱে প্ৰশ্নকেইটাৰ সৈতে আৰু কাষ চাপি আহিল।
ৰণে ভালুকৰ তেজত এটা চুমুক দি কৈ গ’ল ‘সেইদিনা শনিবাৰ আছিল। মই ভাবিলোঁ যিয়েই নহওক আজি কৈ দিও। যদি হা কয় ফূৰ্তিত পাৰ্টি আৰু যদি না কয় তেতিয়াও দুখত পাৰ্টি। তাইক আগদিনাই ফোন কৰি মাতিছিলোঁ। সময়ত সেই চিনাকি হোটেলখনত মুখামুখি হৈ বহি থাকোঁতে মই তাইলৈ চাই যিমান পাৰোঁ স্বাভাৱিকভাৱে হাঁহিছিলোঁ যদিও আচলতে ময়ো বুজিছিলোঁ ভিতৰি নাৰ্ভাছ হৈছোঁ বুলি। বৰ্ষা, বহুদিনৰ পৰাই তোমাক কথা এটা ক’ম বুলি ভাবি আছো।’
‘কোৱা ৰণদা’ বৰ্ষাই কৈছিল।
মই কফি কাপৰ নালটো এৰি তাইৰ হাতত ধৰি ক’লো—‘মই তোমাক ভাল পাওঁ।’
চাৰিওফালৰ চিঞৰ বাখৰবোৰ যেন হঠাৎ বৰ্ষাৰ বাবে স্তব্ধ হৈ গ’ল। শৰীৰৰ গোটেই তেজবোৰ যেন তাইৰ মুখত গোট খালেহি। ৰঙা পৰি যোৱা কাণ দুখন চুলিৰে ঢাকি মোলৈ নোচোৱাকৈ তাই ক’লে—‘মই তোমাক তেনেকৈ…’
‘বুলি ভাবিছা নেকি?’—মই বৰ্ষাৰ কথাটো শেষ হোৱাৰ আগতেই ক’লো।
বৰ্ষাই একো বুজি নোপোৱাৰ দৰে মোৰ ফালে চাই থকা দেখি মই আকৌ ক’লো ‘মই তোমাক ভাল পাওঁ বুলি ভাবিছা নেকি?’
বৰ্ষাই এইবাৰ মোৰ ফালে চাই হাঁহি হাঁহি ক’লে ‘তুমি আৰু ধেমালি কৰিবলৈ নেৰা নহয়। এইবোৰ কথাৰে বাৰু ধেমালি কৰে নেকি?’
‘তোমালোক ছোৱালীবোৰৰ লগত সেইটোৱেই সমস্যা। কথাটো সম্পূৰ্ণকৈ নুশুনা। মোৰ প্ৰশ্নটো এতিয়াও শেষ হোৱা নাই’ মই আকৌ ক’লো।
‘যদি ভাবিছা তেন্তে সঁচা’—মই তাইলৈ চাই হাঁহি হাঁহি ক’লো।
‘আৰু ধেমালি নকৰিবা দেই ৰণদা।’—তাইও এইবাৰ হাঁহি হাঁহি উত্তৰ দিলে।
‘নহয় অ’ আমি সৰুৰে পৰা ইটোৱে সিটোক জানো। আৰু তুমি আজিও মোৰ বন্ধু হ’ব পৰা নাই। সেইকাৰণেই এনেকৈ ক’লো যাতে তুমি অনাহকত ভয় খাই থাকিব নালাগে ‘কিজানি মই তোমাক ভাল পাওঁ।’‘—মই বৰ্ষাক কৈছিলো।
‘ধেই, সেইখনহে কৰিলিগৈ শেষত। কিজানি তাই তোক ভাল পাইছিলেই।’—ৰণৰ কথা একান্তমনে শুনি থকা বাবলুৱে ক’লে।
‘নাই অ’, চকু দেখিলেই বুকুৰ কথা বুজি পাওঁ অ’ জান। ‘চকুৱে যেতিয়া কথা কয় শব্দ কিয়নো লাগে’ বুলি ময়ুখদাইও কৈ গৈছে। কিন্তু নোকোৱা হ’লেও বুঢ়াকাললৈ দুখ থাকি গ’লহেঁতেন—’কিজানি এবাৰ কৈ চোৱা হ’লে তাই মোৰেই হ’লহেঁতেন আজি।’ মই সেইকাৰণে কথাটো ক’লো আৰু কোনো আশা নেদেখি ধেমালিৰ মাজেৰে ওলাই আহিলো। আজি আমি দুয়ো দুয়োৰে লগত ভাল।’—ৰণে ক’লে।

সিহঁতৰ কথা শুনি ৰাজেও এৰি অহা দিনবোৰলৈ ঘূৰি গ’ল—‘তেতিয়া হায়াৰ ছেকেণ্ডেৰীৰ দিন। শ্বাহৰূখ খান ইতিমধ্যে সিহঁতৰ মন মগজুত সোমাই পৰিছে। যোৰহাটৰ প্রীন্স অৱ ৱেলছত আই আই টিৰ এন্ট্রেন্স দিব গৈছে দীপ আৰু ৰাজ। সিহঁতৰ প্ৰস্তুতিৰ নামত বিশেষ একো নাই। দীপে ৰাজক কৈছে ‘পপপপপাই গ’লে কিন্তু জমিব। কি কওঁ?’ প্রথমদিনা দি পিছদিনা দীপে পৰীক্ষা দিবলৈ নোযোৱা হ’ল। ৰাজে দীপক বুজালে আই আই টিত ছিট কম। নহ’লে আমাৰ মগজু ইমান পাতল নহয়। অভিজ্ঞতা হ’ব বল দি আহোঁগৈ। আৰু আহোঁতে শ্বাহৰূখৰ নতুন চিনেমা এখন আহিছে চাই আহিম। তাতে নতুন চিনেমা হল ‘স্মৃতিগোপাল’। পৰীক্ষা দিবলৈ যোৱা বুলি ক’লে পইচা দিবলৈ কৃপণালি নকৰে ঘৰত। আজিৰ আই আই টি মানে ইলুইলু টেষ্ট। ‘
‘শ্বাহৰূখ, নামটো শুনি দীপৰ মন গলিল। সি কেতিয়াবা ভাবে তাৰ খোনা হোৱাৰ বাবে শ্বাহৰূখ খানেই জগৰীয়া। ‘ডৰ’ চিনেমাখন চাই আহি কুকুৰাৰ দৰে কককক কৰি থাকোঁতেই তাৰ খোনোৱাটো বেছি হৈ আহিল। অ’ মা, ভাত বাঢ়। মই পৰীক্ষা দিবলৈ যাওঁ।’ দীপে চিঞৰি মাকক ক’লে।
ভাত খোৱাৰ পিছত মাকে দুয়োটাকে মিঠাই এটা এটা দি ক’লে ‘যা মিঠা খাই গ’লে পৰীক্ষা ভাল হয়।’
দুয়োটাই একো নামাতিলে যদিও মনে মনে ভাবিলে ‘গোটেই ৰাস্তাটো মিঠাই খাই গ’লেও আজি পৰীক্ষা শিলিখাই হ’ব।’
‘DDLJ’ ‘দিলৱালে দুলহনীয়া লে জায়েংগে’ চাই গড়আলিত দুয়োজনে বহি আছে। দীপে ১২০ পান এখন মুখত ভৰাই কাষেদি পাৰ হৈ যোৱা ছোৱালী এজনীলৈ চাই ক’ব ধৰিলে ‘প-প-প-প’
‘কি হ’ল অ’?’ ৰাজে সুধিলে।
‘প-প-পলটপলট’ দীপৰ শব্দটো ওলোৱা মানে ছোৱালীজনী সিহঁতৰ চকুৰ আগৰ পৰা নোহোৱা হ’ল। ‘DDLJ’ৰ মায়াৰ মাজেদি ‘IIT’ৰ দুখ ধোঁৱাচাঙত উঠাই দুয়ো ঘৰ পালেহি।
‘অই ৰাজ, তই সহায় কৰ হেৰৌ। কি কি কি বুলি কম কল্পনাক। আজি কি কি কিবা এটা হেস্তনেস্ত কৰিবই লাগিব।’ দীপে নামঘৰটোৰ পাছপিনে থকা বিলখনৰ পাৰত বহি সুধিলে।
হঠাৎ যেন বিলৰ ওপৰত থকা বাঁহৰ সাঁকোডাল দেখি তাৰ মূৰত বুদ্ধি এটা খেলাল। ক’ৰবাৰ পৰা গোলাপ ফুল এপাহ আনি সি সাঁকোত উঠিল। ৰাজে একো বুজি নাপাই তালৈ চাই থাকিল।
‘কককল্পনালললভছ মি..’ সাঁকোৰ ওপৰেদি ‘ডৰ’ চিনেমাখনত শ্বাহৰূখ ষ্টাইলত সি ফুলৰ পাপৰি ছিঙি আগবাঢ়িল। কিন্তু ‘লভছ’ শব্দটোত বেছি জোৰ দিওঁতে সাঁকোৰ পৰা পিছলি শ্বাহৰূখ পিতনিত পৰিল। ৰাজে হাঁহি হাঁহি যেনে তেনে তাক পিতনিৰপৰা উলিয়াই আনিলে।
‘অই কি হাঁহি আছ। তোৰো কিবা কে’ছ আছে যেন পাইছোঁ।’ বাবলুৰ চিঞৰত ৰাজ আকৌ বাস্তৱলৈ ঘূৰি আহিল।
ৰাজৰ ভিতৰৰ পৰা বেয়া ৰাজটোৱে মাত লগালে ‘কৈ দে, কৈ দে তোৰ ৰাম কাহিনী।’
‘ভুলতো নকবি। ক’লেই ফচিবি তই। কিবা এটা এনেয়ে কৈ মূল কথাৰ পৰা আঁতৰি যা।’ ভাল ৰাজে প্ৰতিবাদ কৰি চিঞৰি উঠিল।
‘নাই অ’, মোৰ জীৱনত তেনেকুৱা একো নহ’ল। জানই আৰু সৰু নগৰখনত পৰিয়ালৰ কোনোবা নহয় কোনোবা এটাক ৰাস্তাত লগ পাবিয়েই। আড্ডা মাৰিলেই গালি খাওঁ, ছোৱালীক প্রপ’জ কৰাটো বহুত দূৰৰ কথা। যেতিয়া শ্বেয়াৰ ভেলু মাৰ্কেটত ভাল আছিল তেতিয়া বাইদেউহঁতে গালি দিছিল ‘ধিতিঙালি মাৰি ফুৰিব নালাগে। চাকৰি-বাকৰি নোপোৱা ধদুৱা এটাক কোনেও ছোৱালী নিদিয়ে।’ এতিয়া সিহঁতেই কয় ‘কি কৰি আছ। ছোৱালী এজনী ঠিক কৰিব পৰা নাই।’‘
‘কিন্তু তোৰতো ছোৱালী ঠিক হ’ল। মোৰহে কি হ’ব বুজিয়েই পোৱা নাই।’ বাবলুৱে ক’লে।
‘এওঁক আকৌ মধুবালা, মাধুৰী আৰু কেটৰীনাক মিক্সিত দি নতুনকৈ ছোৱালী এজনী সৃষ্টি কৰিব লাগিব। তেতিয়াহে তাৰ পছন্দ হ’ব।’ ৰণে বাবলুলৈ চাই ক’লে।
‘হ’ব, মোৰ কথা বাদ দে। আমি আজি ইয়াক অবিবাহিত সন্থাৰ পৰা সন্মান সহকাৰে বিদায় দিব লাগিব। তই আশীৰ্বাদটো দি দে।’ বাবলুৱে ৰণক ক’লে।
ৰণে ভিতৰৰ পৰা এখন গামোছা আনি ৰাজৰ ডিঙিত দি ক’লে—‘তোৰ জীৱনলৈ আহি থকাজনী মহিমাময়ী হওক ছলনাময়ী যাতে নহয়।
তই জীৱনটো যেনেকৈ ভাব তাইও যাতে সেই সুৰতেই কথা কয়।’
এন্ধাৰত তোৰ হাতখন ধৰি কয় ‘কাষত তুমি যেতিয়া কিহৰ ভয়’
আমাক দেখি দূৰৰ পৰাই যি ক’ব ‘দাদা, বহু দিন আমাৰ ফালে অহা নাই, কাইলৈ ভাত থোৱাকৈ আহক, তেওঁ ভাল পাব।
ধন্য হ’ম আমি তেনে এজনী বোৱাৰী পাই। ধন্য হ’বি তই তেনে এজনী লখিমী পাই। তাৰেই আশাৰে ভগৱানক সুঁৱৰি ‘জয় ৰাম বোলা’
‘জয় হৰি বোলা’ ‘আৰু এজন দুৰন্ত বেচ্চেলৰৰ অন্তিম ক্ষণত আজি আমি দুই মিনিট মৌন প্ৰাৰ্থনা কৰিম’ বুলি বাবলুৱে বিছনাত পৰি পৰি ক’লে।
ভাল ৰাজ আৰু বেয়া ৰাজেও মনৰ ভিতৰত থিয় হৈ মৌন প্ৰাৰ্থনাত যোগ দিলে।
‘সেইজনাৰ মৌন প্ৰাৰ্থনা দুই মিনিট নহয় দহ ঘন্টা হ’ব। তেওঁ আৰু কাইলৈহে সাৰ পাব।’ ৰণে বাবলুলৈ চাই হাঁহি হাঁহি ক’লে।
বাবলুৰ সেউজীয়া টি-ছাৰ্টটো সি নিজে লাডু কৰি গাৰু সাজি শুই পৰিল। তাৰ খহি অহা জীনছটোৰ সিপাৰে থকা শেষ আৱৰণ কাপোৰ টুকুৰাৰ ৰঙো সেউজীয়া।
ৰাজে সেইফালে আঙুলিয়াই হাঁহি হাঁহি ৰণক ক’লে ‘সেইজনাৰ আঁহত পাতখিলা চা।’
‘গ’ গ্রীণ’ NDTV ৰ ব্রেণ্ডএম্বেচাডৰ তেখেত’ ৰণে হাঁহিত যোগ দি ক’লে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক