ঘটনাটো কালিৰ-(ভাস্কৰ দাস)

পাৰ হৈ যোৱা দিনকেইটাত কাৰ্যালয়ৰ কামৰ গতিয়ে ব্যস্ততা বঢ়োৱাৰ লগতে বঢ়াইছে দেহ মনৰ অৱশ ভাব আৰু এক ধৰণৰ এলাহ । ব্যস্ত জীৱনশৈলীৰ মাজত চলি থকা এটা সাধাৰণ দিন ০৩/০৮/২০১২ (শুক্ৰবাৰ)। ভাবিলোঁ কাৰ্যালয়লৈ আজি অলপ সোনকালে যাম। বহুটো কাম পেন্ডিং হৈ আছে । ন মান বজাতেই মোৰ পিঠিত অফিছ বেগ আৰু হাতত বাইকৰ চাবি । বাৰান্দাত ভৰি থৈছোহে মাথোঁ, দেখিলো গেটৰ বাহিৰত ৩ টা সৰু সৰু ল’ৰা-ছোৱালি । ডাঙৰ ছোৱালিজনীৰ বয়স ১১-১২ বছৰমান হ’ব । মলিন চেহেৰা, অপৰিষ্কাৰ দেহ আৰু ক্ষীণ, কলা দেহটোত ওলমি থকা মেৰুন ৰঙৰ এটা ফ্ৰক । বাকী দুটাৰ বয়সো ৫ বছৰৰ পৰা ৮ বছৰৰ ভিতৰতে হ’ব । মাজুটো ল’ৰা । হয়টো খোজনীয়া ।

“দাদা, ১০ টকা এটা দিয়কনা, আজি ৰাতিপূৱাৰ পৰা একোৱেই খোৱা নাই”-ডাঙৰজনীয়ে আৰম্ভ কৰিলে। মই সূধিলো— তহঁতৰ ঘৰ ক’ত ? মা-দেউতা নাই নেকি ?“নাই দাদা । মা-দেউতাৰ বিয়া হৈছে, মাটোৰ ওচৰতে আমি আছিলোঁ, মাৰ মানুষটোৱে আমাক তাত থাকিব নিদিয়ে আৰু দেউতাটোৰ তাত গ’লেভি মাইকীটোৱে আমাকে খেদি দিয়ে, দেউতাটো মৰিছে”- ডাঙৰজনীৰ অস্পষ্ট কথাখিনিত মনটো সেমেকি গ’ল।

তাই কোৱা কথাবোৰৰ পৰা গম পালোঁ যে সিহঁত বাগানীয়া (উজনি অসমত চাহ জনজাতিৰ লোকসকলক এই নামেৰেই সৰ্বসাধাৰণতে জনা যায়)। ইতিমধ্যে মাজু ল’ৰাটো চোতালত এটা ডাঙৰ পৰুৱাৰ লগত ব্যস্ত হৈ আছে । হাতত এডাল ধানখেৰ । সৰুজনী বাৰান্ডালৈ উঠি অহা ষ্টেপ এটাত বহি আছে । দৃশ্যটো আৰু ইয়াৰ প্ৰেক্ষাপতৰ কথা ভাবি মনটো ভৰি পৰিল । আকৌ ভাবিলো কিজানিবা তাই মিছা কথাই কৈছে । হ’লেও দৃশ্যটোৰ বৰ্তমানক লৈ মনত থকা সন্দেহভাব কিছূ আঁতৰালো আৰু জেপত হাত দি চালো । খূচুৰা হিচাপে ত্ৰিশ-পঁয়ত্ৰিশ টকামান আছে । তাৰে ত্ৰিশ টকা তাইৰ হাতত তুলি দিলোঁ । আজিৰ তাৰিখত ১০ টকাৰেনো ইহঁতি কি খাব । এনেতে মা আহি বাৰান্দা পালেহি ।
তাই মাক দেখি এইবাৰ আৰম্ভ কৰিলে— “ভাত-চাত কিবা আছে নেকি ? কালিৰপৰা ভাত খাবলৈ পোৱা নাই” । মই মাক ঘটনাটো বুজাই ক’লো । মায়ে সিহঁতক বাৰান্দাত বহিবলৈ কৈ ভিতৰলৈ গ’ল । মোৰ প্ৰশ্নও চলি থাকিল । এইবাৰ জীৱনৰ প্ৰশ্ন । খূজি-মাগি জীৱনটো পাৰ কৰিবি নেকি ? ভাই-ভনী কেইতাৰ কি হ’ব ? তায়ো অস্পষ্ট উত্তৰ দি গ’ল । মাজতে ঘড়ীটোৰ ফালে মন কৰিলো । এনেতে তিনিখন দিচপ’জেবল প্লেট লৈ মা বাৰান্ডাত উপস্থিত হ’লহি । ভাত, তৰকাৰি ইত্যাদিবোৰ বাঢ়ি দিলে আৰু সিহঁত কেইতায়ো পৰম তৃপ্তিৰে খাবলৈ আৰম্ভ কৰিলে । মায়ে সূধিলে মোক—“ইহঁত কেইটাক ঘৰতে ৰাখি থওঁ নেকি ? কামত কিবা সহায় হয়েই বা” । বিভিন্ন কাৰণ দেখুৱাই মই প্ৰস্তাবটো অগ্ৰাহ্য কৰিলোঁ । ইফালে ঘড়ীৰ কাঁটাও ঘুৰি আছে । মাক ক’লোঁ— “মই যাও দে । তই ইহঁতৰ কাৰণে কিবা কাপোৰ কানি আছে যদি চাবি ।” কাৰ্যালয় আৰু মোৰ ঘৰৰ দূৰত্ব ১.৫ কি.মি. মানহে হ’ব । লাহে লাহে আগবাঢ়িলোঁ । মনত হাজাৰটা প্ৰশ্ন…. কি হ’ব ইহঁত কেইটাৰ ?…জীৱনত কি কৰিব ইহঁতে ?…মগনীয়াৰ হৈয়ে পাৰ কৰিব নেকি ?…বেমাৰ যদি হয় তেন্তে কোনে চাব ইহঁতক…. ইত্যাদি ইত্যাদি । বৰপূখুৰিৰ পাৰৰ আৱৰ্ত ভৱনৰ কাষৰ শ্লপিংটো পাইছোহি মাথো । হঠাতে মনত পৰি গ’ল জয়সাগৰস্থিত “আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ”ৰ কথা । এইখন শিৱসাগৰ জিলাৰ একমাত্ৰ অনাথ আশ্ৰম (কেৱল শিশুৰ)| । ইবাৰৰ স্ৱাধীনতা দিৱসত জিলা প্ৰশাসনৰ কাৰ্যসূচীৰ ভিতৰত আমাৰ ক্লাব “বহ্নিমান সংঘ”ৰ তৰফৰ পৰা তাত দূটা ফিল্টাৰ, শিক্ষণ সামগ্ৰী আৰু খাদ্যবস্তু বিতৰণৰ কথা চূড়ান্ত কৰা হৈছে ।আন আন সংঘয়ো স্ৱাধীনতা দিৱস উপলক্ষে জিলা কাৰাগাৰ, অসামৰিক চিকিৎসালয় আদিবোৰত অনুৰূপ কাৰ্যসূচী লৈছে । মইটো ইহঁতকেইতাক তাতে ৰখাৰ ব্যৱস্থা কৰাই দিব পাৰোঁ । তাত সিহঁতে জীৱনৰ নিম্নতম সূবিধাখিনি হ’লেওটো পাব । পাচে ইহঁতকেইটা তালৈ যায় বা নাযায় । বাইক ঘূৰাই ঘৰলৈ উভতিলোঁ। মনতে এটা প্ৰশ্ন (ভয়)— ইহঁত কেইটা গ’লগৈ নেকি আকৌ ? ঘৰৰ চোতালত বাইক ৰখাই চালো । ৰক্ষা, ইহঁত যোৱা নাই । কাপোৰ কানি সামৰি আছে। ডাঙৰজনীক সূধিলো- পঢ়া-শুনা কৰিবি ? স্কুল যাবি স্কুল ? তাই উত্তৰ দিলে— “পইচা লাগিব স্কুললৈ যাবলৈ” । উত্তৰটো ভাল নালাগিল । আকৌ সুধিলো-লিখা-পঢ়া কৰাৰ মন আছে ? আৰু খেলাধুলা কৰিবলৈ ?” । মূখৰ ভিতৰতে তাই কিবা এটা ভোৰভোৰালে । একো বুজি নাপালোঁ ।

এইবাৰ মই আৰম্ভ কৰিলোঁ— “মই তহঁতক এনে এখন স্কুললৈ লৈ যাম য’ত তহঁতক পইচা নালাগে । তাতে তহঁতে পঢ়িবও পাৰিবি, খেলাধুলাও কৰিব পাৰিবি, ফুৰিবও পাৰিবি, কাপোৰ-কানিও পাবি । মোৰ কথাৰ মাজতে ডাঙৰ দূটাৰ চকুলৈ চালো । সিহঁতৰ চকুত যেন অযুত সপোন । মোলৈ একেথৰে চাই আছে । সিহঁতৰ নিমাত সন্মতি তথা সিহঁতৰ কল্পনাৰ সপোনবোৰ দেখি মোৰ কান্দি দিবৰ মন গ’ল । মেনেজমেন্টৰ লগত যোগাযোগ কৰাই দিলোঁ সিহঁতৰ । বগা ৰঙৰ মাৰুতি ভানত উঠি গুচি গ’ল সিহঁত, সিহঁতৰ সপোন বোৰ আৰু মায়ে দিয়া কাপোৰৰ টোপোলাটো ।

আমি কিছূমান সৰু সৰু কামেৰে বহুত ডাঙৰ ডাঙৰ কাম সমাধা কৰিব পাৰোঁ । প্ৰয়োজন মাথোঁ সদিচ্ছাৰ। মই যদি তাই বিচৰা ধৰণেৰে ১০ টকা এটা দি তাইক বিদায় দিয়া হ’লে হয়টো সিহঁত কেইতাক পৰৱৰ্তীসময়ত য’তে ত’তে দেখা পালোঁহেতেন । হয়টো কাৰোবাৰ ঘৰত, ৰাষ্টাৰ কাষত, শিৱদ’লৰ চিৰিত, বা কোনো ডাষ্টবিনত ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments