ঘটিলেহে গম পাবি (-ভাস্কৰজ্যোতি দাস)


সঁচা ঘটনা। এজনৰ মুখেৰে শুনাখিনিকে যোগ-বিয়োগ কৰি লিখিছোঁ।
.
মনু চেতিয়াৰ দুৰ সম্পৰ্কীয় খুড়াক দেবেশ্বৰ চেতিয়া। চেতিয়া জিলা প্ৰাপ্তবয়স্ক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য সহায়ক। জিলাখনক প্ৰাপ্তবয়স্কক শিক্ষা দিয়া বিভাগটোৰ এক দায়িত্বপূৰ্ণ পদৰপৰা অৱসৰ লৈছে। নিজৰ গাঁও মানে বেতবাৰীৰ মানুহবোৰে চেতিয়াক ভালদৰে মানে। হ’লে কি হ’ব। নিজৰ ল’ৰা ছোৱালীকেইটা বুঢ়াৰ মতে নচলে, মাকৰ মতেহে চলে। মাক মানে পুহেশ্বৰীৰ (গাঁৱৰ প্ৰচলিত নাম পুহিতা) শিক্ষা-দীক্ষা নাই। পাঁচজনীয়া পৰিয়ালটোক (শাহুৱেকক ধৰি) পুহিতাই একপ্ৰকাৰে শাসনেই কৰে। আগতে এনেকুৱা নাছিল। কিন্তু শেহতীয়াকৈ পঞ্চায়ত নিৰ্বাচনত ৱাৰ্ড মেম্বাৰ হিচাবে জিকাৰ পাচত এলেকাটোৰ সভা-সমিতি সকলোতে পুহিতা ডাইচতহে বহে। মুঠতে তাই এতিয়া ওপৰৰ মানুহ। তাতে ৰুলিং পাৰ্টীৰ। গতিকে শাসনটো কৰিব লাগিব। কিন্তু সেই শাসনেও পুতেক জীয়েকহঁতক পোনাব পৰা নাই। আজিকালিৰ বাঁহ। কুমলিয়াতে বেঁকা।
.
চাৰিদিনমানৰ পৰা জীয়েক চেতিয়াই পুহিতাক কামোৰ দি আছে। বোলে- “লগৰ চবেই টিউশ্যনলৈ চুৰিদাৰ আৰু লেগিন্স পিন্ধি যায়। মোৰো মন যায়। দুটা লেগিন্স কিনি দিব নোৱাৰনে!! বুঢ়াক পইচা বিচাৰিলে কিতাপ পঢ়ি দেখুৱাই” । পুহিতাও কম নহয়। নহ’বও কিয়। গাঁৱৰ ছোৱালীয়ে ভৰিৰ পিটকেইটা জিলিকি যোৱা লেগিন্স নে ফেগিন্স পিন্ধিলে মানুহে কি বুলি ক’ব! এইধৰণৰ খজুৱা-কামোৰাবোৰ কিছুদিন চলাৰ অন্তত উপায়ন্তৰ হৈ পুহিতাই জীয়েকক এটা লেগিন্স কিনি দিয়াৰ কথা দিলে।
.
মাক চেতিয়া আৰু জীয়েক চেতিয়া গৈ শিৱসাগৰ চহৰৰ মাজমজিয়াৰ ফেশ্যন কৰ্ণাৰৰ কাষৰ কাপোৰৰ হ’লচেল মাৰ্কেট পালেগৈ। জীয়েকক পুহিতাৰ প্ৰথম সকিয়নি- “এটাতকৈ বেছিলৈ হাত নেমেলিবি। হাত ভাঙি দিম”।

জীয়েক নিৰৱ। ডাঙৰ দোকান এখনত সোমালগৈ দুয়ো।
জীয়েকে আৰম্ভ কৰিলে- “দাদা, ব্লেক কালাৰৰ লেগিন্স আছে নেকি?”
দোকানীয়ো আছে বুলি কৈ দুই-তিনিটামান ভেৰাইটিৰ ব্লেক লেগিন্স উলিয়াই দিলে। মাকে তাৰ মাজৰে এটা থাপ মাৰি তুলি আনি সুধিলে- “হেৰেউ দোকানী। এইটো কি দেখুৱাইছ! ইমান দীঘল এইটো!”
জীয়েক চেতিয়াই মুখখন মেলিলে- “মাই অ’, এইবোৰ এনেকুৱাই থাকে। চেন্ডেলৰ ওপৰত কোঁচাই লৈ পিন্ধে আকৌ।”
পুহিতা- “জানো পায়। আজিকালিৰ ছোৱালীমখাই এইবোৰ কি পিন্ধে।
.
অৱশেষত জীয়েক চেতিয়াই এটা লেগিন্স পচন্দ কৰিলে। তেতিয়ালৈ মাক চেতিয়া আন এটা কোণত চাদৰ এখন পিটিকি থকাত ব্যস্ত। জীয়েকে মাকক মাতিলে।
পুহিতাই দোকানীক সুধিলে- “এইটো কেই টকা?”
“বাইদ’, এনেই ৰেটটো থ্ৰী হানড্ৰেডেই আছে। আপনি ল’লে লাষ্ট টু টুৱেন্টি দিব পাৰিব”- দোকানীৰ উত্তৰ।
পুহিতাৰ খঙ উঠি গ’ল- “কি কৈছ! তহঁত মাৰোৱাৰীবোৰে আমাক লুটিবলৈ আহিলি। দোকান চলাবলৈ আহিছ! একো টু-টুৱেন্টি, ফু-টুৱেন্টি নহয়। টকা আঢ়ৈশ দিছোঁ। দিলে দে নহ’লে বাদ দে।”

জীয়েক চেতিয়াই ‘মা…’ বুলি কিবা এষাৰ ক’বলৈ লৈছিলহে। পুহিতাই ধমকি দি আকৌ ক’বলৈ ধৰিলে- “এটাই পাবি। আৰু বেছি মুখ নেমেলিবি। দোকানীক আঢ়ৈশ টকাটো দি পুহিতাই জীয়েকক একপ্ৰকাৰে চোঁচৰাই উলিয়াই লৈ আহিল।”
.
ৰিক্সাত উঠি টেম্পু ষ্টেন্ডৰফালে গৈ থাকোতেও পুহিতাৰ ভোৰভোৰণিবোৰ চলি থাকিল- “বাপেৰে পইচা বিচাৰিলে এনেই ডিপাৰমেন্টৰ কিতাপবোৰ উলিয়াই নলয়। পইচা গছত নালাগে। ঘটিলেহে গম পাবি”
.
নাইনত নে টেনত পঢ়া জীয়েক চেতিয়া তেতিয়ালৈ বোবা।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments